অভিজিত বেনাৰ্জী ২০১৯ চনৰ অৰ্থনীতিৰ নোবেল বঁটা বিজয়ী || Abhijit Bannerjee Noble prize winner in Economics 2019 Assamese

Abhijit Bannerjee Noble prize winner in Economics 2019 Assamese|| অভিজিত বেনাৰ্জী ২০১৯ চনৰ অৰ্থনীতিৰ নোবেল বঁটা বিজয়ী

abhijit bannerjee

বিষয়সমুহ
•আৰম্ভনি
•জন্ম আৰু শিক্ষা
•কৰ্মজীৱন
•সন্মান আৰু বঁটাসমূহ
•কিতাপসমূহৰ নাম
•ব্যক্তিগত জীৱন

Abhijit Bannerjee Noble prize Winner

আৰম্ভনি
বৰ্তমান ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে চৰ্চিত ব্যক্তিগৰাকী হৈছে ২০১৯ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ আমেৰিকাৰ নাগৰিক অভিজিত বেনাৰ্জী।সম্পূৰ্ণ নাম অভিজিত বিনায়ক বেনাৰ্জী। তেওঁ আন দুজন অৰ্থনীতিবিদৰ সৈতে যুটীয়াভাৱে ২০১৯ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হয়। আন দুজন অৰ্থনীতিবিদ হল এগৰাকী তেওঁৰ পত্নী আৰু সহকৰ্মী এস্থেৰ দাফ্লো আৰু  মাইকেল ক্ৰেমাৰ। তেওঁলোকক দৰিদ্ৰতা নিৰ্মূল কৰণৰ বাবে কৰা গৱেষণাৰ বাবে বিশ্বৰ সকলোতকৈ সন্মানজনক বঁটা ছুইডেনৰ নোবেল বঁটা প্ৰদানকাৰী সংস্থাটোৱে আগবঢ়াইছে। বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিক হলেও যিহেতু তেওঁ এগৰাকী ভাৰতীয় মূলৰ সেয়েহে আমি ভাৰতীয় হিচাপে নিশ্চয় গৰ্ব কৰিব পাৰোঁ। আজি সেইগৰাকী মহান অৰ্থনীতিবিদ অভিজিত বেনাৰ্জীৰ বিষয়ে কিছু তথ্য সংগ্ৰহ কৰি আপোনালোকলৈ আগবঢ়ালোঁ।
জন্ম আৰু শিক্ষা Abhijit Bannerjee Noble prize winner
অভিজিত বেনাৰ্জীৰ জন্ম ভাৰতৰ মুম্বাই মহানগৰত ১৯৬১ চনৰ ২১ ফেব্ৰুৱাৰীত এটা উচ্চ শিক্ষিত পৰিয়ালত হৈছিল। তেওঁৰ পিতৃ নাম দীপক বেনাৰ্জী আৰু মাতৃৰ নাম নিৰ্মলা বেনাৰ্জী। তেওঁৰ পিতৃ মাতৃ দুয়ো পেছাত মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক। তেওঁলোকে কলকাতা মহানগৰত বাস কৰিছিল আৰু বৰ্তমানেও তেওঁলোকৰ পৰিয়াল কলকাতাতে বাস কৰে। স্কুলীয়া শিক্ষা কলকাতাৰ বিখ্যাত ছাউথ পইণ্ট উচ্চ বিদ্যালয়ত সমাপ্ত কৰি কলকাতাতে প্ৰেছিডেন্সি মহাবিদ্যালয়ত নাম ভৰ্তি কৰে আৰু ১৯৮১ চনত অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পাছতে তেওঁ স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিবলৈ দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। ১৯৮৩ চনত অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী সমাপ্ত কৰি ১৯৮৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিখ্যাত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত PhD গ্ৰহণ কৰিব বাবে উৰা মাৰে। তেওঁৰ PhD লাভ কৰা বিষয় আছিল “essays in information economics”.

কৰ্মজীৱন Abhijit Bannerjee Noble prize Winner

অভিজিত বেনাৰ্জীৰ কৰ্মজীৱন হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে আৰম্ভ কৰে। তেওঁ ১৯৯১ চনত অধ্যাপক হিচাপে কাম কৰিছিল আৰু একেসময়তে তেওঁ প্ৰিঞ্চটন বিশ্ববিদ্যালয়ত অধ্যাপক পদত সেৱা আগবঢ়াই। ইয়াৰ পাছতে তেওঁ বিখ্যাত Massachusetts Institute of Technology (MIT) উচ্চ শিক্ষা প্ৰতিষ্ঠানত অধ্যাপক আৰু বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰে। বৰ্তমান অভিজিত বেনাৰ্জী Ford Foundation International Professor of Economics পদত কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ এই সময়ছোৱাত দৰিদ্ৰতা নিৰ্মূল আৰু অৰ্থনীতিৰ বিকাশৰ বাবে বহু গৱেষণা কাৰ্যত জৰিত আছিল।

•সন্মান আৰু বঁটা Abhijit Bannerjee Noble prize winner


অভিজিত বেনাৰ্জী অৰ্থনীতিৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে নোবেল বঁটাৰ উপৰিও আন বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। তেওঁ লাভ কৰা কেইটামান সন্মান আৰু বঁটা বোৰ তলত উল্লেখ কৰিছোঁ।
1. Jean Jacques Laffont Lecture, AFSE, 2018
2. Tanner Lecture on Human Values, University of Oxford, 2018
3. Amlan Dutta Lecture, University of Kolkata, 2018
4. Sanjaya Lall Visiting Professor at University of Oxford, Trinity Term 2015
5. Bernhard Harms Prize (Kiel Institute for the World Economy), 2014
6. Honorary Doctoral degree, KU Leuven, 2014
7. The Albert O. Hirschman Prize (The Social Science Research Council), 2014
8. Gabarron International Award for Economics, 2013
9. Sherar Shera Bengali (Best of the Best Bengali) 2012
10. Foreign Policy Magazine’s Top 100 Global Thinkers 2011
11. Anaya Samman, Kolkata, 2011
12. Infosys Award in Social Sciences, 2009
13. BBVA Foundation Frontiers of Knowledge Award for Development Cooperation, 2009
14. Honorary Consultant in PEO, Planning Commission, India, 2008
15. Albert Hirschman Lecture, 2007
16. Economic Journal Lecture, 2007
17. Honorary Visiting Professor, Institute of Development Studies Kolkata, 2006
18. D. Gale Johnson Lecture, University of Chicago, 2006
19. Michael Wallerstein Award, American Political Science Association, 2006
20. IEPR Distinguished Lecture, University of Southern California, 2006

অভিজিত বেনাৰ্জী ৰ প্ৰকাশিত কিতাপসমূহ Abhijit Bannerjee Noble prize winner

অভিজিত বেনাৰ্জী যে অৰ্থনীতি বিষয়ত কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে। তেওঁ পত্নী এস্থেৰ ডাফ্লোৰ সৈতে বৰ্তমান সময় লৈকে দুখন গ্ৰন্থ লিখি উলিয়াইছে। কিতাপ দুখন হৈছে Handbook of Field Experiments, Vol. 1 and 2 আৰু Poor Economics। তেওঁৰ আন কেইখন গ্ৰন্থ হল 2019 চনত প্ৰকাশিত What the Economy Needs Now (co-edited with Gita Gopinath, Raghuram Rajan, and Mihir S. Sharma), 2007 চনত প্ৰকাশিত Making Aid Work, 2006 চনত প্ৰকাশিত Understanding Poverty (co-edited with Roland Benabou and Dilip Mookherjee) আৰু
2005 চনত প্ৰকাশিত Volatility and Growth (with Philippe Aghion)। ইয়াৰ উপৰিও তেওঁৰ বহুতো গৱেষণা পত্ৰ আৰু লিখনি বিভিন্ন সময়ত প্ৰকাশ পাই আহিছে।

ব্যক্তিগত জীৱন Abhijit Bannerjee

অভিজিত বেনাৰ্জীযে MIT অধ্যাপক হিচাপে কৰ্মৰত অৱস্থাতে সহকৰ্মী ড° অৰুন্ধতী তুলিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ এজন পুত্ৰ সন্তান আছে। কিন্তু তেওঁৰ প্ৰথম বিবাহ সুখকৰ নহল আৰু বিবাহ বিচ্ছেদ ঘটে। পুনৰ তেওঁ ৰ MIT গৱেষণাৰ সহকৰ্মী এস্থাৰ ডাফ্লোৰ (Esther Duflu) সৈতে ২০১৫ চনত বিবাহ পাশত আৱদ্ধ হয়। তেওঁলোকৰ দুজন সন্তান আছে।

তেওঁৰ দ্বিতীয় পত্নী এস্থাৰ ডাফ্লোৰ সৈতে বিভিন্ন ধৰণৰ গৱেষণা কাৰ্যত একেলগে কাম কৰিছিল। বৰ্তমান এস্থাৰ ডাফ্লো তেওঁৰ স্বামী অভিজিত বেনাৰ্জী আৰু চেন্ধিল মুল্লাই নাথন একেলগে আৰম্ভ কৰা Abdul Latif Jameel Poverty Action Lab (J-PAL) সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। অভিজিত বেনাৰ্জী আৰু এস্থাৰ ডাফ্লোৰ যুটীয়া ভাবে লিখি ত Poor Economics: A Radical Rethinking of the Way to Fight Global Poverty নামৰ গ্ৰন্থখনৰ বাবে Financial Times আৰু Goldman Sachs Business Book of the Year Award বঁটা ২০১১ চনত লাভ কৰিবলৈ সক্ষম হয়। তেওঁলোকৰ এই গ্ৰন্থখন বৰ্তমালৈকে ১৭ টা ভাষালৈ অনুবাদ কৰা হৈছে।
ধন্যবাদ।

Leave a Comment