অসমীয়া sad, life, happy status and Assamese Captions for instagram

Assamese status for Instagram

অসমীয়া caption smile লগতে অসমীয়া caption হাঁহি বিষয়ে ধুনীয়া captions বোৰ

  • হাঁহি হৈছে আত্মাৰ অনুভূতিৰ অভিব্যক্তি।
  • হাঁহি থাকক, দৃঢ় থাকক।
  • সুখী মানুহতকৈ অন্তৰৰ পৰা দুখী মানুহে বেছি হাঁহে।
  • সুখী হোৱাৰ এটাই মূল মন্ত্ৰ, এইয়া হৈছে মন খুলি হাঁহি থাকা।
  • বিশ্বৰ প্ৰতিজন ব্যক্তিৰে এটাই Common ভাষা হল Smile।
  • হাঁহিয়ে জীৱন, হাঁহিয়েই সুখ সমৃদ্ধিৰ প্ৰতীক।
  • আনৰ মুখৰ হাঁহিৰ কাৰণ আপুনি হওঁক, বহুত সুখ অনুভৱ হব।
  • সমস্যা, ব্যৰ্থতা, বিপদ আহিব যাব, কিন্তু মুখৰ হাঁহিক কেতিয়াও আঁতৰি যাব নিদিব।
  • মনৰ বেদনা পাহৰিবলৈ এটাই ঔষধ আছে, হাঁহি।
  • কেনেকৈ পাহৰিবা প্ৰিয়জনৰ হাঁহিবোৰ।
  • হাঁহি থাকিলে জীৱনটো ভাল হয়।


অসমীয়া প্ৰেমৰ sms

  • প্ৰেম স্বৰ্গীয় অনুভূতি যি মৰতত উপলব্ধ।
  • সঁচাকৈয়ে তুমি মোক ইমান Special  অনুভৱ কৰাইছা যে মই তোমাক কেতিয়াও প্ৰতিদিন দিব নোৱাৰিম চাগে। মই তোমাক বহুত ভাল পাওঁ আৰু তোমাক হেৰুৱালে মোৰ কি হব, কি কৰিম তাৰ কোনো ধাৰণা নাই, কিয়নো মই অনুভৱ কৰিছো যে মই মোৰ গোটেই পৃথিৱীখন হেৰুৱাম।
  • বতাহে তোমাৰ নাম মোৰ কাণত ফুচফুচাই কয়, তৰাবোৰে তোমাৰ অন্তৰৰ কাষ চাপিবলৈ বাট পোহৰাই তোলে। আৰু আমি এক হোৱাৰ বাবে প্ৰকৃতিৰ সকলোৱে একাকাৰ কৰে।
  • তুমি মোৰ জীৱনলৈ কিমান আনন্দ আৰু সুখ আনিছা মই হিচাপ কৰিব নোৱাৰো। কিন্তু তোমাৰ মৰমৰ প্ৰতিটো অনুভূতি উভতাই দিবলৈ মই বদ্ধপৰিকৰ।
  • তোমাৰ ওচৰত থকাটোৱেই হৈছে মোৰ প্ৰকৃত সুখ, আনন্দ, প্ৰেমৰ প্ৰকৃত সংজ্ঞা।
  • প্ৰেমৰ বাবে মই পাগল নহয়, কেৱল তোমাৰ বাবে মই পাগল।
  • মই তোমাৰ সৈতে কেৱল দুটা সময়তে থাকিব বিচাৰোঁ – বৰ্তমান আৰু চিৰকাল।
  • মোৰ প্ৰতিটো সাফল্য তোমাৰ, প্ৰতিটো অনুভূতি তোমাৰ, প্ৰতিটো দিন তোমাৰ, প্ৰতিটো উশাহ তোমাৰ, বিনিময়ত বিচাৰোঁ তোমাৰ প্ৰতিটো পল।
  • তোমাৰ অবিহনে মোৰ জীৱন কেনে হব মই কল্পনাই কৰিব নোৱাৰোঁ আৰু কল্পনা কৰিবও নিবিচাৰোঁ।

বন্ধুত্ব অসমীয়া status

  • প্ৰকৃত বন্ধুত্ব সুস্থ স্বাস্থ্যৰ দৰেই; হেৰাই নোযোৱালৈকে ইয়াৰ মূল্য অনুভৱ কৰা নাযায়।
  • বন্ধু কি? তেওঁ তোমাৰ যত্ন লয়, তোমাক অনুপ্ৰাণিত কৰে, তোমাৰ লগত হাঁহে, তোমাৰ লগত কান্দে, তোমাক বুজি পায়, তোমাক পথ প্ৰদৰ্শন কৰে আৰু তোমাৰ লগত জীৱন বাটত খোজ কাঢ়ে। বন্ধু সেইটোৱেই।

অসমীয়া caption friendship

  • Friendship জটিল নহয় ই এক সাহস।
  • এটা প্ৰকৃত সম্পৰ্ক হ’ল যেতিয়া আপুনি ইজনে সিজনক যিকোনো কথা আৰু সকলো কথা ক’ব পাৰে। বন্ধুত্ব ঠিক তেনেকুৱাই। প্ৰকৃত বন্ধুত্বত সকলো ভাৱৰ আদান প্ৰদান হয় বিশ্বাসত।
  • এটা শক্তিশালী বন্ধুত্ব দৈনন্দিন কথা-বতৰাৰ প্ৰয়োজন নাই, সদায় একেলগে থকাৰ প্ৰয়োজন নাই আৰু সদায় ওচৰত থকাৰো প্ৰয়োজন নাই। যেতিয়ালৈকে বন্ধুত্বত বিশ্বাস থাকে প্ৰকৃত বন্ধু কেতিয়াও বিচ্ছিন্ন নহয়।

sad অসমীয়া দুখৰ status

  • জীৱন পোৱা নোপোৱাৰ এক মিশ্ৰণ । পোৱা বোৰৰ পৰা অভিজ্ঞতা অর্জন কৰা প্ৰয়োজন আৰু  নোপোৱাবোৰৰ লগত নিজকে খাপ খুৱাই  নিজৰ দৈনন্দিন কাম কৰি যোগাত্মক দৃষ্টিৰে সময়ৰ আহ্বানক স্বীকাৰ কৰিবই লাগিব ৷ এয়ে জীৱন সুখ আৰু দুখৰ এক মিশ্ৰিত অনুভৱ৷
  • জীৱন যৌৱন বৰ অনুপম, জীৱনটোত সুখ-দুখৰ মাজত থাকিবলগীয়া হয়। দুখবোৰে আমাক শিকাই থৈ যায় জীৱনৰ দিশবোৰ লৈ। যৌৱনৰ ৰোমাঞ্চিত সময়বোৰ ভালদৰে উপভোগ কৰা কাৰণ জীৱনৰ অতি গুৰুত্বপূৰ্ন সময়।

অসমীয়া caption sad

  • এই পৃথিৱীৰ বেছিভাগ মানুহে সুখী হোৱাৰ অভিনয় কৰাতকৈ দুখী হোৱাৰ অভিনয় কৰি বেছি ভালপায় !
  • পিছে যাক আপুনি দুখ দিয়াৰ ক্ষমতা অৰ্জন কৰিছে; তেওঁক কেতিয়াও দুখ নিদিব । আপুনি দিয়া আঘাতত তেওঁ ভাগি পৰিব, কিয়নো আপোনালৈ তেওঁৰ ভালপোৱা আছে ।
  • কিন্তু কিছুমান মানুহে নিজৰ দুখৰ কাহিনী শুনাই আমাৰ কাষ চাপিব বিচাৰে ! আমিওতো কম নহয়, আনৰ দুখৰ কাহিনী শুনি আমেজ পোৱা মানুহ । মানুহৰ স্বভাৱেই এনেকুৱা, আনৰ হাঁহি সহিব নোৱাৰে; আনৰ চকুলো মচিও নিদিয়ে !

অসমীয়া caption

  • পৃথিৱীখন সলনি হব আপোনাৰ আদৰ্শৰ বাবে, আপোনাৰ মতামতৰ বাবে নহয়।
  • কঠোৰ পৰিশ্ৰম কৰিলে নহব স্মাৰ্ট পৰিশ্ৰম কৰিব লাগিব।


অসমীয়া caption life

  • জীৱনটো সহজ। মাত্ৰ সহজ নহয় জীৱনৰ মূহুৰ্তবোৰ।
  • সফলতা comfort zone ত নাথাকে। সফলতা comfort zone ৰ বাহিৰতহে থাকে। যিটো দিনত আপুনি comfort zone ৰ বাহিৰত খোজ পেলাব সেইদিনাৰ পৰাই প্ৰথম আপোনাৰ নতুন সফলতাৰ খোজ পৰিব।

অসমীয়া caption instagram
অসমীয়া caption for instagram

  • প্ৰেম, ভালপোৱা, সম্পৰ্ক সকলো প্ৰতাৰণা
  • আমাৰ জীৱনৰ কেৱল attitude ৱে যথেষ্ট।
  • মইও এতিয়া attitude সলনি কৰিছো।
  • যিজনে মনত পেলায়, তেওঁকহে স্মৰণ কৰিম।
  • সফলতাৰ বাবে Attitude লাগিবই কিন্তু সেয়া হব লাগিব positive attitude।
  • মানুহে মোৰ আৱেগত আঘাত কৰিবলৈ চেষ্টা কৰিলে সদায় হাঁহি উঠে। যেন মোৰ আৱেগ বুলি কিবা বস্তু আছেহে যেন।
  • মোক ব্যক্তিগতভাৱে নজনা মানুহে মোৰ ব্যক্তিগত চৰিত্ৰৰ প্ৰমাণপত্ৰ দিয়াটো আশা নকৰোঁ আৰু নিবিচাৰোঁ।

অসমীয়া caption life short

  • অবিশ্বাস্য সপোনৰ সপোন দেখিছিলো, হৃদয়ক অনুসৰণ কৰিছিলো আৰু নিজৰ কল্পনা সৃষ্টি কৰিছিলো। কিন্তু সপোন সপোনেই হৈ থাকে তাক পুৰা কৰা নাযায় দেখাহে যায়।
  • যদি আপোনাৰ জীৱনটো কঠিন হৈ পৰিছে, অভিনন্দন! আপুনি মাত্ৰ level পাৰ কৰিলে।
  • মোক ভাল নাপালেও মই বেয়া নাপাওঁ কাৰণ কাকো সন্তুষ্ট কৰিবলৈ মই সময়ৰ অপচয় নকৰোঁ।

অসমীয়া caption attitude girl

  • মই জানো, মই ভাগ্যৱান যে মই ইমান মৰমলগা আৰু ধুনীয়া।
  • ল’ৰা এটাই হাঁহি দেখালে মই কিছু সময়ৰ বাবে নিশব্দ হৈ পৰো, কাৰণ মই তেওঁৰ ওচৰত হৃদয়খন চিৰদিনলৈ অৰ্পন কৰিছোঁ।
  • মই মৰম নিবিচাৰোঁ, মই বিচাৰোঁ কেৱল তোমাৰ সময় আৰু আকুলতা।

অসমীয়া caption attitude

  • মই এজন নিচাসক্ত, সফলতাৰ প্ৰতি আসক্ত৷ সফলতাৰ নিচাত মই প্রতি মূহুৰ্তত মগ্ন আৰু ইয়াৰ কোনো প্ৰতিকাৰ নাই।
  • মই অদ্ভুত নহয়, মই মাত্ৰ আপোনাৰ পৃথিৱীখনৰ প্ৰতি থকা সংকীৰ্ণ দৃষ্টিভংগীৰ বাহিৰত পৰি যাওঁ৷

অসমীয়া bio instagram

  • মই মোৰ attitude ৰ মালিক।
  • নিৰ্দেশনা লৈ আহিলেও মোক চম্ভালিব নোৱাৰিবা।
  • তোমাৰ বুদ্ধি মোৰ বাবে সাধাৰণ জ্ঞান।
  • মই এজন মনোমোহা ব্যক্তিত্বৰ সুদৰ্শন যুৱক।
  • মই ২৪ কেৰেট সোণৰ দৰে বিশুদ্ধ, সদায় জিলিকি থাকোঁ।
  • মই তোমাৰ বাবে বহুত ভাল যদিহে মোৰ প্ৰতি ভাল মনোভাৱ আছে।

অসমীয়া caption happy

  • জীৱনত কিছু ৰং লগাই লোৱা আৰু সুখী হোৱা।
  • সুখ মোৰ জীৱনত সদায় আছে কিন্তু সফলতা সদায় নাই।
  • সুখ বিচাৰি সময়ৰ অপচয় নকৰিবা, সুখ কেৱল কৰ্মত থাকে।
  • সুখ এটা সিদ্ধান্ত। আপুনি যিমান সুখী হ’বলৈ সিদ্ধান্ত লৈছে সিমানেই সুখী।
  • মানুহৰ সুখৰ শত্ৰু দুটা হৈছে কৰ্মবিমূখ আৰু হিংসা।
  • সুখী হ’বলৈ কোনো কাৰণৰ প্ৰয়োজন নাই।
  • সুখী সংগী, সুখী জীৱন!
  • সুখী ছোৱালীবোৰেই আটাইতকৈ ধুনীয়া।
  • “সুখ হৈছে এক মানসিক স্থিতি। যাক আমি নিজ ইচ্ছাৰে নিয়ন্ত্ৰিত কৰিব পাৰোঁ আৰু নিজ ইচ্ছাৰে সুখী হব পাৰো। আমি মাত্ৰ আয়ত্ব কৰিব লাগে নিয়ন্ত্ৰিত কৰাৰ কলা।

অসমীয়া caption instagram love

  • গৰ্ব কৰি কব পাৰোঁ আমি একেলগে সঁচাকৈয়ে মৰমলগা৷
  • প্ৰেম আৰু উন্মাদনা একে হয় নে নহয় নাজানো। কিন্তু তোমাৰ প্ৰেমত মই উদ্মাদ হৈছে যেন অনুভৱ হৈছে।

অসমীয়া caption for love

  • চুমা যদি প্ৰেম হয় তেন্তে তোমাৰ ধাৰণা ভুল। কাৰণ চুমা প্ৰেমৰ অনুভূতিৰ এক  দৈহিক বৰ্হি প্ৰকাশ।
  • প্ৰেম এনেকুৱা এটা সুগন্ধি যিটো আপুনি নিজৰ ওপৰত কেইটামান টোপাল নোপোৱাকৈ আনৰ ওপৰত ঢালিব নোৱাৰে।

অসমীয়া caption for love

  • সি মোৰ। আৰু মই তিল এটাও কাৰো লগত share নকৰোঁ। কথা সিমানেই মনত ৰাখিবা।
  • আমাৰ সম্পৰ্ক কাৰো লগত তুলনা নকৰিবা, কাৰণ আমাৰ সম্পৰ্ক অতুলনীয় আৰু অপ্ৰতিৰোধ্য।
  • তোমাৰ ভালপোৱাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। বিশ্বাস নাই কেৱল সময় আৰু পৰিস্থিতি।
  • তোমাৰ হাঁহিটোৱে মোক হাঁহিবলৈ বাধ্য কৰে। তোমাৰ মৰমে মোক সফলতাৰ বাট বুলিবলৈ বাধ্য কৰে।
  • এই জীৱনত তুমি মোক বাচি লৈছা আৰু পিছৰ জীৱনত তোমাক মই বাছি ল’ম৷
  • এদিন বা এবছৰ প্ৰেমক প্ৰেম নকয়,তাক বাসনা কয়। বাসনা সদায় ক্ষণস্থায়ী।
  • মই তোমাক সদায় ভাল পাম, যিয়েই নহওক বা যিকোনো বাধা আহক লাগিলে সকলো বাধাৰ প্ৰাচীৰ হেলাৰঙে পাৰ কৰিম যদি তুমি মোৰ কাষত থাকা।

1 thought on “অসমীয়া sad, life, happy status and Assamese Captions for instagram”

Leave a Comment