5 বিনামূলীয়া আৰু আটাইটকৈ জনপ্ৰিয় Blogging প্লেটফৰ্ম || 5 Best Free Blogging Platform for make money

5 বিনামূলীয়া আৰু আটাইটকৈ জনপ্ৰিয় Blogging প্লেটফৰ্ম || 5 Best Free Blogging platform for make money

    প্ৰথমতে আপোনাক জনাই থব বিচাৰোঁ যে আপুনি যদি সম্পূৰ্ণ Professional হিচাপে Blogging আৰম্ভ কৰিব বিচাৰে তেন্তে free blog sites ত ৱেবচাইট বা ব্লগ আৰম্ভ নকৰাই ভাল। মই ব্যক্তিগত ভাৱে free blog sites আৰু Paid blogging platform দুয়োটাই প্লেটফৰ্ম ব্যৱহাৰ কৰোঁ। মই article ৰ শীৰ্ষত উল্লেখ কৰাৰ দৰে আজি আপোনালোকৰ আগত কেইটামান free Blogging platform ৰ বিষয়ে চিনাকি কৰাই দিব বিচাৰিছোঁ যাৰ দ্বাৰা আপুনি কিছু হলেও উপকৃত হব বুলি আশা ৰাখিলোঁ।

free Blogging platform

 


মই ওপৰৰ কথাখিনি এইকাৰণে আপোনালোকৰ আগত উল্লেখ কৰিছোঁ যাতে আপোনাৰ Begginer’s হিচাপে Blogging career ত কোনোধৰণৰ হানি নহওঁক। Blogging হৈছে এটা বৰ্তমান ডিজিটেল যুগৰ ভাল ব্যৱসায় বা পেছা। ইয়াৰ দ্বাৰা বহু লোকে বিভিন্ন ধৰণে ভাল অৰ্থ উপাৰ্জন (free Blogging platform to earn money) কৰিবলৈ সক্ষম হৈছে আৰু সকলোৰে ধন ঘটাৰ কৌশল ভিন্ন হব পাৰে।

   এতিয়া আহো কিয় free Blogging platform ত প্ৰফেচনেল ব্লগ আৰম্ভ কৰিব নালাগে। প্ৰথম কথা হল আপুনি ফ্ৰী প্লেটফৰ্ম ( free Blogging platform) সহায়ত ধন ঘটিব পাৰিব নাই? ইয়াৰ উত্তৰ হল নিশ্চয় পাৰিব । কিন্তু সকলো free বস্তুৰ বা সেৱাৰ কিছু সীমাবদ্ধতা থাকে, যাৰ ফলত আপুনি প্ৰথম অৱস্থাত কোনো ধৰণৰ অসুবিধা নাপালেও পৰ্যায় ক্ৰমে যেতিয়া আপোনাৰ ব্লগৰ পৰিসৰ বৃদ্ধি পাব তেতিয়া আপুনি ব্লগটো আগবঢ়াই লৈ যোৱাত অসুবিধা পাব। পিছৰ পৰ্যায়ত আপুনি paid service লবলৈ অৰ্থাৎ নিজা hosting কিনিবলৈ বাধ্য হব। সেয়েহে প্ৰথম অৱস্থাতে hosting ক্ৰয় কৰি Blogging আৰম্ভ কৰিলে আপুনি পাছৰ পৰ্যায়ত কোনোধৰণৰ অসুবিধা নাপাব।

   দ্বিতীয় কাৰণটো হল যেতিয়া আপুনি free Blogging platform প্লেটফৰ্ম ব্যৱহাৰ কৰিব তেতিয়া আপোনাৰ ব্লগটোৰ ownership কেতিয়াও দাবী কৰিব নোৱাৰে অৰ্থাৎ free Blogging platform প্লেটফৰ্ম প্ৰদান কৰা প্ৰতিষ্ঠান আপোনাৰ ৱেবচাইট বা ব্লগ টো যিকোনো মূহুৰ্তত বন্ধ কৰি দিব পাৰে যদিহে তেওঁলোকে বান্ধি দিয়া নীতি নিয়ম আপুনি follow নকৰে। আনহাতে নিজা hosting ক্ৰয় কৰি Blogging আৰম্ভ কৰিলে আপোনাৰ ব্লগ টোৰ ক্ষেত্ৰত কোনোধৰণৰ বাধ্য বাধকতা ( except Govt rules and regulations) নাথাকে আৰু নিজ পচন্দ অনুসৰি চলাব পাৰিব।

   এতিয়া আঁহো কোনে বা কি কাৰণত free Blogging platform ফ্ৰী প্লেটফৰ্ম ব্যৱহাৰ কৰিব পাৰিব। বৰ্তমান বহু লোকে free blog sites ফ্ৰী প্লেটফৰ্মত Blogging আৰম্ভ কৰি পিছৰ পৰ্যায়ত hosting ক্ৰয় কৰি Blogging জগতত যথেষ্ট সফল হৈছে। প্ৰায় বোৰ ব্লগাৰ প্ৰথম অৱস্থাত ফ্ৰী free platform ত blogging আৰম্ভ কৰে আৰু কিছু পৰিমাণে সফল হোৱাৰ পিছত free Blogging platform ফ্ৰী প্লেটফৰ্ম ত্যাগ কৰি Professional হিচাপে hosting ক্ৰয় কৰে। ফ্ৰী প্লেটফৰ্ম যোগেদি তেওঁলোকে আচলতে Blogging ক্ষেত্ৰ খনৰ বিষয়ে চিনাকি হোৱাৰ দৰে হয়। কেনেদৰে Blogging ৰ বিশাল জগতত আগবাঢ়ি যাব পাৰি আৰু বিশেষকৈ ব্লগ blog কেনেকৈ লিখিব লাগে আদি বিষয় বোৰ ৰ লগত চিনাকি হোৱাৰ দৰে হয়। SEO, Google ranking, keywords, Digital Marketing আদিৰ বিষয়ে এটা ধাৰণা লব পাৰিব। ফ্ৰী প্লেটফৰ্ম ( free Blogging platform) বোৰ সাধাৰণতে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে নতুন নতুন ব্লগাৰ (blogger) বোৰক blogging ৰ জগতত খোজ পেলাবলৈ। সেয়েহে আমি Blogging Platform ৰ free hosting প্ৰদান কৰা প্ৰতিষ্ঠান বোৰক চিনাকি কৰাই দিয়াটো এক প্ৰকাৰৰ দায়িত্ব হিচাপে ভাবো। ফ্ৰী প্লেটফৰ্ম বোৰে আপোনাক বিনামূল্যে hosting, domain name প্ৰদান কৰে আৰু লগতে CMS ও (content management system) প্ৰদান কৰে।

Free Blogging platform ত Blogging আৰম্ভ কৰাৰো কিছু advantage আছে। তাৰে কেইটামান তলত উল্লেখ কৰিছোঁ।
১) বিনামূলীয়া Domain name, hosting, CMS ৰ সুবিধা আছে।
২) Blogging ক্ষেত্ৰ খনত নিজৰ প্ৰতিভা ৰ বিষয়ে কিছু আভাস লব পাৰি।
৩) সম্পূৰ্ণ বিনামূলীয়া কৈ Blogging ক্ষেত্ৰ খনৰ লগত জৰিত হব পাৰি।
৪) বিনামূল্যে সেৱা গ্ৰহণ কৰাৰ ফলত কোনোধৰণৰ আৰ্থিক লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা নাথাকে।
৫) আপোনাৰ Blog লিখাৰ ক্ষেত্ৰত যথেষ্ট অভিজ্ঞতা অৰ্জন কৰিব পাৰিব। কেনেদৰে ব্লগ আৰম্ভ কৰিব লাগে বা কেনেদৰে ব্লগ পোষ্ট বোৰ অধিক আকৰ্ষণীয় কৰি তুলিব পাৰি তাৰ এটা আভাস পোৱা যায়।
৬) ভবিষ্যতে সম্পূৰ্ণ Professional Blog আৰম্ভ কৰাৰ ক্ষেত্ৰত ফ্ৰী প্লেটফৰ্ম ত কৰা কামৰ অভিজ্ঞতাই যথেষ্ট কামত আহে।

   এতিয়া আহোঁ মূল বিষয়বস্তু লৈ, যাৰ বিষয়ে আজি আলোচনা কৰিম। ফ্ৰী প্লেটফৰ্ম ত ব্লগ লিখাৰ বহুত প্লেটফৰ্ম আছে যদিও সকলো প্লেটফৰ্ম সুবিধা জনক নহবও পাৰে। সকলো প্লেটফৰ্ম ত বেলেগ বেলেগ সুবিধা আছে আৰু কি বিষয়ৰ ওপৰত Blog আৰম্ভ কৰিছে তাৰ ওপৰত অধিক নিৰ্ণয় কৰে।
তাৰে কেইটামান প্লেটফৰ্ম ( free Blogging platform) বিষয়ে তলত উল্লেখ কৰিলোঁ। আপুনি কোনটো প্লেটফৰ্ম ত ব্লগ লিখিবলৈ আৰম্ভ কৰিছে তলত comment ত জনাব।

১) Blogger ( Popular free Blogging platform)

   বিশ্বৰ প্ৰায় বোৰ ব্লগাৰৰ প্ৰথম Blogging Platform হল blogger.com. ই সম্পূৰ্ণ বিনামূলীয়া আৰু আটাইটকৈ জনপ্ৰিয় Blogging প্লেটফৰ্ম। Google ৰ দ্বাৰা পৰিচালিত blogger.com নতুন ব্লগাৰ বাবে আৰম্ভ কৰাত একেবাৰে সহজ। ইয়াত Blog আৰম্ভ কৰিবলৈ কেৱল এটা Gmail ID হলেই যথেষ্ট আৰু ভবিষ্যতে Custom Domain name add কৰিব পাৰি। বৰ্তমান blogger.com আন free Blogging platform ত কৈ কিছু আউ পুৰণি লাগিলেও ই এটা ব্লগ আৰম্ভ কৰাত আৰু আগবঢ়াই নিয়াত যথেষ্ট। Blogger.com ৰ Blog অধিক সুৰক্ষিত আৰু ৱেবচাইট loading Speed ভাল।
Blogger.com ত কেনেকৈ ব্লগ create কৰিব অাৰু settings ঠিক কৰিব অসমীয়াত জানিবলৈ ইয়াত ক্লিক কৰক।

২) WordPress.com (High quality, Support Assamese language)
WordPress.com হৈছে ফ্ৰী প্লেটফৰ্মৰ ( free Blogging platform) ভিতৰত অধিক আধুনিক আৰু উন্নতমানৰ user interface প্ৰদান কৰা প্ৰতিষ্ঠান। এটা সুন্দৰ ৱেবচাইট বিনামূল্যে ব্যৱহাৰ কৰিব বিচাৰে আৰু Professional look দিবৰ বাবে WordPress.com এটা নিৰ্ভৰ যোগ্য প্লেটফৰ্ম। আপুনি হয়টো WordPress বুলি কোৱাৰ লগে লগে WordPress.com অাৰু WordPress.org মাজত Confused হব পাৰে। ইয়াত উল্লেখ কৰিব বিচাৰো যে WordPress.com ৰ Hosting আৰু Domain name সম্পূৰ্ণ বিনামূলীয়া আনহাতে WordPress.org ত Blog আৰম্ভ কৰিবলৈ আপোনাৰ নিজা Domain name আৰু Hosting থকাটো নিতান্তই প্ৰয়োজনীয়। WordPress.com ত আপুনি ভবিষ্যতে আপোনাৰ নিজা custom domain name ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ বাবে আপোনাৰ free plan upgrade কৰিব লাগিব। WordPress.com ত বহু ব্লগাৰে নিজৰ custom domain name ব্যৱহাৰ কৰি professional ব্লগ চলাই আছে। আপুনিও WordPress.com ব্যৱহাৰ কৰি চাব পাৰে যিহেতু ই সম্পূৰ্ণ বিনামূলীয়া।

৩) Wix.com ( Beautiful look)
Wix.com মূল সুবিধা হৈছে ইয়াৰ আকৰ্ষণীয় Template সমূহ। Wix.com ত থকা template সমূহ আপুনি নিজৰ সুবিধা অনুসৰি আৰু প্ৰয়োজন অনুসাৰে সহজে Coding ৰ বিশেষ জ্ঞান নাথকিলেও edit কৰিব পাৰিব। ইয়াত আপুনি e-commerce ৱেবচাইটও সহজে আৰম্ভ কৰিব পাৰিব। wix.com free blogging website প্লেটফৰ্ম হয় যদিও ইয়াৰ কেইবাটাও paid plan আছে আৰু upgrade কৰি গলে অধিক সুবিধা লাভ কৰিব পাৰিব। Wix.com ৰ paid plan সমূহ প্ৰতিমাহে ৮০ টকাৰ পৰা আৰম্ভ হয় ।

4) Weebly.com ( Another Good websites for Blogging)
Weebly.com Free Blogging Platform হিচাপে আন free প্লেটফৰ্মত কৈ কম জনপ্ৰিয় যদিও বহু লোকে এই প্লেটফৰ্ম ব্যৱহাৰ কৰি আহিছে। এই প্লেটফৰ্ম আপোনাৰ বাবে free আৰু paid plan দুয়ো ধৰণৰ সেৱা আগবঢ়াই। ব্যৱহাৰ কৰা লোকৰ সংখ্যা কম যদিও আন ফ্ৰী প্লেটফৰ্ম সেৱা প্ৰদান কৰা প্ৰতিষ্ঠানত কৈ কোনো গুণে কম নহয়, বৰঞ্চ ই অধিক ব্যৱহাৰ উপযোগী। ইয়াত আপুনি wix.com ৰ দৰে সুন্দৰ ৱেবচাইট template আৰু e-commerce ৱেবচাইটৰ সুবিধা হোৱাকৈ সকলো খিনি সুবিধা লাভ কৰিব। ইয়াৰ paid plan $5 পৰা আৰম্ভ হয়। Weebly ত কেনেদৰে ব্লগ আৰম্ভ কৰিব আৰু settings কেনেদৰে ঠিক কৰিব পাৰিব জানিবলৈ ইয়াত ক্লিক কৰক।

৫) squarespace.com ( Dedicated for Photographer and GD)
Squarespace.com নামটো হয়টো আপোনালোকে শুনা যায়। মই এই ৱেবচাইটটো সেইসকল লোকৰ বাবে বিশেষকৈ উল্লেখ কৰিছোঁ যিসকল লোকৰ Photography, graphics designing আদিৰ প্ৰতি ৰাপ আছে আৰু অনলাইন ফটো sell কৰিব বিচাৰে। এই প্লেটফৰ্ম ফ্ৰী হয় বুলি নকওঁ কাৰণ এই প্লেটফৰ্ম ভালকৈ ব্যৱহাৰ কৰিবলৈ আপুনি paid plan ক্ৰয় কৰিবই লাগিব যত আপুনি Domain name free ত এটা বছৰৰ বাবে পাব। মই free প্লেটফৰ্ম হিচাপে উল্লেখ কৰাৰ একমাত্ৰ কাৰণ হল ইয়াৰ ১৪ দিনৰ trial period আৰু request কৰিলে পুনৰ ৭ দিনৰ বাবে trial period বঢ়াই দিয়ে। মই ভাবোঁ আপোনাৰ Professional Photo বা গ্ৰাফিক্স বোৰ বিক্ৰী বা promotion কৰিবৰ ই এটা উপযুক্ত প্লেটফৰ্ম। Squarespace.com ৰ Paid plan $12 পৰা আৰম্ভ হয়। ইয়াত ফটো ষ্টক কৰি ৰাখিবৰ বাবে unlimited storage পোৱা যায় আৰু সহজে sell কৰাৰ সুবিধা আছে।

    ওপৰত উল্লেখ কৰা free blogging websites বোৰৰ বিষয়ে পঢ়ি কেনে পালে জনাব। Free Blogging প্লেটফৰ্ম আন বহুতো আছে যিবোৰ বৰ্তমান মূহুৰ্তত বেছি জনপ্ৰিয় হোৱা নাই বা ভালদৰে সেৱা আগবঢ়াব পৰা নাই সেয়েহে ইয়াত আলোচনা কৰা হোৱা নাই। আনহাতে এনে কিছু ৱেবচাইট আছে যত আপুনি কোনোধৰণৰ নিজা domain name বা Hosting ব্যৱহাৰ নকৰাকৈ Blogging আৰম্ভ কৰিব পাৰে আৰু আৰ্থিক ভাৱে লভাম্বিত হব পাৰে। তেনে Blogging প্লেটফৰ্ম ৰ বিষয়ে পাছৰ পৰ্যায়ত আলোচনা কৰিম। আপুনি বৰ্তমান কোনটো free blogging platform ব্যৱহাৰ কৰি আছে বা কৰিছিলে বা কৰাৰ কথা ভাবি আছে তলৰ comment box ত নিচ্চয়কৈ জনাব ধন্যবাদ।

(ওপৰত উল্লেখ কৰা কিছুমান লিংক affiliate link হব পাৰে। এনেধৰণৰ লিংকত ক্লিক কৰি আপুনি নিৰ্দিষ্ট ৱেবছাইটৰ Product ক্ৰয় কৰিলে আমি কিছু Commision আদায় পাওঁ। এনে commission ৰ ফলত আপোনাৰ Product ৰ মূল্যৰ ক্ষেত্ৰত কোনোধৰণৰ প্ৰভাৱ নপৰে।)

Leave a Comment