Facebook earning tips in Assamese |
ফেচবুক বুলি কলে হয়টো বৰ্তমান সময়ত চিনি নোপোৱা আৰু ব্যৱহাৰ নকৰা ব্যক্তি খুব কমেইহে আছে।ফেচবুক বৰ্তমান কেৱল ফটো তুলি আপলোড দিয়া বা নিজৰ পোষ্ট share কৰা মাধ্যম হৈ থকা নাই। ই ধন ঘটাৰো (earn money from facebook) উত্তম মাধ্যম হৈ পৰিছে। ফেচবুক বৰ্তমান সময়ত ইমানেই জনপ্ৰিয় হৈছে যে মানুহৰ জীৱনৰ এক এৰাব নোৱাৰা অংগ হৈ পৰিছে। এক সমীক্ষা অনুসৰি ২০১৯ চন লৈকে বিশ্বত প্ৰায় ২.২৩ বিলিয়ন লোকে সক্ৰিয়ভাৱে ফেচবুক ব্যৱহাৰ কৰে। ইমান বৃহৎ সংখ্যক লোকে প্ৰতি দিনে গড় হিচাপত প্ৰায় ২ঘণ্টা ২৩ মিনিট সময় ফেচবুকত সময় পাৰ কৰে। ফেচবুকৰ জনপ্ৰিয়তা ইমানেই বৃদ্ধি পাইছে যে বৰ্তমান সকলো সৰু ডাঙৰ কোম্পানী বোৰে নিজৰ নিজৰ সামগ্ৰী আৰু সেৱা সমূহ এই নতুন মাধ্যমৰ জৰিয়তে বিজ্ঞাপন হিচাপে আৰু আন মাধ্যমেৰে প্ৰচাৰ কৰিছে।তেওঁলোকে সাধাৰণতে বিভিন্ন ক্ষেত্ৰৰ celebrities সকলৰ দ্বাৰা product সমূহ promotion কৰায়। Celebrities সকলে তাৰ বিনিময়ত বৃহৎ অংকৰ ধন (earn money from facebook) লয়। তেওঁলোকক এটা সৰু পোষ্ট বা Video ৰ বিনিময়ত ইমান বৃহৎ সংখ্যক ধন দিয়াৰ মূল কাৰণ হল তেওঁলোকৰ বৃহৎ সংখ্যক fan, যিসকলে তেওঁলোকক follow বা like কৰে।আপুনিও যদি তেওঁলোকৰ সমান নহলেও এটা বুজন সংখ্যক follower গোটাব পাৰে নিশ্চয় তেনে ব্ৰেণ্ড বোৰে আপোনাৰো কাষ চাপিব।বৰ্তমান সময়ত তেনে কোম্পানী সমূহে এনেধৰণৰ ফেচবুক fan বা follower থকা পেজ সমূহৰ জৰিয়তে কম খৰছত প্ৰচাৰ কৰিবলৈ আগবাঢ়ি আহিছে।কাৰণ celebrities সকলক বহু ধন দিব লগা কিন্তু আন সাধাৰণ ফেচবুক পেজ জৰিয়তে প্ৰচাৰ কৰিলে কম খৰচত কৰিব পাৰে। তেওঁলোকে এটাতকৈ অধিক সাধাৰণ ফেচবুক পেজৰ জৰিয়তে প্ৰচাৰ কৰে।তেওঁলোকে কেৱল প্ৰচাৰ কৰাৰ সীমাবদ্ধ নাথাকি বহু সময়ত তেওঁলোকে জনসাধাৰণৰ লগত এই মাধ্যমৰ জৰিয়তে সংযোগ স্থাপন কৰে।
2. ফেচবুকৰ একাউণ্টসমূহৰ বিষয়ে
ওপৰত ফেচবুকৰ জনপ্ৰিয়তা সম্পৰ্কে কিছু আভাস দিবলৈ চেষ্টা কৰিলো।এতিয়া আহো আজিৰ আলোচনাৰ বিষয়বস্তু ফেচবুক পেজ(facebook page)। ফেচবুকত সাধাৰণতে তিনিধৰণৰ একাউণ্ট দেখিবলৈ পোৱা যায়।
১. ব্যক্তিগত একাউণ্ট (personal account)
২. ফেচবুক গোট(facebook group)
৩. ফেচবুক পেজ(facebook page)
ওপৰৰ তিনিওটা একাউণ্টৰ ভিতৰত আনুষ্ঠানিকভাবে কেৱল ফেচবুক পেজৰ দ্বাৰাহে অৰ্থ উপাৰ্জন (earn money from facebook) কৰিব পাৰি। প্ৰথম দুটা একাউণ্টৰ পৰা অনানুষ্ঠানিক ভাবে উপাৰ্জন কৰিব পৰা যায় কিন্তু ফেচবুকৰ জৰিয়তে পোনপটীয়াকৈ উপাৰ্জন কৰিব পৰা নাযায়। আনহাতে ফেচবুক পেজৰ জৰিয়তে পোনপটীয়াকৈ উপাৰ্জন কৰিব পৰা যায়। কিধৰণে আপুনি Directly আৰু Indirectly ফেচবুক পেজৰ জৰিয়তে নিয়মীয়াকৈ এটা বৃহৎ অংকৰ অৰ্থ উপাৰ্জন কৰিব পাৰিব তাৰ বিষয়ে তলত পুংখানুপুংখ ভাবে আলোচনা কৰা হৈছে।
প্ৰথমতে আপোনাক এটা ফেচবুক একাউণ্টৰ প্ৰয়োজন হব। মই ব্যক্তিগত ভাৱে আপোনাক আপোনাৰ নামত ব্যৱহাৰ কৰা ফেচবুক একাউণ্টৰ সলনি আন এটা নামত নতুনকৈ খুলিবলৈ পৰামৰ্শ দিম।নতুন একাউণ্ট খুলিবলৈ আপোনাক নতুন ইমেইল বা নতুন মবাইল নং ৰ প্ৰয়োজন হব যিহেতু এটা ইমেইল বা মবাইল নং দি দুটা একাউণ্ট খুলিব নোৱাৰে। সেই ফেচবুক একাউণ্টৰ যোগেদি একাধিক ফেচবুক পেজ সহজে বনাব পাৰিব। তাত গৈ সুন্দৰকৈ পেজটোত profile picture আৰু cover picture add কৰিব।তাত contact no, e-mail address ভৰাবলৈ দিব। সেইবোৰ নিজৰ সুবিধা অনুসৰি পুৰ কৰিব। তলৰ ফটোত ✓ চিহ্ন দিয়া ঠাইবোৰ পুৰ কৰি লব।
৩. ফেচবুক পেজ নাম কি দিব আৰু কি বিষয় নিৰ্বাচন কৰিব
page edit |
ফেচবুকৰ পেজ নাম আপুনি নিৰ্বাচন কৰা বিষয় অনুসৰি ঠিক কৰিব। আপোনাৰ পেজ ৰ বিষয় নিৰ্বাচন কৰাটো এটা অতি কঠিন কাম। এই ক্ষেত্ৰত বহুতে ভুল কৰে আৰু পাছত পেজ টো আগবঢ়াই নিবলৈ সমৰ্থ নহয়। আপুনি কি বিষয়ত পাৰ্গত বা কি বিষয়ত ৰাপ আছে আৰু সেই বিষয়ত সহজে আমনি নাপাই সেই বিষয়ত পেজ টো আৰম্ভ কৰক। সেই অনুসৰি এটা সৰু সহজে মনত ৰাখিব পৰা নাম এটা নিৰ্বাচন কৰক। এই বিষয়ত সাৱধান হৈ আগবাঢ়িব কাৰণ পিছৰ পৰ্যায়ত ই এটা আপোনাৰ জীৱনৰ এটা অংগ হৈ পৰিব। বিষয় নিৰ্বাচন আৰু নাম নিৰ্বাচন কৰণত যিমান পাৰে অধিক সময় লওক। নাম নিৰ্বাচন কৰাৰ পাছত আপুনি পাৰিলে সেই নামত এটা ডট কম (.com) domain কিনি ৰাখিব। কিয়নো পাছত হয়টো আপোনাৰ উদ্দেশ্য যদি সফল হয় তেতিয়া আপোনাৰ ব্যৱসায় বিস্তাৰ কৰিব কাৰণে আপোনাৰ পেজৰ নামত এটা ৱেবচাইটৰ নিশ্চয় প্ৰয়োজন হব।কাৰণ বৰ্তমান সময়ত বহু লোকে জনপ্ৰিয় ফেচবুক পেজ বোৰৰ নামত domain কিনি ৰাখি পাছত সেই পেজ টোৰ গৰাকীক লাখ টকাৰ দামত বিক্ৰী কৰে।পেজ টোৰ গৰাকীয়ে যিহেতু বেলেগ নামত domain কিনি ললে তেওঁৰ বৰ্তমান ব্যৱসায়ত ব্যাপক প্ৰভাৱ পেলাব পাৰে।domain ক্ৰয় কৰাটো একেবাৰে সহজ।তাৰ বিষয়ে যদি জানিব বিচাৰে তেন্তে তলতকমেন্ট কৰি জনাব।তাৰ বিষয়ে এটা বেলেগ লিখনি প্ৰকাশ কৰিম। সেই domain নামৰ পৰা যিকোনো free hosting ত যেনে blogger.com, WordPress.com আদিত ৱেবচাইট এটা বনাই লব। ইয়াৰ জৰিয়তে আপুনি ফেচবুক পেজ ত যিখিনি পোষ্ট লিখিব সেইখিনি পোষ্ট আপোনাৰ ৱেবচাইট ত পোষ্ট কৰি যাব। যদি কিবা কাৰণত আপোনাৰ ফেচবুক পেজ বন্ধ কৰি দিয়ে তেন্তে আপোনাৰ কষ্টৰে বনোৱা পষ্টবোৰ তাত সংৰক্ষিত হৈ থাকিব আৰু আপোনাৰ সেই ৱেবছাইটত ভালকৈ কাম কৰিলে উপাৰ্জন হোৱাৰো সম্ভাৱনা থাকে।
৪. ফেচবুকৰ পৰা সঁচাকৈ টকা ঘটিব পৰিনে (earn money from facebook)
ফেচবুকৰ জৰিয়তে আপুনি একে ৰাতিৰ ভিতৰতে বা এটা মাহতে নিশ্চয় উপাৰ্জন (earn money from facebook) কৰিব নোৱাৰে। ইয়াত কাম কৰিবলৈ যথেষ্ট ধৈৰ্য আৰু নিয়মীয়াভাৱে এটা সময় দিব লাগিব যিদৰে আমি এটা চাকৰিত সময় দিও।আপুনি নিয়মিতভাৱে আপোনাৰ পেজ টোত নতুন নতুন পোষ্ট দিব লাগিব যাতে আপোনাৰ পেজ টোৰ লাইক কৰা লোকসকল পেজ টোৰ লগত নিয়মিত ভাবে জড়িত হৈ থাকে। তেওঁলোকে যাতে পোষ্ট বোৰ তেওঁলোকৰ বন্ধুবোৰৰ লগত share কৰে আৰু পেজ লাইক কৰা সংখ্যা বৃদ্ধি পায় তাৰ প্ৰতি মনোযোগ দিব। কাৰণ আপোনাৰ পেজ like কৰা সংখ্যাৰ ওপৰত আপোনাৰ ভৱিষ্যত নিৰ্ণয় হব।
৫. আপোনাৰ পেজটো কেনেকৈ অধিক জনপ্ৰিয় কৰিব
ফেচবুক পেজ জনপ্ৰিয় কৰাৰ কোনো চমু পথ নাই।ইয়াৰ বাবে একমাত্ৰ পথ হল আপোনাৰ কিছু সময় আৰু একাগ্ৰতা। আপুনি আপোনাৰ পেজ follow কৰা লোকসকলক আপোনাৰ পেজ টোৰ প্ৰতি এটা ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ সদায় অতি কমেও এটা সুন্দৰ পোষ্ট নিৰ্দিষ্ট বিষয় টোত আপলোড দিব লাগিব। নহলে তেওঁলোকে আপোনাৰ পেজ টো পাহৰি যাব আৰু ভৱিষ্যতে হয়টো পেজ টোৰ পৰা আঁতৰি যাব পাৰে।এই ক্ষেত্ৰত এটা সহজ উপায় হল একেসময়তে বহুকেইটা পোষ্ট বনাই থৈ প্ৰতিদিনে তাৰ পৰা এটা এটাকৈ আপলোড দি যাব। এনে কৰিলে আপোনাৰ বহু সময় ৰাহি হব।সকলো সময়তে আপোনাৰ follower সকলক কৌশলে পোষ্ট টো share কৰিবলৈ অনুৰোধ জনাব।এইদৰে আগবাঢ়ি গলে অতি কম সময়তে আপুনি ১০,০০০ follower পাবলৈ সক্ষম হব।
কি কি মাধ্যমৰ জৰিয়তে উপাৰ্জন কৰিব পাৰিব (earn money from facebook)
৬. Video upload জৰিয়তে (earn money from facebook)
fb video upload |
* এটা video তিনি মিনিটত কৈ কম হব নালাগিব আৰু ৬০ দিনত ৩০০০০ লোকে অতিকমেও ১মিনিট সময় video টো উপভোগ কৰিব লাগিব। এইটো এটা অলপ কঠিন নিয়ম হলেও যদি পেজ টোত like কৰা লোক অধিক থাকিলে নিশ্চয় কঠিন নহয়।
* Video কোনো profile পৰা আপলোড কৰিলে নহব, একমাত্ৰ পেজ পৰাহে আপলোড কৰিব লাগিব।
*পেজ টো like kora লোকৰ সংখ্যা ১০০০০ ত কৈ কম হব নালাগিব।
*বৰ্তমান সময়ত সকলো দেশত, সকলো ভাষাত এই সুবিধা উপলব্ধ নহয়। ভাল খবৰ এই যে বৰ্তমান ভাৰতত এই সুবিধা উপলব্ধ কিন্তু বেয়া খবৰ এই যে বৰ্তমান অসমীয়া ভাষাৰ video বোৰত এই সুবিধা উপলব্ধ হোৱা নাই। আশা কৰোঁ অতি সোনকালে অসমীয়া ভাষাৰ video বোৰত এই সুবিধা উপলব্ধ হব।
ইয়াৰ বিষয়ে অধিক জানিবলৈ ফেচবুক ৰ business page টোলৈ যাব পাৰে।তলত লিংক টো গৈ সকলো terms and conditions পঢ়ি চাব পাৰে।
যদি আপোনাৰ বৰ্তমান এটা ফেচবুক পেজ আছে আৰু বহুসংখ্যক follower আছে তেন্তে তলত উল্লেখ কৰা প্ৰক্ৰিয়া অনুসৰি আপুনি আজিৰ পৰাই উপাৰ্জন কৰিবলৈ আৰম্ভ কৰক।
(earn money from facebook)
fb post earning |
(earn money from facebook)
(earn money from facebook)
fb offer create |
(earn money from facebook)
fb group create |
ওপৰত উল্লেখিত পদ্ধতিৰ উপৰিও আন বহুতো অনানুষ্ঠানিক ভাবে বহু লোকে ফেচবুকৰ সঠিক ব্যৱহাৰ কৰি অৰ্থ উপাৰ্জন (earn money from facebook) কৰিছে। আপুনিও নিজস্ব প্ৰক্ৰিয়াৰে অৰ্থ উপাৰ্জন কৰিব পাৰে। ইয়াত আপোনালোকক এটা চমু আভাস দিবলৈ আলোচনা কৰিলো।
লিখনি টো পঢ়ি কেনে পালে তলত comment কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।
সুন্দৰ
সুন্দৰ
বহুত সুন্দৰ
এজন ফেচবুকৰ ভাল অভিজ্ঞতা থকা লৰা বা ছোৱালী লাগে পেজ ত কাম কৰাৰ বাবে ।
মই আগ্ৰহী ।
যোগাযোগ কৰিব । Abhilashbaruah2021@gmail.com
দাদা ৱেবছাইট কেনেকৈ বনাম। বিতংকৈ জনাবচোন