300+ অসমীয়া ভাষাৰ খণ্ড বাক্য, জতুৱা ঠাঁচ || 300+ Popular Assamese Idioms and Phrases with meaning

অসমীয়া ভাষাত খণ্ড বাক্য, জতুৱা ঠাঁচৰ ব্যৱহাৰ আৰু ভাষাৰ সুন্দৰতাত গুৰুত্বপূৰ্ণ ভূমিকা আছে। জতুৱা ঠাঁচৰ ব্যৱহাৰৰ ফলত অসমীয়া ভাষাৰ প্ৰকাশ ভংগীত সোণত সুৱগা চৰাৰ দৰে হয়। অসমীয়া ভাষাৰ খণ্ড বাক্য, জতুৱা ঠাঁচ (Assamese Idioms and Phrases) আদিৰ কেইটা মান উদাহৰণ অৰ্থৰ সৈতে তলত উল্লেখ কৰা হৈছে। আশা কৰো আপোনালোকৰ কিছু সুবিধা হব। এই সকলোবোৰ খণ্ড বাক্য, জতুৱা ঠাঁচ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। আপোনালোকৰ ওচৰত যদি ইয়াত উল্লেখ নকৰা খণ্ড বাক্য আৰু জতুৱা ঠাঁচ আছে তেন্তে তলৰ comment box ত জনাবলৈ অনুৰোধ জনালোঁ।

অসমীয়া জতুৱা ঠাঁচ আৰু খণ্ড বাক্য অৰ্থৰ সৈতে

Assamese Idioms and Phrases with meaning

১)গছত তুলি গুৰি কটা ( উৎসাহ দি পাছত ঠগা)
২)টুপাই বুৰ মৰা ( মিছা কোৱা)
৩) দুখ কুলাই পাচিয়ে নধৰা ( অতি দুখ হোৱা)
৪) তৰা নৰা ছিঙা ( খৰধৰকৈ)
৫) বিজুলী সঞ্চাৰে ( তৎক্ষণাৎ)
৬) আটোম টোকাৰি ( পৰিপাটি)
৭) চকুৰে সৰিয়হ ফুল দেখা ( অতি মাৰ খোৱা, ধোৱা কোৱা দেখা)
৮) উলুৰ লগত বগৰী পোৰা ( দোষী ৰ লগত নিৰ্দোষী য়ে শাস্তি পোৱা)
৯) বিধি পথালি দিয়া ( কোনো শুভ কামত বাধা জন্মোৱা
১০) ৰৈ বৈ যোৱা ( পৰ্যাপ্ত পৰিমাণে হোৱা)
১১) বিনা মেঘে বজ্ৰপাত ( অবিশ্বাস্য ঘটনা সংঘটিত হোৱা)
১২) হাড়ক মাটি কৰা ( অতিশয় শ্ৰম কৰা)
১৩) মূৰত আকাশী সৰগ ভাঙি পৰা ( হঠাৎ ডাঙৰ বিপদত সম্মুখীন হোৱা)
১৪) হাড়ত বন গজা ( বহুদিন আগতেই মৃত্যু হোৱা)
১৫) শেনৰ এজাত ( অতি চতুৰ)
১৬) পানীৰ ঔটেঙা ( অস্থিৰ)
১৭) থৰ কাছুটি হেৰুওৱা ( বিতত হোৱা)
১৮) নপতা ফুকন (নিজা কেৰমটালি কৰা লোক)
১৯) গাখিৰতে মহৰ খুঁটি ( সুখৰ উপৰি সুখ)
২০) আকাশত চাং পতা ( অলীক কল্পনা কৰা)
২১) হাত দীঘল ( পৰাক্ৰমী, ক্ষমতাশালী)
২২) বিনা মেঘে বজ্ৰপাত ( অথন্তৰ, দুৰ্যোগ)
২৩) চকু চৰহা ( পৰ শ্ৰী কাতৰ )
২৪) শহাকণীয়া ( সিয়ান)
২৫) খাই পাত ফলা ( উপকাৰৰ শলাগ নোলোৱা, অকৃতজ্ঞ)

অসমীয়া ভাষাৰ খণ্ড বাক্য, জতুৱা ঠাঁচ (Assamese Idioms and Phrases)

২৬) কেৰেলাতকৈ গুটি দীঘল ( অসম্ভৱ কথা)
২৭) ভালুকৰ হাতী ( অনৰ্থক বোজা)
২৮) কটা ঘাত চেঙা তেল দিয়া ( কষ্টৰ ওপৰত কষ্ট দিয়া)
২৯) টুপাই বুৰ মৰা ( প্ৰতিশ্ৰুতি দি পাছত নৰখা)
৩০) গাই বা চা ( যত্ন কৰি চা)
৩১) কঁকাল বান্ধ ( যুঁজলৈ সাজু হ)
৩২) ন দি ক ( উঠি ক)
৩৩) ঘৰ পাত ( বিয়া বাৰু কৰোৱা)
৩৪) ভাত মৰা ( জীৱিকাৰ উপায় নোহোৱা)
৩৫) পেট ভাটৌ ( কপ টিয়া )
৩৬) গা এৰা দে ( কোনো বিষয়ৰ পৰা আঁতৰি ফুৰা)
৩৭) পেট ল ( চল কৰি মনৰ ভাৱ জনা)
৩৮) কাণ ফটা ( নিলাজ)
৩৯) নাক কটা যোৱা ( বদনাম হোৱা)
৪০) ঘৰ গোনো ( সদায় ঘৰত থকা)
৪১) বাট কুৰি বাই ( ঘনে পতি অহা যোৱা কৰা)
৪২) চিলিম চিগ ( মুদা মৰ)
৪৩) মন বান্ধ ( আকাংক্ষা এৰা)
৪৪) কঁকাল ভঙা ( দুৰ্বল হোৱা)
৪৫) মুখ পাত ( কথাৰে ফেপেৰি পাত)
৪৬) চকুত লগা ( দেখনিয়াৰ)
৪৭) কপাল ধো ( আশা এৰা)
৪৮) দাঁত কৰচা ( খঙত দাঁতেৰে শব্দ কৰা)
৪৯) কাণ বাগৰা ( লোকৰ মুখে শুনা)
৫০) মুৰ দি উঠা ( উদগতি কৰা, উন্নতি কৰা)

Assamese Idioms and Phrases with meaning

৫১) আলাসৰ লাৰু ( অতি মৰমৰ)
৫২) ধোদৰ পচলা ( এলেহুৱা লোক)
৫৩) চালে চকু ৰোৱা ( শুৱনি )
৫৪) চকুত টোপনি নহা ( ইৰ্ষাপৰায়ণ )
৫৫) ঊনৈশ ত বা বলা ( উদণ্ড হোৱা)
৫৬) আওমৰণে মৰা ( বৰ দুখেৰে মৰা)
৫৭) ডলাৰ বগৰী ( বাগৰি ফুৰা)
৫৮) আকালত ভাত ( বিপদত সহায়)
৫৯) নিৰিহ নিপানি ( পানী নথকা)
৬০) অজীন পাতকী ( দন্দুৰা মানুহ)
৬১) হাড় লৈকে চিনা ( ভালকৈ চিনা)
৬২) মনৰ বাঘে খোৱা ( কাল্পনিক ভাৱত আতুৰ হোৱা)
৬৩) শহা কনীয়া ( সৰুকৈ কলেও শুনা)
৬৪) কাণ শৰালি মৰা ( নিষ্ক্ৰিয় ভাৱে থকা)
৬৫) বুকু জুৰোৱা ( মনত সান্ত্বনা দিয়া)
৬৬) দাঁতে ওঁঠে নলগা ( কাজিয়া নলগা)
৬৭) চকুৰ কুটা দাঁতৰ শূল ( ঘোৰ শক্ৰ)
৬৮) চকু মুদা কুলি ( ভাও ধৰি থকা)
৬৯) মূৰে ভৰি কঢ়া ( অপ্ৰান চেষ্টা কৰা)
৭০) ঢৌতে খৰ মৰা ( লৰালৰি কৰা)
৭১) জয় দেউ কাকুতি ( কাকুতি মিনতি কৰা, বৰকৈ খাতনি ধৰা)
৭২) অমাতৰ মাত ( মৰমৰ মাত)
৭৩) কলমৰ খােচ ( লিখিত কথা, আদেশ)
৭৪) কাল শক্ৰ ( দুৰ্ঘোৰ শক্ৰ)
৭৫) কালিকা লগা ( মাহাত্ম্য লগা)

অসমীয়া ভাষাৰ খণ্ড বাক্য, জতুৱা ঠাঁচ (Assamese Idioms and Phrases)

৭৬) ক্রিয়াহীন বামুন ( অনাচাৰী বামুন)
৭৭) খৰচি মৰা (ভাঙ্গিপাতি বুজোৱা)
৭৮) খৰে ধৰা ( অজীৰ্ণ ৰোগ)
৭৯) খহুলা ভেকুলী ( কদাকাৰ মানুহ)
৮০) খাই মৰা (অতিপাত আহুকাল কৰা)
৮১) খুদ খোৱা ( অতি টোকোনা)
৮২) গঢ় গতি (আও-ভাও, চলন ফুৰন)
৮৩) গা ঘেলোৱা ( অবাবত কাল কটোৱা)
৮৪) গা ৰাই জাই কৰা (গা অস্থিৰ কৰা)
৮৫) গাইমুৱা মানুহ ( মাইকীমুৱা মানুহ)
৮৬) গায়নৰ খেঁতা (ডাক্তৰ কোঢ়াল)
৮৭) গুণৱতী ৰাধা ( গুণৱতী তিৰোতা)
৮৮)গুণ টনা ( প্রাণ কাতৰে বল দিয়া)
৮৯) গােট-গৰু ( জ্ঞানহীন লােক)
৯০) চকু গজা ( বুজন হােৱা)
৯১) চকু মুদা (মৰা)
৯২) চনকা মানুহ ( কোমল মনৰ মানুহ)
৯৩) চৰুত খাতী ( লুভুনী)
৯৪) চিলিম চিগা ( উপায় বিহীন হােৱা)
৯৫) চুকৰ ভেকুলী ( অজ্ঞ মানুহ, বাহিৰা কথা নজনা মানুহ)
৯৬) মই বৰ মানুহ ( অহঙ্কাৰী মানুহ)
৯৭) মথুৰা পাগ ( ডাঙৰ পাগা)
৯৮) মৰসাহ কৰা ( অতিৰিক্ত সাহস কৰা)
৯৯) মৰণা মৰা ( অকাই-পকাই কৈ থকা)
১০০) মাকো মৰা ( ঘনাই অহা-যােৱা কৰি থকা)

Assamese Idioms and Phrases with meaning

১০১) মাছখোৱা উদ (লুভীয়া মানুহ)
১০২) যােৱা থোৱা হােৱা ( মৃতপ্রায় হােৱা)
১০৩) ৰঙা-বগা দেখুওৱা ( বৰকৈ প্ৰহাৰ কৰা)
১০৪) ৰান্ধনি উচটাই জোল খোৱা ( উচটাই স্বার্থসিদ্ধি কৰা)
১০৫) লাওপাত কচুপাত ( বহুবন্ধী)
১০৬) লেনী ভাদৈ ( আলসুৱা মৰমৰ ছােৱালী)
১০৭) শনিয়ে পােৱা ( দিনকাল অতি অশুভ হােৱা)
১০৮) শাকত লােন নােখােৱা (অনর্থক কৃপনালি কৰা)
১০৯) সহস্র গাঁথি ( ঘৰ)
১১০) হাঁচতি ৰজা ( অসম্পর্কিত বিষয়ত হস্তক্ষেপ কৰা)
১১১) হাত কৰা ( হস্তগত কৰা)
১১২) ফুটা কড়ি ( নামমাত্র মূল্যৰ বস্তু)
১১৩) ফুটুকাৰ ফেন ( সমূলি অসাৰুৱা বস্তু)
১১৪) ফেহুজালি দিয়া ( পুৱতি সময়)
১১৫) ফেদেলী পুৰাণে ( নানা প্রকাৰৰ বিশৃঙ্খল কথা)
১১৬) ফোঁট লগুণ মৰা ( পৰিপাটি সাজ পিন্ধা)
১১৭) বকলা মেলা ( অতিৰিক্ত কথা কোৱা)
১১৮) বগলি ভকত ( ভিতৰে দুষ্ট বাহিৰে শান্ত মানুহ)
১১৯) বগে নিৰামহি খােৱা ( দুষ্ট মানুহে স্বার্থসিদ্ধিৰ উদ্দেশ্যে সাধুৰ দৰে আচৰণ)
১২০) চুকৰ ভেকুলী ( অজ্ঞ মানু্হ, বাহিৰা জ্ঞান নথকা লোক)
১২১) বতাহত উৰা ( জীর্ণ-শীর্ণ, অতি ক্ষীণ)
১২২) বতাহত হলা জলা ( লহ পহীয়া শুৱনি)
১২৩) বৰকথা মতা ( ফিতাহি কথা কোৱা)
১২৪) বৰচুৰিয়াৰ ফেৰ মৰা ( বৰলােকালি কৰা)
১২৫) বৰশীৰ খােৱা ( সর্বনাশীয়া কার্য কৰা)

অসমীয়া ভাষাৰ খণ্ড বাক্য, জতুৱা ঠাঁচ (Assamese Idioms and Phrases)

১২৬) বৰশীৰ মাছ ( লােভত বিপদগ্রস্ত হােৱা)
১২৭) বহি ৰজা ( বৰলােক, আনৰ ওপৰত চলা লােক)
১২৮) বাখৰ পতাৱা ( শুৱনি)
১২৯) বাঘ ঢকা ( ডাঙৰ ঢকা)
১৩০) বাঘৰ আগতেল খােৱা ( মদমত্ত, অঘাইটং)
১৩১) বাটৰ বলিয়া ( ডাঙৰ বলিয়া)
১৩২) বাপুৰ গাত বাঢ়নি লগােৱা (ডাঙৰ জগৰ লগােৱা)
১৩৩) বাপৰ ধন ( পৈতৃক সম্পত্তি)
১৩৪) বৈতৰণী পাৰ হােৱা ( কোনাে মহৎ কার্য সিদ্ধি হােৱা)
১৩৫) ভতঁৰাৰ যুঁজ ( ডাঙৰ যুঁজ)
১৩৬) ভৰিত ধৰা ( সমূলি সেওঁ হােৱা)
১৩৭) ভালুকী নাচ ( এলাগী নাচ)
১৩৮) ভিকাচন ভগা ( জীৱিকাৰ উপায় ৰহিত হােৱা, সর্বনাশ হােৱা)
১৩৯) ভুচং পহু ( বহুৱালি কৰি ফুৰা মানুহ)
১৪০) ধনাই মনাই ( সাধাৰণ মানুহ)
১৪১) ধনেৰে দৌল বন্ধা ( অতুল ধনৰ গৰাকী হোৱা)
১৪২) ধাতু উৰা ( অতিৰিক্ত ভয় হােৱা)
১৪৩) ধানখেৰৰ জুই ( ক্ষণকাল স্থায়ী কার্য)
১৪৪) ধােদৰ পচলা ( এলেহুয়া, সমূলি বনবাৰি নকৰা মানুহ)
১৪৫) ন চহকী ( ধন থকা অহংকাৰী মানুহ)
১৪৬) ন দি কোৱা (ডাঠি কোৱা)
১৪৭) নগা মত দিয়া ( আসৈ কঢ়া)
১৪৮) নগা বেচা (অযােগ্য বিবেচনা কৰি আঁতৰ কৰা)
১৪৯) নাদৰ ভেঁকুলী ( অজ্ঞ মানুহ)
১৫০) নাল লগােৱা কথা ( মিছা জোৰা দিয়া কথা)

Assamese Idioms and Phrases with meaning

১৫১) নাহৰ গছ কটা ( টান বন কৰা)
১৫২) নিমাতী কইনা ( বৰকৈ মাত-বােল নকৰা গহীন )
১৫৩) নােম টেঙ্গৰ ( অতি টেঙৰ, চতুৰ)
১৫৪) পতং হােৱা ( অনিষ্ট হােৱা)
১৫৫) পৰকতি লৰা ( স্বভাৱ বিকৃত হােৱা)
১৫৬) পাং পতা ( ষড়যন্ত্র কৰা)
১৫৭) পানী নসৰকা (ফুটা নাইকীয়া, অটুত)
১৫৮) পাপৰ পৰাচিত( দুষ্কাৰ্যৰ ফলস্বৰূপে উৎপন্ন অনিষ্ট)
১৫৯) পাবত গজোৱা ( মূল নােহােৱাকৈ কোনাে কথাৰ উদ্ভৱ হােৱা)
১৬০) পাভযুৰীয়া মানুহ ( আদর্শ প্রণয়ীযুগল, আদৰ্শ দম্পতি)
১৬১) পেট কুলি ( বাহিৰে অজানা কিন্তু ভিতৰি টেঙৰ)
১৬২) পেটে ভাতে খােৱা ( কোনােমতে জীৱন নির্বাহ কৰা)
১৬৩) পেটত ধৰা ( অজীর্ণ হােৱা, টানকৈ ধৰা)
১৬৪) তিৰিমতি মানুহ ( কম বুদ্ধিৰ মহিলা)
১৬৫) পােহনীয়া নৰিয়া ( চিৰস্থায়ী নৰিয়া)
১৬৬) ফটিকৰ ধাৰ ( অতি নির্মল)
১৬৭) ফৰিং চিটিকা দিয়া ( যেনিয়ে-তেনিয়ে পলাই যােৱা)
১৬৮)তিৰােতা সেৰুৱা ( ঘৈণীয়েকৰ বশৱৰ্তী)
১৬৯) তিলকে তাল কৰা ( বৰকৈ বঢ়াই কোৱা)
১৭০)তুলসী পতীয়া ব্রাহ্মণ (অতিৰিক্ত নৈষ্ঠিক ব্রাহ্মণ)
১৭১) থিয় কাণ (সজাগ, সাৱধান)
১৭২) দুৱাৰ কিল (ক্ষমতাহীন মানুহে দিয়া দণ্ড)
১৭৩) ধনঞ্জয় বায়ু (শেষ আশা)
১৭৪) তেল-তেঙা ঘঁহা ( গা আওঁতােৱা)
১৭৫) থানথিত নােহােৱা ( ঘৰবাৰী নােহােৱা, দুখীয়া)

অসমীয়া ভাষাৰ খণ্ড বাক্য, জতুৱা ঠাঁচ (Assamese Idioms and Phrases)

১৭৬) থিয় গােৰ ( টান গােৰ)
১৭৭)থেকেচি পেলােৱা ( উগ্রদণ্ড দিয়া, ধৰাশায়ী কৰা)
১৭৮)দাঁত নিকটোৱা ( বৰকৈ লাজ পােৱা)
১৭৯) দাঁতে দাঁতে লগা ( মৃত্যুকাল উপনি হােৱা)
১৮০)দাতা কর্ণ ( মহাদানী পুৰুষ)
১৮১)অকৰা মৈত উঠা ( কোনাে কার্যত আকোৰগোজকৈ লাগি থকা)
১৮২)অচলা ভক্তি ( স্থিৰ ভক্তি)
১৮৩)অথলে যােৱা ( নিষ্ফল হােৱা, কামত নহা)
১৮৪)অথাই সাগৰ (ডাঙৰ বিপদ)
১৮৫)অময়া ভকত (মায়াহীন ভকত, সমদর্শী পুৰুষ)
১৮৬)আও মৰণে মৰা ( অস্বাভাৱিক মৃত্যু হােৱা)
১৮৭)আঁচলৰ ধন (অতি আদৰৰ সম্পত্তি)
১৮৮)আঁহ ফলা ( মিল ভাঙ্গি অমিল কৰা)
১৮৯)আভুৱা ভৰা ( প্ৰৱঞ্চনা কৰা)
১৯০)আলাসৰ লাড়ু ( অতি আদৰৰ)
১৯১) দিন উঠা ( ভাগ্যোদয় উপস্থিত হােৱা)
১৯২) দিনে নটা ( অল্পায়ুস হােৱা)
১৯৩) দীঘল ঠেঙীয়া (বৰষুণ)
১৯৪) দুই হাতে আজোৰা ( অতিপাত শ্ৰম কৰা)
১৯৫) দুখনীয়া পিন্ধা ( পাটগাভৰু হােৱা)
১৯৬) দুচলি খৰি ( পাপ আৰু পুণ্য)
১৯৭) দেউতা ঈশ্বৰ ( অতি সম্রান্ত লােক)
১৯৮) দেও উঠা ( অস্বাভাৱিক কাম কৰা)
১৯৯) দেও চাই বলি ( যথােচিত কার্য)
২০০) দেৱত নলগা ভকতত নলগা ( অসার্থক, নিষ্ফল)

Assamese Idioms and Phrases with meaning

২০১) দেশ ভগন ( ৰাষ্ট্র বিপ্লৱ)
২০২) দেহে কেহে ( গা লাগি)
২০৩) দোপাত ধৰুৱা (অতিশয় ঋণগ্রস্ত মানুই)
২০৪) ধন গুলৈ ( মহাকৃপণ মানুহ)
২০৫)উধনীয়া ভেম (ডাঙৰ ভেম)
২০৬)উভতি নচা ( অতপালি কৰা)
২০৭)উশাহ পােৱা ( বিপদত তৰণি পােৱা)
২০৮)উনৈশত বা বলা ( আনন্দত মতলীয়া হােৱা)
২০৯)কমােৱা তুলা ( সুকোমল)
২১০)কনাৰ লাখুটি ( বিপদৰ সহায়)
২১১)চোতালৰ আগৰ দুৱৰি (বহু অত্যাচাৰ পায়ো তিষ্টি থকাৰ)
২১২)চুৱা পাত চেলেকা (নীচ, পৰপ্রত্যাশী)
২১৩)তিনি ভূৱন দেখা (পলাবলৈ বিতত হােৱা, হাবাথুৰি খাই ফুৰা)
২১৪)চূঙাৰ বাদুলি ( অনভিজ্ঞ লােক)
২১৫)চেৰেলী গাই ( নিচলা তিৰােতা)
২১৬)চোৰৰ শপত ( মিছা শপত)
২১৭)ছত্ৰ ধৰ ( সুখ স্বচ্ছন্দতাত ৰখা)
২১৮)জনমৰ দুখীয়া ( আজন্ম দুখীয়া)
২১৯)জয়ঢােল কোবােৱা ( অতি আনন্দিত হােৱা)
২২০)জাকত জিলিকা ( শুৱনী)
২২১)জাত এৰা ( চেৰেলা)
২২২)জাল পতা ( অপকাৰ কৰিবৰ নিমিত্তে চল কৰা)
২২৩)জীয়া ভূত ( অত্যন্ত দুর্দান্ত মানুহ, অতপালি কৰা মানুহ)
২২৪)টাকুৰি ঘূৰাদি ঘূৰা (অতিপাত কামবন কৰা)
২২৫)টিকাত চাপৰি মৰা ( আনন্দত মতলীয়া হােৱা)

অসমীয়া ভাষাৰ খণ্ড বাক্য, জতুৱা ঠাঁচ (Assamese Idioms and Phrases)

২২৬)টিপচিৰ ভজা ( নগণ্য উপহাৰ)
২২৭)টেকেলি পেটা ( পেটুৱা মানুহ)
২২৮)ঠন ধৰা ( ঘৰ-সম্পত্তি বঢ়া)
২২৯)টোপা খহু (ঘৃণনীয় মানুহ)
২৩০)ঠেঙ নচুৱাই থকা ( এলাহত কোলাহল কৰা)
২৩১)ঠেৰু ছিগা (প্রধান অৱলম্বন শূন্য)
২৩২)ডবানি পিটি খােৱা ( অতিৰিক্ত ভােজন কৰা)
২৩৩)ডাং কোবােৱা ( উচ্ছৃংখল)
২৩৪)ডিঙিত ধৰি কন্দা ( বিপদত সহানুভূতি প্রকাশ কৰা)
২৩৫)তয়াময়া যুদ্ধ ( ঘােৰ যুদ্ধ)
২৩৬)তল খুচৰীয়া বুদ্ধি ( গুপ্ত অভিসন্ধি)
২৩৭)তিনি গধূলি ( সন্ধিয়া সময়)
২৩৭)তামোল পাণ দি জনোৱা ( শ্ৰদ্ধা ভক্তিৰে কোনো কথা জনোৱা)
২৩৮) হাত লৰ ( চোৰ প্ৰকৃতিৰ লোক)
২৩৯) কেৰেলাতকৈ গুটি দীঘল ( অধিক ক্ষতি হোৱা, অসম্ভৱ কথা)
২৪০)
২৪১) অবালচন্দ ( কাম কৰাৰ যোগ্যতা নোহোৱা)
২৪২) খামিডাঠ (সাহসী)
২৪৩) আকোঁৰ গজালি ( কামত নেৰা নেপেৰাকৈ লগা)
২৪৪) চৌঠেঙ্গীয়া ( উপায় নাইকিয়া হোৱা)
২৪৫) টটাৰি ( বস্তু পাবলৈ নোহোৱা ঠাই)
২৪৬) বৰালি বুকুৱা (দুৰ্বল)
২৪৭) অথালি পথালি ( বেমেজালি)
২৪৮) কালিহি কালিহি ( পুৱা অলপ পোহৰ হোৱা)
২৪৯) জান নেজান ( সামান্য)
২৫০) হেনা হুচা ( ভালকৈ নুফুটা)

Assamese Idioms and Phrases with meaning

২৫১) নিৰহ নিপানিকৈ ( পৰিপাটিকৈ)
২৫২) অপহুতা অসুৰা ( অমংগলীয়া মানু্হ)
২৫৩) আগনি খাৰণী ( চোকা মানু্হ)
২৫৪) পোহাৰি চুপতি (অভদ্ৰ চুপতি)
২৫৫) ৰহঘৰা ( অতি উত্তম বস্তুৰ ঠাই)
২৫৬) খাই বাই চোৱা ( চেষ্টা কৰি চোৱা)
২৫৭) তৰা নৰা চিঙি ( পাচলৈ নোচোৱাকৈ বেগাই যোৱা)
২৫৮) ফেহুঁজালি দিয়া ( নিচেই পুৱতি)
২৫৯) কপাল ধো ( আশা এৰ)
২৬০) কণ কণি কৰ ( ফুচ ফুচাই ক)
২৬১) আঁঠু চোঙা (সন্মান দেখুৱাবলৈ আঁঠু কোঁচাই অলপকৈ মাটিত লগা)
২৬২) গা টেঙা ( বেজাৰ পা)
২৬৩) ঘৰ ধৰা ( গৃহ স্থালি চলোৱা)
২৬৪) আসন পাৰে ( থাপনা পাতে)
২৬৫) আঁঠু কাঢ় ( আঁঠুৰে লৰি চৰি ফুৰ)
২৬৬) আধা কটা ( দুষ্ট, নীচ )
২৬৭) আধ্যা পৰ ( শেষ হ)
২৬৮) উঠি পৰি লাগ ( অহাে পুৰুষাৰ্থ কৰ)
২৬৯) উঠি ৰজা ( ভাৱী ৰজা, যুৱৰাজ)
২৭০) একৈয়া বােটল ( বহুত ঠাইত অলপকৈ লাভ কৰে)
২৭১) কঁকাল পৰ ( দুর্বল হ)
২৭২) কঁকাল বান্ধ ( কঁকালত টঙ্গালি বান্ধ)
২৭৩) কথা দে ( সন্মত হ, মান্তি হ)
২৭৪) কপাল খা ( সুচল হেৰুৱা, নিজৰ সৌভাগ্য নষ্ট কৰ)
২৭৫) কপাল নাই( ভাগ্য নাই)

অসমীয়া ভাষাৰ খণ্ড বাক্য, জতুৱা ঠাঁচ (Assamese Idioms and Phrases)

২৭৬) কাণ ছােৱা ( কোনাে কথা আনক জনোৱা)
২৭৭) কাণত পেলা (শুনাই থ)
২৭৮) কাণত ধৰি ক ( অঙ্গীকাৰ কৰি ক)
২৭৯) কর্ণ পাত ( শুনিবলৈ সাজু হ)
২৮০) গা অলগা দে ( গা এৰা দে, সম্পর্ক এৰ)
২৮১) গা উঠ ( কোন কার্যলৈ উদ্যোগী হ)
২৮২) গা খৰা ( সঘনে প্রস্রাৱ হ)
২৮৩) গা ছাে (গাত হাত লগা, মাৰ)
২৮৪) গা জৰ্জৰীয়া হ ( গা আৰু মনৰ জঞ্জাল
নাইকিয়া হ, লেঠা নােহােৱা হ)
২৮৫) গা জুৰ (গাটো শাত লাগ)
২৮৬) গা তঙ্গা ( নৰিয়া বা বিপদৰ পৰা ক্ৰমে ভাল হ)
২৮৭) গা দাং ( নৰিয়াৰ পৰা উঠ)
২৮৮) গা ধৰ ( পুষ্ট হ, শকত হ)
২৮৯) গা পাতি ল ( নিজৰ গাত ল, পৰৰ দায়িত্ব ল)
২৯০) ঘৰ গােনা ( সদায় ঘৰত থকা)
২৯১) ঘৰ ভাং ( কাজিয়া কৰ)
২৯২) চকু দে (সাৱধান হ)
২৯৩) চকুত ধৰ ( অপমান কৰ)
২৯৪) চকুত বালি মাৰ (ফাঁকি দে)
২৯৫) চকু মুদ (চকু জপা, শাে, মৃত্যু )
২৯৬) চাউল মৰ ( জীৱিকাৰ বাট মৰ)
২৯৭) পেট ভাটৌ (পেটত বহুত কথা ৰাখি মুখে প্রকাশ নকৰা মানুহ)
২৯৮) পেটে ভাতে খা (নসঁচাকৈ কষ্টেৰে খাই থাক)
২৯৯) বিধি পথালি দে ( কামত বাধা জন্মা)
৩০০) বুকুত কামােৰ মাৰ ( সাংঘাতিক অপকাৰ কৰ)

Assamese Idioms and Phrases with meaning

৩০১) ভাত মাৰ (জীৱিকাৰ উপায় নষ্ট কৰ)
৩০২) মন খা (মনত লাগ, মনােনীত হ)
৩০৩) মন পতিয়া (মন শান্ত কৰ)
৩০৪) গা- ভাৰী (গৰ্ভৱতী হ)
৩০৫) চকুৰ কুটা হ (অপ্রিয় হ)
৩০৬) মুখ লাগ (শ্রীহীন হ)
৩০৭) মাত মৰ্ (নিমাত হােৱা)
৩০৮) হাড় ভঙা (কঠিন)
৩০৯) তাঁৱ দি (গর্ব কৰি)
৩১০) হাই দি (চিঞৰ দি)
৩১১) কাষৰ হ (একাষৰীয়া হ)।
৩১২) কাণ তাল মাৰ (প্রচণ্ড শব্দ হােৱা)
৩১৩) কোঁচ পাত (ভিক্ষা খােজ)
৩১৪) খতা দি ((সৱৰাই দি)
৩১৫) খোহা মাৰ (খেৰৰ চালত থুপাই থ)
৩১৬) গহ কৰ (গর্ব কৰা)।
৩১৭) চক খা (আচৰিত হ)
৩১৮) চান্ থ (গণনাত চিন থ)
৩১৯) জুটি চা (ফল পা)
৩২০) থৰ লাগ (হতবাক হ)
৩২১) ডাংকোপ মাৰ (গর্ব কৰ)
৩২২) দেউকি হ (ভয় খােৱা)
৩২৩) দাং দি (বন্ধ কৰা),
৩২৪) নজৰ দি (লক্ষ্য কৰ)
৩২৫) পহ পা (সম্ভেদ পােৱা)
৩২৬) পিট খা (হেঁচা খাই বহি নােযােৱা হ)
৩২৭) ফেৰ মাৰ (প্রতিযােগিতা কৰ)
৩২৮) বাচ্ পৰ (পৰিত্যক্ত হ)
৩২৯) ভিঠি মৰা হ (বংশ শেষ হােৱা)
৩৩০) মুধা ফুট (বিজ্ঞ )
৩৩১) মেকা হ (বেয়া গােন্ধ ওলােৱা)
৩৩২) ৰােহ পাত (আপত্তি কৰ্)
৩৩৩) হনহ্ ফনহ্ ক (দৌৰা দৌৰি কৰা)
৩৩৪) হল্ ফল কৰ (ধুনীয়া কোমল মাংসল হ)
৩৩৫) হামখুৰি খা (সমুখলৈ পৰি যা)
৩৩৬) হাবাথুৰি খা (কষ্ট কৰা)
৩৩৭) আঠু কাঢ় (আঠুৰে ফুৰা)
৩৩৮) গা এৰা দি (সম্পর্ক এৰা)
৩৩৯) গাৰ নােম ডাল ডাল হ (ভয় খােৱা)
৩৪০) দাঁত নিকটোৱা ( হাঁহি থকা)
৩৪১) নাক কটা ( লাজত পৰা)
৩৪২) নাক বচোৱা ( মান ৰখা)

Leave a Comment

Your email address will not be published. Required fields are marked *