100+ শাক পাচলিৰ নাম ইংৰাজীত Vegetables name in Assamese and English

Vegetables name English Assamese
Vegetables name English and Assamese

শাক-পাচলি স্বাস্থ্যসন্মত খাদ্যৰ এক অতি গুৰুত্বপূৰ্ণ অংশ, কিয়নো ইয়াত আমাৰ শৰীৰটো সঠিকভাৱে কাম কৰিবলৈ প্ৰয়োজন হোৱা প্ৰয়োজনীয় ভিটামিন, খনিজ পদাৰ্থ আৰু পুষ্টিকৰ উপাদানৰে ভৰপূৰ হৈ থাকে। শাক পাচলি নাম অনুসৰি ইয়াৰ ৰং, টেক্সচাৰ আৰু সোৱাদো ভিন্ন হয় আৰু বিস্তৃত পৰিসৰত ব্যৱহাৰ কৰিব পাৰি। শাক পাচলি ভিন্ন ধৰণে ৰান্ধি সুস্বাদু আৰু পুষ্টিকৰ খাদ্য সৃষ্টি কৰিব পাৰি। শাক-পাচলিত কেলৰি কম আৰু আঁহৰ পৰিমাণো বেছি, যাৰ বাবে ই ওজন নিয়ন্ত্ৰণ আৰু পাচন স্বাস্থ্যৰ বাবেও উৎকৃষ্ট হয়। আমাৰ অসমীয়া সমাজতো খোৱা ১০০ বিধ শাক পাচলি নাম উল্লেখ কৰিবলৈ চেষ্টা কৰা হৈছে। শাক পাচলি ইংৰাজী নাম সহিতে আপোনালোকৰ ওচৰত চিনাকি কৰি দিবলৈ যত্ন কৰা হৈছে। শাক পাচলি নাম english ত যদি ভুল দেখে বা উপযুক্ত হোৱা নাই তেন্তে তলৰ comment box ত আঙুলিয়াই দিব বুলি অনুৰোধ জনালোঁ। কিছুমান শাক পাচলি অঞ্চল ভেদে বেলেগ নাম হব পাৰে।

প্ৰথমে অধিক শাক-পাচলি খোৱাৰ ফলত আমাৰ শৰীৰৰ বাবে কি কি উপকাৰ হ’ব পাৰে জানো আহক। শাক পাচলি খোৱাৰ ফলত বহুতো উপকাৰ হয় তাৰে কিছু তথ্য তলত উল্লেখ কৰা হ’ল:

পুষ্টিকৰ : শাক-পাচলিত ভিটামিন, খনিজ পদাৰ্থ আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে যিবোৰ আমাৰ শৰীৰে সঠিকভাৱে কাম কৰিবলৈ অতিকৈ প্ৰয়োজন হয়। বিশেষকৈ ইয়াত আঁহৰ পৰিমাণ বেছি, যিয়ে আমাৰ পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰিব পাৰে আৰু দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

কম কেলৰি: শাক-পাচলিত সাধাৰণতে কম কেলৰি থাকে, অৰ্থাৎ আমি ওজন বৃদ্ধিৰ কোনো ধৰণৰ চিন্তা নকৰাকৈ প্ৰচুৰ পৰিমাণে খাব পাৰো। ইয়াৰ উপৰিও শাক পাচলিত চৰ্বি কম থাকে, যাৰ বাবে ইয়াক স্বাস্থ্যসন্মত খাদ্য হিচাপে গণ্য কৰিব পাৰি।

ৰোগ প্ৰতিৰোধ: অধ্যয়নত দেখা গৈছে যে অধিক শাক-পাচলি খালে হৃদৰোগ, ষ্ট্ৰোক আৰু কিছুমান প্ৰকাৰৰ কেন্সাৰকে ধৰি বিভিন্ন ধৰণৰ দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত সহায়ক হয়। শাক-পাচলিত পোৱা এন্টিঅক্সিডেন্ট আৰু অন্যান্য পুষ্টিকৰ উপাদানৰ বাবেই এনে হোৱা বুলি ভবা হয়।

আন্ত্ৰিক স্বাস্থ্য উন্নত কৰে: শাক-পাচলি খোৱাটোৱে আমাৰ আন্ত্ৰিক অংশত সুস্থ বেক্টেৰিয়াৰ বৃদ্ধিত সহায় কৰিব পাৰে, যিটো সামগ্ৰিক স্বাস্থ্য আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে গুৰুত্বপূৰ্ণ।

পৰিৱেশ অনুকূল: অধিক শাক-পাচলি খাবলৈ বাছি লোৱাটোৱেও পৰিৱেশৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব পাৰে, কিয়নো পশুজাত সামগ্ৰীৰ উৎপাদনে সেউজ গৃহ গেছ নিৰ্গমনৰ ক্ষেত্ৰত অধিক অৰিহণা যোগায়।

সামগ্ৰিকভাৱে আমাৰ সেউজীয়া শাক-পাচলি গ্ৰহণ বৃদ্ধি কৰাটো আমাৰ স্বাস্থ্য উন্নত কৰা, দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা হ্ৰাস কৰা আৰু অধিক বহনক্ষম খাদ্য ব্যৱস্থাৰ প্ৰসাৰৰ এক সহজ আৰু ফলপ্ৰসূ উপায়।

তলত খৰালি কালত হোৱা শাক পাচলি নাম আৰু বাৰিষা কালত হোৱা শাক পাচলি নামবোৰ পৃথককৈ উল্লেখ কৰা হোৱা নাই। ভৱিষ্যতে পৃথক কৈ লিখিবলৈ চেষ্টা কৰা হব।

শাক পাচলি নাম english ত তলত উল্লেখ কৰা হৈছে।

  1. লেহেতী – Gooseweed
  2. কুকুৰাঠেঙীয়া – Bandicotberry
  3. কেঞাবন – Nut grass
  4. গাখীৰতী – Milky herb
  5. গৰুখিচ – Wild strawberry
  6. চালকুঁৱৰী আগ – Aloevera
  7. চুকাশাক – Sorrel
  8. চেংমৰা/চেঙামু – Spiny arum
  9. জবাফুল – China rose
  10. জেটুলীপকা পাত – Wild raspberry
  11. জ্যেষ্ঠমধু পাত – Licorice
  12. টেঙামৰা – Rozella
  13. টেঙেচি টেঙা – Wood sorrel
  14. ঢেঁকীয়ালতি – Maidenhair creeper
  15. তিতাবাহক/ তিতাকুচি/বগা বাহক – Malbar nut
  16. দাংবদি/লেছেৰা মাহ – Cowpea
  17. দুপৰটেঙা – Sproutleaf
  18. দূবৰি বন – Dog grass
  19. ধতুৰা – Thronapple
  20. নিলাজী বন – Sensitive plant
  21. নীলকণ্ঠ – Blue fox tail
  22. নুনি পাত – Mulberry
  23. বন জলকীয়া – Wild chilli
  24. বন জালুক – Wildpepper
  25. বন ধনিয়া -Sweetleaf
  26. বৰটেঙেচি – Irish shamrock
  27. বৰিয়াল/বৰবৰিয়াল/সোণবৰিয়াল – Broom jute
  28. বর্হমথুৰি/বৰমথুৰি – Lipstick champa
  29. ভেঁকুৰি তিতা/তিতা ভেঁকুৰি – Pickly night shade
  30. ভেদাইলতা/ভাদুলিলতা/ভাদুলতা/মুকুন্দলতা/পাদুৰি লতা – Skunk vine
  31. মজাঠি/মজেঠি – Indian madder
  32. মৰলীয়া পাত/ফুটুকী বন/ঠোঁটনী শাক – Chick’s wort
  33. মাটি কাঁদুৰি – Sessile joyweed
  34. মানধনিয়া/নগা ধনিয়া – Long coriander
  35. ৰঙালাউ আগ – Pumpkin leaf
  36. লফা শাক – Cluster mallow
  37. শেৱালি ফুল – Night jasmine
  38. উৰহী – Dolichs bean
  39. লাইজাবৰী – Tropical chickweed
  40. শুকলতি – Patchouli
  41. মালভোগ খুতুৰা শাক – Common purslane, pigweed, pussley
  42. পূৰৈ বা পূৰৈশাক – Malabar spinach/vine spinsch
  43. ৰঙাপুৰৈ – Basella rurba
  44. মানিমুনি – Indian pennywort/asiatic pennywort
  45. তৰা গাজ – Black Galangal
  46. দোৰোণ বা দ্ৰোণ – Common Leucas
  47. মাটিকাদুৰি – Dwarf copperleaf , sessile joywood, Racaba, Scarlet hygro
  48. হালিম শাক – Garden cress
  49. মৰাণ আদা – Spicy ginger
  50. ওলকচু – Elephant foot yam or Elephant yam
  51. টিকনি বৰুৱা – Rough Bindweed, Prickly Ivy
  52. বাঘ আঁচোৰা – Greenbriers
  53. কেঁহৰাজ – Eclipta, False daisy
  54. পচতীয়া – Indian pivet
  55. ঘীঁ উৰহী – Cranberry beans
  56. মেজেঙা – Rangoon fibre tree
  57. মেচাকি, অম্বে – Sarcochlamys
  58. চেংমৰা – Spiny
  59. তিতাফুল/তিতাবাহক – Nongmangkha
  60. নিম – Neem tree, Indian lilac, Margosa tree
  61. নেফাফু – Pressure plant
  62. লাই শাক – Mustard green
  63. পালেং শাক – Spinach
  64. সৰিয়হ শাক – Mustard plant
  65. ঢেকিয়া – Fiddlehead ferns
  66. মিথি শাক – Fenugreek greens
  67. লফা শাক – Chinese mellow
  68. ডাংবদি – Yard long been
  69. কলমৌ – Water spinach
  70. তিতামৰা – Jute plant
  71. টেঙামৰা – Roselle
  72. ভেকুৰী – Indian nightshade
  73. বেতগাজ – Rattan shoots
  74. চজিনা – Drumstick
  75. মান ধনিয়া – Long coriander
  76. মচন্দৰি – Heart leaf
  77. ভেদাইলতা – Skunk vine
  78. জিলমিল – White goosefoot
  79. মৰিচা – Amaranth
  80. খুতুৰা – Green calalu / amaranth
  81. ঊলকবী – Kohlrabi
  82. কচু – Taro
  83. মানকচু — Giant taro
  84. কাঠ আলু – Yam
  85. পটল – Pointed gourd
  86. ভোল – Sponge gourd
  87. জিকা – Ridge gourd
  88. কুন্দুলী – Ivy gourd
  89. ধুন্দুলী – Snake gourd
  90. জাতিলাউ – Bottle gourd
  91. কোমোৰা – Ash gourd
  92. ভাত কেৰেলা – Teasel gourd
  93. তিতা কেৰেলা – Bitter gourd
  94. চেংমৰা – Lasia Spinosa
  95. নৰসিংহ – Curry leaf
  96. শুকলতি – Patchouli
  97. পূৰ্ণনভা শাক – Dichondra
  98. ঔ টেঙা – Elephant apple
  99. পচলা – Banana shoots
  100. কলডিল – Banana flower
  101. পিৰালী পালেং – Ceylon Spinach, Water leaf
  102. ব্ৰক্ষ্মী শাক – Indian Pennywort
  103. ধনীয়া শাক – corriander
  104. আলু – Potatoes
  105. পালেং শাক – Spinach
  106. মিঠা আলু – Sweet potatoes
  107. পিয়াঁজ – Onions
  108. নহৰু – Garlic
  109. মটৰ – Peas
  110. জালুক – Black Peppers
  111. পদিনা – Mint
  112. কাঠফুলা – Mushrooms
  113. বাঁহ গাজ , খৰিচা – Bamboo shoots
  114. চয়াবিন – Soybeans
  115. দাইল – Lentils
  116. বুট মাহ – Chickpeas
  117. বীট – Beetroot
  118. কেপচিকাম – Capsicum
  119. কণ বিলাহী – Cherry tomatoes
  120. আদা – Ginger
  121. ৰঙালাউ – Pumpkin

কিছু শাক পাচলিৰ ইংৰাজী নাম ইন্টাৰনেট আৰু Facebook ৰ পৰা সংগ্ৰহ কৰা হৈছে।

Leave a Comment