150+ অসমীয়া সংলাপ, বাণী, ৰোমান্টিক, প্ৰেমৰ কবিতা, হাঁহি, শায়েৰী || 150+ Best Assamese status, Shayeri, Travelling, Romantic, sad

assamese status

150+ অসমীয়া সংলাপ, বাণী, ৰোমান্টিক, প্ৰেমৰ কবিতা, হাঁহি, শায়েৰী Assamese status, Shayari, Travelling, Romantic, sad
অসমীয়া শায়েৰী || অসমীয়া চায়েৰী || অসমীয়া সৰু কবিতা || Assamese Status

মোৰ হৃদয়ৰ নিভৃত কোনত
মনে মনে আহি থিতাপি ললাহি
মোৰ ধ্যান ধাৰণাত প্ৰেমৰ সুৱাহ
দিনে ৰাতিয়ে প্ৰতিপল বিলালাহি।

জন্মৰ অবিহনে যিদৰে মৃত্যু নহয়
আৰম্ভৰ অবিহনে অন্ত নহয়।
অন্তৰ কথা ভাবি যদি
আৰম্ভ নকৰোঁ
সফলতা আশা
নিৰৰ্থক।

তোমাৰ বাবে মৰিব নোৱাৰোঁ
তোমাৰ বাবে মা দেউতাৰ পৰা বিছিন্ন হব নোৱাৰোঁ
তোমাৰ বাবে হয়তো বহুত ধন সম্পত্তি দিব নোৱাৰোঁ
কিন্তু তোমাক সুখী কৰাৰ দায়িত্ব
মই লব পাৰো বুলি বিশ্বাস কৰোঁ।

প্ৰতি পল তোমাৰ অন্তৰত থাকিব বিচাৰোঁ
প্ৰতিটো সপোনত স্থান লব বিচাৰোঁ
জীৱনৰ প্ৰতিটো মধুৰ মূহুৰ্তৰ আমেজ
তুমি মোৰ লগত আৰু মই তোমাৰ লগত
উপভোগ কৰিব বিচাৰো।

মন মোৰ উৰি গুচি যায়
তোমাৰ ওচৰত প্ৰতি মূহুৰ্তত
হৃদয়ৰ সাঁকো গঢ়িলোঁ
তোমাৰ লগত।

সম্বন্ধ গঢ়িব বিচাৰোঁ তোমাৰ লগত
যি সম্বন্ধ অন্তৰৰ পৰা অন্তৰলৈ হওঁক
হৃদয়ৰ পৰা হৃদয়লে হওঁক
আজীৱন তোমাৰ লগত।

হৃদয়ৰ অনুভূতি আজি প্ৰকাশ কৰিম তোমাক
প্ৰতিটো উশাহতে তোমাৰ ওচৰত থাকিম
যাতে কেতিয়াও তুমি থমকি নোযোৱা আৰু
প্ৰতিটো পলৰ সুখানুভুটি অনুভৱ কৰা।

প্ৰেম হয় হৃদয়ৰ পৰা
মৰম চেনেহ বাঢ়ে ব্যৱহাৰৰ পৰা
সম্বন্ধ গঢ় লয় অন্তৰৰ পৰা
আকৰ্ষণ বাঢ়ে সৌন্দৰ্যৰ পৰা।

মৰমবোৰ সাঁচি ৰাখিছোঁ তোমাৰ বাবে
প্ৰতি পল মগন হম তোমাৰ প্ৰেমত
সুখে দুখে থাকিম তোমাৰ কাষত
বৰ্তমান অপেক্ষা মাথোঁ বাবে।

কাজলসনা সেই চকুজুৰি
তিলটোৰ দৰে থকা সোণালী নাকফুলি
বেঙুনীয়া ৰঙৰ ওঁঠৰ হাঁহিত
ৰঙা দুগালৰ অতুলনীয় সৌন্দৰ্যত
অৰিহণা যোগাইছে মোৰ নিদ্ৰা হৰণত।

অসমীয়া সুপ্রভাত বাণী || Assamese Good Morning wishes ||Assamese Status

মহান ব্যক্তিৰ সফলতাৰ এটা মন্ত্ৰ হল সূৰ্য উদয় হোৱাৰ আগত বিছনা এৰা। সু প্ৰভাত, দিনটো আপোনাৰ শুভ হওঁক।

সু প্ৰভাত । উঠা আৰু সতেজ, অকৃত্ৰিম পুৱাৰ আমেজ লোৱা।

প্ৰতিটো পুৱাই আমাক ২৪ ঘণ্টাৰ উপহাৰ দিয়ে আমাৰ সপোন বোৰ পূৰ্ণ কৰাৰ বাবে। সেয়ে এই সময় খিনি ভাল কামত আত্মনিয়োগ কৰোঁ আহক। সু প্ৰভাত।

ৰাতিপুৱাৰ সময় খিনি সদায় ধুনীয়া হয়। সেয়ে ইয়াক উপভোগ কৰা আৰু দিনটো শুভ কৰা। সু প্ৰভাত।

আশা কৰোঁ আপোনাৰ আজিৰ দিনটোৰ পৰাই ভাল দিনবোৰ আৰম্ভ হওঁক আৰু সপোনবোৰ সাৰ্থক হৈ উঠক। সু প্ৰভাত।

পুৱাৰ সূৰ্যৰ কিৰণৰ দৰে
তোমাৰ বাবে অপেক্ষা কৰোঁ মই ,
কাষত বিচাৰোঁ মই,
যিদৰে সূৰ্যৰ পোহৰত আমাৰ ঘৰখন জিলিকাই
সেইদৰে মোৰ জীৱনটো
তোমাৰ আগমনে ৰাখিছে জিলিকাই।
সু প্ৰভাত।

সু প্ৰভাত বন্ধু
আশা কৰোঁ এই সুন্দৰ পুৱাই তোমাক সু স্বাস্থ্য ৰাখে আৰু ধনাত্মক চিন্তাৰে আগুৱাই নিয়াত সহায় কৰে।
হাঁহি থাকা সুস্থ থাকা।

পুৱাৰ অমেজ লবলৈ তোমাক মনত পেলাই দিছোঁ। আশা কৰোঁ এই বাৰ্তা পোৱাৰ লগে লগে দিনটো আৰম্ভ কৰি সকলো কৰ্মত সফলতা লাভ কৰা। সু প্ৰভাত।

সু প্ৰভাত
আশা কৰোঁ দিনটো ধনাত্মক চিন্তাৰ আৰু প্ৰেমৰ মাজেৰে আৰম্ভ কৰি সকলোৰে অন্তৰত হাঁহি আৰু সুখ সমৃদ্ধি বিয়পাই দিয়া।

সু প্ৰভাত
তোমাক শুভেচ্ছা দিয়াৰ এটাই কাৰণ, প্ৰতি দিনে পুৱাত প্ৰথম তোমাৰ সুন্দৰ মুখৰ অতুলনীয় হাঁহিৰ দৰ্শন লব বিচাৰোঁ। যিটো বৰ্তমান Miss কৰি আছোঁ।

অসমীয়া প্ৰেমৰ উক্তি || অসমীয়া প্ৰেমৰ বাণী || অসমীয়া ৰোমাণ্টিক status || অসমীয়া ৰোমাণ্টিক বাক্য
প্ৰেম চিৰ যুগমীয়া, ইয়াৰ কোনো Expiry Date নাথাকে।

মই সকলো পাহৰি যাওঁ যেতিয়া তুমি মোৰ কাষত থাকা।

তুমি আনতকৈ কিছু পৃথক, যিটো মই তোমাৰ মাজত হে বিচাৰি পাইছোঁ, সেয়াই হৈছে তোমাক ভালপোৱাৰ প্ৰথম কাৰণ।

দুজন প্ৰকৃত প্ৰেমিকৰ প্ৰথম লক্ষণ হল পৰস্পৰে পৰস্পৰৰ প্ৰতি থকা অগাধ বিশ্বাস।

তোমাৰ প্ৰেমত পৰাৰ কাৰণ কি নাজানো কিন্তু এটা কথা তুমি কব পাৰা মই তোমাৰ আজীৱন প্ৰেমিক।

মোৰ মন আৰু আত্মা তোমাৰ ওচৰত অৰ্পণ কৰিলোঁ চিৰদিনলৈ। মোৰ ভালপোৱাক স্বীকৃতি দিয়াৰ আজি মই অতিশয় সুখী।

তোমাক প্ৰথম দেখা দিনাৰ পৰাই মই তোমাৰ প্ৰেমত পৰিলোঁ আৰু আজিও তাৰ ব্যতিক্ৰম নহয়।

যেতিয়া তুমি মোৰ শৰীৰত চুমা আঁকি দিছিলা মোৰ সৰ্ব শৰীৰত এক অনন্য শিহৰণ সৃষ্টি হৈছিল আৰু মোৰ আত্মাক তোমাৰ ওচৰত আত্মসমৰ্পণ কৰিছিলোঁ।

এই সুবিশাল বিশ্বৰ অসংখ্য মানৱৰ ভিতৰত তুমিয়ে একমাত্ৰ যিয়ে মোৰ অনুভূতিসমূহ সুন্দৰ ভাৱে অনুভৱ কৰিব পাৰা। ধন্যবাদ মোক জীৱন সঙ্গী হিচাবে আঁকোৱালি লোৱাৰ বাবে।

তুমি মোৰ হাত খন কিছু ক্ষণৰ বাবেহে ধৰিছিলা, কিন্তু হৃদয় খন চিৰ দিনৰ বাবে ৰাখি থলা।

অসমীয়া ডাইলগ || অসমীয়া সংলাপ || Assamese Status

এদিন মৰমে মোক ৰত্নাকৰৰ পৰা বাল্মিকী সজাইছিল আৰু আজি মৰমৰ কাৰণেই আকৌ এবাৰ বাল্মিকীৰ পৰা ৰত্নাকৰ হম। ৰত্নাকৰ

কথা দিছোঁ প্ৰত্যেকৰে বুকুলে এদিন বোৱাই আনিম মৰমৰ কোৱাল সাগৰ। হ’ব লাগে যদি হ’ম মই আজিৰ যুগৰ নতুন ৰত্নাকৰ। ৰত্নাকৰ

আমি নতুন প্ৰজন্ম হয়, ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ জ্বলাবও পাৰোঁ। কাঞ্চনজংঘা

তেওঁলোকে আমাৰ আদৰ্শ, আমাৰ কষ্ট, আমাৰ সপোনৰ মূল্য ৰাখিছে ২৫ লাখ টকা। কাঞ্চনজংঘা

ডুগ ডুগ ডুগ ডুগ ডম্বৰো বাজে, মোৰ চৌতালতে নিতে তম্বকো নাচে, বাজে ৰুদ্ৰতাল নাচে মহা কাল অভিনৱ তাণ্ডব বিবিধ বিসংগ উলংগ বিলংগ। মই কাঞ্চনজংঘা। কাঞ্চনজংঘা

মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত। কাঞ্চনজংঘা

উৎপল দাসৰ সংলাপ ৰ’দ ফিল্ম
You Know Something ভিৰৰ মাজত প্ৰত্যেকটো বস্তুৱে প্ৰত্যেককে attract নকৰে কিন্তু কাৰোবাৰ এটা সৰু কথা এটা হাঁহিয়ে মোৰ এই চকু দুটা জীপাল কৰি তোলে হয়টো মোৰ এই চকু দুটাই তোমাৰ মাজত কিবা বিচাৰি পায় যিটো কেৱল মইহে অনুভৱ কৰিব পাৰোঁ but আজিৰ পৰা মই এই সকলোবোৰ পাহৰি বলৈ চেষ্টা কৰিম কাৰণ কাৰোবাক কষ্ট দি মই সুখী হোৱাটো নিবিচাৰোঁ and Yes I promise I’ll Never disturb you again কিন্তু কেতিয়াবা যদি তোমাৰ মন যায় তোমাৰ জীৱনৰ এটা দিন মাথোঁ মোক দিবা। Take care

মৃদুল ভূঞা সংলাপ
কোনো নহয় শুনিছ নহয় তোৰ একোৱেই নহয়, একো নহয় বাবে মৰম কৰিছোঁ, দয়া কৰিছোঁ, পুতৌ কৰিছোঁ, এইবাবেই যে তই একো নহয়, যাহ যাহ
আৰে চালা দেউতাৰ ওচৰত টিউচন কৰিব যাওঁ, মনে মনে তোৰ চকুলে চাও, তই দেখা নোপোৱাকে চকু নমাই আনো, তই কিয় জানʼ কাৰণ তই মোৰ একোৱেই নহয়। তই বিয়া হৈছিলি, বিয়া হৈ গুছি গৈছিলি তোৰ বিয়াত দেখা দিবলৈ মন গৈছিল বুকু ঢুকুৱাই ঢুকুৱাই চিঞৰি চিঞৰি কান্দিব মন গৈছিল, নাকান্দিলো এই কাৰণেই মোৰ একোৱেই নাই। বিয়া হৈ গুচি আহি কষ্ট পালি, তোৰ কষ্ট দেখি মৰম কৰিব মন গৈছিল, বুকুৰ মাজত সোমোৱাই আশ্ৰয় দিব মন গৈছিল, নিদিলো এই বাবেই যে তই মোৰ একোৱেই নহয়।

এই মানু্হটোক কিয় কোনেও নুবুজিলে কাক ধৰো কাক এৰো কেনেকৈ জীয়াই থাকোঁ।

তপন দাসৰ সংলাপ
চোৰ হলে ধৰিব পাৰে, ডকাইত হলে গ্ৰেপ্তাৰ কৰিব পাৰে কিন্তু প্ৰেমত কেনেকৈ বাধা দিবা, তুমি মানি লবৈ লাগিব, এফালে মিলন আনফালে বিচ্ছেদ, এয়াইটো জীৱন আৰু বাকী এই যে অভিমান, অহংকাৰ এই বোৰৰ কোনো অৰ্থ নাই।

অসমীয়া দুখৰ বাণী || Assamese sad Status || Assamese Status

মন বোৰ ভাল নহলেও, ভাল থকাৰ অভিনয় কৰিব জানিব লাগিব। সফল নহলেও বিফলতাবোৰ ঢাকি ৰাখিব জানিব লাগিব।

যিয়ে এবাৰ কন্দাৰ পাছত হাঁহিবলে শিকিলে তাক তুমি কেতিয়াও পুনৰায় কন্দুৱাব নোৱাৰা।

বন্ধুত্বৰ পাছত ভালপোৱা সম্ভৱ কিন্তু ভালপোৱাৰ বিচ্ছেদৰ পাছত বন্ধুত্ব অসম্ভৱ।

মোৰ তেতিয়াহে চকুপানী নিগৰে যেতিয়া মই নিজৰ হৈতে যুঁজি হাৰি যাওঁ।

মোক এনেকুৱা এজন ব্যক্তিৰ প্ৰয়োজন যাক দিনটোৰ শেষত মন খুলি সকলো কথা বিনা দ্বিধাৰে কব পাৰোঁ।

ভাগ্যৰ ওপৰত নহয়, বিশ্বাসৰ ওপৰত বিশ্বাস নোহোৱা হৈছে।

আমি তেওঁক হে বিচাৰোঁ যাৰ অন্তৰত আমাৰ কোনো স্থান নাই।

মৃত্যু কেৱল শৰীৰৰ নহয়, স্বপ্ন আৰু ইচ্ছাৰো হয়।

এই সংসাৰত জীয়াই থাকিবলৈ অভিনয় কৰিব জানিব লাগিব।

ভাল কামৰ প্ৰচাৰ আজিৰ যুগত কেৱল কেমেৰাৰ জৰিয়তেহে কৰিব পাৰি। বাকী সকলো ভগৱানৰ ইচ্ছাত হয়।

মনৰ অনুভূতি বোৰ জোৰ কৰি দমাই ৰাখিব বিচাৰিলেও, মাজে মাজে চকু পানী হিচাপে নিগৰি আহে।

বন্ধুত্ব অসমীয়া status || Assamese Friendship status || Assamese Status

বন্ধুত্ব কেৱল সুখৰ সময়ত নহয়
দুখৰ সময়ত অধিক প্ৰয়োজন
প্ৰেমৰ সম্পৰ্কত যিদৰে মৰম থাকে
বন্ধুত্বৰ সম্পৰ্কত থাকে নিস্বাৰ্থ ত্যাগ।

বন্ধু মই তোমাৰ কাষত সদায় আছোঁ,
মাথোঁ এবাৰ মনত পেলালেই যথেষ্ট।

বন্ধুত্ব কি? এটি আত্মাৰ দুটি শৰীৰ – এৰিষ্টটল

যাৰ প্ৰকৃত বন্ধু নাই তেওঁৰ সমান দুৰ্ভাগ্যবান নাই – এৰিষ্টটল

অন্ধকাৰত বাট বুলিবলৈ এজন প্ৰকৃত বন্ধুয়ে যথেষ্ট।

তোমাৰ সন্মুখত সমালোচনা কৰাজনহে তোমাৰ প্ৰকৃত বন্ধু , প্ৰশংসা কৰাজন তোমাৰ শক্ৰ হব পাৰে।

বন্ধুৰ ওচৰত স্বপ্নৰ, স্মৃতিৰ, আৱেগৰ, হৃদয়ৰ, দুখৰ, সুখৰ, কষ্টৰ, প্ৰেমৰ সকলো কথাই share কৰিব পাৰি।

প্ৰেমত প্ৰেম প্ৰকাশ কৰা অতি প্ৰয়োজন কিন্তু প্ৰকৃত বন্ধুত্ব নিজে নিজে গঢ় লয়।

বন্ধু সকলোৰে থাকে, কেৱল প্ৰকৃত বন্ধু ভাগ্য ৱান সকলৰহে থাকে।

প্ৰকৃত বন্ধুৰ এটা মূল বৈশিষ্ট্য হল বন্ধুৰ গোপনীয়তা বৰ্তাই ৰখা।

ভাল বন্ধুক সন্দেহ কৰা উচিত নহয়, সন্দেহে অবিশ্বাস জন্মায়, অবিশ্বাস ওপৰত বন্ধুত্ব জীয়াই থাকিব নোৱাৰে।

জীৱনৰ আৱেগিক status || Assamese Emotional Status || Assamese Status

পুৰণি স্মৃতি বোৰ মনত পেলাই যেতিয়া তোমাৰ লগত পাৰ কৰা মধুৰ মূহুৰ্ত বোৰ ভাঁহি আহে ক্ষণিকৰ বাবে ওঁঠত হাঁহি বাগৰে, কিন্তু পিছ মূহুৰ্তত দুগালত অশ্ৰু নিগৰি আহে।

যদি তুমি মোক প্ৰশ্ন কৰা ” তুমি মোৰ বাবে কি কৰিব পাৰা?”
মোৰ এটাই উত্তৰ হব ” তোমাৰ বাবে কি কৰিব পাৰোঁ নাজানো কিন্তু কোনো দিনে তোমাক বিপদত পৰিব নিদিওঁ।”

ভগ্ন হৃদয় কেতিয়াও ভাল নহয়, মাত্ৰ পৰিস্থিতিৰ লগত যুঁজিবলৈ অধিক সাজু হৈ থাকে।

চকুত চকু পানীৰ অৰ্থ এয়া নহয় যে তেওঁ দুৰ্বল, ইয়াৰ অৰ্থ হল তেওঁৰো এখন হৃদয় আছে।

দুদিনৰ আগৰ ঘনিষ্ঠ লোক সকলে বৰ্তমান অচিনাকি হিচাপে কিয় ব্যৱহাৰ কৰিছে।

তোমাৰ টান কথা শুনিবলৈ মই বেয়া নাপাওঁ কিন্তু তোমাৰ জীৱনত মই অৱহেলিত হলে কষ্ট পাওঁ।

আমি যিমানেই ভাল পাবলৈ শিকিম, বেয়া বোৰ আপোনা আপোনি আঁতৰি যাব।

জীৱনৰ আটাইতকৈ দুখজনক কথা কি জানা, আমি সফলতা অহালৈ অপেক্ষা কৰোঁ, কিন্তু সফলতাক পাবলৈ আমি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লাগিব আৰু আঁজুৰি আনিব লাগিব।

মোৰ জীৱনৰ এটাই দৰ্শণ, যত মোৰ প্ৰয়োজন নাই, মই তাত নাই।

বৰ্তমান মই মোৰ জীৱনৰ এনে এক অৱস্থাত আছোঁ, পিছলৈ ঘুৰি যাব নোৱাৰোঁ আৰু আগলৈ কণ্টকময় পথ।

মুখত সকলো সময়তে এটি হাঁহি লৈ ফুৰো যাতে আনে নেদেখে মোৰ ভগ্ন হৃদয়খন।

হাঁহি status || হাঁহি দিৱস status || Assamese laughing Status || Assamese Status
Laughing Day —- 10th January

যিসকলে নিজে সমস্যাত থাকিও আনৰ মুখত হাঁহি বিৰিঙাব পাৰে তেওঁ মহান।

কান্দিলে সমস্যাৰ সমাধান নহয়,
মাত্ৰ বেয়া সময়বোৰত সুস্থিৰ থাকা।
হাঁহি থাকা সুখী থাকা।

Assamese laughing status

হাঁহি এক বিনামূলীয়া কিন্তু অমূল্য অলংকাৰ।

আনৰ জীৱনত হাঁহি দিব পৰাটো এক কঠিন কাম।

যিকোনো মানুহক এক মিঠা হাঁহিৰ জৰিয়তে আনন্দ দিব পাৰোঁ, তেন্তে মুখত হাঁহি অঁকাত কৃপণালি কিয়!

দেহত যিমানেই মূল্যৱান কাপোৰ, অলংকাৰ পিন্ধা, এটা হাঁহিৰ বিনে সেয়া মূল্যহীন।

চিন্তাৰে নহয় হাঁহিৰে জীৱন অতিবাহিত কৰা,
অণুশোচনা নহয় কেৱল শিকি যোৱা।

হাঁহি অনেক সমস্যাৰ সমাধান ৰ উপায় আৰু নীৰৱতা অনেক সমস্যাৰ পৰা আঁতৰি থকাৰ উপায়।

এটা কথা মন কৰিবা, দুখী মানুহৰ হাঁহি বহুত বেছি ধুনীয়া হয়।

এটি শিশুৰ হাঁহিত নিৰ্ভেজাল আনন্দ দেখা পাব ।

হাঁহি এনে এক মূল্যৱান অলংকাৰ, যাক কোনেও চুৰি কৰিব নোৱাৰে।

নীৰৱতাৰ status || Assamese silence Status || Assamese Status

যিসকলৰ বহুত কবলগা থাকে তেওঁলোকে কেতিয়াবা নীৰৱতা অৱলম্বন কৰে।

কম কথা কলে তোমাৰ প্ৰতিটো কথাৰ গুৰুত্ব বাঢ়ে।

কিছু পৰিস্থিতিত নীৰৱে থকাই উৎকৃষ্ট।

মূৰ্খৰ লগত তৰ্ক নকৰিবা, জ্ঞানীৰ লগত তৰ্ক কৰিলে জিকিব নোৱাৰিলেও শিকিব পাৰিবা।

টকা পইচা ই মানুহক সলনি নকৰে মাত্ৰ তেওঁৰ মুখাখন খুলি দিয়ে।

নীৰৱে থকাটো বুদ্ধিমানৰ কাম যেতিয়া তুমি ভুলটো উপলব্ধি কৰা।

নীৰৱে কষ্ট কৰি যোৱা, সফলতাত সকলোৱে হাত চাপৰি বজাব।

প্ৰিয়জনে যেতিয়া তোমাৰ নীৰৱতাক বুজি নাপায় তেন্তে তোমাৰ অনুভূতি বোৰকো বুজি নাপায়।

সফল ব্যক্তিয়ে সদায় দুটা বস্তু কঢ়িয়াই ফুৰে, এটা হল হাঁহি আৰু আনটো নীৰৱতা।

নীৰৱতা হৈছে এক স্বভাৱ, যাক অতি কষ্টেৰে অর্জন কৰা হয়। মন আৰু আত্মাৰ শান্তিৰ বাবে ই মহৌষধ।

Propose বাৰ্তা || Propose status || Propose সংলাপ || Propose Message || Assamese Status

প্ৰকৃত প্ৰেমৰ আৰম্ভ আছে অন্ত নাই, তোমাৰ প্রতি মোৰ প্ৰেম আজি আছে, কাইলৈও থাকিব আৰু চিৰদিনলৈ অমৰ হৈ থাকিব। তাৰ বাবে তুমি সাজু আছানে?

যেতিয়ালৈকে আকাশত চন্দ্ৰ, সূৰ্য্য, তৰা থাকিব
যেতিয়ালৈকে সাগৰত ঢৌ থাকিব
মোৰ তোমাৰ প্রতি প্ৰেমৰ অন্ত নহব
তুমি মোৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰিবানে?

মই তোমাৰ বাবে অন্তৰ খন খুলি ৰাখিছোঁ,
তোমাৰ ওচৰত মোৰ Personal Secret বুলি কোনো কথা নাই,
তুমি মোৰ ওচৰত থাকিলে মই অনন্য সুখী অনুভৱ কৰোঁ, কিয় জানানে কাৰণ তুমি মোক ভালদৰে বুজি পোৱা, মই তোমাক আজীৱন মোৰ সঙ্গী হোৱাতো বিচাৰো |||| I Love You ||||

প্ৰতিদিনে তোমাৰ মিঠা হাঁহিৰ দৰ্শন পাবলৈ Can you stay with me forever?

এয়া লোৱা মোৰ প্ৰেম, অন্তৰত থোৱা
এইয়া লোৱা মোৰ আত্মা, ব্যৱহাৰ কৰা
এইয়া লোৱা মোৰ হৃদয়, কেতিয়াও নাভাঙিবা
এইয়া লোৱা মোৰ হাত, ধৰি লোৱা যাতে
আমি জীৱন বাটত একেলগে আগুৱাই যাওঁ।

মোৰ তোমাৰ প্ৰতি থকা প্ৰেম পৃথিৱীৰ কোনো তুলাচনিত জুখিব নোৱাৰে, তোমাৰ প্ৰতি থকা প্ৰেম পৃথিৱীৰ কোনো মূল্যৰ বিনিময়ত বিক্ৰী নহয়,
তোমাৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিবলৈ পৃথিৱীৰ সকলো ভাষাৰ শব্দ কম হব। তুমিয়েই মোৰ আজীৱন জীৱন সংগী।

I Love You. Promise কৰিছোঁ প্ৰতিদিনে অলপ হলেও বেছি মৰম দিম. Will you be mine?

মই ভাবোঁ মই তোমাৰ প্ৰেমত পৰিছো, কাৰণ যেতিয়াই মই চকু দুটা বন্ধ কৰোঁ তোমাৰ প্ৰতি ছবি মনত ভাঁহি আহে। |||I Love You|||

মা দেউতাৰ মৰম পাইছোঁ, ইয়াৰ অভিজ্ঞতা সুকীয়া আৰু অতুলনীয়। কিন্তু পৰা এক জীৱন সংগীৰ মৰম পাইছোঁ, যাক মই আজীৱন মোৰ লগত ৰাখিব বিচাৰোঁ। ই Love You

মই তোমাক প্ৰেম, হাঁহি, এখন স্বচ্ছ হৃদয়, অন্তৰৰ মৰম, সীমা হীন আনন্দ আৰু সুন্দৰ ভৱিষ্যতৰ সপোন উপহাৰ হিচাপে দিব বিচাৰোঁ। I Love You

Promise সংলাপ || Assamese Promise day status || Assamese Promise Day captions

তুমি মোৰ, মই তোমাৰ
Promise কৰিছোঁ তোমাক
তুমি হাঁহিলে মইও হাঁহিম
তুমি কান্দিলে মইও কান্দিম।

তুমি মোক promise নকৰিলেও একো নাই, কিন্তু মই তোমাক promise দিছোঁ জীৱনৰ শেষ মূহুৰ্তলৈকে তোমাৰ লগত থাকিম।

প্ৰেমত কেৱল মৰম নাথাকে,
প্ৰেমত বিশ্বাস, প্ৰতিজ্ঞা, পৱিত্ৰতা আৰু সততাও আছে।

আমাৰ পবিত্ৰ সম্পৰ্ক বজাই ৰাখিবলৈ জীৱনৰ শেষ মূহুৰ্ত লৈকে চেষ্টা কৰাৰ প্ৰতিজ্ঞা কৰিছোঁ।

তোমাৰ অবিহনে মই এটা দিনো কল্পনা কৰিব নোৱাৰোঁ। Happy Promise Day

এটা দিন এটা ৰাতি
কিহৰ বাবে এই ঘটনা
প্ৰতিদিনে কিয় দিন হব নোৱাৰে বা
প্ৰতিদিনে কিয় ৰাতি হব নোৱাৰে।
কাৰণ প্ৰকৃতিৰ এইয়া নিয়ম কিন্তু
মোৰ তোমাৰ প্ৰতি থকা প্ৰেমৰ
কোনো দিন ৰাতি নথকাৰ কথা দিছোঁ।

Promise সকলোকে দিয়া বস্তু নহয়,
কিন্তু প্ৰিয়জনক Promise দিয়া আৰু
আখৰে আখৰে পালন কৰা
সকলোৰে নিতান্তই দায়িত্ব।

তোমাৰ কাষত থাকি মই যিমান সুৰক্ষিত অনুভৱ কৰোঁ, তাৰ বিনিময়ত তোমাক আজীৱন সুখী কৰাৰ পণ লৈছোঁ।

আজি এই পবিত্ৰ Promise দিৱসত মই তোমাক মোৰ অন্তৰত, হৃদয়ত এনেদৰে fix কৰি লৈছোঁ যাতে বিশ্বৰ কোনো শক্তিয়ে বিচ্ছেদ কৰিব নোৱাৰে।

তুমি মোৰ জীৱনক এক নতুন অৰ্থ দিলা,
মই তোমাক promise দিছোঁ
মই তোমাৰ জীৱনক এক নতুন মাত্ৰা যোগ কৰি
সুখেৰে, আনন্দত ভৰাই তুলিম।

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস শুভেচ্ছা ৮ মাৰ্চ || Assamese Status

নাৰীৰ অবিহনে কোনো ব্যক্তিৰে জীৱন সম্পূৰ্ণ হব নোৱাৰে। কাৰণ নাৰী মানেই হল মা, পত্নী, বা, ভগ্নী অৰ্থাৎ পৰিয়াল।

নাৰীয়ে যিদৰে পৰিয়াল, কৰ্ম, সম্বন্ধ, বন্ধুত্ব বৰ্তাই ৰাখে সেয়া দেখি মই অভিভূত হৈ পৰো।

নাৰীয়ে পৃথিৱীত তেওঁলোকৰ প্ৰেম, যত্ন, দয়াৰ জৰিয়তে সকলোৰে জীৱন মধুৰ কৰি তুলিছে। আমি সকলোৱে তেওঁলোকৰ এই নিস্বাৰ্থ ত্যাগক প্ৰশংসা কৰা উচিত।

মোৰ জীৱনটো গঢ়ত অৰিহণা যোগোৱা প্ৰতি গৰাকী নাৰীক মোৰ ফালৰ পৰা অন্তৰত মৰম আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। Happy Women’s Day

প্ৰত্যেকৰে জীৱন আৰম্ভ হয় এগৰাকী নাৰীৰ জৰিয়তে। তেন্তে আমি প্ৰতি গৰাকী নাৰীক কিমান শ্ৰদ্ধা আৰু সন্মান দিয়া উচিত এবাৰ চিন্তা কৰা উচিত।

শ্ৰমিক দিৱস শুভেচ্ছা Status || Assamese Status May Day —- 1st May

শ্ৰম আৰু শ্ৰমিকৰ অবিহনে কোনো দেশৰ উন্নতি অসম্ভৱ।

শ্ৰমিক প্ৰতিখন সমাজৰ কামি হাড় স্বৰূপ।

শ্ৰমিকক সন্মান কৰা মানেই হল শ্ৰমক সন্মান কৰা।

প্ৰকৃত স্বাধীনতা হল শ্ৰমৰ জৰিয়তে সমাজত মৰ্যদা সহকাৰে জীয়াই থকা।

এটা সুন্দৰ ঘৰ দেখি কেৱল অভিভূত হলেই নহব, সেই সৌন্দৰ্য গঢ় দিওতে কিমান শ্ৰমিকৰ কেঁচা ঘাম মাটিত পৰিলে তাকো অনুধাৱন কৰিব পাৰিব লাগিব।

বিশ্ব পৰিৱেশ দিৱস Status || Assamese Status World Environment Day —- 5th June

প্ৰকৃতিৰ সৌন্দৰ্য্য অতুলনীয়। ইয়াক সংৰক্ষণ কৰোঁ আহক।

প্ৰকৃতিক আমি কেৱল বনৰীয়া জীৱ জন্তুৰ বাবে নহয়, নিজৰ বাবে সংৰক্ষণ কৰা উচিত।

প্ৰকৃতিৰ লগত যুঁজিবলৈ চেষ্টা নকৰিবা, ধ্বংস হবলৈ এক ছেকেণ্ডও নালাগিব।

মানৱতা আৰু প্ৰকৃতি উভয় মানৱ জাতিৰ বাবে অপৰিহাৰ্য।

Not tree-No food, No Land-No life

প্ৰকৃতি সংৰক্ষণ কৰা আৰু সুন্দৰ ভৱিষ্যতৰ খোজ দিয়া।

পৃথিৱী আৰু প্ৰকৃতি মানৱ জাতিৰ একমাত্ৰ গৃহ, ইয়াক ধ্বংস কৰা মানেই হল নিজকে গৃহহীন কৰা।

পিতৃ দিৱস শুভেচ্ছা || Father’s Day Assamese Status —- 18th June

পিতৃৰ অভাৱ অনুভৱ দেউতাক নথকা প্ৰতিজন ব্যক্তিয়ে কৰে , বিশেষকৈ জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা সময়ত।

এজন পিতৃয়ে নিজ পৰিয়ালৰ বাবে যিমান ত্যাগ কৰে, তাৰ বিনিময়ত তেওঁ বিশেষ একো আশা নকৰে আৰু সেয়া তেওঁ কেতিয়াও প্ৰকাশ নকৰে।

সন্তানৰ সুন্দৰ ভৱিষ্যত গঢ় দিয়াই এজন পিতৃৰ একমাত্ৰ লক্ষ্য হৈ পৰে।

এগৰাকী ছোৱালীৰ পুৰুষ হিচাপে প্ৰথম প্ৰেমিক হল তাইৰ পিতৃ।

বহু সময়ত এজন পিতৃৰ ত্যাগ ক আমি স্বীকৃতি দিবলৈ কৃপণালী কৰোঁ, আজিৰ এই Father’s Day ৰ পৱিত্ৰ ক্ষণত আপোনাৰ ত্যাগ আৰু মৰমক অন্তৰৰ পৰা শ্ৰদ্ধাৰে সুঁৱৰিচো।

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উক্তি || Assamese Status for International Yoga Day —- 21st June

যোগ কৰা, শাৰীৰিক আৰু মানসিকভাবে সুস্থ থাকা।

যোগ কৰাৰ অভ্যাস গঢ়ি তোলা আৰু নিজকে নতুন ৰূপত আৱিষ্কাৰ কৰা।

যোগ কৰা আৰু সুখী থাকা। ৰাতিপুৱা মানেই হল Yoga।

যোগ প্ৰতিতো যুগৰ মহৌষধ।

যোগ কেৱল শাৰীৰিক স্বাস্থ্যৰ বাবে নহয়, মানসিক ভাৱে সবল আৰু সতেজ হবলৈ অতিকৈ প্ৰয়োজন।

বিশ্ব সংগীত দিৱস শুভেচ্ছা || World Music Day Assamese Status —- 21st June

Music আৰু Nature মোৰ আটাইতকৈ প্ৰিয় দুটা শব্দ।

Music ৰ কোনো ভাষা নাই।

কেতিয়াবা music ৰ জৰিয়তে জীৱনৰ কঠিন সময়ত সহজে পাৰ কৰি দিও।

Music ৰ এটাই ভাল ইয়াক কোনেও বুজাই দিয়াৰ প্ৰয়োজন নহয়।

শব্দৰ সৈতে আৱেগৰ মিলন হলে সুন্দৰ music ৰ সৃষ্টি হয়।

কিছুমান music কেৱল মোৰ বাবেই সৃষ্টি হোৱা যেন অনুভৱ হয়।

Music হৈছে অনুভৱ সমূহ প্ৰকাশ কৰা ভাষা।

Music ভালপোৱা আৰু জীৱনৰ জয়গান গোৱা।

ভাল music প্ৰতিটো যুগতে অমৰ।

শান্তিৰ উক্তি, সংলাপ আৰু শুভেচ্ছা || Assamese Status International Day of Peace —- 21st September

বিশ্বত যিমানেই যুদ্ধ হওঁক লাগিলে শেষত শান্তিৰ জয় হয়।

যুদ্ধ যি কাৰণেই আৰম্ভ নহওঁক লাগিলে, শান্তি এটা হাঁহিৰ জৰিয়তে আৰম্ভ হয়।

সুখী আৰু সফলতাৰ মাপকাঠি ধন সম্পত্তি নহয় মনৰ শান্তি হোৱা উচিত।

মনৰ শান্তি হৈছে প্ৰকৃত শান্তি যাক আমি যোগৰ জৰিয়তে অর্জন কৰিব পাৰোঁ।

বুজাবুজিৰ জৰিয়তেহে শান্তি পাব পাৰি, বলেৰে নহয়।

যুদ্ধত জয় হোৱাৰ অৰ্থ শান্তি নহয়, যুদ্ধ পৰিহাৰ কৰি বুজা বুজিৰ জৰিয়তেহে প্ৰকৃত শান্তি আশা কৰিব পাৰি।

ধন সম্পত্তিৰ জৰিয়তে সুখ বিচাৰি নিজৰ শান্তি ভংগ নকৰিব।

বিশ্ব গড় দিৱস শুভেচ্ছা || Assamese Status for World Rhino Day —- 22nd September

গড়ঁ আমাৰ প্ৰকৃতিৰ অমূল্য সম্পদ। Save Forest Save Rhino।।

গঁড় হৈছে প্ৰকৃতিৰ সম্পদ। গঁড় হত্যা ৰোধ কৰা সংৰক্ষণ কৰা মানৱ জাতিৰ দায়িত্ব।

প্ৰকৃতিৰ সৌন্দৰ্য্য ৰক্ষা কৰি প্ৰকৃতিৰ সন্তান সকলক জীয়াই থাকিব দিয়া। গঁড় প্ৰকৃতিৰ সন্তান।

গঁড়ৰ প্ৰকৃত বন্ধু হওঁ আহক । তেওঁলোকক শান্তিৰে নিৰ্ভয়ে জীয়াই থাকিবলৈ দিয়ক।

Save Nature, Save Rhino, Save Humanity.

বিশ্ব পৰ্যটন দিৱস শুভেচ্ছা || Assamese Status for World Tourism Day —- 27th September

যাযাবৰী জীৱন প্ৰকৃতিৰ লগত।

Travelling ত যি শিকিবলৈ পাবা, পৃথিৱীৰ কোনো গ্ৰন্থত পঢ়িবলৈ নোপোৱা।

Travelling ত কেৱল স্মৃতি নহয়, জীৱনৰ শিক্ষাও পোৱা যায়।

Adventure, Always Yes, Let’s Go.

জীৱন দুদিনীয়া কিন্তু পৃথিৱীখন বিশাল, সেয়েহে আজিয়ে আৰম্ভ কৰা। Keep Travelling

জীৱনটো উপভোগ কৰাৰ উৎকৃষ্ট মাধ্যম হল Travelling।

Travelling আৰু Food, মোৰ নিচা আৰু পেছা।

Life ত কেৱল কাম নহয়, মানসিক প্ৰশান্তিৰ বাবে পৰ্যটনও প্ৰয়োজন।

মানৱীয়তাৰ status উক্তি || Assamese Status for Human Rights Day —- 10th December

মানুহৰ মাজত এতিয়াও মানৱতা জীয়াই আছে। এজন দুজনৰ বাবে মানৱতা কলুষিত হব নোৱাৰে।

আনক সহায় কৰি বিনিময়ত প্ৰতি দান আশা নকৰিবা। মোৰ হিচাপত এয়াই মানৱতা। – ৰিহানা

সন্মান দিয়া আৰু সন্মান লোৱা, মানৱীয়তা জীয়াই ৰাখা।

জীৱ জন্তুক মৰম কৰাটো এক মানৱীয় গুণ।

প্ৰতিজন ব্যক্তিৰে প্ৰতি সময়তে মানৱীয়তাৰ গুণ জাগ্ৰত অৱস্থাত থকা উচিত।

মানৱতা জীয়াই ৰখাৰ সহজ উপায় হল সাধ্য অনুসৰি আনক সহায় কৰা।

যাৰ মানৱতা গুণ নাই তেওঁক কেতিয়াও প্ৰশ্ৰয় নিদিবা।

মানৱতা হওঁক প্ৰত্যেকৰে প্ৰাথমিক ধৰ্ম।

মানৱীয়তা গুণ নথকা ব্যক্তি কেতিয়াও শিক্ষিত হব নোৱাৰে।

জীৱ জন্তুক কৰা ব্যৱহাৰ পৰাই এজন ব্যক্তিৰ মানৱীয়তা প্ৰকাশ পাই।

খেতিয়কৰ status উক্তি || Assamese Status for Farmer’s Day (Kishan Divas) —- 23rd December

খেতিয়ক হৈছে বিশ্বৰ মানৱ জাতিৰ অন্নদাতা।

খেতি এদিনৰ কাম নহয়, বছৰ জোৰা কঠোৰ শ্ৰম আৰু অভিজ্ঞতাৰ ফছল।

খেতিয়কে নিজৰ উপৰিও আমাৰ বাবেও খাদ্য উৎপাদন কৰে। যাৰ বাবে আনন্দৰে পৰিয়ালৰ সৈতে প্ৰতিদিনে গ্ৰহণ কৰোঁ।

খেতি মোৰ বাবে বৰ্তমান পেছা নহয় নিচা।

খেতি হৈছে মানৱ জাতিৰ সমাজ গঠনৰ প্ৰথম খোজ।

ডক্তৰ, অভিযন্তা, শিক্ষক, পুলিচ, উকীল, ধৰ্ম গুৰু জীৱনত কিছু দিনৰ বাবেহে প্ৰয়োজন হয় কিন্তু খেতিয়ক প্ৰতিদিনে প্ৰয়োজন হয়।

খেতিয়কৰ অৰ্থনৈতিক অৱস্থা স্বচল হলেহে এখন দেশৰ উন্নতি সম্ভৱ।

খেতিয়ক হল এখন দেশৰ মেৰুদণ্ড স্বৰূপ।

ধন্যবাদ।।

Leave a Comment