assamese sad shayari

50+ দুখৰ, প্ৰেমৰ অসমীয়া শায়েৰী || 50+ Best Assamese Shayari on sad, love status

Assamese Shayari

assamese shayari on sad, love with photo

বন্ধু বান্ধৱী সকল আমি যেতিয়াই সুখ বা দুখ অনুভৱ কৰি লগে লগে আনৰ আগত প্ৰকাশ কৰোঁ। আগতে আমি নিজৰ নিকট বন্ধু বান্ধৱীৰ আগত প্ৰকাশ কৰিছিলোঁ, বৰ্তমান আমি সামাজিক মাধ্যম (Social media) যেনে Facebook, Twitter, Instagram বা WhatsApp status ৰ জৰিয়তে প্ৰকাশ কৰোঁ। এনে ক্ষেত্ৰত অতি প্ৰয়োজনীয় হৈ পৰে এক আকৰ্ষণীয় আৰু সহজতে দৃষ্টি আকৰ্ষণ কৰিব পৰা Status। Status বুলি কলে আটাইতকৈ আকৰ্ষণীয় আৰু মন চুই যাব পৰা মাধ্যম হল shayari। হিন্দী shayari বা বাংলা shayari বহুত ইণ্টাৰনেটত উপলব্ধ। কিন্তু অসমীয়া ভাষাত অসমীয়া shayari (assamese shayari) প্ৰায় নগন্য। সেয়েহে আপোনালোকৰ সুবিধাৰ্থে কেইটামান দুখৰ assamese shayari আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু তলৰ assamese shayari সমুহ share কৰিব।

assamese sad shayari

1)

তোমাৰ প্ৰেম এক নিচা

নাজানো সঁচা নে মিছা

যিয়েই নহওঁক লাগিলে

তোমাৰ অবিহনে হৈছোঁ

মই অন্তৰৰ পৰা দুখীয়া।

assamese shayari sad

2)

দুখীয়া আজি মই

মনত ৰাখিবা

দুখীয়া আজি মই ধনেৰে

অন্তৰৰ পৰা ধনী

তোমাৰ বাবে।

তোমাৰ অবিহনে

কাইলে যেতিয়া জীৱনত

সফলতাৰ খোজ দিম

মনত ৰাখিবা

ধনী হ’ম ধনেৰে

দুখীয়া হ’ম অন্তৰেৰে

তোমাৰ বাবে।

Assamese Shayari photo

assamese shayari photo

3)

অন্তৰৰ আবেগ বুজিব পৰা

মনৰ বেদনা নিষ্কাষণ কৰা

কত পোৱা যায় এনে প্ৰেমাস্পদ

যাৰ বাবে অন্তৰৰ আৱেগ বুজিবলৈ

মনৰ সাঁফৰখন খুলি দিওঁ

সেইজনে মনৰ সুখবৰ নিষ্কাষণ কৰি যায়।

assamese shayari video

4)

ধন যিমানেই ঘটা লাগিলে

সদায় প্ৰয়োজনতকৈ কম হয়

ঠিক সেইদৰে

প্ৰিয়জনক প্ৰেম যিমানেই নকৰা লাগিলে

অলপ কম অনুভৱ হয়েই।

assamese romantic shayari

5)

পৰিস্থিতিৰ লগত যুদ্ধ কৰি আছো

লৰালিৰ পৰা

তোমাৰ এই প্ৰতাৰণাই মোক

তিলমাত্ৰেও লক্ষ্যত বিচলিত কৰিব নোৱাৰা।

assamese sad shayari

6)

মন দি মনৰ আপোন হৈছিলা

আৰু এতিয়া

দুখ দি দুখৰ সমভাগী হবা বিছাৰিচা।

assamese shayari photo

7)

এই অভাজনৰ বন্ধু বহুত আছিল

সকলোৰে প্ৰিয় আছিলোঁ

আৰু যেতিয়া প্ৰেমত মত্ত হলোঁ

তোমাৰ মাজতেই সকলোঁ বিছাৰি পালোঁ

কিন্তু আজি যেতিয়া আমাৰ বিচ্ছেদ হল

কাষত না তোমাক বিছাৰি পালোঁ

নে অভাজনৰ সেই বন্ধুবোৰ আৰু

আজি মই নিজকে বিছাৰি পালোঁ।

shayari of love

8)

shayeri মই পঢ়া নাছিলোঁ

কিন্তু তোমাৰ প্ৰেমত পৰি shayari

পঢ়িব শিকিলোঁ

তোমাৰ break up ত shayari

লিখিবও শিকিলোঁ।

shayari for lover

9)

প্ৰেম বিশ্বাস আৰু প্ৰতাৰণা

কম সময়ত কৰিলোঁ পান

আজীৱন স্মৰণীয় হৈ ৰব

তুমি যাচি দিয়া মহা জ্ঞান।

shayari about love

10)

আনৰ উন্নতিৰ বাবে

ইৰ্ষা নহয়

সুখী হোৱা,

নিজৰ দুৰ্গতিত বাবে

দুখী নহয়

যুঁজি যোৱা।

assamese shayari photo

11)

তুমি লগত আছিলা হাঁহি আছিলোঁ

পাহৰিছিলো কান্দিবলৈ

তুমি আঁতৰি গলা কান্দিব ধৰিলোঁ

পাহৰিছোঁ হাঁহিবলৈ।

12)

দুখীয়া প্ৰেমিকৰ দুখীয়া প্রেম

দুখবোৰ আজি নিজেই দুখি

দুখীয়াৰ দুখ প্ৰেমৰ দুখ

দুখবোৰ নিজেই দুখীয়া আজি।

13)

প্ৰেমত পৰিলোঁ তোমাৰ অজানিতে

স্থান দিলোঁ হৃদয়ৰ নিভৃত গোপন কোণতে

কাষ চাপিব বিছাৰিলো তোমাৰ জ্ঞাতে

হৃদয়ৰ অনুভূতি বোৰ নিৰ্গত হল হঠাতে

নাকচ কৰিলা তুমি পোনছাটে।

14)

সপোনবোৰ দিঠক কৰিবলৈ

সততাক জলাঞ্জলি নিদিবা

সফলতাৰ শেষত দেখিবা

সততাই তোমাৰ সফলতাৰ মূল চাবিকাঠি

সততাই একমাত্ৰ তোমাৰ আত্মসন্তুষ্টি

সততাই উত্তৰ পুৰুষৰ বাবে উৎকৃষ্ট বৰঙণি।

15)

প্ৰেমৰ বাবে ভয় নাখাবা

প্ৰেমৰ বাবে পাগল নহবা

16)

যুঁজি যুঁজি হাৰি গৈছোঁ

এনে লাগে যেন

কোনোবাই যদি মৰিবলৈ মাতে

তাতো যাবলৈ সাজু আছোঁ।

17)

মই মৰিলে কোনে কান্দিব

যদি জীয়াই থাকোতেই

কোনো লোকে খবৰ নকৰে

মৃত্যুৰ খবৰ পাবৈ বা কেনেকৈ।

18)

প্ৰেম কৰি কি লাভ

যদি জীৱনৰ সফলতা মুখ নেদেখা

সংগ্ৰাম কৰিলেও কি হব

যদি বিফলতা তোমাৰ ভাগ্যৰ

প্ৰতি মূহুৰ্তৰ সহযাত্ৰী হয়।

assamese shayari photo

19)

Unfriend কৰিলা FB ত

দুখ পালোঁ অন্তৰত

নিজকে এবাৰ সুধি চালোঁ

কিয় ইমান দুৰ্ভগীয়া দুখীয়া হলোঁ

Fb ত তোমাৰ friend লিষ্টত

স্থান নিগাজি কৰিবলৈও সামৰ্থ্য নহলোঁ।

Assamese Shayari photo

20)

এদিন দুদিন তিনিদিন

স্মৃতিয়ে ৰিঙিয়াই প্ৰতিদিন

আশা, সপোন, উদ্যমেৰে

নতুন প্ৰভাত হয় প্ৰতিদিন।

assamese sad picture

21)

কেতিয়াও কাকো ইমানো দুখ নিদিবা

যাতে সুখ কি হয় পাহৰি যায়

কেতিয়াও কাকো ইমানো কষ্ট নিদিবা

যাতে শান্তি বিছাৰি ভাগৰি যায়।

assamese shayari photo

22)

নীৰৱতা মোৰ ভাল লাগে

এনে নহয় মই সদায় নীৰৱতা ভাল পাইছিলো

নীৰৱতা মোৰ প্ৰথম পচন্দ কেতিয়াও নাছিল

তোমাৰ প্ৰস্থানে মোৰ জীৱনৰ প্রতি পল

নীৰৱতাই আকাশীলতাৰ দৰে আগুৰি ধৰিছিল

মই বিনা যুঁজে আত্মসমৰ্পন কৰিলোঁ

নীৰৱতাৰ আকুল গ্ৰাহত।

Assamese sad shayari

assamese love quotes

23)

প্ৰেম ভালপোৱা সকলোৱে কৰে

কোনেও ভালপোৱাক হেৰুৱাব নোখোজে

হেৰুৱাব নিবিচাৰোঁ তোমাকো মই

হেৰুৱাব নিবিচাৰোঁ তোমাৰ মিঠা হাঁহিৰ ৰেঙনি

মাথোঁ বিচাৰোঁ তোমাৰ জীৱনজোৰা সঁহাৰি।

assamese dukhor status

24)

প্ৰেমে মোক জীয়াবলৈ শিকালে

প্রেমে মোক প্ৰতাৰণা শিকালে

প্ৰেমে মোক দুখত হাঁহিবলৈ শিকালে

প্ৰেমে মোক দুখ সহ্য কৰিবলৈও শিকালে

নিশিকালে কেৱল তোমাৰ স্মৃতি বোৰ

সময়ৰ কোলাত বিলীন কৰিবলৈ।

25)

অতীতৰ স্মৃতি যিমানেই মিঠা হওঁক লাগিলে

বৰ্তমানৰ বিফলতাই অধিক দুখ দিয়ে

আকৌ

বৰ্তমানৰ সফলতাই যিমান সুখ দিয়ে

অতীতৰ দুখৰ স্মৃতিবোৰোতকৈ

অধিক মধুৰ কৰি তোলে।

26)

যিয়ে মোক ভাল পাব বিচাৰে

মই তাক ভাল পাব নোৱাৰিলোঁ

যাক মই ভাল পাব বিছাৰিলো

তাক মই নিজৰ কৰিব নোৱাৰিলোঁ।

27)

কিমান আৰু বিফলতাৰ পথত দৌৰিম

বিফলতাৰ পথত সফলতাৰ খোজ দিম

মনত বিশ্বাস, শক্তি, আত্মসন্তুষ্টি আছে যেতিয়া

বিফলতাৰ শেষত নিশ্চয় সফলতাৰ হাঁহি মাৰিম।

28)

প্ৰেমৰ বিফলতাই কেতিয়াবা

আশীৰ্বাদ হৈ উঠে

যেতিয়া জীৱন, যৌৱনৰ আৰু কৰ্মৰ

প্ৰকৃত মহত্ব অনুধাৱন কৰি উঠে।

assamese dukhor status

29)

বিচ্ছেদ সদায় সকলোৰে বাবেই

দুখজনক মূহুৰ্ত

কিন্তু বিচ্ছেদ যেতিয়া প্ৰেমৰ হয়

হৃদয়ৰ অনুভূতিৰ মুক্ত

মৰ্মাহত মূহুৰ্ত।

30)

অন্তৰখন জুই দৰে জ্বলি উঠে

যেতিয়া তোমাৰ প্ৰতিশ্ৰুতি বোৰ

মনৰ স্মৃতিত ভাঁহি উঠে

পিছ মূহুৰ্তত মৃদু হাঁহি ভাঁহি আহে

ভাৱ হয় এতিয়া বাৰু কাৰ ওচৰত

প্ৰতিশ্ৰুতিৰ বানপানী বৈছে।

31)

যাৰ অনুভূতি নাই

তেওঁৰ হৃদয় নাই

তেওঁৰ সঁচা ভালপোৱা

মৰুভূমিৰ মৰীচিকাৰ দৰে।

32)

বহু ৰাতি পাৰ হল

তোমাৰ লগত কথা নপতা

কিন্তু এনে কোনো ৰাতি নাই

তোমাৰ কথা মনত নপৰা।

33)

চিনেমা কেতিয়াও অসম্পূৰ্ণকৈ নাচাও

বিশেষ কৈ প্ৰেমৰ চিনেমা

কাৰণ অসম্পূৰ্ণ প্ৰেম কাহিনী

মোৰ জীৱনটো হোৱাটো নিবিচাৰোঁ।

34)

যদি তোমাৰ আঙুলিত আঙুলি থৈ

তোমাৰ কাষত থাকিব পাৰোঁ

সেইয়াই মোৰ সৰ্ব শৰীৰত যথেষ্ট

তোমাৰ প্ৰেমৰ অনুভূতিৰ বাবে।

35)

মই দুখীয়া,

ই মোৰ বাবে সমস্যা নহয়

মই বিফল,

এইয়াও মোৰ বাবে সমস্যা নহয়

সমস্যা কেৱল তুমি মোৰ পৰা

আঁতৰি যোৱাটো,

কাৰণ দুখীয়া, বিফলতা নিমিত্ত মাত্ৰ

কিন্তু তুমি আঁতৰি গলে

মই প্ৰতিদিনে নিসংগ।

assamese romantic shayari

36)

তুমি মোৰ জীৱনৰ এটা অধ্যায়

মোৰ আৱেগেৰে খেলিলা,

অধ্যায়ৰ প্ৰতিতো পৃষ্ঠা, প্ৰতিটো শব্দ

কলুষিত কৰিলা।

কিতাপৰ দৰে হোৱা হলে

নিশ্চয় শুধৰণি কৰিলো হয়

নহলে পৃষ্ঠা খনে ফালি দিলোঁ হয়

যিহেতু নিজৰ জীৱনৰ পৃষ্ঠা

গোটেই জীৱনজুৰি কঢ়িয়াব লাগিব।

37)

পৃথিৱীৰ আটাইতকৈ সহজ কাম হল ভালপোৱা

পৃথিৱীৰ আটাইতকৈ কঠিন কাম হল ভালপোৱাক

জীৱনৰ অন্তিম সময়লৈকে পালন কৰা।

assamese love status

38)

প্ৰেম আৰু বিশ্বাস

একেদিনাই গঢ় নলয়

ঠিক সেইদৰে

প্ৰেমত ভুল বুজাবুজিৰ বাবে

একেদিনাই যথেষ্ট।

assamese whatsapp status

39)

দিন আহে দিন যায়

সময়ৰ সোঁত বেগাই যায়

কেতিয়াবা হাঁহি, কেতিয়াবা কান্দোন

জীৱন গতিৰথত হব নিদিওঁ ভাঙোন।

40)

দুখ হলে মোৰ

সুখ হলে কেৱল তোৰ

কাৰণ তোমাক সুখ দেখিয়ে

মই হম সকলোতকৈ সুখী।

assamese love status

41)

আকাশৰ বিশালতা

সাগৰৰ গভীৰতা

মোৰ বাবে নগণ্য

তোমাৰ প্ৰেমৰ অবিহনে

মোৰ জীৱন এক বৃহৎ শূণ্য।

assamese romantic shayari

42)

এতিয়া বৃষ্টি ৰোমান্টিক নালাগে

এতিয়া প্ৰেমৰ কবিতা অনুভূতিহীন

এতিয়া ৰোমাণ্টিক গীত অশাব্য

এতিয়া ৰোমাণ্টিক ফিল্ম আমনিদায়ক

এতিয়া প্ৰেমৰ প্ৰতি অদ্ভূত বিৰাগ

কাৰণ প্রতাৰণা

প্ৰেমৰ প্ৰতাৰণা

প্ৰেমৰ প্ৰতি বিতৃষ্ণা।

assamese sad shayari

43)

সময়

তোমাৰ সম্পূৰ্ণ জীৱনৰ সময়

দিব পাৰিবানে?

মোৰ লগত সম্পূৰ্ণ জীৱন

অতিবাহিত কৰিবলৈ

প্ৰেমৰ বান্ধোনেৰে

মৰমৰ অনুভূতিৰে

জীপাল কৰিবলৈ

দিব পাৰিবানে

তোমাৰ অমূল্য

সময়।

assamese shayari love story

44)

প্ৰেমত বহুত যুঁজিলো

বহুত আগবাঢ়ি গৈছিলো

একেৰাহে প্ৰেমৰ কবিতা

জীৱনত সংযোজিত কৰি গলো

খোজে প্ৰতি তোমাৰ মোৰ

সম্পৰ্কৰ চেতনা

সকলো সৰু বৰ সিদ্ধান্তত

তোমাৰ গুৰুত্বৰ অৱস্থিতি

মনৰ মাজত এক হৈছিলোঁ

বিনিময়ত পালোঁ এক বৃহৎ

অৱহেলা অৰ্থাৎ প্ৰতাৰণা

যাক ইংৰজীত নাম দিছা

Break up।

assamese love quotes

45)

Break up

তোমাৰ বাবে কি নাজানো

মোৰ বাবে

জীয়া সপোনত

মৰ্মান্তিক মোক্ষম আঘাত।

assamese love quotes

46)

এতিয়া

তোমাৰ কথা লিখিব গলে

শব্দৰ অভাৱ নহয়

অনুভূতিৰ অভাৱ হয়।

assamese romantic shayari

47)

অভিমান কৰিছা

ভাল কৰিছা

এয়াও প্ৰেমৰ এক

উপাদান।

কিন্তু

অৱহেলা নকৰিবা

এইয়া কেতিয়াও

প্ৰেমৰ অংশ হব নোৱাৰে।

love shayari assamese

48)

পূৰ্ণতা সদায় সুন্দৰ

সেয়া এক চিত্ৰই হওঁক

বা প্ৰেমেই হওঁক।

অানহাতে

অপূৰ্ণ সদায় মূল্যহীন

সেয়া চিত্ৰ বা প্রেমেই হওঁক।

assamese love shayari

49)

তুমি মোৰ প্ৰেম দেখিলা

কিন্তু অন্তৰৰ অনুভূতিবোৰ নেদেখিলা।

তুমি মোৰ ব্ৰেক আপৰ চকুলো দেখিলা

কিন্তু অন্তৰৰ দুখবোৰ নুবুজিলা।

assamese shayari love

Assamese Love shayari

50)

সময় বৰ নিষ্ঠুৰ

কাৰণ সময় গতিশীল

আপোচহীন স্বাৰ্থপৰ

সময়ৰ বাবে প্ৰিয়জন

সময়ত হয় চকুৰ কুটা

স্বাৰ্থপৰ আপোচহীন।

নিষ্ঠুৰ প্ৰিয়জন

নিষ্ঠুৰ সময়বোৰ

নিষ্ঠুৰতাৰে ভৰি পৰে

অসময়ৰ প্ৰিয় সময়বোৰ।

3 thoughts on “50+ দুখৰ, প্ৰেমৰ অসমীয়া শায়েৰী || 50+ Best Assamese Shayari on sad, love status”

Leave a Comment

Your email address will not be published. Required fields are marked *