30+ অসমীয়া মহৎ লোকৰ বাণী assamese quotes


30+ অসমীয়া মহৎ লোকৰ বাণী assamese quotes

মহৎ লোকৰ বাণী, Assamese quotes, অসমীয়া বাণী, Assamese quotation,
মহৎ লোকৰ বাণী

জীৱনটো হৈছে এক সুন্দৰ যাত্ৰা যিটো প্ৰতিদিনে আমি উপভোগ কৰি আহিছোঁ। জীৱনত কেতিয়াবা মিঠা, কেতিয়াবা টেঙা, কেতিয়াবা সুখী, কেতিয়াবা দুখি অনুভৱ কৰোঁ।  কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমি জীৱনৰ অভিজ্ঞতাৰ সোৱাদ লবলৈ বাদ দিম। আমি যি শিকিম জীৱনৰ পৰাই শিকিব চেষ্টা কৰোঁ। কিন্তু যদি কোনো মহান ব্যক্তিয়ে তেওঁলোকৰ জীৱনৰ অভিজ্ঞতাৰ পৰা আমাক কিছু শিকাবলৈ, জ্ঞান দিবলৈ চেষ্টা কৰে সেইয়া আমি মনোযোগেৰে শুনা উচিত আৰু আমাৰ জীৱনটো প্ৰয়োজন অনুসৰি প্ৰয়োগ কৰিব পাৰোঁ।  কোনো বিখ্যাত ব্যক্তিৰ উক্তি হওক বা এজন সফল ব্যৱসায়ী ব্যক্তিৰ বা বিখ্যাত শিল্পী, সাহিত্যিক, চিন্তাবিদ, ৰাজনৈতিক ব্যক্তিৰ নিজ নিজ ক্ষেত্ৰৰ অভিজ্ঞতাৰ পৰা, তেওঁলোকৰ শ্ৰেষ্ঠখিনি দিয়াৰ বিষয়ে উৎসাহজনক বাৰ্তা হওক, আমি সকলোৱে আজিকালি এনে উক্তিৰ জৰিয়তে অলপ হলেও প্ৰেৰণা পাওঁ। তেনে ধৰণৰ উক্তিক আমি মহৎ লোকৰ বাণী বুলি কওঁ। অসমীয়াত মহৎ লোকৰ বাণী বা অসমীয়া বাণী আমাৰ অসমৰো বহু মহান ব্যক্তিয়ে বিভিন্ন সময়ত আমাৰ প্রতি আগবঢ়াইছে। এনে ধৰণৰ মহৎ লোকৰ বাণী আপোনালোকৰ বাবে বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি আপোনালোকৰ বাবে আগবঢ়ালোঁ।

জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া বাণী || Jyotiprasad Agarwal’s assamese quotation

বন্দুকৰ গুলীয়ে আদৰ্শক কেতিয়াও হত্যা কৰিব নোৱাৰে।
জ্যোতিপ্ৰসাদ আগৰৱালা

ৰাতি যিমানে কঠিন হ’ব প্ৰভাত সিমানে উজ্জ্বল হ’ব। চাৰিওফালৰ পৰা আন্ধাৰে আৱৰি ধৰিলেও ভয় নকৰিবা, প্রভাত হ’বই।
জ্যোতিপ্ৰসাদ আগৰৱালা

দাসত্বৰ খাতাত চহী কৰাতকৈ মৃত্যুৱেই শ্ৰেয়। জ্যোতিপ্ৰসাদ আগৰৱালা

মানুহ হৈছে সপোনক দিঠকলৈ পৰিণত কৰা শিল্পী।
জ্যোতিপ্ৰসাদ আগৰৱালা

হোমেন বৰগোহাঁঞিৰ অসমীয়া বাণী || Humen Borgohain assamese quotes about life

কামেই হ’ল জীৱনৰ শ্ৰেষ্ঠতম উপাসনা।
হোমেন বৰগোহাঁঞি

জীৱনৰ ৰূপ কেতিয়াবা সুন্দৰ কেতিয়াবা ভয়ঙ্কৰ। কিন্তু তাক সত্য ৰূপত দেখিবলৈ হ’লে আমাৰ দৃষ্টি হ’ব লাগিব প্ৰখৰ আৰু নিৰ্মল।
হোমেন বৰগোহাঁঞি

মহৎ লোকৰ বাণী অসমীয়া || assam quotes

আমাৰ চিন্তা ভাৱনাৰ পৰাই চৰিত্র গঠন হয়।
আনন্দ চন্দ্র আগৰৱালা

ভৰিৰ পিছল খালে নিজে দুখ পায়, জিভাৰ পিছল খালে কিন্তু বিপদ ঘটায়।
আনন্দ চন্দ্ৰ আগৰৱালা

অসমীয়া জাতিৰ প্ৰতিভা ভাগ্যৰ জাপৰ তলত লুকাই আছে। সুযোগ আৰু সুবিধা পালেই এদিন সি ভমকাই উঠিব।
চন্দ্ৰ কুমাৰ আগৰৱালা

সুন্দৰৰ আৰাধনা জীৱনৰ খেল ।
চন্দ্ৰ কুমাৰ আগৰৱালা

অসমীয়া মহৎ লোকৰ বাণী

সঁচা দোষখিনি দেখুৱাই দিলেই যদি শত্রু হ’বলগা হয়, তেস্তে মিত্ৰ হৈ থকাতকৈ শত্ৰু হৈ থকা বৰং উপকাৰহে ।
কমলাকান্ত ভট্টাচার্য

ভাষাৰ বাপেক ভাৱ আৰু ককায়েক হ’ল জ্ঞান। কমলাকান্ত ভট্টাচার্য

সুখ কাৰো চিৰকলীয়া নহয় ।
কমলাকান্ত ভট্টাচাৰ্য্য

তৰুণৰাম ফুকনৰ অসমীয়া মহৎ লোকৰ বাণী

নিজ মাতৃক অৱহেলা কৰি দেশ মাতৃক সেৱা কৰাৰ চেষ্টা ভণ্ডামী মাথোন।
তৰুণৰাম ফুকন

ধূপৰ পেকেটৰ ধূপ কাঠি থাকে মানে তাক সকলোৱে থাপনাৰ ওচৰত যতনাই ৰাখে। কিন্তু ধূপ-কাঠি শেষ হৈ যোৱাৰ লগে লগে বাহিৰলৈ দলিয়াই দিয়ে।
তৰুণৰাম ফুকন

শিক্ষাৰ উদ্দেশ্য মন প্রশস্ত কৰা, চিন্তাশক্তি বঢ়োৱা, শিক্ষার্থীক নানা ভাৱদি ভৱিষ্যত জীৱন যুদ্ধত দেশৰ আৰু জগতৰ কল্যাণ সাধনত সর্বতো প্ৰকাৰে যোগ্যৱান কৰা।
তৰুণ ৰাম ফুকন

বিষ্ণুপ্ৰসাদ ৰাভাৰ অসমীয়া মহৎ লোকৰ বাণী

সমাজসেৱাই মানুহৰ প্ৰকৃত ধৰ্ম।
বিষ্ণুপ্ৰসাদ ৰাভা

খাবৰ বাবে পিন্ধিবৰ বাবে মূৰ গুজিবৰ বাবে মানুহে যিহকে কৰে সেয়ে কলাকৃষ্টিৰ জগত সেয়াও সংগ্ৰামৰে ক্ষেত্ৰ। তাৰ জৰিয়তেও গণজাগৰণ আনিব পাৰি। বিপ্লৱৰ এক হাতিয়াৰ হ’ল মানুহ ।
বিষ্ণুপ্ৰসাদ ৰাভা

কেৱল জনসংখ্যাই জাতিক ডাঙৰ নকৰে; জাতি ডাঙৰ হয় জাতীয়তাবাদৰ হকে, ডেকাই দিয়া হিয়াৰ ৰাঙলী তেজেৰে।
বিষ্ণুপ্ৰসাদ ৰাভা

লক্ষ্মীনাথ বেজবৰুৱাৰ অসমীয়া মহৎ লোকৰ বাণী

লোকৰ কথা মন দি শুনিবা, ভাল কিতাপ মন দি পঢ়িবা আৰু তাত অসাৰুৱা কথাভাগ বাদ দি সাৰুৱা ভাগ জুকিয়াই মনত থ’বা।
লক্ষ্মীনাথ বেজবৰুৱা

বিশ্ব মানৱৰ অসংখ্য তাঁৰৰ এডালো তাঁৰ যি সাহিত্যিকে কঁপাব পাৰিব তেওঁৱেই প্ৰকৃত সাহিত্যিক।
লক্ষ্মীনাথ বেজবৰুৱা

ব্যাকৰণ, অভিধান নাথাকিলে ভাষা আৰু সাহিত্য হেদাঙি মেলা গৰুৰ দৰে হ’ব আৰু সেই সাহিত্যৰ, সেই ভাষাৰ উপদ্ৰৱত টাটী চকোৱা এখনো নাথাকিব।
লক্ষ্মীনাথ বেজবৰুৱা।

পাঁচি সজা, কামি চাঁছা সন্মানৰ কাম, নীচ মাথোঁ এলেহুৱা।
লক্ষ্মীনাথ বেজবৰুৱা

জাতীয় সাহিত্য জাতীয় জীৱনৰ ধৰণী মাথোন। যি জাতীয় জীৱন মুক্ত আৰু স্বাধীন সেই জাতিৰ সাহিত্যও মুক্ত আৰু স্বাধীন।
লক্ষ্মীনাথ বেজবৰুৱা

জীৱনৰ অৰ্থ লুকাই থাকে আশাৰ মাজত।
লক্ষ্মীনাথ বেজবৰুৱা

তোমাক নিজকে প্ৰথমে ভালকৈ চলাবলৈ শিকা, তেতিয়াহে আনক চলাব পাৰিবা।
লক্ষ্মীনাথ বেজবৰুৱা

পৰিবৰ্তনশীল জগতত পৰিবৰ্তনেই সত্য।
লক্ষ্মীনাথ বেজবৰুৱা

ডঃ বানীকান্ত কাকতি অসমীয়া মহৎ লোকৰ বাণী

যি মূলা বাঢ়ে তাৰ দুপাততে চিন ।
ডঃ বানীকান্ত কাকতি

যিমান পাৰা সিমান আগবাঢ়ি গৈ থাকা, এয়েই ঈশ্বৰৰ বাণী।
ডঃ বানীকান্ত কাকতি

যিসকলে নিজৰ লক্ষ্য স্থিৰ ৰাখি কৰ্তব্যৰ পথত নীৰৱে আগবাঢ়ে তেওঁলোকেই সমাজৰ আৰু জগতৰ ভৱিষ্যত আশাৰ থল।
ড° বাণীকান্ত কাকতি

ঈশ্বৰক প্ৰাৰ্থনা কৰিবলৈ শিকা, সত্যইহে মানুহক মহৎ আৰু সম্ভ্ৰান্ত কৰে।
ড° বাণীকান্ত কাকতি

সত্যনাথ বৰাৰ অসমীয়া মহৎ লোকৰ বাণী

সোণৰ দ্ৰাবক সুৱগা , কামৰ দ্ৰাবক অভ্যাস।
সত্যনাথ বৰা

নম্ৰতা সজ ব্যৱহাৰৰ অনুমান।
সত্যনাথ বৰা

চৰিত্ৰৱান মানুহ পবিত্র জলৰ নিচিনা, সিহঁত নিজেও পৱিত্ৰ আৰু আনকো পৱিত্ৰ কৰে ।
সত্যনাথ বৰা

পঢ়নৰ পৰা দূৰৈৰ মানিক হাততে পোৱা যায়।
সত্যনাথ বৰা

বিশ্ব পুথিৰ উপদেশ শিলৰ ৰেখা।
সত্যনাথ বৰা

কৰ্তব্যবোধে কৰ্মলৈ উৎসাহ জন্মায় আৰু মনৰ একাগ্ৰতা বঢ়ায়।
সত্যনাথ বৰা

বিদ্যা মানৱ মনৰ দীপ্তি; তাৰ ৰশ্মিৰ পোহৰত কাম কৰি মানুহে ধন, মান আৰু যশস্যা লাভ কৰে।
সত্যনাথ বৰা

হেম বৰুৱাৰ অসমীয়া মহৎ লোকৰ বাণী

পৃথিৱীত সৱাতোকৈ সহজ কাম হৈছে আনক সমালোচনা কৰা, সৱাতোকৈ টান কাম হৈছে নিজকে সংশোধন কৰা।
হেম বৰুৱা

মনবোৰ শুদ্ধ হ’লে পৃথিৱীত সংকোচ কৰিবলগীয়া একো নাই। কলুষিত মনেহে সকলোতে কলুষ দেখে।
হেম বৰুৱা

সকলো মানুহৰে সদগুণ যিদৰে থাকে অসৎ গুণও ঠিক তেনেদৰে থাকে। অসৎখিনিৰ পৰা সৎখিনি বাছি ল’ব পৰাটোহে মানুহৰ কৃতিত্ব।
হেম বৰুৱা

অভিজ্ঞতাই ডাঙৰ কিতাপ আৰু জীৱন হৈছে বিদ্যালয়।
হেম বৰুৱা

জাৱৰ সাৰিলে ঠাই যি দৰে পৰিস্কাৰ হয় তেনেকৈ নিজৰ ভুল স্বীকাৰ কৰিলে মন শুদ্ধ হয় ।
হেম বৰুৱা

আশা আছে বাবে পৃথিৱীখন বৰ ধুনীয়া।
হেম বৰুৱা

বৰ বেছি হুলস্থুল কৰা মানুহে জীৱনত একো কৰিব নোৱাৰে।
হেম বৰুৱা

যি শিক্ষাই নিজক আনৰ হাতত বেচিবলৈ শিকায়, তেনে শিক্ষাৰে শিক্ষিত হোৱাতকৈ জধামূৰ্খ হোৱা বহুগুণে ভাল।
হেম বৰুৱা

assamese quotes on life || অমৃত বচন অসমীয়া

ব্যাপক জ্ঞান নথকা লোকৰ হাতত বিদ্যাৰ ক্ষমতা পৰা অনুচিত।
গুনাভিৰাম বৰুৱা

জীৱনক সত্য সুন্দৰ আৰু মঙ্গলময় কৰাই মানৱ আত্মাৰ চৰম উদ্দেশ্য ।
নীলমণি ফুকন

বিবেকেই জীৱনৰ গুপ্ত আদালত।
হেমচন্দ্ৰ গোস্বামী

অভিজ্ঞতাৰ ওপৰত প্ৰতিষ্ঠিত হ’লেও সাহিত্য বাস্তৱতে অভিজ্ঞতাৰ ‘কেটেলগ’ বা যাদুঘৰ নহয়। নির্বাচন কৌশল, কল্পনা আৰু ৰীতিৰ সহায়েৰে অভিজ্ঞতাৰ কেঁচা সঁজুলি গঢ়ি পিটি ল’লেহে প্রকৃত সাহিত্যৰ সৃষ্টি হয়।
কৃষ্ণকান্ত সন্দিকৈ

assamese quotes on smile

জীৱন জুখিবা হাঁহিৰে, চকুলোৰে নহয়। আয়ুস জুখিবা বন্ধুৰে, বছৰেৰে নহয়।
লক্ষ্যধৰ চৌধুৰী

অসমীয়া মহৎ লোকৰ বাণী

আত্মশক্তিৰে আত্মৰক্ষা নকৰিলে আন কোনেও আপোনাক ৰক্ষা কৰিব নোৱাৰে।
অম্বিকাগিৰী ৰায়চৌধুৰী

সাংস্কৃতিক দৃষ্টিভংগীৰ অবিহনে এজন ব্যক্তি কেতিয়াও সুখী হ’ব নোৱাৰে ।
শীলভদ্ৰ

সত্য – সুন্দৰৰ বোলে সনা জীৱন – অভিজ্ঞতা প্ৰকাশেই সাহিত্য।
ড° মহেন্দ্ৰ বৰা

সকলো বস্তু কিনিছা কিনা। পৰাপক্ষত মাহেকত একোখন ভাল কিতাপ কিনিবা।
যতীন্দ্র নাথ দুৱৰা

মহৎ বাণী || mohot bani assamese

গভীৰ অমানিশা অথবা কালৰাত্ৰিৰ বুকুতে যেনেদৰে প্ৰভাত লুকাই থাকে, তেনেদৰেই বুকুত সাহস বান্ধি আগুৱাই গৈ থাকিলে হেজাৰ পৰাজয়ৰ পাছতো জয়লাভ নিশ্চিত হৈ উঠে ৷
ভূপেন হাজৰিকা

হাতীক যিদৰে হাতেৰে বগৰাই দিব নোৱাৰি, অসমীয়া জাতিও সেইদৰে বাৰিষাৰ ধলত জাঁজীত উটি যাব নোৱাৰে।
ৰঘুনাথ চৌধাৰী

মোক স্বৰ্গ নালাগে, মোক বৈকুন্ঠ নালাগে, সুজলা-সুফলা এই অসমভূমিত মই বাৰে বাৰে জন্ম ল’ম।
পিয়লি ফুকন

দেশতকৈ মোমাই ডাঙৰ নহয়।
লাচিত বৰফুকন

(সংগ্ৰহ)

Leave a Comment

Your email address will not be published. Required fields are marked *