What is Artificial Intelligence in Assamese

অসমীয়াত কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে জানো আহক || What is Artificial Intelligence in Assamese

Artificial Intelligence in Assamese ||অসমীয়াত কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে জানো আহক

Artificial Intelligence in Assamese
Artificial Intelligence

Content
1. কৃত্ৰিম বুদ্ধিমত্তা কি হয়? What is artificial Intelligence?
2. বৰ্তমান সময়ত ইয়াৰ জনপ্ৰিয়তা কিমান? Popularity of Artificial Intelligence?
3. Artificial Intelligence প্ৰকাৰ সমূহ। Types of Artificial Intelligence
4. Artificial Intelligence প্ৰয়োগৰ সুবিধা সমূহ । Advantages of Artificial Intelligence
5. Artificial Intelligence প্ৰয়োগ কৰাৰ অসুবিধা সমূহ। Disadvantages of Artificial Intelligence

1. কৃত্ৰিম বুদ্ধিমত্তা কি হয়? What is artificial Intelligence?

Artificial Intelligence বৰ্তমান সময়ত প্ৰায় প্ৰাৰম্ভিক পৰ্যায়ত আছে আৰু ভৱিষ্যতে এই অধিক বিকশিত হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। বহু সময়ত আমি বৰ্তমান নজনাকে Artificial Intelligence ব্যৱহাৰ কৰি আছোঁ। যেনে Google assistant, voice recognition, faceapp আদি।
আচলতে Artificial Intelligence হৈছে computer science এটা শাখা। AI সহায়ত এটা মেচিনক মানুহৰ দৰে বুদ্ধিমত্তা, চিন্তা শক্তি আৰু কাম কৰাৰ কৌশল প্ৰদান কৰা হয়। এনেধৰণৰ Technology মানুহৰ দৰে কাম কৰাৰ বাবে এটা মেছিনক উপযোগী কৰি তোলে। যেনে – মানুহৰ দৰে চিন্তা কৰি সমস্যা সমাধান কৰা, যিকোনো বিষয় শিকি আয়ত্ব কৰা, মানুহৰ দৰে পৰিকল্পনা কৰা আদি কাম কৰিব পাৰে।
2. বৰ্তমান সময়ত ইয়াৰ জনপ্ৰিয়তা কিমান? Popularity of Artificial Intelligence?
যিমানেই technology বিকাশ হৈছে সিমানেই তাতকৈ বেছি পাৰদৰ্শী technology আৰু মেচিন ৰ বিকাশ হৈ আছে। ঠিক সেইদৰে Artificial Intelligence প্ৰতিদিনে নতুন নতুন ক্ষেত্ৰত প্ৰয়োগৰ ফলত নতুন ধৰণৰ ব্যৱসায়িক আৰু ব্যৱহাৰিক প্ৰসাৰ লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান সময়ত আটাইতকৈ বেছি ব্যৱহৃত হোৱা artificial Intelligence technology হৈছে voice recognition technology । ঠিক সেইদৰে বৰ্তমান সময়ত আন আন বৃহৎ কোম্পানী বোৰে artificial Intelligence technology সহায়ত নিজৰ ব্যৱসায় আৰু সেৱা অধিক পাৰদৰ্শী কৰিবলৈ সক্ষম হৈছে। যেনে – Apple, Google, Netflix, Tesla, Amazon আদি কোম্পানী বোৰে Artificial Intelligence প্ৰয়োগ কৰিছে আৰু অধিক প্ৰয়োগ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। Apple iPhone, android smartphone ব্যৱহৃত voice recognition technology Artificial Intelligence প্ৰয়োগ কৰা হৈছে। Netflix company ৰ উপভোক্তা সকলৰ বাবে তেওঁলোকৰ interest অনুসৰি video চাবলৈ পৰামৰ্শ দিয়ে। ঠিক সেইদৰে আধুনিক আৰু নতুন প্ৰযুক্তিৰ গাড়ী নিৰ্মাণকাৰী প্ৰতিষ্ঠান Tesla company ৰ বাহন অতি আধুনিক কৰিবলৈ যেনে ড্ৰাইভাৰ বিহীন বাহন আদিত এই প্ৰযুক্তি প্ৰয়োগ কৰে। আমি ব্যৱহাৰ কৰা online shopping site সমূহে সঠিক product গ্ৰাহকক বিচাৰি উলিয়াবলৈ artificial Intelligence সহায় লয়।
এইদৰে বিভিন্ন কোম্পানী আৰু আন প্ৰতিষ্ঠান বোৰে Artificial Intelligence প্ৰয়োগ কৰি আহিছে আৰু ভৱিষ্যতে অধিক প্ৰয়োগ কৰাৰ থল আছে।
3. Artificial Intelligence প্ৰকাৰ সমূহ। Types of Artificial Intelligence-
এই প্ৰযুক্তি বৰ্তমান সময়ত একেবাৰে প্ৰাৰম্ভিক পৰ্যায়ত আছে আৰু এই পৰ্যায়তে ইমান ইয়াৰ প্ৰয়োগ হৈছে আৰু দ্ৰুত বিকাশ লাভ কৰিছে যে ভৱিষ্যতে ইয়াৰ প্ৰয়োগ ব্যাপক হোৱাৰ থল আছে। যিহেতু Artificial Intelligence প্ৰতিদিনে নতুন ধৰনে ক্ৰমবিকাশ ঘটি আছে সেইদৰে ইয়াৰ প্ৰকাৰ সমূহ বৃদ্ধি হৈ আছে বুলি কব পাৰি। Artificial Intelligence research কৰোঁতে যিহেতু মানুহৰ দৰে কাম কৰা , চিন্তা কৰা, পৰিকল্পনা কৰা আদি বিষয়সমূহ সামৰি লোৱা হৈছে, সেয়েহে মানুহৰ কামৰ ওপৰত , সক্ষমতাৰ ওপৰত ভিত্তি কৰি প্ৰধানকৈ চাৰিটা ভাগত ভাগ কৰা হৈছে। কিন্তু এই চাৰিটা প্ৰকাৰৰ উপৰিও আৰু নতুন নতুন ক্ষেত্ৰত প্ৰয়োগৰ ফলত নতুন প্ৰকাৰৰ উৎপত্তি হৈছে বুলি কব পাৰি। তলত প্ৰধান চাৰিটা প্ৰকাৰৰ ওপৰিও আন প্ৰকাৰ বোৰো চমু আলোচনা কৰা হৈছে।

Types of AI
Types of Artificial Intelligence

১. প্ৰতিক্ৰিয়া শীল ( Reactive )
এই ধৰণৰ Artificial Intelligence প্ৰয়োগ একেবাৰে পুৰণি বুলি কব পাৰি। ইয়াৰ কোনো ধৰণৰ memory নাথাকে । ই কেৱল কোনো এক ক্ৰিয়াৰ নিজৰ সীমাবদ্ধতাৰ ভিতৰত থাকি প্ৰতিক্ৰিয়া দিব পাৰে । এনেধৰণৰ প্ৰযুক্তি এক সীমিত পৰিসৰত থাকি কাম কৰিব পাৰে আৰু কোনোধৰণৰ নতুন কথা নিজে শিকিব নোৱাৰে। এইধৰণৰ মেচিনে আগতে ফিট কৰি থোৱা ইনপুট স্বয়ংক্ৰিয় ভাৱে প্ৰতিক্ৰিয়া দেখুৱাই। যেনে আমি কম্পিউটাৰ বা স্মাৰ্ট ফোনত খেলা দবা ( chess) খেল Artificial Intelligence প্ৰয়োগ কৰি বিকাশ কৰা হৈছে।
২. সীমিত মেমোৰী ( limited memory)
এই সীমিত মেমৰী Artificial Intelligence মেচিন প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ ওপৰিও পুৰণা তথ্য অনুসৰি নিজাকৈ সিদ্ধান্ত লোৱাৰ ক্ষমতা আছে। কিন্তু এনেধৰণৰ মেচিনত সীমিত পৰিসৰত থাকি সীমিত মেমৰি ব্যৱহাৰ কৰি কাম কৰে। বৰ্তমান সময়ত প্ৰায়ভাগ মেছিনত এই technology প্ৰয়োগ কৰা হৈছে আৰু অধিক জনপ্ৰিয়তা লাভ কৰিছে। উদাহৰস্বৰূপে image recognition, voice recognition আদিত এই technology ব্যৱহাৰ কৰা হয়।
৩. মনস্তা্ত্বিক সূত্ৰ ( theory of mind)
ওপৰৰ দুটা technology প্ৰয়োগ কৰাৰ পাছৰ পৰ্যায়ত মানুহৰ মনটোৰ ওপৰত ভিত্তি কৰি এই মনস্তা্ত্বিক সূত্ৰ বিকাশ কৰা হৈছে । ইয়াত মানুহৰ মনৰ দৰে আবেগ, বিশ্বাস, চিন্তা কৰা প্ৰক্ৰিয়া আদি বিকশিত কৰা হৈছে আৰু মানৱ মনক প্ৰভাৱিত কৰা আনুসংগিক বিষয় বোৰ সন্নিবিষ্ট কৰা হৈছে। ইয়াৰদ্বাৰা মানৱক ভালদৰে বুজি পাব লাগিব আৰু মানুহৰ মনক প্ৰয়োজনীয়তা খিনি বুজি পাব লাগিব। এই technology বৰ্তমান সময়ত একেবাৰে প্ৰাৰম্ভিক পৰ্যায়ত আছে ভৱিষ্যতে বিকাশ লাভ কৰাৰ যথেষ্ট থল আছে।
৪. আত্ম সচেতন (self aware)
এই ধৰণৰ Artificial Intelligence বৰ্তমান লৈকে পৰিকল্পনাহে কৰা হৈছে , কোনোধৰণৰ যন্ত্ৰ বনোৱা হোৱা নাই। ইয়াত এটা মেচিনত আবেগ, চিন্তা শক্তি, বিশ্বাস আদি থকাত ওপৰিও নিজক লৈ সচেনতা থাকিব। যাৰ ফলত এটা মেচিন নিজক কেনেদৰে সংৰক্ষণ বা কাৰ্যক্ষম কৰি ৰাখিব পাৰি তাক লৈ সচেতন হৈ থাকিব। এনেধৰণৰ মেচিনৰ ফলত মানৱ জাতিক বিপদত পেলাব পাৰে বুলিও বহুতো গৱেষকে ধাৰণা কৰে।
৫. কৃত্ৰিম সংকীৰ্ণ বুদ্ধিমত্তা ( Artificial narrow Intelligence)
কৃত্ৰিম সংকীর্ণ বুদ্ধিমত্তা মানুহৰ দৰে কাম কৰিব পাৰিব কিন্তু এক সীমিত পৰিসৰত থাকি কাম কৰিব পাৰে আৰু নিৰ্দিষ্ট কামহে কৰিব পাৰে। বৰ্তমান থকা সকলোবোৰ artificial Intelligence মেচিন এই বিভাগত অন্তৰ্ভুক্ত। এই বিভাগে ওপৰৰ প্ৰতিক্ৰিয়া আৰু সীমিত মেমোৰি বিভাগ দুটাক সামৰি লৈছে।
৬. কৃত্ৰিম সাধাৰণ বুদ্ধিমত্তা ( Artificial general Intelligence)
কৃত্ৰিম সাধাৰণ বুদ্ধিমত্তা মানুহৰ দৰে শিকিব পৰা, বুজি পোৱা, কাম কৰিব পৰা ক্ষমতা থাকিব। এনেধৰণৰ মেচিন মানুহৰ দৰে কেইবাটাও কাম কৰিবলৈ সক্ষম হব। বৰ্তমান সময়ত এনেধৰণৰ প্ৰযুক্তি উদ্ভাৱন কৰা হোৱা নাই, কেৱল পৰিকল্পনা বা বিকাশ কৰাৰ চিন্তা কৰা হৈছে।
৭. কৃত্ৰিম অতিউত্তম বুদ্ধিমত্তা ( artificial super intelligence)
কৃত্ৰিম অতি উত্তম বুদ্ধিমত্তা থকা মেচিন মানুহতকৈ অধিক সক্ষমতা থকা মেচিন হব। এনেধৰণৰ মেচিন মানুহতকৈ বহুগুন বেছি কাম, চিন্তা, উদ্ভাৱন, সিদ্ধান্ত লোৱা, মনত ৰাখিবলৈ সক্ষম হব। Artificial Intelligence গৱেষণা কৰা হয়টো এয়াই শেষ পৰ্যায় হব। এনেধৰণৰ বিকাশে মানৱ জাতিক অধিক বিপদত পেলাব পাৰে। কিন্তু আমি ভাল ব্যৱহাৰ কৰিব পাৰিলে নিশ্চয় মানৱ জাতিৰ বাবে আশীৰ্বাদ হোৱাৰো থল আছে। বৰ্তমান সময়ত হলিউড চলচ্চিত্ৰ জগতত এনেধৰণৰ চিনেমা নিৰ্মাণৰ ফলত এই বিষয়ত চিন্তা চৰ্চাই অধিক জনপ্ৰিয়তা লাভ কৰিছে।
4. Artificial Intelligence প্ৰয়োগৰ সুবিধা সমূহ । Advantages of Artificial Intelligence
Artificial Intelligence প্ৰয়োগ কৰাৰ বহুতো সুবিধা আছে যিবোৰ আমি মানৱ জাতিৰ বিকাশত সহযোগ কৰিব পাৰে। তাৰে কেইটামান তলত চমুকৈ উল্লেখ কৰা হৈছে।
✓ ইয়াৰ দ্বাৰা যিকোনো কামত ভূল হোৱাৰ সম্ভাৱনা কম থাকে
✓ যিকোনো পৰিৱেশত কাম কৰিব পাৰিব। যেনে বিপদজনক অঞ্চল, মহাকাশ, তেল, কয়লা উদঘাটন আদি কামত নিয়োগ কৰিব পৰা যাব।
✓ অধিক কষ্টকৰ কামত মানুহৰ সলনি ব্যৱহাৰ কৰিব পাৰি
✓ সিদ্ধান্ত লোৱাত মানুহক সহায় কৰিব পাৰে।
✓ যিকোনো ধৰণৰ প্ৰবঞ্চনা পৰা ৰক্ষা কৰিব পাৰে
✓তেওঁলোকক মানুহৰ দৰে কোনোধৰণৰ আৰাম বা বিৰামৰ প্ৰয়োজন নহয় বাবে অধিক কাৰ্য্যক্ষম হৈ উৎপাদন কৰিবলৈ সক্ষম হব।
5. Artificial Intelligence প্ৰয়োগ কৰাৰ অসুবিধা সমূহ। Disadvantages of Artificial Intelligence
যিদৰে artificial Intelligence প্ৰয়োগ কৰাৰ সুবিধা আছে সেইদৰে ইয়াৰ বহুতো অসুবিধা আছে। তলত তাৰে কেইটামান চমুকৈ তলত উল্লেখ কৰা হৈছে।
✓ এনেধৰণৰ মেচিন বিকাশ কৰাত অধিক সময় আৰু অৰ্থৰ প্ৰয়োজন হয়।
✓ ইয়াক মাজে সময়ে মেৰামতি কৰিব লগা হব পাৰে, যত বহুত অৰ্থৰ প্ৰয়োজন হব।
✓ যদি ইয়াক মানুহৰ দৰে বিকাশ কৰা হয়, তেন্তে মানুহৰ ভালৰ কাৰণে যে কাম কৰিব তাৰ নিশ্চয়তা হয়টো কোনো দিব নোৱাৰে।
✓ এনেধৰণৰ মেচিন যদি বেয়া ব্যক্তিৰ হাতত পৰে তেন্তে ই অধিক ধ্বংসাত্মক কামত লিপ্ত হব পাৰে।
✓ আমি মেছিনৰ ওপৰত অধিক ভৰসা কৰাৰ ফলত মানুহৰ চিন্তা শক্তি, মনত ৰখা শক্তি কম হৈ যাব আৰু ইয়াৰ প্ৰভাৱ মানুহৰ মানসিক অৱস্থাত পৰিছে। বৰ্তমান সময়ত ইয়াৰ কিছু প্ৰভাৱ smartphone ব্যৱহাৰ কৰাৰ ফলত মানৱ সমাজত দেখা দিছে।
✓ শেষত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব মানুহে বৰ্তমান কৰি থকা কৰ্ম সংস্থাপন সমন্ধত। ইয়াৰ ফলত বহুতো লোকে কৰ্ম সংস্থাপন হেৰুৱাব আৰু সমাজত বেমেজালি সৃষ্টি হব পাৰে। নিবনুৱা সমস্যা সমাধান নকৰাকৈ ইয়াক প্ৰয়োগ কৰা উচিত নহয়।
Artificial Intelligence বিষয়টো এক বহল বিষয়। ইয়াক ইমান সীমিত পৰিসৰত সামৰি লোৱাটো কঠিন আৰু বৰ্তমানেও ইয়াৰ ওপৰত বিজ্ঞানী সকলে গৱেষণা চলাই আছে। সেয়েহে এই বিষয়ত নতুন ধৰণৰ চিন্তা চৰ্চা হোৱাৰ নিশ্চয় অৱকাশ আছে।

Leave a Comment

Your email address will not be published. Required fields are marked *