15+ অসমীয়া ভাষাত অসমীয়া ব্যক্তিৰ কেইটামান quotes || 15+ Best Assamese quotes by Assamese personality

অসমীয়া ভাষাত অসমীয়া ব্যক্তিৰ কেইটামান Assamese quotes

Assamese quotes by Assamese personality

Assamese quoteshem baruah
Hem Baruah quotes

Content
-What is quotes or quotation?
(Quotes বা quotation কি হয়?)
‌ -Why quotes or quotation are important
(Quote বা quotation কিয় প্ৰয়োজন?)
-‌ Assamese quotes in Assamese language
(অসমীয়া ভাষাত অসমীয়া মহান ব্যক্তিৰ quotes)

1. Quotes বা quotation কি হয়? ( What is quotes or quotation?)
Quotes বা quotation কি বুলি কলে সাধাৰণতে কোনো বিশিষ্ট ব্যক্তিৰ কথিত বা লিখিত উক্তি, তেওঁৰ উদ্ধতি দি পুনৰ প্ৰকাশ কৰাকে বুজাই। এনে উক্তি বা কথাই (quotes) আমাৰ চিন্তা ভাবনাত গভীৰ সাঁচ বহুৱাৰ ওপৰিও নতুন উদ্যমেৰে , নতুন জ্ঞান আৰু প্ৰেৰণা যোগান ধৰে। আমি এনে উক্তি বোৰ বিভিন্ন প্ৰসঙ্গত ব্যৱহাৰ কৰিব পাৰোঁ আৰু জীৱনৰ বাটত আগবাঢ়ি যোৱাত সহায় হয়।

2. Quote বা quotation কিয় প্ৰয়োজন?( Why quotes or quotation are important)
Quotes বা quotation আমাৰ বাবে প্ৰায় এটা এৰিব নোৱাৰা অংগ হৈ পৰিছে, কাৰণ আমি ইয়াৰ পৰাই মহান দাৰ্শনিক ব্যক্তিৰ, সাহিত্যক, চিন্তাবিদ, ব্যৱসায়ী, বিজ্ঞানী , ৰাজনীতিবিদ আদি ব্যক্তিৰ ইতিবাচক উক্তি ( quotes) সমূহ লাভ কৰিব পাৰোঁ। তেওঁলোকৰ মহান চিন্তাভাবনা আৰু জ্ঞান আমি সহজতে আয়ত্ব কৰিব পৰা যায় । এনেবোৰ উক্তিয়ে (quotes) আমাক, নতুন প্ৰজন্মৰ লোকক উৎসাহ, প্ৰেৰণা, সাহস আৰু চিন্তাৰ খোৰাক যোগায়। আমি সকলো ধৰণৰ ব্যক্তিৰ পৰা কিছু গুৰুত্বপূৰ্ণ জ্ঞান ( knowledge) অৰ্জন কৰিব পাৰোঁ আৰু তাক জীৱনৰ বাটত আগবাঢ়ি যাওতে বিভিন্ন পৰ্যায়ত প্ৰযোজ্য হব পাৰে।
3. Assamese quotes in Assamese language(অসমীয়া ভাষাত অসমীয়া মহান ব্যক্তিৰ quotes)

যিদৰে আন আন ভাষাত বিভিন্ন মহৎ লোকসকলে বিভিন্ন ধৰণৰ উক্তি (quotes) আমাক দি গৈছে, সেইদৰে অসমৰ বিভিন্নজনে বিভিন্ন ধৰণৰ উক্তি ( Assamese quotes in Assamese language) আমাক দি গৈছে। অসমীয়া মহান ব্যক্তি ( Assamese quotes in Assamese language) সকলৰ উদ্ধৃতি কিছু সংগ্ৰহ কৰি সম্পূৰ্ণ অসমীয়া ভাষাত ( Assamese language) লিখিবলৈ চেষ্টা কৰিছোঁ। তাৰে কেইটামান quotes বা quotation অসমীয়া ভাষাত ( Assamese language) তলত উল্লেখ কৰা হল।

Assamese quotes by Assamese personality || অসমীয়া ভাষাত অসমীয়া ব্যক্তিৰ কেইটামান Assamese quotes

‌1. ৰাতি যিমানে কঠিন হ’ব প্রভাত সিমানে উজ্জ্বল হব। চাৰিওফালৰ পৰা আন্ধাৰে আৱৰি ধবিলেও ভয় নকৰিবা, প্রভাত হ’বই।
-জ্যোতিপ্ৰসাদ আগৰবালা।

‌2. শিক্ষাৰ উদ্দেশ্য মন প্রশস্ত কৰা, চিন্তাশক্তি বঢ়ােৱা, শিক্ষার্থীক নানা ভাৱদি ভবিষ্যত জীৱন যুদ্ধত দেশৰ আৰু জগতৰ কল্যাণ সাধনত সর্বতাে প্রকাৰে যােগ্যবান কৰা।
-তৰুণ ৰাম ফুকন।

3. লােকৰ কথা মন দি শুনিবা, ভাল কিতাপ মন দি পঢ়িবা আৰু তাত অসাৰুৱা কথাভাগ বাদ দি সাৰুৱা ভাগ জুকিয়াই মনত থ’বা।
লক্ষ্মীনাথ বেজবৰুৱা।

4. সঁচা দোষখিনি দেখুৱাই দিলেই যদি শত্রু হবলগা হয়, তেন্তে মিত্র হৈ থকাতকৈ শত্ৰু হৈ থকা বৰং উপকাৰহে।
কমলাকান্ত ভট্টাচার্য।

5‌. সকলাে মানুহৰে সদগুণ যিদৰে থাকে অসৎ গুণও ঠিক তেনেদৰে থাকে। অসৎখিনিৰ পৰা সৎখিনি বাছি লব পৰাটোহে মানুহৰ কৃতিত্ব।
-হেম বৰুৱা।

6‌. ধূপৰ পেকেটৰ ধূপ কাঠি থাকে মানে তাক সকলােৱে থাপনাৰ ওচৰত যতনাই ৰাখে। কিন্তু ধূপ-কাঠি শেষ হৈ যােৱাৰ লগে লগে বাহিৰলৈ দলিয়াই দিয়ে।
তৰুণৰাম ফুকন।

7. ভাষাৰ বাপেক ভাব আৰু ককায়েক হল জ্ঞান।
-কমলাকান্ত ভট্টাচার্য।

8‌. বিশ্ব মানৱৰ অসংখ্য তাঁৰৰ এডালাে তাঁৰ যি সাহিত্যিকে কঁপাব পাৰিব।তেওঁৱেই প্রকৃত সাহিত্যিক।
লক্ষ্মীনাথ বেজবৰুৱা।

9. বিদ্যা মানৱ মনৰ দীপ্তি; তাৰ ৰশ্মিৰ পােহৰত কাম কৰি মানুহে ধন, মান আৰু যশস্যা লাভ কৰে।
-সত্যনাথ বৰা।

1‌0. ব্যাকৰণ, অভিধান নাথাকিলে ভাষা আৰু সাহিত্য হেদাঙি মেলা গৰুৰ দৰে হব আৰু সেই সাহিত্যৰ, সেই ভাষাৰ উপদ্রৱত টাটী চকোৱা এখনাে নাথাকিব। লক্ষ্মীনাথ বেজবৰুবা।
‌পৃথিৱীত সৱাতােকৈ সহজ কাম হৈছে আনক সমালােচনা কৰা, সৱাতােকৈ টান কাম হৈছে নিজকে সংশোধন কৰা।
-হেম বৰুৱা।

1‌1. পাঁচি সজা, কামি চাঁছা সন্মানৰ কাম, নীচ মাথােঁ এলেহুৱা।
লক্ষ্মীনাথ বেজবৰুৱা।

1‌2. মনবােৰ শুদ্ধ হলে পৃথিৱীত সংকোচ কৰিবলগীয়া একো নাই। কলুষিত মানুহে সকলােতে কলুষ দেখে।
-হেম বৰুৱা।

1‌3. জাতীয় সাহিত্য জাতীয় জীৱনৰ ধৰণী মাথােন। যি জাতীয় জীৱন মুক্ত আৰু স্বাধীন সেই জাতিৰ সাহিত্যও মুক্ত আৰু স্বাধীন।
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা

Assamese  quotes lakhyadhar choudhary
Lakhyodhar Choudhary Quote

1‌4. জীৱন জুখিবা হাঁহিৰে, চকুলােৰে নহয়। আয়ুস জুখিবা বন্ধুৰে, বছৰেৰে নহয়।
লক্ষ্যধৰ চৌধুৰী।

1‌5. খাবৰ বাবে পিন্ধিবৰ বাবে মুৰ গুজিবৰ বাবে মানুহে যিহকে কৰে সেয়ে কলাকৃষ্টিৰ জগত সেয়াও সংগ্রামৰে ক্ষেত্র। তাৰ জৰিয়তেও গণজাগৰণ আনিব পাৰি। বিপ্লৱৰ এক হাতিয়াৰ হল মানুহ।
-বিষ্ণুৰাভা।

1‌6. কেৱল জনসংখ্যাই জাতিক ডাঙৰ নকৰে; জাতি ডাঙৰ হয় জাতীয়তাবাদৰ হকে, ডেকাই দিয়া হিয়াৰ ৰাঙলী তেজেৰে।
-বিষ্ণু ৰাভা।

1‌7. অভিজ্ঞতাৰ ওপৰত প্রতিষ্ঠিত হলেও সাহিত্য বাস্তৱতে অভিজ্ঞতাৰ কেটেলগ বা যাদুঘৰ নহয়। নির্বাচন কৌশল, কল্পনা আৰু ৰীতিৰ সহায়েৰে অভিজ্ঞতাৰ কেঁচা সঁজুলি গড়ি পিটি ললেহে প্রকৃত সাহিত্যৰ সৃষ্টি হয়।
কৃষ্ণকান্ত সন্দিকৈ।

1‌8. অসমীয়া জাতিৰ প্রতিভা ভাগ্যৰ জাপৰ তলত লুকাই আছে। সুযােগ আৰু সুবিধা পালেই এদিন সি ভমকাই উঠিব।
– চন্দ্র কুমাৰ আগৰৱালা

আপুনি ওপৰৰ পোষ্ট টো পঢ়ি কেনে পালে নিশ্চয় জনাব লগতে বন্ধুৰ হৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।

Leave a Comment