assamese quiz

50+ অসমীয়া ভাষা আৰু সাহিত্যৰ লগত জড়িত কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ || 50+ Assamese GK quiz regarding Assamese Literature

অসমীয়া ভাষা আৰু সাহিত্যৰ লগত জড়িত কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ (Assamese General Knowledge)
Assamese quiz on literature
gk in assamese || gk in assamese language || quiz in assamese language || quiz in assamese
প্ৰশ্ন:অসমীয়া সাহিত্যৰ প্রথম লিখিত নিদর্শন কি?
উত্তৰ:প্ৰহ্লাদ চৰিত।
প্ৰশ্ন:প্রাকশংকৰী যুগৰ শ্রেষ্ঠ কবি গৰাকীৰ নাম কি?
উত্তৰ: মাধৱ কন্দলী।
প্ৰশ্ন:প্রহ্লাদ চৰিত নামৰ পুথিখনৰ ৰচকজনৰ নাম কি?
উত্তৰ:হেম সৰস্বতী।
প্ৰশ্ন: প্রাকশংকৰী যুগৰ যুদ্ধ কাব্যৰ কবিৰূপে খ্যাত কবিজন নাম কি?
উত্তৰ:হৰিবৰ বিপ্ৰ।
প্ৰশ্ন:অসমীয়া নাট্য সাহিত্যৰ জনক কাক কোৱা হয়?
উত্তৰ: শংকৰদেৱ।
প্ৰশ্ন:শংকৰদেৱে শেষ বয়সত ৰচনা কৰা নাটখনৰ নাম কি?
উত্তৰ:ৰাম বিজয়।
প্ৰশ্ন:অংকীয়া নাটকত অংক কিমান থাকে?
উত্তৰ:১ টা।
প্ৰশ্ন:অংকীয়া নাটকত সুত্রধাৰৰ ভূমিকা থাকে নাটখনৰ-
উত্তৰ:আৰম্ভণিৰ পৰা শেষলৈ
প্ৰশ্ন:মাধবদেৱৰ বিৰচিত ঝুমুৰাবােৰত চিত্রিত শ্রীকৃষ্ণৰ ৰূপটো কি?
উত্তৰ: শিশু কাল।
প্ৰশ্ন:চৰিত পুথিসমূহ কেতিয়া ৰচিত হৈছিল?
উত্তৰ: প্ৰাক শংকৰী যুগত।
প্ৰশ্ন:উষা পৰিণয় কাব্যখনৰ ৰচকজনৰ নাম কি?
উত্তৰ: পীতাম্বৰ।
gk in assamese || gk in assamese language || quiz in assamese language || quiz in assamese

প্ৰশ্ন:কথা গীতা নামৰ গ্রন্থখনৰ ৰচক ভট্টদেব কোন যুগৰ আছিল?
উত্তৰ:শংকৰোত্তৰ যুগ।

প্ৰশ্ন:অসমীয়া সাহিত্যত বধকাব্যৰ কবিৰূপে কাক জনা যায়?
উত্তৰ:ৰাম সৰস্বতী।
প্ৰশ্ন:হস্তীবিদ্যার্ণব গ্রন্থ খনৰ ৰচক জনৰ নাম লিখা?
উত্তৰ: সুকুমাৰ বৰকাইথ।
প্ৰশ্ন:1846 চনত প্রকাশ পােৱা অসমীয়া বার্তা আলােচনীখন নাম কি?
উত্তৰ: অৰুণোদয়।
প্ৰশ্ন: জোনাকী আলােচনীখনৰ প্রথম প্রকাশৰ চন কিমান?
উত্তৰ:১৮৮৯ চনত।
প্ৰশ্ন:প্রথম অসমীয়া ৰোমান্টিক কবিতাটিৰ নাম কি?
উত্তৰ: বন কুঁৱৰী।
প্ৰশ্ন:চনেট কবিতাত মুঠ কিমান শাৰী থাকে?
উত্তৰ:১৪ শাৰী।
প্ৰশ্ন:প্রথম অসমীয়া গহীন সামাজিক নাটকখনৰ নাম কোৱা?
উত্তৰ:ৰাম নৱমী।
প্ৰশ্ন:অসমীয়া চুটি গল্পৰ জন্মদাঁতাৰ নাম লিখা?
উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱা।
assam gk book || assamese gk book || assamese literature gk |||| assam gk for apsc
প্ৰশ্ন:অসমীয়া সাহিত্যত উপন্যাস সম্রাটৰূপে অভিহিত ঔপনাসিক গৰাকীৰ নাম কি?
উত্তৰ: ৰজনীকান্ত বৰদলৈ।
প্ৰশ্ন:কুকুৰ নামৰ কবিতাটিৰ ৰচকজনৰ নাম কি?
উত্তৰ: অমূল্য বৰুৱা।
প্ৰশ্ন:মামৰে ধৰা তৰোৱাল নামৰ উপন্যাসখনৰ ৰচকগৰাকীৰ নাম কি?
উত্তৰ: মামণি ৰয়ছম গোস্বামী।
প্ৰশ্ন:জীৱনৰ বাটত নামৰ উপন্যাসখন কোনে ৰচনা কৰিছিল?
উত্তৰ: বীণা বৰুৱা।
প্ৰশ্ন:পলস নামৰ কবিতাটিৰ ৰচকৰ নাম লিখা?
উত্তৰ: নৱকান্ত বৰুৱা।
প্ৰশ্ন:লভিতা নাটকখন কোনে ৰচনা কৰিছিল?
উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালাই।
প্ৰশ্ন:বীৰেন্দ্র কুমাৰ ভট্টাচার্যই জ্ঞানপীঠ বঁটা লাভ উপন্যাসখনৰ নাম কি?
উত্তৰ: মৃত্যুঞ্জয়।
প্ৰশ্ন:বিদেশ ভ্রমণৰ অভিজ্ঞতাৰ আধাৰত লিখিত ‘মেকং নৈ দেখিলাে’ গ্রন্থ খনৰ ৰচকৰ নাম কোৱা?
উত্তৰ:হেম বৰুৱা।
প্ৰশ্ন:সুদীর্ঘ দিন আৰু ঋতু নামৰ কাব্য পুথি খনৰ কবিগৰাকী নাম কি?
উত্তৰ:নিৰ্মলপ্ৰভা বৰদলৈ।
assam gk book || assamese gk book || assamese literature gk || assam gk for apsc
প্ৰশ্ন:Assamese, Its Formation and Development’ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?
উত্তৰ: ড° বাণীকান্ত কাকতি।
প্ৰশ্ন:অসমীয়া ভাষাত বিশিষ্ট স্বৰ ধ্বনিৰ সংখ্যা কিমান?
উত্তৰ:১১ টা।
প্ৰশ্ন:সত্যনাথ বৰাই ৰচনা কৰা অসমীয়া ব্যাকৰণখনৰ নাম কি?
উত্তৰ:বহল ব্যাকৰণ।
প্ৰশ্ন:অসমীয়া ভাষা কোনটো প্রাকৃতৰ পৰা উদ্ভৱ হােৱা বুলি কোৱা হয়?
উত্তৰ: মাগধী প্ৰাকৃত।
প্ৰশ্ন:ধাতুৰ পাছত কি প্ৰত্যয় যােগ হয়?
উত্তৰ: কৃৎ প্ৰত্যয়।
প্ৰশ্ন:অসমীয়া ভাষাত নাসিক্য ব্যঞ্জনবর্ণৰ সংখ্যা কিমান?
উত্তৰ:৫ টা।
প্ৰশ্ন:ইংৰাজী ভাষাত প্রথম অসমীয়া (ভাষাৰ) ব্যাকৰণ ৰচনা কৰা ব্যক্তিজনৰ নাম কি?
উত্তৰ: উইলিয়াম ৰবিনচন।
প্ৰশ্ন:ফৰকান্তি উৎসৱ কোনে পালন কৰে?
উত্তৰ:ৰাভা সকলে।
প্ৰশ্ন:গীতাল বা গীদাল শব্দটো কিহৰ লগত জড়িত আছে?
উত্তৰ:কুশান গানৰ লগত।
প্ৰশ্ন:অসমৰ কোনটো জনগােষ্ঠীৰ মাজত ডেকাসকলে বিবাহৰ পূর্বে ডেকা চাঙত থকাৰ প্রথা প্রচলিত আছিল?
উত্তৰ: ইয়াৰ উত্তৰ তলত comment কৰিব।
প্ৰশ্ন:তিৱাসকলৰ উল্লেখযােগ্য উৎসৱ নাম কি?
উত্তৰ:বৰত উৎসৱ।
প্ৰশ্ন:টুচু গীত কোনে পৰিৱেশন কৰে?
উত্তৰ:চাহ জনগোষ্ঠীয়ে।
প্ৰশ্ন: ঐনিতম কেতিয়া গােৱা হয়?
উত্তৰ:আলি আই লৃগাং উৎসৱত।
প্ৰশ্ন:অসমীয়া লােক প্রবাদমতে বসন্ত ৰোগৰ অধিষ্ঠাত্রী দেবী কোন হয়?
উত্তৰ:শীতলা দেৱী।
প্ৰশ্ন:জোৰোণ কিহৰ লগত জড়িত?
উত্তৰ: অসমীয়া বিবাহৰ লগত।
প্ৰশ্ন:দৌল বা হােলী উৎসৱ কেতিয়া অনুষ্ঠিত হয়?
উত্তৰ:ফাগুন বা চত মাহত।
প্ৰশ্ন:অম্বুবাচী উৎসৱ কিহৰ লগত জড়িত?
উত্তৰ: বসুমতীৰ লগত।
প্ৰশ্ন:সতীদাহ প্ৰথা কোনে নিষিদ্ধ কৰিছিল?
উত্তৰ:লৰ্ড উইলিয়াম বেণ্টিংক।
প্ৰশ্ন:মন্দিৰ শব্দৰ অৰ্থ কি?
উত্তৰ: দেৱস্থান।

ধন্যবাদ।

Leave a Comment

Your email address will not be published. Required fields are marked *