20+ অসমীয়া শিশু গীত || ওমলা গীত || নিচুকণি গীত ||20+ Popular Assamese Rhymes for child lyrics

 

Assamese Rhymes for child lyrics

অসমীয়া সমাজত অতীজৰ পৰা কিছুমান গীত (Assamese Rhymes for child lyrics) কেৱল শিশুৰ বাবে বিভিন্ন কামৰ বাৱে যেনে খেলিবলৈ, নিচুকাবলৈ, উমলি থাকিবলৈ প্ৰচলন হৈ আহিছে। এনে গীত সমূহে প্ৰতিটো শিশুক আনন্দ প্ৰদান কৰে। তেনে কেইটামান গীত যিবোৰ অতীজৰ পৰা অসমীয়া সমাজত প্ৰচলিত হৈ আহিছে তলত তাৰ Assamese lyrics আগবঢ়ালোঁ। আশাকৰোঁ আপোনালোক আৰু আপোনাৰ শিশুটি নিশ্চয় উপকৃত হব।

অসমীয়া শিশু গীত || ওমলা গীত || নিচুকণি গীত ||
Assamese rhyming words || Assamese lullaby || Assamese rhymes lyrics ||
Assamese rhyming words || Assamese rhyming dictionary

১)
ৰদালি এ ৰʼদ দে
ৰদালি এ ৰʼদ দে
আলি কাটি জালি দিম
বৰ পীৰা পাৰি দিম
তাতে বহি বহি তই ৰʼদ দে
ৰদালিৰ মাকৰ তিনিডালি চুলি
কোন দিনা পালেগৈ বিৰিনাৰ গুৰি।

২)Popular Assamese Rhymes for child lyrics
আমাৰে মইনা শুব এ lyrics

আমাৰে মইনা শুব এ
বাৰীতে বগৰী ৰুব এ
বাৰীৰে বগৰী পকি সৰি যাব
আমাৰে মইনাই বুটলি খাব ৷

৩)Popular Assamese Rhymes for child lyrics
শিয়ালী এ নাহিবি ৰাতি
তোৰে কাণ কাটি লগামে বাতি
শিয়ালীৰ মুৰতে মৰুৱা ফুল
শিয়ালী পালেগৈ ৰতনপুৰ
৪)Popular Assamese Rhymes for child lyrics
ই বোলে কান কটা সি বোলে কান কটা
কান কটাই নো কি কাম কৰে
কান্ধত ৰঙা ছাতি আৰু হাতত লৈ যাঠি দা
কান কটাই লৰাৰ কান কাটি ফুৰে।
৫)Popular Assamese Rhymes for child lyrics
বগলী এ সবাহলৈ নগলি কিয়?
গৈছিলো গৈছিলো বাটত বৰষুণে পালে
ৰংদৈ ঘৰতে সোমাব খোজুতে
চেংদৈ কুকুৰে খালে
চেই চেই কুকুৰ, নাহিবি জপনা দেই
বাঁহৰ মুঢ়া বগৰীৰ গোৰা
কৰ পৰা আহিলে চকু চেলোৱা বুঢ়া।
৬)Popular Assamese Rhymes for child lyrics
Junbai a beji ati diya lyrics

জোনবাই এ, বেজী এটি দিয়া।
বেজীনো কেলৈ?
মোনা চিলাবলৈ
মোনানো কেলৈ?
ধন ভৰাবলৈ।
ধননো কেলৈ?
হাতী কিনিবলৈ।
হাতীনো কেলৈ?
উঠি ফুৰিবলৈ।
উঠিলেনো কি হয়?
বৰ মানুহ হয়।
হাতীত উঠি পানীৰাম ঘৰলৈ যায়,
আলি বাটৰ মানুহে ঘূৰি ঘূৰি চায়।

ইয়াৰ উপৰিও কেইটামান বিদ্যালয় যাবলৈ আৰম্ভ কৰা শিশুৰ উপযোগীকৈ Assamese rhymes আপোনাৰ শিশুৰ বাবে লিখি উলিয়াইছো। তলৰ এই সৰু Assamese rhymes for child বা Assamese nursery rhymes বোৰ পঢ়ি আপোনাৰ শিশু উপকৃত হব। এই গীতবোৰক অসমীয়া শিশু গীত বা ওমলা গীত হিচাপেও ব্যৱহাৰ কৰিব পাৰিব।
এই গীত বোৰৰ জৰিয়তে আপোনাৰ সন্তানক বা ছাত্ৰ ছাত্ৰীক বিভিন্ন বিষয়ৰ জ্ঞান যেনে ফল মূল, দিন, বাৰৰ নাম, মাহৰ নাম, শাক পাচলি, জীৱ জন্তুৰ নাম আদি শিকাব পাৰিব। আশাকৰোঁ তলৰ অসমীয়া শিশু গীত সমূহৰ পৰা ছাত্ৰ ছাত্ৰী সকল উপকৃত হব।
Nursery rhymes lyrics || Assamese poem for child || Assamese poem Lyrics || Assamese kobita || Assamese child song download || Assamese poem for child || অসমীয়া শিশু গীত || ওমলা গীত

১)Assamese Rhymes for child lyrics
মইনাই পঢ়িব কিতাপ
বৰ মানুহ হব
ফুৰিব ডাঙৰ গাড়ীত
সকলোৱে ৰ লাগি চাব।
২)Assamese Rhymes for child lyrics
এটি দুটি কৰি
মইনাই কথা কব
থুনুক থানাক কৈ
ভৰি দুটিৰে খোজ কাঢ়িব।
৩)Assamese Rhymes for child lyrics
আমাৰে মইনাই
আম খাব কল খাব
দিনে দিনে বাঢ়ি যাব
পথাৰত খেলিবলৈ যাব।
বল খেলিব ক্ৰিকেট খেলিব
সকলোতে জিকিব।
৪)Assamese Rhymes for child lyrics
এদিন দুদিন কৰি মাহদিন
মইনাই খেলে প্ৰতিদিন
ভাত খাব ফল খাব
স্কুল যাব প্ৰতিদিন।

৫)Assamese Rhymes for child lyrics
মইনা লগত আমি
চিৰিয়াখানাত ফুৰিবলৈ যাম
হাতী চাম, বাঘ চাম
বাটত ৰসগোলা, জেলেপী খাম।

৬)Assamese Rhymes for child lyrics
অ পৰা অমিতা
আ পৰা আম
গছত আছে পকি
পাৰি পাৰি খাম।
ই পৰা ইটা
ঈ পৰা ঈগল
ইটা ঘৰত উঠি
ঈগল খেদিম বল।
উ পৰা উট
ঊ পৰা ঊণ সূতা
উটত উঠি আমি
মৰুভূমি চাম বলা।
ঋ পৰা ঋণ
আৰু হয় ঋতু।
এ পৰা এন্দুৰ
ঐ পৰা ঐৰাৱত
এন্দুৰ আৰু ঐৰাৱতে
ধান খায় পথাৰত।
ও পৰা ওকনি
ঔ পৰা ঔষধ
চুলিত ওকনি মাৰিবলৈ
দিব লাগে ঔষধ।
৭)Assamese Rhymes for child lyrics
কল এবিধ ফল
কল খালে গাত হয় বল
আহা আমি সকলোৱে
ফিল্ডত খেলো ফুটবল।

৮)Assamese Rhymes for child lyrics
কুকুৰাই খাই ধান চাউল
হাঁহে খাই ভাত
মাছে আছে পুখুৰীত দানা খায়
ছাগলীয়ে ভাল পায় গছৰ পাত।
৯)
মা লগত মই
বাছগাড়ীত চহৰত যাম
ষ্টেচনত ৰেলগাড়ীত উঠি
মামা ঘৰ পাম।
মামা ঘৰত আমি
চাহ জলপান খাম
মামা লগত বাইকত উঠি
গাওঁ ফুৰিব যাম।
১০)
মইনা আমাৰ এটি
মুৰত আছে চুলি
কান আছে দুখন
চকু আছে দুটি।
নাক আছে এটি
বৰ জোঙা
মুখত আছে দুটি ওঁঠ
হৈ আছে ৰঙা।

১১)
হাত আমি ধুব লাগে
খোৱাৰ আগত
গা আমি ধো
স্কুল যোৱাৰ আগত।
পৰিষ্কাৰ থাকিলে
বেমাৰ নহয়
খেলা ধূলা কৰিলে
স্বাস্থ্য ভাল হয়।

১২)Assamese Rhymes for child lyrics
অ বগা বগলী
আমাৰ পুখুৰীৰ মাছ নাখাবি
মাছৰোকা লগত একেলগে
বিলতে মাছ ধৰিবি।
অ কলা কাউৰী
কা কা নকৰিবি
কুলি আহিব বসন্তত
শিকি লৈ কুউ কুউ মাতিবি।
পক্ষীৰ ইঞ্জিনীয়াৰ টুকুৰা
বাহ সাজে আটক ধুনীয়া
হাতুৰী মাৰি বাহ বনাই গছৰ খোৰোংত
নাম তাৰ মিস্ত্ৰী চৰাই বাঢ়ৈটোকা।
ঘন চিৰিকাই চিৰিক চিৰিক মাতে
ঘৰে চোতালে নাচি বাগি থাকে,
পাৰ চৰাই দৰে ঘন চিৰিকাই
মানুহৰ ঘৰে, ভঁৰালে থাকে।
পক্ষীৰ ভিতৰত আটক ধুনীয়া
ভিন্নৰঙী ময়ুৰ পক্ষী
আন এটি মনোমোহা ভিন্নৰঙী
সুন্দৰী হাঁহ হৈছে আমাৰ আলহী।
চিলনী হৈছে চিকাৰী চৰাই
হাঁহ কুকুৰা ধৰে
শগুনে খাই মৰাশ
মানৱৰ উপকাৰ সাধে।
ধনেশ চৰাই বৰ ধুনীয়া
ঠোঁটটো ডাঙৰ থাকে
ভাটো চৰাইৰ ৰং সেউজীয়া
চুটি ঠোঁটৰ আগটো বেকা থাকে।
টুনী, মৌপিয়া আৰু পানীপিয়া
আকাৰত সৰু বালিমাহীৰ দৰে
বৰটোকোলা, দেওহাঁহ ডাঙৰ চৰাই
মাছ খাই পেলিকানৰ দৰে।

১৩)
সেউজীয়া শাক পাচলি
খাওঁ সদায় পুৱা গধূলি
ভিটামিন পালে দেহত
আমি হম নিৰোগী।
লাউ কোমোৰা ৰঙালাউ
গ্ৰীষ্ম কালৰ পাচলি
শীত কালত পাচলি হয়
বন্ধা কবি, ফুলকবি আৰু উলকবি।
লাই পালেং খুটুৰা শাক
শীত কালত পাবা
গ্ৰীষ্ম কালত শাক খাবা
চেংমৰা, কলমৌ আৰু ঢেঁকীয়া।

১৪)Assamese Rhymes for child lyrics
বান্দৰ মামা বান্দৰ মামা
জাপ মাৰে গছে ডালে
পকা কল দেখিলেই
খেক খেক্ কৰে।
হৰিণ পহু, ছাগলী পহু
কাজিৰঙাত আছে
ৰাতি হলেই ৰাস্তাৰ কাষত
ঘাঁহ খাই থাকে।
কাজিৰঙাৰ এশিঙীয়া গড়
চোৰাং চিকাৰীৰ পৰা হৈছে বিপদ
দেশ বিদেশৰ পৰ্যটক আহে
চাবলৈ আমাৰ জাতীয় সম্পদ।
হাতী আছে জাকে জাকে
খাদ্য বিচাৰি থাকে
কণমানি হাতী পোৱালী দেখি
মৰম জাগি উঠে।

১৫)Assamese Rhymes for child lyrics
নমস্কাৰ নমস্কাৰ
ডাঙৰ মানুহক কৰো
সৰু ভাইটি ভণ্টিক
মৰম চেনেহ যাঁচো।
সদায় পুৱা গধূলি ভগৱানক
প্ৰাৰ্থনা কৰা হয়
সকলোৰে দুখ কষ্ট
হওঁক নিৰাময়।
সমনীয়াৰ সৈতে প্ৰতিদিনে
মিলিজুলি থাকোঁ
বদ বন্ধু বদ অভ্যাসৰ পৰা
নিলগত থাকোঁ।
ৰাতিপুৱা শুই উঠি
মুখ হাত ধুই লওঁ
বিদ্যালয় যোৱাৰ আগত
গা ধুই লওঁ।
মা দেউতাক সন্মান কৰোঁ
প্ৰতিটো কথা শুনো
ককা আইতাই মৰম কৰে
আশীৰ্বাদ দিবলৈ প্ৰণিপাত কৰোঁ।

১৬)Assamese Rhymes for child lyrics
বাৰ আছে সাতটা
ৰবি, সোম, মঙ্গলবাৰ
বুধ, বৃহস্পতি, শুক্ৰ
আৰু শনিবাৰ।
মাহ আছে বাৰটা
জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মাহ
এপ্ৰিল মাহত বহাগ বিহু
মেৰ পাছত হয় জুন মাহ।
জুলাই মাহত গৰম বেছি
আগষ্ট, ছেপ্টেম্বৰ মাহলৈ থাকে
অক্টোবৰত দুৰ্গা পূজা
নৱেম্বৰত শীত কাল আহে।
বছৰটোৰ শেষ মাহ
ডিচেম্বৰ হয়
এই বাৰমাহে
এবছৰ হয়।

9 thoughts on “20+ অসমীয়া শিশু গীত || ওমলা গীত || নিচুকণি গীত ||20+ Popular Assamese Rhymes for child lyrics”

  1. Pingback: আহাঁ ওমলোঁ আমি | Anha Omolu Ami | Assamese Rhymes - Growhills

  2. Pingback: ৰং সানো আমি | Rang Shanu Ami - Growhills

  3. Pingback: Pre-writing Practice Book - Growhills

  4. Pingback: Writing Practice Book - Growhills

  5. Pingback: প্ৰাক-প্ৰাথমিক অসমীয়া সাহিত্য - Growhills

  6. Pingback: Pre-Primary English - Growhills

  7. Pingback: ৰং সানো আমি - Growhills

  8. Pingback: Readers' English-I - Growhills

  9. Pingback: অসমীয়া সাহিত্য সোপান - Growhills

Leave a Comment

Your email address will not be published. Required fields are marked *