5 Top News in Assamese today updated daily || আজিৰ অসমীয়া বাতৰি updated Daily

News in Assamese today|| আজিৰ অসমীয়া বাতৰি

অসমীয়া গুগল
Google New product launch


•Google ৰ নতুন সামগ্ৰী বজাৰত মুকলি
ইণ্টাৰনেট জগতৰ অন্যতম বৃহৎ বাণিজ্যিক প্ৰতিষ্ঠান গুগলে আজি কেইবাটাও তেওঁলোকৰ দ্বাৰা উৎপাদিত ইলেকট্ৰনিক সামগ্ৰী বজাৰত মুকলি কৰি দিয়ে। এই সামগ্ৰী সমূহৰ ভিতৰত pixel series Phone #Pixel4, laptop #PixelbookGo, wireless bluetooth earphone #pixelbud, mini Bluetooth speaker #nestmini, WiFi router #nestwifi আৰু গুগল কোম্পানীৰ জৰিয়তে পোনপ্ৰথম বাৰৰ বাবে নতুন Video Game সামগ্ৰী #googlestadia মুকলি কৰিছে। ইয়াৰ ভিতৰত আটাইতকৈ আকৰ্ষণীয় সামগ্ৰী বিধ হল Pixel series Phone #pixel 4 ফোন। এই ফোনত কেইবাটাও সম্পূৰ্ণ নতুন features অন্তৰ্ভুক্ত কৰা হৈছে। যেনে ফোনৰ screen খনত touch নকৰাকৈ ফোন টোক control কৰিব পাৰিব। ফোনৰ কেমেৰা 📷 অধিক উন্নত মানৰ কৰা হৈছে। কেমেৰাত নতুন telephoto lens আৰু Super Res Zoom technology প্ৰয়োগ কৰিছে, যাৰ ফলত দূৰৰ পৰাই সুন্দৰ ফটো তুলিবলৈ সক্ষম হব। Google Pixel4 ফোনটোৰ দাম বৰ্তমান ৭৯৯ আমেৰিকান ডলাৰ।

For help at home, at work, and on the go. Meet this year’s #madebygoogle family. pic.twitter.com/0p1Ghzosca

— Google (@Google) October 15, 2019


 ঠিক সেইদৰে আন আন সামগ্ৰী সমূহতো নতুন নতুন features অন্তৰ্ভুক্ত কৰা হৈছে আৰু অধিক উন্নত মানদণ্ডৰ নিৰ্মাণ কৰা কথা উল্লেখ কৰিছে।

আজিৰ অসমীয়া বাতৰি

News in Assamese today|| আজিৰ অসমীয়া বাতৰি

• ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড ৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে। তেওঁ সভাপতি পদৰ বাবে মনোনয়ন পত্ৰ আজি ১৪/১০/২০১৯ তাৰিখে দাখিল কৰে। সৌৰভ গাংগুলী সভাপতি হিচাপে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে। আনহাতে সম্পাদক পদৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি তথা বৰ্তমানৰ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহ নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে।

News in Assamese today|| আজিৰ অসমীয়া বাতৰি
• ভাৰতীয় মূলৰ অৰ্থনীতিবিদ অভিজিত বেনাৰ্জী (Abhijit Bannerjee) ২০১৯ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ আন দুজন অৰ্থনীতিবিদ ইস্থাৰ দাফলো (Esther Duflu) আৰু মাইকেল ক্ৰেমাৰ সৈতে একেলগে লাভ কৰিছে। তেওঁলোকে একেলগে দৰিদ্ৰতা নিৰ্মূল কৰাৰ বাবে গৱেষণা কৰি আছিল। উল্লেখ্য যে ইস্থাৰ ডাফলো ভাৰতীয় মূলৰ অৰ্থনীতিবিদ অভিজিত বেনাৰ্জী ৰ পত্নী।
News in Assamese today|| আজিৰ অসমীয়া বাতৰি

• ২০১৮ আৰু ২০১৯ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা ছুইডেনৰ নোবেল বঁটা প্ৰদান কৰা সংস্থাটোৱে একেলগে ঘোষণা কৰে। ২০১৮ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটাৰ বাবে পোলেণ্ডৰ লেখিকা অলগা টকৰ্চৰ্যুক ( Olga Tokarczuk) আৰু ২০১৯ বৰ্ষৰ বাবে অষ্ট্ৰিয়াৰ লেখক পিটাৰ হাণ্ডকে ( Peter Handle) মনোনীত কৰে। 

News in Assamese today || আজিৰ অসমীয়া বাতৰি ১৪ অক্টোবৰ ২০১৯

News in Assamese today
অসমীয়াত আজিৰ বাতৰি


 News in Assamese today || আজিৰ অসমীয়া বাতৰি ১
•ভাৰতে দ্বিতীয় টেষ্ট মেচত দক্ষিণ আফ্ৰিকাক বৃহৎ ব্যৱধানত পৰাস্ত কৰে
   ভাৰত আৰু দক্ষিণ আফ্ৰিকা মাজত হোৱা দ্বিতীয় খন টেষ্ট মেচ ক্ৰিকেটত ভাৰত বৃহৎ ব্যৱধানত জয়ী হয়।ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলিৰ প্ৰথম ইনিংছত ২৫৪ ৰানৰ সহায়ত ভাৰতে ৬০১/৬ ৰাণ কৰে। তাৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকা দলে দুয়োটা ইনিংছত ক্ৰমে ২৭৫/১০ আৰু ১৮৯/১০ কৰিবলৈ সক্ষম হয়। ভাৰতে এক ইনিংছ আৰু ১৩৭ ৰাণত জয়ী হয় আৰু বিৰাট কোহলী ‘মেন অৱ দা মেচ’ খিতাপ লাভ কৰে। এই বিজয়ে ভাৰতে টেষ্ট চিৰিজ ২-০ আগবাঢ়ি থাকি শৃংখলা নিজৰ হাতত ৰাখিবলৈ সক্ষম হয় আৰু এয়া ঘৰুৱা দলৰ ভাৰতৰ মাটিত একেৰাহে ১১ সংখ্যক বিজয়।
News in Assamese today || আজিৰ অসমীয়া বাতৰি ২
 • মানসিক স্বাস্থ্য, ৰোগৰ ক্ষেত্ৰত ভাৰতৰ উদ্যেগজনক ছবি
   “Access to care, awareness and attitudes towards mental health in India.” নামৰ সমীক্ষা অনুসৰি ভাৰতৰ মুঠ জনসংখ্যাৰ ছয় ভাগৰ এভাগ মানসিক স্বাস্থ্য জনিত সমস্যাত ভুগি আছে।এই সমীক্ষা অলপতে হৈ যোৱা বিশ্ব মানসিক স্বাস্থ্য দিৱস ৰ দিনা Cosmos Institute of Mental Health and Behavioural Sciences (CIMBS), and World Federation for Mental Health (WFMH) সংস্থা কেইটাই প্ৰকাশ কৰে। আনহাতে একে গৱেষণাত প্ৰকাশ পাইছে যে ভাৰতৰ আধা সংখ্যক লোকে মানসিক ৰোগৰ লক্ষণসমূহ চিনাক্ত কৰাত সমৰ্থ নহয়।বিশ্বত বছৰি আত্মহত্যা কৰা লোকৰ ২৮ শতাংশ লোক ভাৰতৰ।
News in Assamese today || আজিৰ অসমীয়া বাতৰি ৩
 •মহাকাশত খোজ কঢ়া প্ৰথম গৰাকী মানৱ এলেক্সেই লেওনৱৰ মৃত্যু

   যোৱা ১১ অক্টোবৰ ২০১৯ তাৰিখে মহাকাশত খোজ কঢ়া প্ৰথম মানৱ এলেক্সেই লেওনৱ ৮৫ বছৰ বয়সত ৰাছিয়াৰ মস্কো চহৰত মৃত্যু হয়। তেওঁ মহাকাশত ১৯৬৫ চনত প্ৰথম খোজ দিছিল। তেওঁৰ জন্ম ৰাছিয়াৰ চাইবেৰীয়া অঞ্চলত হৈছিল। অৱসৰৰ পাছত এলেক্সেই লেওনৱ বেংকিং ক্ষেত্ৰৰ লগত জড়িত আছিল।
News in Assamese today || আজিৰ অসমীয়া বাতৰি ৪

BREAKING NEWS:
The Norwegian Nobel Committee has decided to award the Nobel Peace Prize for 2019 to Ethiopian Prime Minister Abiy Ahmed Ali.#NobelPrize #NobelPeacePrize pic.twitter.com/uGRpZJHk1B

— The Nobel Prize (@NobelPrize) October 11, 2019


 •২০১৯ চনৰ কেমিষ্ট্ৰী, ফিজিক্স, মেডিচিন আৰু শান্তিৰ নোবেল বঁটা ঘোষণা
  • ২০১৯ চনৰ কেমিষ্ট্ৰীৰ (Chemistry) ন’বেল বঁটা লিথিয়াম ইওন বেটাৰি বিকাশ কৰাৰ বাবে তিনিজন বিজ্ঞানীক প্ৰদান কৰা হয়। তেওঁলোকৰ নাম হল জন বি গুদএনাউঘ (John B. Goodenough) এম স্টেনলী হুইটিনঘাম (M. Stanley Whittingham) আৰু একিৰা যুছিনো (Akira Yoshino)।
 •আনহাতে শান্তিৰ নোবেল বঁটা ইথিওপিয়াৰ প্ৰধান মন্ত্ৰী এবি আহমেদ আলিক প্ৰদান কৰা হয়।
ফিজিক্স ৰ (physics) নোবেল বঁটা মিছেল মেয়ৰ (Michel Mayor) আৰু দিডিয়েৰ কোৱেলোজ (Didier Queloz) ক ১৯৯৫ চনত সৌৰজগতৰ বাহিৰত প্ৰথমবাৰৰ বাবে গ্ৰহ আৱিষ্কাৰ কৰা বাবে প্ৰদান কৰা হয়।
•মেডিচিনৰ (Medicine) বিভাগত উইলিয়াম কেলিন (William Kaelin), ছাৰ পিটাৰ ৰেতক্লিফে (Sir Peter Ratcliffe) আৰু গ্ৰেগ চেমেনজা (Gregg Semenza) লাভ কৰে। তেওঁ লোকে “how cells sense and adapt to oxygen availability” বিষয়ত গৱেষণা কৰিছিল।
News in Assamese today || আজিৰ অসমীয়া বাতৰি ৫
•শনি গ্ৰহই চেৰ পেলালে বৃহস্পতি গ্ৰহক
   শনি গ্ৰহত নতুনকৈ আৰু ২০ টা নতুন উপগ্ৰহ আৱিষ্কাৰ কৰে জ্যোতিৰ্বিজ্ঞানী স্কট চেপাৰ্ড আৰু তেওঁৰ সহযোগী সকলে। শনি গ্ৰহত নতুনকৈ ২০ টা উপগ্ৰহ আৱিষ্কাৰ হোৱাৰ লগে লগে সৌৰজগতৰ গ্ৰহ বোৰৰ ভিতৰত আটাইতকৈ অধিক উপগ্ৰহ থকা থকা গ্ৰহ হিচাপে বৃহস্পতি গ্ৰহক চেৰ পেলাই শনি গ্ৰহ পৰিগণিত হয়। বৃহস্পতি গ্ৰহৰ উপগ্ৰহ বৰ্তমান আছে ৭৯ টা আৰু শনি গ্ৰহৰ উপগ্ৰহ বৰ্তমান হয়গৈ ৮২ টা। বৰ্তমান বিজ্ঞানী সকলে নতুনকৈ আৱিষ্কৃত উপগ্ৰহ কেইটাৰ নাম নিৰ্ধাৰণ কৰাৰ বাবে চেষ্টা কৰি আছে।

          ধন্যবাদ

Leave a Comment