অসমীয়া ভাষাৰ ৱেবচাইটৰ তালিকা || 20+ Best Assamese Language Website List available on Internet

Assamese Language Website List available on Internet || অসমীয়া ভাষাৰ ৱেবচাইটৰ তালিকা

Assamese Language Website List available on Internet
ASSAMESE WEBSITE LIST
      বৰ্তমান বিশ্বত সকলো ক্ষেত্ৰতে technology ৰ ব্যৱহাৰে পৃথিৱীক এখন সৰু গাঁৱলৈ পৰিৱৰ্তিত হৈছে আৰু সকলো দিশতে ক্ষীপ্ৰতাৰে উন্নতি সাধন হৈছে। আজি দিনত মানুহে খবৰ বা যোগাযোগ কৰিবলৈ এক মূহুৰ্তত পৃথিৱীৰ যিকোনো ঠাইত কৰিব পাৰে। এই যোগাযোগ ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ পূৰ্ণ তথা গুৰু অংশ ইণ্টাৰনেট ৰ দ্বাৰা পৰিচালিত হয়। এতিয়া এই ইণ্টাৰনেট ব্যৱস্থাই আমাক সকলো ক্ষেত্ৰতে চুই গৈছে আৰু আমি ঘৰতে বহি বিশ্বৰ যিকোনো ঠাইৰ খবৰ বা তথ্য লাভ কৰিব পাৰোঁ।২০১৮ চনৰ এক সমীক্ষা অনুসৰি বিশ্বত প্ৰায় ৪.১ বিলিয়ন লোকে ইণ্টাৰনেট ব্যৱহাৰ কৰে আৰু ভাৰতত প্ৰায় ৬২৭ মিলিয়ন (৬৩ কৌটি) মানুহে ইণ্টাৰনেট ব্যৱহাৰ কৰে। ঠিক সেইদৰে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় তথ্য আৰু যোগাযোগ মন্ত্ৰণালয় ৰ ২০১৮ চনৰ এক সমীক্ষা অনুসৰি অসমত  প্ৰায় ১ কৌটি লোকে ইণ্টাৰনেটৰ connection গ্ৰহণ কৰিছে। কিন্তু অসমৰ এই বিশাল লোকে ইণ্টাৰনেট ব্যৱহাৰ কৰিলেও অসমীয়া ভাষাৰ ৱেবচাইট (assamese language website)
বিচাৰি পোৱাটো অতি সীমিত আৰু বেছি প্ৰসাৰ লাভ কৰা নাই। এটা কথা আমি জনা উচিত যে এটা ভাষা জীয়াই থাকিবলৈ তাক সময়ৰ সুতৰ লগত আগবঢ়াই নিব লাগিব নহলে ভাষা জীয়াই থাকিব নোৱাৰে। অসমীয়া ভাষাৰ ৱেবচাইট ( assamese language website ) আমি অসমীয়া ভাষী সকলে বিকাশ কৰিব লাগিব। তেনে কিছু ৱেবচাইট বৰ্তমান সময়ত বহু লোকে গঠন তথা বিকাশ কৰিছে। যি আমি শুদ্ধ অসমীয়া ভাষাত , অসমীয়া লিপিত পঢ়িবলৈ পাওঁ। বহুক্ষেত্ৰত দেখা যায় বহু অসমীয়া ভাষাৰ ( Assamese language ) লিখনি কেৱল social media যেনে ফেচবুক, WhatsApp আদি বোৰতে প্ৰচাৰ কৰা হয় আৰু কোনো আন ৱেবচাইটত প্ৰকাশ কৰা দেখা নাযায়। এটা কথা আমি জনা উচিত যে ফেচবুক এটা ইণ্টাৰনেটৰ পৃথিৱীৰ এটা সৰু অংশহে আৰু ইয়াৰ লিখনিৰ উপৰত কোনো ব্যক্তিৰ সম্পূৰ্ণ স্বত্ব নাথাকে। ফেচবুক সৰ্বেসৰ্বা ফেচবুকৰ সকলো বিষয়ৰ উপৰত । যাৰ ফলত কোনো বিষয়ৰ ওপৰত অশেষ কষ্ট কৰি লিখা লিখনি লিখকে কোনোধৰণৰ যথাসম্মত Credit লাভ নকৰে। সেয়েহে সকলো লিখকে যেন তেওঁৰ লিখনিসমূহ social media যোগেদি প্ৰকাশ কৰাৰ উপৰিও নিজস্ব এটা ব্লগ বা ৱেবচাইট ( assamese website ) খুলি প্ৰচাৰ কৰে যেন।
যিকি নহওঁক আজিৰ আলোচনাৰ বিষয়বস্তু হল অসমীয়া ভাষাত থকা ৱেবচাইট ( assamese language website )। মই ইণ্টাৰনেটত পোৱা কেইটামান অসমীয়া ভাষাৰ ৱেবচাইটৰ ( assamese website list ) এখন লিষ্ট প্ৰস্তুত কৰিছিলোঁ। এই ৱেবচাইট কেইটাৰ লিখনি ৯০ ৰ পৰা ১০০ শতাংশ অসমীয়া ভাষাত অসমীয়া লিপিত উপলব্ধ। তলৰ ৱেবচাইট কেইটা অধিকাংশ অসমীয়া ভাষাৰ কবিতা, গল্প, সাহিত্য, উপন্যাস, কৌতুক, তথ্য আদিৰ ওপৰত ভিত্তি কৰি লিখা। এই লিষ্টখনত অসমীয়া ভাষাৰ নিউজ চেনেল ৰ ৱেবচাইট, ৱেব নিউজ আৰু বাতৰি কাকতৰ ৱেবচাইট কেইটা অন্তৰ্ভুক্ত কৰা হোৱা নাই। কাৰণ এই সকলো ৱেবচাইট কেইটা কম বেছি পৰিমাণে আমি অৱগত।
১.  Xahitya.org ( Assamese language website )
সাহিত্য ডট অৰ্গত আপুনি কবিতা, প্ৰবন্ধ, চুটিগল্প, ৰসাল কথাবতৰা আদি পঢ়িব পাৰিব। এই ৱেবচাইট ৰ লিখনিসমূহ সাধাৰণতে ফেচবুকৰ অসমীয়াত কথাবতৰা নামৰ group ৰ পৰা বাছনি কৰা হয়। এই ৱেবচাইটৰ মুখ্য সম্পাদনা কৰে মিতালী নাৰায়ণী ডাঙৰীয়ানীয়ে। এই ৱেবচাইটৰ প্ৰতি মাহৰ গড় পঢ়ুৱৈ প্ৰায় ১০০ পৰা ১৫০ ভিতৰত।
2.  Xophura.net( Assamese language website )
এই ৱেবছাইটত অসমীয়া ভাষাত লিখিত পুৰণি আৰু নতুন লিখকৰ লিখনি বিভিন্ন ধৰণৰ গল্প, কবিতা আদি সংৰক্ষিত কৰা আছে। এই ৱেবছাইটত প্ৰতিমাহে গড় হিচাপত ২০০০ পৰা ২৫০০ পঢ়ুৱৈ আছে।
3. arambhani.com ( Assamese language website )
এই ৱেবছাইটত একেধৰণে কবিতা গল্প আদি উপলব্ধ। এই ৱেবছাইটত নতুন নতুন লেখক লেখিকাৰ সৃষ্টি প্ৰকাশ কৰা হয়। এই ৱেবচাইটৰ প্ৰতি মাহৰ পঢ়ুৱৈ প্ৰায় ২০০০ ৰ পৰা ২৫০০ ভিতৰত।
5.  xurorenajori.info / enajori.com(Assamese language website)
এই ৱেবছাইটত নতুন আৰু পুৰণি গান অসমীয়া গানৰ লগতে বহু গায়ক গায়িকাৰ সাক্ষাৎকাৰ লিখিত আকাৰত উপলব্ধ । Xurorenajori.info ত প্ৰতি মাহে প্ৰায় ১৫০০০ পৰা ১৬০০০ লোকে visit কৰে। ঠিক সেইদৰে enajori.com ত প্ৰতি মাহে ৩০০ ৰ পৰা ৫০০ লোকে visit কৰে। এই ৱেবছাইটত অসমীয়া আৰু ইংৰাজী ভাষাত কিছু লিখনি লিখা আছে।
5. blogasom.blogspot.com( Assamese language website )
এই ৱেবছাইটত অসমীয়া ভাষাৰ কেইজনমান বৰণ্য সাহিত্যিকৰ লিখনি উপলব্ধ। পঢ়ুৱৈ প্ৰতি মাহে প্ৰায় ১০০০ জন।
6. assamesejokes.com( Assamese language website )
এই ৱেবছাইটৰ নামটোৰ পৰাই অনুমান কৰিব পাৰিছে নিশ্চয় কিধৰণৰ লিখনি আছে। হয় এই ৱেছাইটটোত অসমীয়া ভাষাত লিখিত কিছু ৰসাল কৌতুক আৰু স্থিৰচিত্ৰৰ পূৰ্ণ। পঢ়ুৱৈ প্ৰতি মাহে প্ৰায় ৩০০ পৰা ৫০০ জন।
7. Indranee.org( Assamese language website )
আপোনালোকে কিছুদিনৰ পূৰ্বে ফেচবুকৰ জৰিয়তে প্ৰচাৰ হোৱা JEC কাহিনীটোৰ বিষয়ে নিশ্চয় শুনিছে। সেই কাহিনীৰে ৰচয়িতা ইন্দ্ৰানী শৰ্মা ডাঙৰীয়ানীৰ ব্লগ indranee.org  এই ব্লগৰ নিয়মিত পঢ়ুৱৈ প্ৰতিমাহে প্ৰায় ৩০০ জনৰো অধিক।
8. Khagori.com( Assamese language website )
এই ৱেবছাইটত আপুনি অসমীয়া ভাষাত লিখিত বিভিন্ন ধৰণৰ তথ্য আৰু jokes পঢ়িবলৈ পাৰিব।

ওপৰৰ ৱেবচাইট কেইটাৰ ওপৰিও আন কেইবাটাও সম্পূৰ্ণ অসমীয়া ভাষাত লিখিত ৱেবচাইট বৰ্তমান ইণ্টাৰনেটত উপলব্ধ। আপোনালোকে তলৰ লিংকত ক্লিক কৰি নিৰ্দিষ্ট ৱেবছাইটত যাব পাৰিব। এই ৱেবছাইট কেইটাৰো কম বেছি পৰিমাণে নিয়মীয়া পঢ়ুৱৈ আছে।তলত তাৰে কেইটামান উল্লেখ কৰা হল।
Other popular Assamese language website list 
9. Storytoday.in

10. Assameseonline.com

11. Aainajibonor.com

12. Pratibhudutta.blogspot.com

13. Xukhdukh.com

14. searchassam.blogspot.com

15. Akansya.blogspot.com

16. Blogpriyankush.com

17. Britul.wordpress.com

18. Jibonenedorei.blogspot.com

19. Utpalaya.wordpress.com

20. Xugondhipokhila.blogspot.com

21. Digantayadavsarma.blogspot.com

22. Rajnitiaxom.com

     আপোনালোকক অনুৰোধ জনায় যে যদি আপোনালোকে আন ৱেবচাইট সম্পূৰ্ণ অসমীয়া ভাষাত ( assamese language website ) , অসমীয়া লিপিত প্ৰকাশিত হৈ আছে আৰু ইয়াত উল্লেখ কৰা নহল তেন্তে মোৰ দৃষ্টিগোচৰ কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।
updated – 2019

28 thoughts on “অসমীয়া ভাষাৰ ৱেবচাইটৰ তালিকা || 20+ Best Assamese Language Website List available on Internet”

  1. সুন্দৰ প্রতিবেদন। শেহতীয়াকৈ আমি আন এটা শৈক্ষিক অসমীয়া ৱেবচাইট লাভ কৰিছো যি আমাক পঢ়া-শুনা কৰাত যথেষ্ট সহায় কৰিছে। প্রতিযোগিতামূলক পৰীক্ষাত প্রস্তুতি মই নিজেই চমাই আছো আৰু এই ৱেবচাইটটোৱে বহু উপকাৰ কৰিছে। https://assamstudy.com

    Reply
  2. মই অসমীয়া গানৰ Lyrics ৰ বাৱে আটাইতকৈ ভাল পোৱা আৰু আটাইতকৈ বিশ্বাসী Website টো হ'ল http://www.heartthroblyrics.xyz ইয়াত খুৱ সুন্দৰকৈ পুৰিণতকৈ পুৰণি আৰু নতুনতকৈ নতুন সকলো ধৰণৰ অসমীয়া গান এই ইণ্টাৰনেটৰ জগতখনত সংৰক্ষণ কৰাৰ বাৱে এক খুৱ সুন্দৰ প্ৰচেষ্টা চলাই আছে ।

    Reply
  3. সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অনুশীলন চলাই থকা পৰীক্ষাৰ্থীসকলৰ সহায় হোৱাকৈ সম্পূৰ্ণ অসমীয়া ভাষাৰ শিক্ষামূলক ৱেবছাইট – Assamesegk.com

    Reply

Leave a Comment