ইণ্ডোনেছীয়াত ফুৰিবলৈ গৈ বিশ্বৰ এজন সকলোতকৈ ধনী ব্যক্তি হোৱা ২৫ বছৰীয়া যুৱকৰ কাহিনী

ইণ্ডোনেছীয়াত ফুৰিবলৈ গৈ বিশ্বৰ এজন সকলোতকৈ ধনী ব্যক্তি হোৱা ২৫ বছৰীয়া যুৱকৰ কাহিনী
lakshmi mittal

 

লৰাজনে দেউতাকৰ কথা অনুসৰি তেওঁলোকৰ ইণ্ডোনেছিয়া ত ব্যৱসায় কৰিবলৈ ক্ৰয় কৰা মাটিটুকুৰা বিক্ৰী কৰিবলৈ গৈছিল আৰু কিছুদিন তাত কিছুদিন বন্ধ উপভোগ কৰাৰ উদেশ্য ৰাওনা হৈছিল। দেউতাকে কৈ পঠিয়াইছিল যে উচিত মূল্যত মাটিটুকুৰা বিক্ৰী কৰিবা। যুৱক জনে সেই উদ্দেশ্যেৰে ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টা তলৈ ৰাওনা হল আৰু বন্ধ উপভোগ কৰাৰ সময়ত যদি দেউতাকে কোৱাৰ দৰে মাটিটুকৰা বিক্ৰী কৰিব পাৰিলে ভাল হব বুলি ভাবিলে। তেওঁ জাকাৰ্টা ত উপস্থিত হৈ মাটিটুকুৰা বিক্ৰী কৰিবলৈ ক্ৰেতা বিচাৰি চলাথ কৰিলে কিন্তু উচিত মূল্য লাভ নকৰিলে। যিহেতু এটা ব্যৱসায়িক পৰিয়ালৰ লৰা গতিকে তাত ব্যৱসায় কৰাৰ সুযোগ আছে নেকি তাৰো খা খবৰ কৰিলে । সৰু বয়সৰ পৰা দেউতাকৰ তথা যৌথ পৰিয়ালৰ  সৰু steel mill ত কাম কৰাৰ সুবাদ ত তেওঁ steel ব্যৱসায়ৰ বহুত জ্ঞান অৰ্জন কৰিছিল। তেওঁ ইণ্ডোনেছিয়াত steel ব্যৱসায়ৰ সম্ভাৱনা ৰ বিষয়ে অনুসন্ধান কৰে আৰু এখন নতুন বিকাশ শীল দেশ হিচাপে বহুত সম্ভাৱনা দেখিলে আৰু প্ৰতিযোগিতা ও কম দেখা পালে। যুৱক জনে তাতে ব্যৱসায় আৰম্ভ কৰাৰ কথা চিন্তা চৰ্চা কৰিলে। লগতে এটা লোকচান ত চলি থকা steel plant ক্ৰয় কৰাৰ সুযোগো লাভ কৰে আৰু দেউতাকক সেই বিষয়ে অৱগত কৰে। দেউতাকে প্ৰথম অৱস্থাত মান্তি হোৱা নাছিল যদিও পুতেকৰ আত্মবিশ্বাস দেখি সেই লোকচান ত চলি থকা ষ্টিল মিল কিনিবলৈ অৰ্থৰ যোগান ধৰিবলৈ সন্মত হয়। সেই যে ষ্টীল মিল ইণ্ডোনেচিয়াত কিনিলে তাৰ পাছত লৰাজনৰ পিছলৈ ঘুৰি চাবলৈ প্ৰয়োজন নহল। দহ বছৰ কাল তেওঁ ইণ্ডোনেচিয়াৰ steel ব্যৱসায়ৰ লগত অতি মনোযোগেৰে , অশেষ কষ্ট কৰি লাভৰ মুখলৈ আনিলে আৰু দ্ৰুত গতিত আগুৱাই নিয়ে। এই কামত তেওঁক তেওঁৰ পত্নীয়ে অশেষ সহায় কৰে আৰু সকলো সময়তে প্ৰত্যক্ষ ভাবে steel ব্যৱসায়ৰ লগত জড়িত হৈ আছিল। ইয়াত লাভ কৰা ব্যৱসায়ৰ জ্ঞান, অভিজ্ঞতাই তেওঁক ভৱিষ্যত দিনত এজন সফল উদ্যোগপতি হোৱাত সহায় কৰিলে। 

  এই ২৫বছৰীয়া যুবকজন কোন জানে নে ? তেওঁই হল বিশ্বৰ আটাইতকৈ ডাঙৰ steel company  Arcelormittal company ৰ স্বত্তাধিকাৰী লক্ষ্মী মিত্তাল । যি কোম্পানীয়ে বিশ্বৰ ১০ % ষ্টীল উৎপাদন কৰে আৰু যোগান ধৰে। যাৰ তলত বিশ্বৰ ৪৫ খন দেশৰ নাগৰিকে কাম কৰে আৰু ব্ৰিটেইন ৰ এজন অন্যতম ধনী ব্যক্তি হিচাপে পৰিচিত উদ্যোগপতি। যিজন ব্যক্তিয়ে ফোৰ্বস আলোচনীৰ ২০০৫ চনত বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাত তৃতীয় স্থান অধিকাৰ কৰিছিল। তেওঁৰ সম্পত্তিৰ পৰিমাণ ফবছ আলোচনী অনুসৰি প্ৰায় ৭ বিলিয়ন পাউণ্ড
   তেওঁৰ জীৱনত টাৰ্ণিং পইণ্ট হিচাপে পৰিচিত হয় যেতিয়া তেওঁ পৰিয়ালৰ পৰা বিৰুদ্ধে গৈ মেক্সিকো ত এটা steel plant ক্ৰয় কৰিব লৈ আগবাঢ়ি যায়। তেওঁ ইণ্ডোনেছিয়াত দহ বছৰ steel ব্যৱসায়ৰ লগত জড়িত হৈ বহুতো অভিজ্ঞতা আৰু জ্ঞান অৰ্জন কৰে আৰু তেওঁৰ এই ব্যৱসায় বিশ্ব জুৰি বিস্তাৰিত কৰিবলৈ মন মেলে। তেনে সময়তে ত্ৰিনিদাদ দেশত এই সুযোগ লাভ কৰে। তাত থকা জাৰ্মান কোম্পানী এটা ৰ steel ব্যৱসায়ৰ লগত চৰকাৰ সন্তুষ্ট নাছিল কাৰণ লোকচান ভৰি আছিল সেই চৰকাৰে। তেনে ক্ষেত্ৰত লক্ষ্মী মিত্তালে ট্ৰিনিদাদ চৰকাৰক steel ব্যৱসায় আগবঢ়াই নিয়াৰ প্ৰস্তাৱ দিয়ে। চৰকাৰ সন্তুষ্ট হয় আৰু লক্ষ্মী মিত্তালে সেই জাৰ্মান কোম্পানী ৰ পৰা steel plant কিছু বছৰৰ বাবে লীজত লৈ পাছত ক্ৰয় কৰে। কিছু বছৰ পাছতে সেই কোম্পানীক লাভজনক অৱস্থালৈ আনে। সেই সময়ত বেছিভাগ দেশতে steel উদ্যোগ অতি বেয়া অৱস্থাত চলি আছিল আৰু সমগ্ৰ বিশ্বতে তাৰ প্ৰভাৱ পৰিছিল। Mexico দেশতো ইয়াৰ প্ৰভাৱ পৰিছিল। Mexico চৰকাৰে জাপানী কোম্পানীৰ ওচৰ চাপিছিল । কিন্তু তেওঁলোকে সহায় কৰিবলৈ অমান্তি হল আৰু লক্ষ্মী মিত্তালৰ ওচৰত তেওঁলোকক পঠিয়ালে। তেওঁলোকক কলে যে তেওঁ য়ে এই সময়ত এক সুন্দৰ লাভজনক steel ব্যৱসায় কৰি আছে তেওঁই আপোনালোকক সহায় কৰিব পাৰিব। Mexico চৰকাৰে লক্ষ্মী মিত্তালৰ ওচৰ চাপিল। লক্ষ্মী মিত্তাল ও তাত সঁহাৰি জনাই । সেই উদ্দেশ্যে তেওঁ দেউতাকক Mexico ত বিনিয়োগ কৰাৰ বাবে অনুমতি বিচাৰে। কিন্তু দেউতাকে তেওঁক কঠোৰ ভাবে তাত বিনিয়োগ নকৰিবলৈ জনাই। দেউতাকে কয় যে mexico ত বিনিয়োগ কৰা আৰু হাওৰা দলঙৰ পৰা জাপ দিয়া একে কথা। কিন্তু তেওঁ নাচোৰবান্দা। মেক্সিকো দেশত তেওঁ বিনিয়োগ কৰিবই। ইয়াৰ বাবে তেওঁৰ পৰিয়ালৰ লগত মনোমালিন্য ঘটে আৰু পৰিয়ালৰ পৰা ব্যৱসায়িক ভাৱে বিচ্ছিন্ন হয়। দেউতাকে বিচাৰিছিল যে তেওঁ ভাৰতৰ বাহিৰত বিনিয়োগ কৰাত কৈ ভাৰততে ব্যৱসায় বিস্তাৰ কৰা উচিত। কিন্তু তেওঁ দেখিছিল যে সেই সময়ত ভাৰতত steel ব্যৱসায় কৰা ব্যক্তিগত কোম্পানী ৰ বাবে অতি কঠিন আছিল। সেয়েহে তেওঁ ভাৰতত ব্যৱসায় কৰাত মান্তি হোৱা নাছিল।
  যা হওঁক তেওঁ Mexico চৰকাৰৰ আমন্ত্ৰণ ক্ৰমে তাত এটা steel plant লীজত লয় আৰু সফলতা লাভ কৰে। ইয়াৰ পাছতে তেওঁ বিশ্বৰ বিভিন্ন দেশত steel ব্যৱসায় বিস্তাৰ কৰে আৰু বিশ্বৰ আটাইতকৈ ডাঙৰ steel উৎপাদন কৰা কোম্পানী হিচাপে পৰিচিত হয়। তেওঁ অন্য দেশ যেনে আমেৰিকা, দক্ষিণ আফ্ৰিকা, কানাডা, ব্ৰাজিল, উক্ৰেইনে, স্পেইন, ফ্ৰান্স, পোলেণ্ড, আয়াৰলেণ্ড,  আদি দেশত কেইবাটাও steel company ক্ৰয় আৰু অধিগ্ৰহণ কৰে।  
“Acquisition is a way to grow fast” – Lakshmi Mittal

 

  তেওঁৰ ব্যৱসায় দ্ৰুত গতিত বৃদ্ধি হোৱাৰ মূল মন্ত্ৰ আছিল অধিগ্ৰহণ (Acquisition)। তেওঁ বিশ্বাস কৰিছিল যে এটা steel industry আৰম্ভ কৰি তাক লাভজনক অৱস্থালৈ আনোতে বহু বছৰ প্ৰয়োজন হয় কিন্তু এটা পূৰ্বে স্থাপিত হোৱা প্লান্ত লাভজনক অৱস্থালৈ আনোতে বেছি সময়ৰ প্ৰয়োজন নহয়। ইয়াৰ বাবে লাগে সঠিক ব্যৱসায়িক নিৰ্ণয় আৰু কাৰ্য কুশলতা। তেওঁক ইণ্ডোনেছিয়াত দহ বছৰত লাভ কৰা অভিজ্ঞতা আৰু জ্ঞানে আজি সফল উদ্যোগপতি হিচাপে বিশ্বজুৰি পৰিচিত হৈছে। জ্ঞানে হৈছে সকলো সফলতাৰ মূল চাবিকাঠি। 
  লক্ষ্মী মিত্তালৰ জন্ম ১৯৫০ চনৰ ১৫ জুন তাৰিখে  ৰাজস্থানৰ এখন সৰু গাঁৱত হৈছিল যত কোনো ধৰণৰ সা সুবিধা নাছিল। ৬বছৰ বয়সত তেওঁলোকৰ পৰিয়াল কলকাতালৈ আহে আৰু তাতে এটা সৰু steel mill আৰম্ভ কৰে। তেওঁ কলকাতাতে এখন স্থানীয় হিন্দী মাধ্যমৰ বিদ্যালয়ত শিক্ষা লাভ কৰিছিল। তেওঁ ছাত্ৰ অৱস্থা পৰাই মেধাৱী আছিল। যেতিয়া কলেজ পঢ়িব বাবে এখন কলকাতাৰ অন্যতম ইংৰাজী মাধ্যমৰ কলেজত নামভৰ্তিৰ বাবে আবেদন কৰে, তাৰ অধ্যক্ষই তেওঁ হিন্দী মাধ্যমৰ পৰা অহাৰ বাবে নামভৰ্তি দিবলৈ অনিচ্ছা প্ৰকাশ কৰে। কিন্তু অশেষ অনুনয় বিনুনয় কৰাৰ পাছত নামভৰ্তি দিবলৈ মান্তি হয় আৰু তেওঁ বাণিজ্য বিভাগত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। 
“Success makes you happy not Money”- Lakshmi Mittal

 

ভাৰতৰ এই সুসন্তান গৰাকীৰ বিষয়ে জানিব পাৰি কেনে লাগিল জনাব।
Please share this post with your friends. Thank You.

Leave a Comment