১০০+ বাক্য ৰচনা কৰা অৰ্থৰ সৈতে

বাক্য ৰচনা কৰা

“বাক্য ৰচনা কৰা” হৈছে সাধাৰণতে কাৰোবাক ব্যাকৰণগতভাৱে শুদ্ধ বাক্য এটা ৰচনা কৰিবলৈ ব্যৱহাৰ কৰা বাক্যাংশ, যিয়ে কোনো নিৰ্দিষ্ট অৰ্থ বা ধাৰণা প্ৰকাশ কৰে। ইয়াক প্ৰায়ে শৈক্ষিক পৰিৱেশ বা ভাষা শিক্ষণ অনুশীলনত ব্যৱহাৰ কৰি শব্দভাণ্ডাৰ, ব্যাকৰণ আৰু বাক্য গঠনৰ বিষয়ে ব্যক্তিৰ বুজাবুজিৰ মূল্যায়ন কৰা হয়।

যেতিয়া কোনোবাই আপোনাক “এটা বাক্য বনাবলৈ” কয়, তেতিয়া তেওঁলোকে মূলতঃ আপোনাক ব্যাকৰণৰ নিয়ম অনুসৰণ কৰা আৰু এটা বিশেষ চিন্তা বা ধাৰণাক ফলপ্ৰসূভাৱে যোগাযোগ কৰা এটা সম্পূৰ্ণ আৰু সুসংহত বক্তব্য সৃষ্টি কৰিবলৈ কয়। আপুনি গঠন কৰা বাক্যটোত সাধাৰণতে এটা বিশেষ্য (ক্ৰিয়া কৰা ব্যক্তি বা বস্তু), এটা ক্ৰিয়া (ক্ৰিয়া বা সত্তাৰ অৱস্থা) আৰু প্ৰয়োজন হ’লে এটা বস্তু (ক্ৰিয়াৰ গ্ৰাহক) অন্তৰ্ভুক্ত হ’ব লাগে।

উদাহৰণস্বৰূপে, যদি “মেকুৰী” শব্দটো দিয়া হয়, তেন্তে আপুনি বাক্যটো গঢ়ি তুলিব পাৰে, “মেকুৰীটোৱে চকীত শুই আছে।” এই বাক্যটোত এটা বিষয় (“মেকুৰী”), এটা ক্ৰিয়া (“শুই আছে”), আৰু এটা বস্তু (“চকী”) অন্তৰ্ভুক্ত কৰা হৈছে আৰু ই এটা স্পষ্ট ধাৰণা প্ৰকাশ কৰে।

সামগ্ৰিকভাৱে “বাক্য ৰচনা কৰা” হৈছে উপযুক্ত শব্দভাণ্ডাৰ আৰু ব্যাকৰণৰ নিয়ম ব্যৱহাৰ কৰি ব্যাকৰণগতভাৱে শুদ্ধ আৰু সুসংহত বক্তব্য বা প্ৰশ্ন এটা সৃষ্টি কৰাৰ এক পোনপটীয়া নিৰ্দেশনা। ভাষা শিকাৰ বাবে ই এক সাধাৰণ অনুশীলন আৰু ভাষিক দক্ষতা বিকাশৰ এক ফলপ্ৰসূ উপায়।

  1. পানীৰ তলৰ কাঁইট (গোপন শত্ৰু ) – পানীৰ তলৰ কাঁইটৰ পৰা সদায় সাৱধান হোৱা উচিত।
  2. বুকুৰ কুটুম (অতি আপোন ) – পৰিয়ালৰ সদস্যবোৰ সদায় বুকুৰ কুটুম হয়।
  3. হাত লৰ (চোৰ স্বভাব ) – হাত লৰ স্বভাৱৰ লোকৰ লগত কোনেও বন্ধুত্ব গঢ়িব নিবিচাৰে।
  4. গাই বাই চা (সকলো প্ৰকাৰৰ চেষ্টা কৰি চোৱা) – আমি তেওঁক বুজাবলৈ সকলো ফালে গাই বাই চালোঁ কিন্তু লাভ নহল।
  5. চকু চৰহা (আনৰ ভাল দেখিব নোৱাৰা ) – চকুচৰহা মানুহৰ পৰা সদায় আঁতৰত থকা উচিত।
  6. চকুৰ কুটা দাঁতৰ শাল ( শত্ৰু/ একেবাৰে দেখিব নোৱাৰা ) – তেওঁৰ মদ খোৱা স্বভাৱৰ বাবে পৰিয়ালৰ সকলোৰে ওচৰৰ চকুৰ কুটা দাঁতৰ শাল হৈ পৰিছে।
  7. ধোদৰ পচলা ( অকামিলা/এলেহুৱা মানুহ ) – ধোদৰ পচলা লোক কেতিয়াও উন্নতি কৰিব নোৱাৰে।
  8. দলনিত পোনা মেলা ( আলাই-আথানি কৰা ) – দুৰ্ঘটনাত মাক দেউতাকৰ মৃত্যু হোৱাত সন্তান কেইটা দলনিত পোনা মেলাৰ দৰে অৱস্থা হৈছে।
  9. ইহলীলা সম্বৰণ কৰা ( মৃত্যু হোৱা ) – সমাজকৰ্মী জনে ইহলীলা সম্বৰণ কৰাত গাওঁত সকলোৱে শোক প্ৰকাশ কৰিছে।
  10. ঢৌতে খৰ মাৰ (ব্যস্ততাৰ মাজতেই সময় উলিয়াই) – বিহুৰ আগে আগে ঢৌতে খৰ মাৰি বোৱাৰী জনিয়ে গামোচা বৈ উলিয়ালে।
  11. দুই নাও দুই ভৰি হোৱা ( কি কৰোঁ কি নকৰোঁ অৱস্থা হোৱা) – দুই নাও দুই ভৰি থৈ কেতিয়াও কোনো কামত আগবাঢ়িব নালাগে।
  12. লোকান্তৰ ঘটা (মৃত্যু হোৱা) – বহুদিন দুৰাৰোগ্য বেমাৰত ভুগি থাকি অৱশেষত মানুহজনৰ লোকান্তৰ ঘটিল।
  13. চকু গজা (বুজন হ, জনা হ) – লৰাটোৱে বিপদত পৰা পাছতহে চকু গজিছে।
  14. থেৰোগেৰোঁ কৰা (কোনো কাম কৰোঁ নকৰোঁ কৰা অৱস্থা) : এলেহুৱা লোকে সকলো কামতে থেৰোগেৰোঁ কৰে।
  15. কাণ কটা (দুষ্ট) – কাণ কটা স্বভাৱৰ বাবেই তেওঁ সকলোতে বিপদত পৰে।
  16. ঘৰ পতা (বিয়া বাৰু হ) – অৱশেষত প্ৰেমিকযুগলে ঘৰ পতাৰ সিদ্ধান্ত ললে।
  17. কাণে কাণ মাৰি (কোনোমতে, কথমপি) – লৰাটোয়ে কাণে কাণ মাৰিহে দুৰ্ঘটনাৰ পৰা বাছিল।
  18. কপাল ফুল (সৌভাগ্য উদয় হ) – এইবাৰ খেতি ভাল হোৱাত খেতিয়কজনৰ কপাল ফুলিব যেন লাগিছে।
  19. অজীন পাতকী (দুষ্ট) – অজীন পাতকী লৰাটোৰ বাবে মাক দেউতাকৰ বৰ দুখ হৈছে।
  20. হাত টান (কৃপণ) – হাত টান মানুহক কোনেও ভাল নাপায়।
  21. গোট গৰু (মহা মূৰ্খ) – গোট গৰু লোকৰ লগত কেতিয়াও বন্ধুত্ব কৰিব নালাগে।
  22. চিকা চন্দা (ভাল বেয়াৰ বিচাৰ কৰা) – চিকা চন্দা কৰিহে সকলো কামত আগবঢ়া উচিত।
  23. চাউল উঠ (জীৱিকা বন্ধ হোৱা) – নদীখনত নদী বান্ধ হোৱাৰ পৰাই মাছমৰীয়া সকলৰ চাউল উঠিল।
  24. ছলাহ-মলাহ (ফাকি-ফুকা দি ফুৰা) – ছলাহ মলাহ কথাৰ বাবে তেওঁক কোনেও বিশ্বাসত নলয়।
  25. ছাল বাকলি নোহোৱা (সম্বল নথকা)- গাঁও খনৰ লোকসকল ছাল বাকলি নোহোৱাৰ দৰে অৱস্থা হৈছে।
  26. পোহাৰি চুপতি (অৰ্থহীন কথা বতৰা) – পোহাৰি চুপতি মাৰি অভাৱত সময় নষ্ট কৰিব নালাগে। ।
  27. দীকছৌ (বহুদুৰ ) – তাৰ দেউতাকে দীকছৌত কাম কৰিব গৈ বহু ধন উপাৰ্জন কৰিছে।
  28. শহাকণীয়া (সতৰ্ক হৈ থকা ) – শহাকণীয়া মানুহে সহজতে বিপদত নপৰে।
  29. সাত ঘাটৰ চেঙেলী (বৰ টেঙৰ মানুহ ) – ৰবিনৰ দৰে সাত ঘাটৰ চেঙেলী দ্বিতীয় এজন আমাৰ গাঁৱতেই নাই।
  30. ছলাহ-মলাহ (ফাকি-ফুকা দি ফুৰা) – তাৰ ছলাহ মলাহ কথাত কোনেও বিশ্বাস নকৰে ।
  31. জয়-জয় ময়-ময় (ভাল অৱস্থা) – দেশত বৰ্তমান জয়-জয় ময়-ময় অৱস্থা হল।
  32. জয় ঢোল কোবোৱা (বেছিকৈ প্ৰকাশ কৰা)- চৰকাৰে সকলো কামতে জয় ঢোল কোবাব ধৰিছে।
  33. আঁঠুৱাৰ তলৰ মহ (দুৰ্বল শত্ৰু) – আঁঠুৱাৰ তলৰ মহক উলায় কৰিব নালাগে।
  34. অজৌ গছৰ বজৌ গুটি (অতি দুষ্ট)- অজৌ গছৰ বজৌ গুটিৰ দৰে তেঁওৰ স্বভাৱ।
  35. উনৈশত বা বলা (বিলাস আৰু আনন্দত ঘূৰি ফুৰা)- তেঁও এইকেইদিন উনৈশত বা বলাৰ দৰে মতলীয়া হৈ ঘূৰি আছে।
  36. উভত গোৰে নচা (অত্যাচাৰ কৰা)- টকা আৰু ক্ষমতা পায় কিছু লোক উভত গোৰে নাচিব ধৰিছে।
  37. উভৈনদী (অপৰ্যাপ্ত, উপচি) – এইবাৰ সময়মতে বৰষুণ দিয়াত খেতিয়কৰ ভঁৰালত ধান উভৈনদী হৈছে ।
  38. কাণ বাগৰা (লোকৰ মুখে শুনা) – কান বাগৰা কথা বিশ্বাস কৰিলে বিপদত পৰা সম্ভাৱনাই অধিক।
  39. টুপাই বুৰ মাৰ (আসৈ মাত) – অকৃতজ্ঞ লোকক সহায় কৰিলেও সহায় পোৱা নাই বুলি টুপাই বুৰ মাৰে।
  40. নাকত তেল দি শোৱা (কোনো চিন্তা-ভাবনা নোহোৱাকৈ থকা) – নাকত তেল দি শুই থাকিলে কেতিয়াও জীৱনত সফল হব নোৱাৰিবি।
  41. বিনা মেঘে বজ্ৰপাত (অভাৱনীয় ভাৱে, অকস্মাৎ বিপদ অহা) – বেয়া খবৰটো শুনি মানু্হ গৰাকী বিনা মেঘে বজ্ৰপাত পৰাৰ দৰে হল।
  42. আমন-জিমনকৈ (মনমৰা) – ছোৱালীজনীয়ে সদায় শ্ৰেণী কোঠাত আমন-জিমনকৈ বহি থাকে।
  43. আকাশ কুসুম (মনৰ মিছা কল্পনা) – আকাশ কুসুমত ডুব গৈ সময় নষ্ট কৰি কোনো লাভ নাই।
  44. কুন্দত কটা (ধুনীয়া, নিপোটল) – ছোৱালীজনী ইমান ধুনীয়া যেন কুন্দত কটাহে।
  45. বগলী ভকত (মিছলীয়া সাধু) – মানুহজনে বগলী ভকত হৈ বহুতৰ পৰা টকা সৰকালে।
  46. পাবত গজা (অস্বাভাৱিক) – পাবত গজা সাংবাদিকৰ বাবে সমাজ কেতিয়াবা বিপথে পৰিচালিত হয়।
  47. অকাজভাগী (কামৰ অযোগ্য ) – ৰাজনীতিত অকাজভাগী লোকৰ প্ৰৱেশে ৰাইজৰ উন্নয়নত ব্যাঘাত জন্মে।
  48. অনুষ্টুপীয়া (সামান্যভাবে) – আজি অনুষ্টুপীয়াকৈ সম্বৰ্ধনা অনুষ্ঠানটো আয়োজন কৰা হল।
  49. অলপ পানীৰ মাছ (সামান্য শক্তি থকা) – ৰাইজৰ ওচৰৰ তেওঁ নিজ প্ৰতিভাৰ বলত দেখাই দিলে যে তেওঁ অলপ পানীৰ মাছ নহয়।
  50. আলিবাটত চালি ধৰা ( কোনো কাম বন নকৰি এনেয়ে ) – আলিবাটত চালি ধৰা স্বভাৱৰ বাবে তেওঁক কোনেও ভাল নাপায়।
  51. এমা-ডিমা ( নিচেই সৰু ) – অকালতে গিৰিয়েকৰ মৃত্যু ঘটাত এমা-ডিমা ল’ৰা- ছোৱালী কেইটাৰে মানু্হ গৰাকী বৰ বিপদত পৰিছে ।
  52. ঊনৈশ-বিশ (কম-বেছি) – সময়ৰ ঊনৈশ-বিশ হলেও মানুহে প্ৰতিদিন নিজৰ স্বাস্থ্যত মনোনিবেশ কৰা উচিত।
  53. একাদশত বৃহস্পতি (সৌভাগ্য উপস্থিত হোৱা) – লৰাটোৱে ব্যৱসায়ত একাদশত বৃহস্পতিৰ দৰে উন্নতি কৰিছে।
  54. চুঙাৰ বাদুলি (অনভিজ্ঞ মানুহ) – চুঙাৰ বাদুলি লোকক সকোলোৱে ঠগি খাব বিচাৰে।
  55. মাটিৰ মানুহ (অতি সহজ-সৰল মানুহ) – মাটিৰ মানুহৰ লগত ৰাজনৈতিক নেতাবোৰে বহু ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰি ভোট আদায় কৰি লয়।
  56. হাড়ত বন গজা (বহু দিন আগতে মৃত্যু ঘটা ) – তেওঁৰ হাড়ত বন গজিল এতিয়া চৰকাৰে তেওঁৰ পেঞ্চন মুকলি কৰিছে।
  57. সময়ৰ শৰ (সময়মতে কাম কৰা) – সময়ৰ শৰ সময়ত মাৰিলেহে জীৱনত সাফল্য অৰ্জন কৰিব পাৰি ।
  58. হৰিণাৰ মাংসই বৈৰী (নিজেই নিজৰ শত্ৰু হোৱা) – ধনী মানুহজনৰ ধন সোণবোৰ হৰিণাৰ মাংসই বৈৰী দৰে হৈছে।
  59. শঠা-মিতিৰ ( নিজৰ স্বাৰ্থ সিদ্বিৰ বাবে মিছাকৈ পতা বন্ধু বা মিতিৰ ) – শঠা মিতিৰ লোকৰ পৰা সাৱধান হোৱা উচিত।
  60. ৰচকী পখিলী ( অতিপাত ধুন-পেছ মাৰি ফুৰা তিৰোতা ) – ৰচকী পখিলী মহিলাবোৰ প্ৰায় বিপদত পৰা দেখা যায়।
  61. অথাই সাগৰ (ডাঙৰ বিপদ) – ঘাট মাউৰা লৰাটো অথাই সাগৰত পৰাত মামাকে তুলি তালি ডাঙৰ দীঘল কৰিছিল।
  62. আথে-বেথে (অতি আদৰ কৰি) – আলহী আহিলে আথে বেথে বহাব লাগে।
  63. আকাশত চাং পতা (অস্বাভাৱিক কল্পনা কৰা) – আকাশত চাং পতা মানুহে সদায় বিপদত পৰে।
  64. আকালৰ ভাত (মহা বিপদত সহায়) – আকালৰ ভাত সকলোৰে ভাগ্যত নাথাকিব পাৰে।
  65. ধোদৰ পচলা (এলেহুৱা)- ধোদৰ পচলা মানুহক কোনেও ভাল নাপায়।
  66. নলে-গলে লগা (পৰম বন্ধু)- নলে-গলে লগা বন্ধুক সহজে পাহৰিব পৰা নাযায়।
  67. নলগা জেঙাত লাগ (অযথা বিপদ চপাই লোৱা)- নলগা জেঙাত লাগি আমি সময় নষ্ট কৰা উচিত নহয়।
  68. নগুৰ-নাগতি (কষ্ট পোৱা)- অচিনাকি ঠাইত মানুহৰ নগুৰ নাগতি হয়।
  69. নপতা ফুকন (নিজে নিজে ডাঙৰ হোৱা)- নপতা ফুকনবোৰে সমাজত বিশৃংখল সৃষ্টি কৰে।
  70. ডলাৰ বগৰী (এনেয়ে ঘূৰি ফুৰা)- ডলাৰ বগৰী লোকৰ কেতিয়াও উন্নতি নহয়।
  71. ডাল দৰিদ্ৰ (অতি দুখীয়া)- ডাল দৰিদ্ৰৰ দুখ কেতিয়াও শেষ নহয়।
  72. কথাচহকী (কথা বেছি কোৱা লোক)– কথা-চহকী লোকে কাম কম কৰে।
  73. কথা ৰাখ (মানি লোৱা)– ডাঙৰৰ কথা ৰাখিব লাগে।
  74. মিচিকিয়াই (মৃদু হাঁহি)– তাইৰ মিচিকিয়াই হাঁহিটো বৰ সুন্দৰ।
  75. চেনেহী (মৰমৰ) –অসমীয়া ভাষা আমাৰ বাবে অতি চেনেহী।
  76. সাহিত্য (বিদ্যা বা ৰচনা) – সাহিত্য যিকোনো ভাষাৰ বাবে মেৰুদণ্ড স্বৰূপ।
  77. জেতুকা (এবিধ গুল্মজাতীয় গছ) – বিহু নাচনীবোৰে হাতত জেতুকা বুলায় ।
  78. ভমকা (ডাঙৰ আৰু উজ্বল)– গামোছাখনৰ ফুলবোৰ ভমকা ফুলীয়া হোৱা বাবে অতি সুন্দৰ হৈছে।
  79. আঁচু ( ফুল তুলিবলৈ বোলোৱা সুতা) – শিপিনী জনীয়ে আঁচুৰ সহায়ত ফুল তুলি আছে।
  80. শাল (যন্ত্ৰ) – অসমীয়া শিপিনীয়ে তাঁত শালত গামোচাত সোণ বাচে।
  81. দিহা (পৰামৰ্শ )– সদায় জেষ্ঠজনৰ ভাল দিহাবোৰ মানি চলিব লাগে।
  82. আশা ভৰসা (আশ্ৰয়) – বিপদৰ সময়ত ভগৱানেই একমাত্ৰ আশা-ভৰসা।
  83. এলাই বাদু (কোনো কামৰ নোহোৱা)- সমাজৰ কামত এলাই বাদুৰ দৰে লোক থকাতকৈ নাথাকিলে বেছি ভাল হয়।
  84. এৰা-ধৰা (আপোচমূলক)- জীৱনত কিছুমান সিদ্ধান্ত এৰা-ধৰাৰ মাজেৰে ললে সকলোৰে ভাল হয়।
  85. পোটক তাল (প্ৰতিশোধ লোৱা)- সকলো সময়তে তেঁওৰ মনত পোটক তোলাৰ কথা ভাঁহি থাকে।
  86. পেপুৱা লাগ (বিবুদ্ধি হোৱা)- হঠাৎ বাটত বাঘটো দেখি সি পেপুৱা লাগিল।
  87. বিনামেঘে বজ্ৰপাত (অকস্মাৎ হোৱা দুখ)- খবৰটো পাই তাৰ বিনামেঘে বজ্ৰপাত হোৱাৰ দৰে হ’ল।
  88. বাপতি-সাহোন (পৈত্ৰিক সম্পত্তি)- আমাৰ বাপতি-সাহোন বিহুটিক আমিয়েই জীয়াই ৰাখিব লাগিব।
  89. টেঁটুৱা খা (ডিঙিত চেপা খোৱা)- বাঘটো চিকাৰীয়ে টেঁটুৱা খোৱাই ধৰি মাৰিলে।
  90. মন বান্ধ খা (মন দমা) – মন বান্ধ খোৱাই কামত হাত দিলে নিশ্চয় এদিন সফলতা লাভ কৰিব পাৰিবা।
  91. উখল মাখল (আনন্দিত পৰিবেশ, শুভ কামৰ আলোচনা) – বিয়া ঘৰত উখল মাখল পৰিবেশ হৈছে।
  92. উৰহীৰ ওৰ (ৰহস্য বিচাৰি পোৱা) – পুলিচে লৰাটোক জেৰা কৰাতহে উৰহীৰ ওৰ বিচাৰি পালে।
  93. আঁচলৰ ধন (অতি মৰমৰ)- মাকৰ বাবে প্ৰতিটো সন্তানেই আঁচলৰ ধন।
  94. জয়দেউ কাকূতি (অতি অনুনয়-বিনয় কৰা) – মানুহজনে জয়দেউ কাকূতি কৰাৰ পাছতহে সমাজে তেওঁক ক্ষমা কৰিলে।
  95. ৰমক-জমক (জিলমিলাই থকা) – নাচনী বোৰে ৰমক – জমক কৈ বিহু মাৰিব গৈছে।
  96. উলহ মালহ (আনন্দ উৎসৱ সহ) – উলহ মালহেৰে বহাগ বিহু প্ৰতি বছৰে পালন কৰা হয়।
  97. এৰা ধৰা (ভালকৈ মনপুতি নলগা) – এৰা ধৰাকৈ সকলো কাম কৰিলে সফল নহয়।
  98. খাই পাত ফলা (অশলাগী, উপকাৰীৰ উপকাৰ পাহৰা)- খাই পাত ফলা লোকক উপকাৰ কৰি একো লাভ নাই।
  99. আলাসৰ লাডু (অতি মৰমৰ)- আইতাকৰ বাবে নাতিনী আলাসৰ লাডু।
  100. ন দি ক (ডাঠি ক, জোৰ দি ক, বিশ্বাস অহাকৈ ক)- তাই ন দি কৈছে যে তাই এইবাৰ মেট্ৰিকত প্ৰথম বিভাগত উৰ্ত্তীণ হব।
  101. ভিৰাই (খৰধৰকৈ) – বাঘক সন্মুখত দেখি পহুটোৱে ভিৰাই লৰ দিলে।
  102. সুৰুঙা (বিন্ধা বা সুযোগ) – কলহটো তলিত সুৰুঙা এটা আছে।
  103. পৰিভ্ৰমী (দূৰলৈ ভ্ৰমণকৰা) – খৰালি কালত অসমলৈ বহুতো পৰিভ্ৰমী চৰায়ৰ আগমণ ঘটে।
  104. অবিৰাম (একেৰাহে )– অবিৰাম ভাবে আমি কোনো কামত মনোনিবেশ কৰিলে আমি সফল হমেই।
  105. পুথি (কিতাপ, গ্ৰন্থ)– পুৰণি পুথি পঢ়ি আমি জ্ঞান লাভ কৰিব পাৰোঁ।
  106. মন থিৰ (মনোনিবেশ )– মন থিৰ কৰি যিকোনো কাম কৰিলে সফল হব পাৰিবা।
  107. বঙহৰদেউ (স্বামী)– বঙহৰদেউৰ বাবে যুদ্ধত যাবলৈ আহোম ৰমণী সকলে একে ৰাতিতেই কাপোৰ বয় উলিয়াইছিল।
  108. চিৰস্মৰণীয় (সদায় মনত থকা)– কিছু ঘটনা আমাৰ মনত চিৰ স্মৰণীয় হৈ যায়।
  109. বৰদৈচিলা (চ’ত মাহত অসমত বলা এবিধ ধুমুহা)–
  110. বৰদৈচিলাই আমাৰ ঘৰটোৰ বহু ক্ষতি কৰিলে।
  111. শীতলপাটি (এক ধৰণৰ মিহি পাটি) গৰম দিনত শীতল পাটীত শুই ভাল লাগে।
  112. প্ৰশংসা (গুন গান) – যোগ্যজনক প্ৰশংসা কৰা উচিত।
  113. চিকুণাই (চাফ চিকুন কৰা)– ফুলনি বাগিছা চিকুনাই থোৱা বাবে ধুনীয়া লাগিছে।
  114. তিৰবিৰ (জিলিকি থকা)– ৰাতিৰ আকাশত তৰাবোৰ তিৰবিৰকৈ জিলিকি থাকে ।
  115. থৈয়া নথৈয়া (তীব্ৰ)– শৰাইঘাটত আহোম আৰু মোগলৰ মাজত থৈয়া – নথৈয়া ৰণ হৈছিল ।
  116. পৰিপাটি (শৃংখলাবদ্ধ) – আমি সদায় পৰিস্কাৰ – পৰিপাটিকৈ থাকিব লাগে ।
  117. বেপাৰি (ব্যৱসায়ী) – বেপাৰী মানুহে সামগ্ৰীৰ কিনা বেচা কৰে।
  118. লগৰীয়া (বন্ধু)– ভাল লগৰীয়াই বিপদত সহায় কৰে।
  119. অধ্যৱসায় (একেৰাহে চেষ্টা কৰা) – জীৱনত সফল হবলৈ অধ্যৱসায় কৰাতো অতি জৰুৰী।
  120. নেৰানেপেৰা (একেৰাহে চলি থকা)- ৰাতিপুৱাৰ পৰা নেৰানেপেৰাকৈ বৰষুণ দি আছে।
  121. আমন্ত্ৰণ ( শ্ৰদ্ধাৰে মাতি অনা)- বিদ্যালয়ৰ ৰূপালী জয়ন্তী অনুষ্ঠানত কেইবাজনো বিশিষ্ট অতিথিক আমন্ত্ৰণ কৰিছে ।
  122. প্ৰত্যাহ্বান (বাধা) – জীৱনত অহা প্ৰত্যাহ্বানক সদায় সাহসেৰে সন্মুখীন হব লাগে।
  123. ঘাত-প্ৰতিঘাত (আঘাত) – জীৱনৰ যুদ্ধত বহুতো ঘাত-প্ৰতিঘাত আমি অতিক্ৰম কৰিব লাগিব।
  124. নিমিষতে (হঠাৎ, সহজে) – তেঁও যিকোনো ধৰণৰ ব্যঞ্জন নিমিষতে বনাই দিব পাৰে।
  125. টেঙৰ (বুধিয়ক) – টেঙৰ ব্যক্তিয়ে যিকোনো বিপদত সহজে আগবাঢ়ি যাব পাৰে।
  126. লালকাল (সাৰ হুৰ নথকা, অচেতন)- কেচুঁৱাটো টোপনিত লালকাল হৈ আছে।
  127. অজুহাত (কাৰণ দেখুওৱা) – সামান্য অজুহাত দেখুৱাই অফিচাৰ জনে ফৰ্ম খনত চহী নকৰিলে।
  128. হেঁপাহ (আশা)– গৰম বন্ধত শংকৰে মাক দেউতাকৰ লগত হেঁপাহ পলাই গুৱাহাটী ফুৰিলে।
  129. শিলাময় (শিলেৰে ভৰা) – শিলাময় পৰ্বতত পৰ্বতাৰোহণ কৰা বৰ কঠিন।
  130. স্বদেশ-প্ৰেম (দেশক ভাল পোৱা) – আমি সকলোৱে স্বদেশ প্ৰেম কৰা উচিত।
  131. নিমন্ত্ৰণ ( মাতি অনা) – তাইৰ জন্মদিনত সকলো লগৰীয়াক নিমন্ত্ৰণ জনাইছে।
  132. বাক্য ৰচনা কৰা অনন্ত ( যাৰ অন্ত নাই) – অনন্ত আকাশত বহুতো তৰা দেখা যায়।
  133. বাক্য ৰচনা কৰা ৰজনী (নিশা, ৰাতি) – ৰজনী গন্ধা ৰাতি ফুলে।
  134. বাক্য ৰচনা কৰা পণ্ডিত (জ্ঞানী) – পণ্ডিত মানুহক সকলোৱে সমীহ কৰি চলে।
  135. বাক্য ৰচনা কৰা বিশাল (ডাঙৰ) – আকাশৰ সমান বিশাল একো বস্তুৱে নাই।
  136. বাক্য ৰচনা কৰা নামঘৰ (নাম গোৱা ঘৰ) – অসমীয়া সমাজ বিকাশত নামঘৰৰ বিশেষ ভূমিকা আছে।
  137. বাক্য ৰচনা কৰা হাত দীঘল (ক্ষমতাশালি) – হাত দীঘল সকলো কাম সহজে কৰি দিব পাৰে।
  138. বাক্য ৰচনা কৰা কিৰণ (পোহৰ) – পুৱাৰ সূৰ্যৰ কিৰণ ধৰাত পৰা সময়কন মোৰ বহুত ভাল লাগে।

Leave a Comment

Your email address will not be published. Required fields are marked *