100+ নৱবৰ্ষৰ শুভেচ্ছা, শুভ কামনা Status Caption || Assamese Happy New Year Wishes Status

Assamese Happy New Year Wishes Status || নৱবৰ্ষৰ শুভেচ্ছা, শুভ কামনা Caption

Assamese Happy New Year wishes status

চাওঁতে চাওঁতে প্ৰকৃতিৰ নিয়ম অনুসৰি পুনৰবাৰ এটা বৰ্ষ বিদায় দিয়াৰ দিন সমাগত। এই বৰ্ষটো বিদায় জনাবই লাগিব কাৰণ এই বৰ্ষ বিদায় জনালেহে এটা নতুন বৰ্ষ আমাৰ মাজত আহি পৰিব। নতুন বৰ্ষ ৰ আগমনে আমাৰ সকলোৰে মনবোৰ ন উদ্যমেৰে নতুন আশা মনত পুহি নতুন সপোন বোৰ পূৰ্ণ কৰিব বিচাৰো। এনে সময়তে আমাক প্ৰিয়জনে শুভেচ্ছা আৰু শুভ কামনা জনালে আমি নথৈ আনন্দিত হওঁ। সেইদৰে আমি আনক শুভেচ্ছা জনালেও আনে ভাল পায় আৰু নিজেও আনন্দিত অনুভৱ কৰোঁ। সেয়েহে নতুন বৰ্ষৰ বাবে সকলোৰে মাজত এটা Positive মন গঢ় লবলৈ নিজৰ বন্ধু বান্ধৱী আৰু শুভকাংশী সকলক Wish কৰোঁ আহক।

তলত নিজৰ বন্ধু বান্ধৱী, পৰিয়ালৰ সদস্য, প্ৰিয়জনক আদিক শুভেচ্ছা জনোৱাৰ কেইটামান প্ৰতিষ্ঠানৰ Status উল্লেখ কৰিলোঁ। আশা কৰোঁ আপোনালোকৰ মতামত তলত comment কৰি আছে জনাব।

Assamese Happy New Year || Happy New Year Wishes in Assamese || নৱবৰ্ষৰ শুভেচ্ছা বাণী 2021 || নৱবৰ্ষৰ শুভেচ্ছা 2021|| নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা || নৱবৰ্ষৰ শুভকামনা

বিগত বৰ্ষৰ মধুৰ মূহুৰ্ত বোৰ স্মৃতিৰ মণিকুঠত ৰাখি নৱবৰ্ষত নতুন আশাৰে নতুন উদ্যমেৰে আগবঢ়াৰ হেঁপাহেৰে নতুন বছৰৰ হিয়াভৰা শুভ কামনা জনালোঁ।

পাৰ হৈ যোৱা বৰ্ষলৈ উভতি চাই আৰু নতুন বৰ্ষত ভৰি দিওতে দিয়া খোজটোয়ে সপোন বোৰ পূৰণ কৰোঁতে আগবাঢ়ি যাবলৈ সাজু হৈছোঁ। নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ।

নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালো। আশা কৰোঁ আগন্তক নৱবৰ্ষ ত তোমাৰ সকলোঁ বোৰ সপোন পূৰ্ণ হওঁক আৰু বছৰ টো সুকলমে পাৰ হওঁক।

এই নতুন বছৰ ত তোমাৰ সকলোবোৰ জীৱনৰ লক্ষ্য ত উপনীত হব পাৰিবলৈ শুভ কামনা জনালোঁ। Happy New Year

নতুন বৰ্ষৰ নতুন পোহৰে তোমাৰ জীৱনত সেই সমূহ উপহাৰ কঢ়িয়াই আনক যিবোৰ তুমি কতো ক্ৰয় কৰিব নোৱাৰা। সেইবোৰ হৈছে মনৰ শান্তি, তোমাৰ উন্নতি, ভাল স্বাস্থ্য, আশীৰ্বাদ আৰু আটাইতকৈ প্ৰয়োজনীয় সকলোৰে মৰম। Happy New Year

কেৱল নতুন বছৰটো ভাল হওঁক বুলি আশা কৰিলে নহব, ভাল হোৱাৰ চেষ্টা কৰি এটা জীৱনৰ অন্যতম বৰ্ষ হিচাপে গঢ়ি তুলিব লাগিব। নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

নতুন বৰ্ষৰ শুভেচ্ছা আৰু অভিনন্দন জনালো। আশা কৰোঁ নৱবৰ্ষৰ প্ৰতিটো দিনেই স্মৰণীয় হৈ ৰওক আৰু সুখেৰে উপচি পৰক।।

হা হা হা

নতুন বৰ্ষটো মই এটা হাঁহিৰে আৰম্ভ কৰিছোঁ। আৰু আপুনি?

আশা কৰোঁ আপোনাৰ পৰিয়ালৰ সকলোৰে হাঁহিৰে নতুন বৰ্ষটো আৰম্ভ হৈ আৰু হাঁহিৰে শেষ হওঁক। নৱবৰ্ষৰ শুভকামনা জনালোঁ।

নতুন বৰ্ষৰ নতুন সংকল্প মই লৈছোঁ। নতুন সংকল্প বোৰ পূৰণ কৰাত আপোনালোকৰ আশীৰ্বাদ আৰু মৰম অত্যন্ত প্ৰয়োজন। Happy New Year

পুৰণিক বিদায় দি নতুনক আদৰাটো প্ৰকৃতিৰ নিয়ম। সেই নিয়মকে পুনৰাবৃত্তি কৰি বিগত বৰ্ষক বিদায় জনায় নতুন বৰ্ষক আদৰণি জনাইছোঁ।

2020 চনৰ কণ্টকময় দিনবোৰ পুনৰায় ঘূৰাই নাহক, তাৰে আশাৰে 2021 চনৰ বাবে শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ।

নতুন শব্দই হৈছে এটা আশা, এটা উৎসুকতা। নতুন বৰ্ষৰ সেই আশা আৰু উৎসুকতা জীয়াই ৰাখক। Happy New Year

Assamese Happy New Year || Happy New Year Wishes in Assamese || Happy New Year wishes for friends || Happy New Year wishes for my love || Happy New Year wishes for family

এই নৱবৰ্ষৰ বিশেষ দিনটোত মোৰ বিশেষ বন্ধুলৈ বিশেষভাৱে মোৰ ফালৰ পৰা উপহাৰ আগবঢ়াব বিচাৰোঁ। সেয়া হৈছে মোৰ চৰ্তহীন আজীৱন বন্ধুত্ব আৰু মৰম।

আনে কোৱা শুনো পুৰণি বস্তুৰ আদৰ সময়ৰ লগে লগে কমি যায় যিদৰে পুৰণি হল যোৱা বছৰটোৰ দিনবোৰ। আশাকৰোঁ আমাৰ বন্ধুত্ব যোৱা বছৰটোত কৈ অধিক গাঢ় হওঁক আৰু অধিক সুখ ময় হওঁক। তাৰে কামনাৰে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

সময় আহিব আৰু যাব কাৰণ সময় গতিশীল, সেইদৰে বছৰ আহিব আৰু যাব, কাৰণ সময় কাৰো বাবে অপেক্ষা নকৰে, কিন্তু আমাৰ বন্ধুত্ব এবাৰেই আহিলে, যোৱা নাই আৰু কেতিয়াও যাব নিদিওঁ। কাৰণ সেয়া হৈছে আমাৰ প্ৰতিশ্ৰুতি, আমাৰ আৱেগ আমাৰ বিশ্বাস। Happy New Year

যোৱা বছৰত তোমাৰ যি হল তাক লৈ দুখ নকৰিব, মাত্ৰ ভাবি লোৱা নতুন বৰ্ষটো তোমাৰ আৰু তোমাৰ বাবেই আহিছে। Work hard, stay positive, and know that there are people like me who are pulling for you.

যদি তুমি যোৱা বছৰ তো তোমাৰ বাবে বেয়া আছিল তেন্তে ধৰি লোৱা সেই বৰ্ষ টো তোমাৰ নাছিল। এতিয়া তোমাৰ কাম হব নতুন বৰ্ষ টো তোমাৰ কঠিন শ্ৰম আৰু শক্তিশালী মানসিক স্থিতিৰ দ্বাৰা নিজৰ কৰি লোৱা। Happy New Year

বিগত বৰ্ষৰ কঠিন সময় বোৰ আমি সকলোৱে পাৰ কৰিব পাৰিলেও আমি কিছু চাপত ভুগি থাকিব লগা হল। এই কঠিন সময়বোৰ আগন্তুক বৰ্ষ ই নোহোৱা কৰক, আকাশৰ কলীয়া ডাৱৰ বোৰ বৃষ্টি পাতেৰে আঁতৰি যাওঁক। নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ।

মোৰ নতুন বৰ্ষৰ সংকল্প হল তোমাৰ দৰে ব্যক্তিত্বৰ অধিকাৰী হোৱা। Happy New Year to one of the best people I know.

আগন্তুক নতুন বছৰ মোৰ বাবে নিশ্চিত ভাৱে Best Year হব। কাৰণ তুমি মোৰ লগত অতিবাহিত কৰা প্ৰতিটো পলেই Best Moment । নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ My Love।

তুমি মোৰ লগত থাকিলে সময় বোৰ কেনেদৰে পাৰ হয় অনুধাৱন কৰিব পৰা নাযায়। সেয়েহে কিজানি যোৱা বছৰটো সোনকালে পাৰ হোৱা যেন লাগিল। Happy New Year

নতুন বৰ্ষৰ বাবে তুমি কোনো ধৰণৰ সংকল্প লোৱাৰ প্ৰয়োজন নাই, কাৰণ তুমি মোৰ বাবে Perfect।

নৱবৰ্ষৰ শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ।

2020 বৰ্ষ টো মানৱ জাতিৰ বাবে দুঃ সময় যদিও আমাৰ বাবে এক বিশেষ বৰ্ষ হৈ ৰব কাৰণ এই বৰ্ষ টোতে আমি একেলগে অধিক সময় পাৰ কৰিলোঁ।

Assamese Happy New Year wishes status || Happy New Year Wishes in Assamese || Happy New Year wishes Quotes, Messages ||Happy New Year wishes for best friend

নৱবৰ্ষৰ নৱ আলোকেৰে ন ৰূপত মানৱতাৰ সম্প্ৰীতিৰ এনাজৰীডাল আৰু অধিক শক্তিশালী হ‌ওঁক। নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ।।

আমাৰ তৰফৰ পৰা আমাৰ পৰিয়ালৰ বন্ধু বান্ধৱী, পূজনীয় জেষ্ঠজন আৰু কণিষ্ঠজন সকলোলৈ মৰম আৰু নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো।

সমূহ অসমবাসীলৈ আগন্তুক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিগত দিনবোৰৰ দৰে এইবাৰো ইংৰাজী নৱবৰ্ষৰ শুভ ক্ষনত আপোনালৈ অাৰু আপোনাৰ পৰিয়াল লৈ অধিক সুখ আৰু উন্নতি কামনা কৰিলো।

যোৱা বছৰৰ ভয় শংকা এক দু স্বপ্ন ভাবি

অনাগত বছৰৰ বাবে সাজু হওঁ আহক ।

নতুন বৰ্ষত ন উদ্যমেৰে ন জীৱনৰ

কৰ্ম কৰি যাওঁ আহক। ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

সকলো বন্ধু বান্ধৱ, দাদা, বাইদেউ, ভাইটি ভন্টি আদি কৰি সমগ্ৰ অসমবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা জনালো।

সকলো জেষ্ঠজনলৈ সেৱা আৰু অগ্ৰজ, অনুজ ভাতৃ, ভগ্নী, বন্ধু, বান্ধবী সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ অশেষ শুভেচ্ছা আৰু শুভকামনা।

গতিশীল সময়ৰ বোকোচাত উঠি পাৰ হৈ গ’ল সমগ্ৰ মানৱ জাতিৰ বাবে শতিকাৰ এটি দুস্বপ্নৰ বছৰ। নতুন বৰ্ষত নতুন আশা বুকুত বান্ধি খোজ দিবলৈ আগ বাঢ়ি যাব বিচাৰো। আশায়েই হৈছে মানুহৰ জীৱনৰ জীয়াই থকাৰ প্ৰেৰণা, আশা নথকা হলে পৃথিৱীখন ইমান সুন্দৰ কেতিয়াও নহ’ল হয়, তেনে বহু আশা অনাগত দিনবোৰত সুখে শান্তিৰে বাস্তৱায়িত কৰাৰ হেঁপাহেৰে আজি নৱবৰ্ষটিক আদৰিবলৈ ওলাইছো।

সকলোটিলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।

 

Assamese Happy New Year || Happy New Year Wishes in Assamese || Happy New Year Wishes to loved ones || Happy New Year Wishes for teacher

সকলো দেশবাসীলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ! বছৰটোৰ প্ৰথম দিনৰ পৰাই আপোনালোকৰ জীৱন সুন্দৰ আৰু সুখীময় হওঁক।

বছৰটোৰ সকলো কৰ্মত সফলতাৰ চিৰি বগাওক আৰু সকলোৰে বাবে সুখ শান্তি কঢ়িয়াই আনক।

যোৱা বছৰৰ দৰেই এই নতুন বছৰটো পাৰ হৈ যাব। মাত্ৰ বিচাৰোঁ নতুন বছৰ টো যোৱা বছৰ দুখবোৰ নিদিব আৰু সকলো প্ৰত্যাহ্বান হেলাৰঙে যুঁজিবলৈ সাহস দিব বুলি ভগৱানক প্ৰাৰ্থনা জনাইছোঁ। নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

নৱবৰ্ষৰ মোৰ সংকল্প নতুন উদ্যমেৰে, নতুন চিন্তধাৰাৰ নীতিৰে।

সপোন দেখিম, কিন্তু অকলে।

হৃদয়ৰ পৰা সিদ্ধান্ত বোৰ লৈ কামবোৰ মগজুৰ দ্বাৰা কৰিম।

ব্যৰ্থতা বোৰ মোৰ বাবে এক নতুন শিক্ষা।

আনক বিশ্বাস কৰিম কিন্তু তেওঁ সেয়া হব সীমিত।

যুঁজ দিম অকলে, হাঁহি বিৰিঙাম সকলোৰে।

Assamese Happy New Year status

মোৰ সকলো শুভাকাংক্ষী লগতে ফেচবুকৰ বন্ধুৰ তালিকাত থকা সকলোলৈকে আগতীয়াকৈ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নতুন বছৰটোৱে আপোনাসৱলৈ কঢ়িয়াই লৈ আনক অনেক সুখ-সমৃদ্ধিৰ বতৰা।

নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা আৰু শুভকামনা জনালোঁ। আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ আটাইলৈ নৱ বৰ্ষত অধিক সুখ আৰু সফলতা কঢ়িয়াই আনক। আমাৰ ইজনে সিজনৰ প্ৰতি থকা আত্মীয়তা আৰু মৰমৰ বান্ধোনবোৰ যুগমীয়া হৈ কুশলে থাকক। লগতে ভগৱানে সকলোৰে মংগল সাধন কৰক।

বিশ্বৰ বিভিন্ন প্ৰান্তত নতুন বৰ্ষটোক আদৰাৰ বাবে আৰম্ভ হৈছে জাক জমকীয়া আয়োজন। সমানে আৰম্ভ হৈছে নৱবৰ্ষৰ শুভেচ্ছা জনোৱাৰ উৎসাহ উদ্দীপনা। মইও মোৰ সকলো বন্ধু বান্ধৱীলৈ নৱ বৰ্ষৰ শুভেচ্ছা বাৰ্তা জনালোঁ।

নতুন বছৰৰ, নতুন ক্ষণত এয়া যেন সকলোৰে বাবে হয় এক শুভ আৰম্ভণি। অলেখ অযুত সপোন আৰু পৰিকল্পনাৰে নতুন বছৰটো সকলোৰে বাবে শুভ হওঁক তাৰেই কামনাৰে

ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনালোঁ । নতুন বৰ্ষৰ প্ৰথম দিনটোৰ পৰাই কঢ়িয়াই আনক শান্তি, সম্প্ৰীতি আৰু প্রগতিৰ বতৰা।

Assamese Happy New Year || Happy New Year Wishes in Assamese || নৱবৰ্ষৰ শুভেচ্ছা || অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা || ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা || 

নসূৰুযে কঢ়িয়াই আনক সকলোৰে বাবেই নতুন আশাৰ ৰেঙণি।

ৰামধেনুৰ সাতোৰঙি ৰঙৰ দৰে ৰঙীণ হ’ক সকলোৰেই জীৱন।

পৰিবৰ্তন হ’ল মাথো সেই পুৰণি কেলেণ্ডাৰ খনৰ।

সেইখনৰ দৰে যাতে আমাৰ জীৱনৰ কেলেণ্ডাৰ খনতো যাতে,

দিনবোৰ সলনি কৰিব পাৰো তাৰেই আশাৰে আলিংগন কৰিছো নসূৰুযক।

জনাইছো সকলোকে ইংৰাজী নৱবৰ্ষৰ অলেখ-লেখ শুভেচ্ছা।

আমাৰ পৰিয়ালৰ তৰফৰ পৰা সকলো বন্ধু-বান্ধৱী আৰু শুভাকাংশীলৈ ইংৰাজী নববৰ্ষৰ হিয়াভৰা শুভেচ্ছা তথা আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা যাঁছিলো।

কেইটামান মূহুৰ্তৰ পাছতেই আহি যাব নতুন এটা  বছৰ। আহি থকা নৱবৰ্ষটোত সকলোলৈ হাঁহি আনন্দ বিৰাজ কৰক তাৰেই কামনাৰে সকলোলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ…!

আপোনালোকৰ শুভাশীষ শিৰত লৈ আমি হাতত হাতধৰি আগুৱাই যাওঁ আহক ।

আগন্তক বছৰটি সকলোৰে বাবে আনন্দময় হৈ পৰক সুমধুৰ হৈ পৰক । সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ ।

সকলোলৈ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷ নতুন বছৰৰ প্ৰতিটো ক্ষণেই কঢ়িয়াই আনক আনন্দ, সুখ, শান্তি আৰু প্ৰগতি

অসমবাসী লৈ ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জনালো | সকলোৰে আগন্তক দিন বোৰ সুন্দৰ ভাৱে পাৰ হৈ যায়  তাৰেই কামনাৰে

বেয়া দিনবোৰ বিয়োগ হওঁক

ভাল দিনবোৰ যোগ হওঁক

আশা বোৰ পূৰণ হওঁক

দূখবোৰ হৰণ হওক

তাৰে কামনাৰে

ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৷

ধন্যবাদ ।।

1 thought on “100+ নৱবৰ্ষৰ শুভেচ্ছা, শুভ কামনা Status Caption || Assamese Happy New Year Wishes Status”

Leave a Comment