Jack Ma ৰ জীৱনৰ পৰা আমি শিকিব পৰা কিছু গুৰুত্বপূৰ্ণ জ্ঞান || Alibaba founder Jack Ma life lesson in Assamese

Jack Ma ৰ জীৱনৰ পৰা আমি শিকিব পৰা কিছু গুৰুত্বপূৰ্ণ জ্ঞান

jack ma assamese

আলিবাবাৰ(Alibaba) নাম নিশ্চয় শুনিছে? “আলিবাবা আৰু চল্লিছ চোৰৰ” কাহিনীৰ বিষয়ে কোৱা নাই। আলিবাবা(Alibaba group) নামৰ E-commerce ব্যবসায়িক প্ৰতিস্থানটোৰ বিষয়েহে কব বিচাৰিছোঁ। আজি আলোচনা কৰিব লোৱা ব্যক্তিজন হৈছে সেই Alibaba Group ৰ স্বত্বাধিকাৰ তথা বিশ্বৰ এজন অন্যতম ধনী ব্যক্তি জেক মা ( Jack Ma). Jack Ma ৰ আচল নাম হল মা ইউন (Ma Yun). জেক নামটো তেওঁক এগৰাকী বিদেশী মহিলা পৰ্যটকে দিয়ে কাৰণ তেওঁৰ আচল নামতো উচ্চাৰণ কৰোতে তাই কষ্ট পাইছিল। সেই সময়ত তেওঁ চীন দেশত অহা বিদেশী পৰ্যটকৰ টুৰিষ্ট গাইড হিচাপে বিনামূলীয়া কৈ সেৱা আগবঢ়ায়ছিল। বিনামূল্যে টুৰিষ্ট গাইড হোৱাৰ কাৰণ তেওঁৰ ইংৰাজী ভাষা শিকাৰ প্ৰবল ইচ্ছা। জেক মা এজন প্ৰকৃত সফল উদ্যোগপতি যিয়ে শূন্যৰ পৰা আৰম্ভ কৰি আজি প্ৰায় ২৯ বিলিয়ন ডলাৰ সম্পত্তিৰ অধিকাৰী। কিন্তু তেওঁৰ এই যাত্ৰাত প্ৰথমতে একেবাৰে মসৃণ নাছিল। তেওঁ জীৱনৰ প্ৰথম অৱস্থাত বেছিভাগ ক্ষেত্ৰতে বিফল হৈছিল আৰু বহুক্ষেত্ৰত কপালে বেয়া আছিল বুলি কব পাৰি।
আজি তেওঁৰ জীৱনৰ পৰা লাভ কৰা কিছু জ্ঞান যিয়ে তেওঁৰ এই ব্যৱসায় যাত্ৰাত সফলতা লাভ কৰিলে তাৰ বিষয়ে আলোচনা কৰিম। জেক মাৰ পৰা কিদৰে আমি অনুপ্ৰেৰণা লাভ কৰিব পাৰো তাৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা হৈছে।

Don’t try to be best, be the first to change- Jack Ma

✓✓Best হবলৈ চেষ্টা কৰাতকৈ প্ৰথম হবলৈ চেষ্টা কৰা
জেক মাই এটা সাক্ষাৎকাৰত জনাই যে তেওঁ কেতিয়াও ব্যৱসায়ী, শিক্ষক বা উদ্যোগপতি হোৱাৰ কথা ভবা নাছিল, কিন্তু তেওঁৰ ৪০ বছৰ বয়স হোৱাৰ পাছতহে তেওঁৰ জীৱনৰ লক্ষ্য স্থিৰ হৈছিল ব্যৱসায়ী হোৱা। ইয়াৰ আগতে তেওঁ পুলিচ, KFC ৰ ৱেটাৰৰ চাকৰি আদি বিভিন্ন পদৰ বাবে আবেদন কৰিছিল। কিন্তু তেওঁ কোনো এটা চাকৰিতে নিযুক্তি লাভ কৰিবলৈ সক্ষম নহল। তেওঁৰ ইমানেই ভাগ্য বেয়া আছিল যে পুলিচৰ চাকৰিত আবেদন কৰা ৫জনৰ ভিতৰত ৪ জনে নিযুক্তি লাভ কৰিছিল কিন্তু নিযুক্তি লাভ নকৰা একমাত্ৰ ব্যক্তিজন জেক আছিল। ঠিক সেইদৰে KFC ৰ ৱেটাৰ চাকৰিৰ বাবে আবেদন কৰা ২৫ জন ব্যক্তিৰ ২৪ জনে নিযুক্তি লাভ কৰিছিল আৰু নিযুক্তি লাভ নকৰা একমাত্ৰ আবেদন কাৰী জেক মা আছিল। ইয়াৰ আগতেও বিদ্যালয় আৰু কলেজ পৰ্যায়ত দুই তিনিবাৰ পৰ্যন্ত পৰীক্ষাত অকৃতকাৰ্য হৈছিল। কিন্তু তেওঁ কেতিয়াও হাৰ মনা নাছিল। তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত পঢ়িব বাবে ১২ বাৰ আবেদন কৰিছিল কিন্তু প্ৰত্যেক বাৰে নাকচ হৈছিল। পাছৰ পৰ্যায়ত তেওঁ এখন এখন স্থানীয় বিশ্ববিদ্যালয় ত ইংৰাজী শিক্ষক হিচাপে যোগদান কৰে। ১৯৯৫ চনত এক আঁচনি জৰিয়তে আমেৰিকাত যোৱাৰ সুযোগ লাভ কৰে আৰু প্ৰথম কম্পিউটাৰ, ইণ্টাৰনেটৰ বিষয়ে পৰিচিত হয়। তেওঁ কম্পিউটাৰত তথা ইন্টাৰনেটত search কৰা প্ৰথম শব্দটো আছিল beer। Beer ৰ বিষয়ে বিভিন্ন তথ্য তাত উপলব্ধ হৈছিল আৰু তেওঁ আপ্লুত হৈছিল। তাৰ পিছত তেওঁ নিজ দেশ china search কৰাত তাত কোনো তথ্য পাবলৈ সক্ষম নহল। তেতিয়াই তেওঁ ভাবিলে যে তেওঁ নিজ দেশত গৈ ইণ্টাৰনেটৰ ওপৰত ভিত্তি কৰি ব্যৱসায় আৰম্ভ কৰিব। কথামতে কাম। সেই অনুসৰি জেক মাই চীন দেশলৈ আহি তেওঁৰ আন ১৭ জন বন্ধু লগ হৈ ইণ্টাৰনেটৰ ওপৰত ভিত্তি কৰি ব্যৱসায় আৰম্ভ কৰে। কিন্তু প্ৰথম দুটা ব্যৱসায়ত সফল হব নোৱাৰি তৃতীয় ব্যৱসায় Alibaba ৰ ব্যৱসায় আৰম্ভ কৰে আৰু ইয়াত সফল হয় আৰু পিছলৈ ঘূৰি চোৱাৰ প্ৰয়োজন নহল।
তেওঁ কৈছে যে মানুহে best হবলৈ চেষ্টা কৰাতকৈ যিকোনো এটা নতুন ধৰণৰ কাম কৰা প্ৰথম হোৱাৰ চেষ্টা কৰিব লাগে। আমি best হবলৈ চেষ্টা কৰা মানে অলিম্পিকত সোন অৰ্জন কৰা যিটো এজন ব্যক্তিয়ে লাভ কৰে। আমি সেই সফলতা লাভ কৰাৰ ভাগ্য নাথাকিব পাৰে বা অশেষ ত্যাগ স্বীকাৰ কৰিব লগা হয়। সেয়েহে আমি সম্পূৰ্ণ নতুন ধৰণৰ ব্যৱসায়িক বা যিকোনো ক্ষেত্ৰৰ কাম আৰম্ভ কৰা প্ৰথম হবলৈ চেষ্টা কৰিব লাগে। এনে কৰিলে সফলতা লাভৰ বাবে বেছি বাধা থাকিলেও প্ৰতিদ্বন্দ্বী কম থাকে আৰু বিফলতা আঁতৰাই আগবাঢ়ি যোৱাত অধিক সময় পোৱা যায়।
✓✓ পৃথিৱীখন বহুত সম্ভাৱনা  আৰু সুযোগেৰে পূৰ্ণ হৈ আছে
অতীত কালতো পৃথিৱীত বহুত বাধা আৰু সম্ভাৱনা আছিল, বৰ্তমানো আছে, ভৱিষ্যতেও থাকিব। যত বাধা থাকে তাত সম্ভাৱনাও থাকে। কাৰণ বাধা থকা বাবেহে আমি সম্ভাৱনা দেখা পাওঁ আৰু বাধাক নিৰাময় কৰি আগবাঢ়িব পাৰিলেহে আমি আমাৰ ক্ষেত্ৰত সফল হম। যিমানেই ডাঙৰ বাধা সমাধান কৰিব পাৰিম সিমানেই বেছি আমি সফল হোৱাৰ সম্ভাৱনা অধিক হয়। ওপৰত আলোচনা কৰাৰ দৰে যিকোনো বাধা প্ৰথম অতিক্ৰম কৰিলে আমি প্ৰথম আৰম্ভ কৰিব পাৰিম। আমি এটা কথা মনত ৰাখিব লাগে যে সম্ভাৱনা সদায় বাধাৰ মাজত নিহিত হয় থাকে।

Want to be happy in life then be healthy- Jack Ma

✓✓সুখী জীৱন হবলৈ সুস্থ শৰীৰৰ অধিকাৰী হোৱা অতি প্ৰয়োজন
আমি এটা সুখী জীৱন সকলোৱে বিচাৰো আৰু আমি সেই কাৰণে এই জগতত জন্ম লভিছো। জীৱনৰ প্ৰতিটো সময়ত সুখ লাভ কৰিব বাবে অশেষ কষ্ট কৰিব লগা হয়। সুখী জীৱনৰ বাবে ধন সম্পত্তি ঘটো কিন্তু আমি এটা সুস্থ শৰীৰৰ বাবে সিমান সময় নিদিওঁ, যিয়ে আমাক ৰুগীয়া কৰি তোলে। এজন অসুস্থ মানুহ কেতিয়াও সুখী হব নোৱাৰে। অহা দিনবোৰত মেডিকেল তথা বিজ্ঞানৰ উন্নতিৰ ফলত মানুহ অধিক দিন জীয়াই থাকিব পাৰিব কিন্তু তেওঁ কেতিয়াও সুখী নহব পাৰে। এজন অসুস্থ ব্যক্তি চিকিৎসা বিজ্ঞানৰ সহায়ত বেছি দিন জীয়াই থাকিলেও তেওঁ জীয়াই থকাৰ সাৰ্থকতা নাথাকিব যদিহে তেওঁ সুখী নহয়।
✓✓সদায় নিজতকৈ বেছি স্মাৰ্ট মানুহক কামত নিয়োগ কৰিছিল
জেক মাই সাক্ষাৎকাৰত জনাইছিল যে তেওঁৰ কোম্পানীৰ নিযুক্তি সময়ত তেওঁতকৈ বেছি স্মাৰ্ট মানুহক কামত নিয়োগ কৰিছিল। এজন ব্যক্তিয়ে বেছি বিষয়ত জ্ঞান লাভ কৰাটো সহজ নহয় বা জ্ঞান লাভ কৰিলেও পাৰদৰ্শিতা অৰ্জন কৰিব নোৱাৰে। সেয়েহে তেওঁ বেলেগ বেলেগ বিভাগৰ বাবে বহুতো স্মাৰ্ট মানুহক কামত নিয়োগ কৰিছিল। তেওঁৰ কম হল সেই স্মাৰ্ট কৰ্মচাৰীসকলক একেলগে কাম কৰাৰ সুযোগ আৰু সুবিধা প্ৰদান কৰা, যাতে তেওঁলোকৰ মাজত সহযোগিতা মনোভাৱ বৃদ্ধি কৰা। তেওঁ বিশ্বাস কৰিছিল যে মূৰ্খ মানুহক একেলগে কাম কৰোৱা সহজ হয় কিন্তু স্মাৰ্ট মানুহে একেলগে কাম কৰিব নোৱাৰে। স্মাৰ্ট মানুহৰ কামৰ মাজত সামঞ্জস্য বজায় ৰাখিব পাৰিলেই যিকোনো বিষয়ত সহজে সফলতা লাভ কৰিব পৰা যায়।

✓✓জীৱনৰ বিভিন্ন বয়সত কি কৰা উচিত
জেক মাই নিজৰ জীৱনৰ অনুভৱৰ পৰা উপদেশ দিছে যে জীৱনৰ বিভিন্ন পৰ্যায়ত আমি কি কৰা উচিত। আমাৰ বয়সৰ ২০পৰা ৩০ বছৰ বয়সত আমি এটা ভাল কোম্পানী বা এজন ভাল দক্ষ Boss বা মালিকৰ তলত কাম কৰিব লাগে। এই পৰ্যায়ত তেনে ব্যক্তিৰ তলত কাম কৰি তাত চলি থকা কামবোৰ ভালদৰে অধ্যয়ন কৰি শিকি লোৱা উচিত। এনে কৰিলে পিছৰ পৰ্যায়ত কাম কৰাত বাধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা কম থাকে।৩০ৰ পৰা ৪০ বছৰ বয়সত আমি যদি নিজস্ব ভাবে কোনো ব্যৱসায় বা যিকোনো ধৰণৰ নতুন কাম আৰম্ভ কৰিব বিচাৰে তেন্তে আৰম্ভ কৰা উচিত। এই সময়ত আপোনাৰ কামত বিফল হলেও, পুনৰায় নতুনকৈ আৰম্ভ কৰাৰ সুযোগ থাকে। ৪০ৰ পৰা ৫০ বছৰ বয়সত আপুনি যিটো বিষয়ত পাৰ্গত সেই কাম কৰা উচিত। নতুন কোনো কাম আৰম্ভ কৰিলে সফল নহলে বিপদত পৰাৰ সম্ভাৱনা থাকে। ৫০ৰপৰা৬০ বছৰ বয়সত আপুনি নতুন প্ৰজন্মৰ লোকক প্ৰশিক্ষণ আৰু তেওঁলোকৰ কাম কৰাৰ কৌশল বিকাশত সহযোগ কৰিব লাগে। এনে কৰিলে নতুন প্ৰজন্মৰ বাবে লাভজনক হব আৰু তেওঁলোক সাজু হব পাৰিব। শেষত৬০ বছৰ বয়সত বা তাৰ ওপৰত সম্পূৰ্ণ ভাবে কামৰ পৰা অৱসৰ লৈ নিজৰ নাতি নাতিনীয়েকৰ সৈতে সময় অতিবাহিত কৰা উচিত।
✓✓বিশ্বায়নক আমি কেতিয়াও বাধা দিব নোৱাৰোঁ
বৰ্তমান বিশ্বায়নৰ যুগ। সকলো ক্ষেত্ৰতে বিশ্বায়নৰ ব্যাপক প্ৰভাৱ পৰিছে। বাণিজ্যৰ পৰা সামাজিক ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ পৰা দেখা গৈছে আৰু প্ৰতিজন ব্যক্তিকে চুই গৈছে। বিশ্বায়নৰ ফলত বিকাশশীল দেশবোৰত বেয়া প্ৰভাৱ পৰাৰ ফলত সৰু সৰু ব্যৱসায় সমূহত ব্যাপক ঋণাত্মক প্ৰভাৱ পেলাইছে। কিন্তু আমি এই বিশ্বায়নক সম্ভাৱনা হিচাপে লৈ আগবাঢ়ি যাব লাগিব আৰু সকলো বাধা অতিক্ৰম কৰিব লাগিব। কাৰণ বিশ্বায়নক আমি কেতিয়াও বাধা দিব নোৱাৰোঁ আৰু নতুন কৌশল প্ৰয়োগ কৰি সম্ভাৱনা হিচাপে গ্ৰহণ কৰিব লাগিব।
✓✓বিশ্বৰ শিক্ষা ব্যৱস্থাক আমূল পৰিবৰ্তনৰ প্ৰয়োজন
বৰ্তমান বিশ্বৰ শিক্ষা ব্যৱস্থাত যি ধৰণৰ পদ্ধতিত চলি আছে , সেয়া ২০০বছৰ পুৰণি আৰু কেৱল জ্ঞানভিত্তিক। অহা ৩০ বছৰত ই প্ৰবল প্ৰত্যাহ্বানৰ সম্মুখীন হব। কাৰণ যন্ত্ৰ মানুহতকৈ নিপুনভাবে কাম কৰিব পাৰে। বিশ্বত যিধৰণে যন্ত্ৰ (machine) ৰ ব্যাপক ব্যবহাৰ হৈছে, তাক প্ৰত্যাহ্বান যোগাবলৈ মানুহে শিক্ষা ব্যৱস্থাক নতুন ধৰনে চিন্তা কৰা অতিকৈ প্ৰয়োজন। এই কাম আমি এতিয়াৰ পৰাই আৰম্ভ কৰিব লাগিব আৰু ভৱিষ্যত দিনত মানুহক এনেদৰে প্ৰস্তুত কৰি তুলিব লাগিব যাতে মানুহৰ গুৰুত্ব কম নহয়।
✓✓শিক্ষকতা বৃত্তিয়ে মোক এজন ভাল CEO হোৱাত সহায় কৰিলে
এজন ভাল CEO হবলৈ মোৰ কোনো বিশেষ জ্ঞান নাছিল।মই কোনোধৰণৰ management শিক্ষা লাভ কৰা নাছিলোঁ। কিন্তু এজন ভাল CEO হবলৈ মোক শিক্ষকৰ এটা বিশেষ গুনে সহায় কৰিছিল। এজন শিক্ষকে সকলো সময়তে তেওঁৰ নিজৰ ছাত্ৰ ছাত্ৰীৰ ভাল আৰু উন্নতি হোৱাটো বিচাৰে আৰু কেতিয়াও অহিত চিন্তা নকৰে। যিজনৰ এনে মনোভাৱ নাথাকে তেওঁ কেতিয়াও ভাল শিক্ষক হব নোৱাৰে আৰু ব্যক্তি হিচাপেও তেওঁ উপযুক্ত নহয়।
ওপৰৰ আলোচনাৰ পৰা আমি জেক মাৰ জীৱনৰ পৰা বহুত শিক্ষা লব পাৰো আৰু তেওঁ দিয়া উপদেশ বোৰ মানি চলিলে নিশ্চয় জীৱনত সফল হব পাৰিম বুলি আশা কৰিব পাৰি।
এই লিখনি টো পঢ়ি যদি ভাল লাগিলে আৰু পঢ়াৰ উপযোগী বুলি ভাবে তেন্তে নিজৰ বন্ধু আৰু বান্ধবী বা আত্মীয়ৰ লগত Share কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।

Leave a Reply

Your email address will not be published.