YouTube channel আৰম্ভ কৰাৰ আগতে এই কথাখিনি জানি লোৱা উচিত

  YouTube channel কেনেকৈ আৰম্ভ কৰিব আৰু কেনেকৈ উপাৰ্জন কৰিব পাৰি

YouTube channel কেনেকৈ আৰম্ভ কৰিব আৰু কেনেকৈ উপাৰ্জন কৰিব পাৰি
Youtube Tips Assamese

আপুনি যদি এটা ইউটিউব চেনেল আৰম্ভ কৰিব বিচাৰিছে আৰু কেনেকৈ আৰম্ভ কৰিব তাৰ বিষয়ে বিশেষ জ্ঞাত নহয় বা ইয়াৰ বিষয়ে অধিক জানিব বিচাৰে তেন্তে আপুনি তলৰ কথাখিনি ৰ পৰা জানিব পাৰিব। বহুতে ভাবে যে ইউ টিউব ত ভিদিও এটা আপলোড কৰি দিলেই এটা চেনেল আৰম্ভ হৈ যায় আৰু টকা উপাৰ্জন কৰিব পাৰি। আচলতে বৰ্তমান সময়ত চেনেল এটা আৰম্ভ কৰা সহজ কিন্তু তাক আগবঢ়াই লৈ যোৱা আৰু উপাৰ্জন কৰাটো ইমান সহজ নহয় । উপাৰ্জন নহলে এটা video বনাই আপলোড কৰাৰ কোনো ধৰণৰ উৎসাহ পোৱা নাযাব বা video বনাবলৈ আপোনাৰ ব্যক্তিগত লাভ নহব। সেয়েহে আমি একেবাৰে প্ৰথমৰ পৰা শেষলৈ কেনেকৈ আৰম্ভ কৰিব আৰু আগবঢ়াইছে লৈ যাব তাৰ বিষয়ে আলোচনা কৰিম। আশা কৰিছো আপুনি ইয়াৰ পৰা উপকৃত হব।
১. প্ৰথম কামটো হব আপোনাৰ ইউটিউব চেনেল টোৰ বিষয় নিৰ্বাচন কৰা ।
আমি জানো যে সকলোৰে নিজৰ কিবা  নহয় কিবা বা একাধিক নিৰ্দিষ্ট বিষয়ত বিশেষ জ্ঞান বা ৰাপ থাকে । আপুনি সেই নিৰ্দিষ্ট বিষয় কেইটাৰ ভিতৰত কি বিষয়ৰ ওপৰত video বনাব পৰা যাব এটা সৰু বিশ্লেষণ কৰি এটা নিৰ্দিষ্ট বিষয় নিৰ্বাচন কৰিব। এই ক্ষেত্ৰত সাৱধান হব যে সেই বিষয়ৰ ওপৰত আপুনি অধিক video বনাই আপলোড কৰিব পাৰে। কাৰণ আপুনি এটা বা দুটা ভিদেও বনাই আৰু নতুন video বনোৱাৰ scope নাথাকিলে আপোনাৰ চেনেলটোয়ে গতিশীল নহব।সেয়েহে প্ৰথম আৰম্ভ কৰোতেই এনে বিষয় নিৰ্বাচন কৰিব যাতে আপোনাৰ সহজ হয় আৰু আপোনাৰ হেই বিষয়ৰ উপৰত ৰাপ থাকে যাতে নতুন কথা শিকি আপোনাৰ দৰ্শকক জনাব পাৰে। আজিৰ সময়ত বেছিভাগ youtuber য়ে news , technology, short film, comedy, entertainment আদি বিষয়ৰ উপৰত video বনাই আছে। বৰ্তমান এইকেইটা বিষয় অধিক প্ৰতিযোগিতা পূৰ্ণ হৈছে । ইয়াৰ উপৰিও বিভিন্ন বিষয়ৰ উপৰত video বনাই আপলোড কৰিব পাৰে। Video ভাষা  কি ৰাখিব এইটো এটা বহুতৰ বাবে confusion হয়। এই ক্ষেত্ৰত মোৰ ফালৰ কব বিচাৰো যে আপুনি যি ভাষাত পাৰ্গত বা comfortable হয় সেই ভাষাতে বনাব। এই বিষয়ত কব বিচাৰো যে ইংৰাজী ভাষাত বনালে সমগ্ৰ বিশ্বতে মানুহে আপোনাৰ video উপভোগ কৰিব পাৰিব। কিন্তু আপুনি যদি ইংৰাজী ভাষাত পাৰ্গত নহয় তেন্তে আপুনি নিজৰ মাতৃভাষাৰ যিখিনি লোক আছে তেওঁলোকৰ পৰাও সমৰ্থন নাপাব লগতে ইংৰাজী ভাষীৰ পৰাও সমৰ্থন নাপাব পাৰে। তেনে ক্ষেত্ৰত আপোনাৰ হিত হোৱাতকৈ লোকচান হোৱাৰ সম্ভাৱনা অধিক।
২. কি কি বস্তুৰ প্ৰয়োজন
এই ক্ষেত্ৰত আপোনাৰ চেনেল টোৰ কি বিষয়ৰ ওপৰত তাৰ ওপৰত নিৰ্ভৰ কৰি বস্তুৰ প্ৰয়োজন হয়। সাধাৰণতে যিহেতু আপুনি video বনাই আপলোড কৰিব তাৰ বাবে এটা কেমেৰা 📷 আৰু এটা ভাল কোৱালিটিৰ মাইক্ৰো ফোন যাৰ জৰিয়তে voice ৰেকৰ্ড কৰিব পৰা যাব। প্ৰথম অৱস্থাত কেমেৰা বাবে অধিক টকা ব্যয় নকৰাই ভাল আৰু আমি আমাৰ স্মাৰ্ট ফোনৰ জৰিয়তে ৰেকৰ্ড কৰিব পাৰো।
Camera ধৰি ৰাখিবলৈ এটা tripod stand ব্যৱহাৰ কৰিলে video অধিক আকৰ্ষণীয় আৰু video shaking কম হয়।
ইয়াৰ পাছত এটা পোহৰ হব বাবে এটা লাইট professional light ৰ ব্যৱস্থা কৰিলে ভাল হয়।
ইয়াৰ উপৰিও video edit কৰিবলৈ এটা Video editor software লাগিব । যাৰ জৰিয়তে video অধিক আকৰ্ষণীয় ৰূপত প্ৰদৰ্শন কৰাৰ সুবিধা হয়। ইয়াৰ বাবে বহুতো বিনামূলীয়া আৰু paid software পোৱা যায় আৰু ইয়াক ব্যৱহাৰ কৰাও সহজ। লগতে playstore পৰা YT Studio app installed কৰি লব। এই app ত আপুনি video name, description, keyword আৰু thumbnail ব্যৱহাৰ কৰিব পাৰিব। এই বিষয়ত আপুনি সুন্দৰ ভাবে নিজৰ ইচ্ছা অনুসৰি নাম আৰু thumbnail ব্যৱহাৰ কৰিব পাৰিব।
ওপৰত উল্লেখ কৰা সকলো সামগ্ৰী আপুনি কম মূল্যত ওচৰৰ বজাৰত বা অনলাইন ষ্টোৰত সহজে কিনিব পোৱা যায়।
৩. ইউটিউব চেনেল ৰ নাম কি ৰাখিব
“নামত কি আছে কামত হে পৰিচয়” এই বাক্য শাৰী ইউটিউব ৰ ক্ষেত্ৰত কিছু পৰিমাণে প্ৰযোজ্য হয় কিন্তু এটা ভাল নামে আপোনাৰ চেনেল ক জনপ্ৰিয় হোৱাত অধিক সহায় কৰে। প্ৰথম কথা আপোনাৰ চেনেলৰ নাম আপুনি যি বিষয়ৰ ওপৰত ভিত্তি কৰি আৰম্ভ কৰিছে তাৰ লগত সামঞ্জস্য থকা নাম ব্যৱহাৰ কৰিব আৰু নামটো কম আখৰৰ হলে ভাল হয়। কম আখৰৰ নাম হলে মানুহে সহজে মনত ৰাখিব পাৰিব আৰু সোনকালে আকৰ্ষিত কৰিব। লগতে এটা logo বনোৱাৰ ব্যৱস্থা কৰিব। Logo design কৰিব লৈ আপুনি playstore পৰা app download কৰি সহজে বনাব পাৰিব।
নাম নিৰ্বাচন কৰাৰ ক্ষেত্ৰত অৰ্থপূৰ্ণ নহলেও কিন্তু unique হোৱাটো নিশ্চিত কৰিব।
৪. কেনেকৈ settings option ব্যৱহাৰ কৰিব
এই সুবিধা ভালদৰে ব্যৱহাৰ কৰিবলৈ আপুনি নিজৰ কম্পিউটাৰত ইউটিউব চেনেলত আপোনাৰ Gmail account ব্যৱহাৰ কৰি login কৰিব আৰু যদি Gmail account নাই তেন্তে অতি সোনকালে এটা একাউণ্ট খুলি লওক। মনত ৰাখিব Gmailৰ বাহিৰে অন্য ইমেইল ব্যৱহাৰ কৰি ইউটিউব চেনেল খুলিব নোৱাৰি। এই কামখিনি আপুনি নিজৰ এণ্ড্ৰইড smartphone ব্যৱহাৰ কৰিও কৰিব পাৰিব।
ইয়াৰ পাছত আপুনি ইউটিউব ৰ সোঁফালে একেবাৰে উপৰত থকা আপোনাৰ নাম থকা icon ত click কৰিব।

Sign in button
Sign in Button

Click কৰাৰ এখন সৰু স্ক্ৰীন ওলাব, তাৰ my account click কৰাৰ লগে লগে আপোনাৰ চেনেল ৰ নাম লিখিব দিব আৰু logo, channel art আদি আপলোড কৰিব পাৰিব। ইয়াৰ পাছত about ত click কৰি নিজৰ চেনেলৰ বিষয়ে সৰু টোকা এটা লিখিব যাতে আনে পঢ়ি আপোনাৰ চেনেল টোৰ বিষয়ে এটা আভাস পাই আৰু আপোনাৰ চেনেলটো subscribe কৰে।

fill up data
fill up

সেই একেদৰে my channel ৰ তলত creator studio ত click কৰি তাৰ ভিতৰত থকা settings বোৰ নিজৰ সুবিধা অনুসৰি মিলাই লব।

youtube studio
youtube studio
youtube settings
all settings

এই settings option তে monetization কেনেকৈ কৰিব পাৰিব তাৰ বিষয়ে পাব। বৰ্তমান ইউটিউব ৰ monetization policy অনুসৰি এটা চেনেল ৰ ১০০০ subscriber থাকিব লাগিব আৰু আপোনাৰ চেনেল ৰ video বোৰ মুঠ ৪০০০ ঘণ্টা মানুহে চাব লাগিব। এইবোৰ হোৱাৰ পাছত আপোনাৰ ইউটিউব চেনেল টো Adsense account ৰ লগত জড়িত কৰাব লাগিব। Adsense account কেনেকৈ খুলিব তাৰ বাবে Adsense website ত বিষদ ভাবে জানিব পাৰিব।
এই বিষয়ে বিস্তৃত ভাবে জানিবলৈ আন এটা ব্লগ লিখিব লাগিব । সেই কাৰণে নতুন ব্লগ লিখালৈ অপেক্ষা কৰক।
ওপৰত যিখিনি কথা আলোচনা কৰিলোঁ এই সকলো খিনি এজন নবাগত youtuber বাবে অতি  প্ৰয়োজনীয়। এই কথাখিনি একেবাৰে basic কথা আৰু আৰম্ভ কৰাৰ পাছত কেনেদৰে আগবাঢ়িব লাগিব বা কি কি বিষয়ত মনোযোগ দিব আৰু কি কি বিষয়ে অধিক জানিব বিচাৰে তলত comment কৰিব। শেষত আপোনাক অনুৰোধ কৰিছোঁ যদি আপোনাৰ কোনো বন্ধু বা বান্ধবী য়ে ইউটিউব চেনেল আৰম্ভ কৰিছে বা কৰিবলৈ ইচ্ছুক তেন্তে অৱশ্যে এই post তেওঁৰ লগত share কৰিব যাতে এটা ভাল আৰম্ভণি কৰিব পাৰে।

2 thoughts on “YouTube channel আৰম্ভ কৰাৰ আগতে এই কথাখিনি জানি লোৱা উচিত”

Leave a Comment