15+ অনলাইন ধন উপাৰ্জনৰ ধাৰণা ||15 Easy Online earning Business ideas 2022 in Assamese

Online earning

 

15 Online earning Business ideas 2022 in Assamese

Online business আৰম্ভ কৰিম বুলি চিন্তা চৰ্চা কৰিছে নেকি? তেন্তে এই লেখাটো আপোনাৰ বাবে। অনলাইন ব্যৱসায় (online business) এনে নহয় যে আজি আৰম্ভ কৰি এদিন বা এমাহতেই সফল হব। এই ব্যৱসায়ো (online business) আন অফলাইন ব্যৱসায়ৰ (offline business) দৰে সফল হবলৈ, প্ৰতিষ্ঠিত হবলৈ কিছু দিনৰ প্ৰয়োজন হয়। ইয়াৰ উপৰিও আন অফলাইন ব্যৱসায়ৰ দৰে সু পৰিকল্পনা আৰু সু ব্যৱস্থা কৰিব লাগিব। অৱশ্যে অনলাইন ব্যৱসায়ত (online business) বহু ক্ষেত্ৰত কম পৰিমাণৰ ধন বিনিয়োগ (small business idea) কৰি আৰম্ভ কৰিব পাৰে। Online ব্যৱসায়ত (online business) ইণ্টাৰনেট আৰু technology ৰ প্ৰয়োগ হয়, সেয়েহে এই জ্ঞান থকাটো অত্যন্ত জৰুৰী। অনলাইন ব্যৱসায় (online business) আৰম্ভ কৰিব বিচাৰে যদি, কি ব্যৱসায় কৰিব বা কেনে ধৰণৰ ব্যৱসায়, সেৱা আগবঢ়াব (business ideas) সেয়া নিৰ্ধাৰণ কৰাটো অতি জৰুৰী। কেনে ধৰণৰ ব্যৱসায় কৰিব বা কেনে ধৰণৰ ব্যৱসায় (business ideas) কৰিলে সফল হব সেয়া কেৱল আপোনাৰ আগ্ৰহ আৰু জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰে। যিকোনো ক্ষেত্ৰত ভালদৰে আগবাঢ়িলে উপাৰ্জনৰ কোনো সীমা নাই। ভাল সেৱা আগবঢ়ায় ভাল উপাৰ্জন কৰি নিজৰ লগতে অন্য দহজনক নিয়োগ কৰি সংস্থাপন দিব পাৰিব। বহু লোকে কেৱল অনলাইন ব্যৱসায়(online business) কৰিয়েই বহুত ডাঙৰ ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠান কম সময়তে গঢ়ি তুলিবলৈ সক্ষম হৈছে। আমি তেনে বহু ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম প্ৰায় শুনি থাকোঁ যিবোৰে কম সময়তে কেৱল নিজৰ সু পৰিকল্পিত আঁচনি আৰু innovative ideas ৰ (business ideas) জৰিয়তে বহু কৌটি টকাৰ Business start up established কৰিছে। আপোনাৰ যদি তেনে Business ideas আছে তেন্তে আৰম্ভ কৰাৰ এয়াই উপযুক্ত সময়। কাৰণ প্ৰতিদিনে সকলো ব্যৱসায় অনলাইন হবলৈ ধৰিছে আৰু প্ৰায় ব্যৱসায়িক প্ৰতিষ্ঠান অনলাইন দিশত অধিক গুৰুত্ব প্ৰদান কৰিছে।
এই ক্ষেত্ৰত আপোনাৰ সুবিধা হবলৈ কেইটা মান অনলাইন ধন উপাৰ্জনৰ ধাৰণা (online business ideas) দিবলৈ চেষ্টা কৰা হৈছে। অনলাইন ধন উপাৰ্জন (online business ideas) কৰিবলৈ তলত দিয়া তালিকাখনৰ ওপৰিও অান বহুতো উপায় আছে। আমি কেৱল কেইটামান সহজ, নিৰাপদ, ঘৰৰ পৰা কৰিব পৰা (business ideas from home) আৰু জনপ্ৰিয় ব্যৱসায়িক (online business ideas) ধাৰণা দিবলৈ চেষ্টা কৰিছোঁ। তলৰ যিকোনো বিষয়ে (online business ideas) অধিক জানিবলৈ তলত comment কৰিলে অধিক তথ্য দিবলৈ চেষ্টা কৰা হব। 
List of 15 Online Earning Business Ideas 2022

1) সৰু অনলাইন ষ্টোৰ Small eCommerce store
বৰ্তমান সময়ত অনলাইন eCommerce store এক জোৱাৰ চলি আছে। এই ক্ষেত্ৰত বৃহৎ প্ৰতিষ্ঠান সমূহে তেওঁলোকৰ উৎপাদিত সামগ্ৰী সমূহ online তেওঁলোকৰ নিজা ৱেবছাইট বা অান বৃহৎ eCommerce ৱেবছাইট জৰিয়তে বিক্ৰী কৰি আহিছে। এটা বৃহৎ online e-commerce Store খুলিবলৈ বৃহৎ অৰ্থৰ প্ৰয়োজন কাৰণ বিভিন্ন দিশ চোৱা চিতা কৰিবলৈ কৰ্মচাৰীৰ প্ৰয়োজন হয়। কিন্তু আপুনি এক নিৰ্দিষ্ট অঞ্চলত এটা বা একাধিক নিৰ্দিষ্ট সামগ্ৰী বিক্ৰী বা সেৱা প্ৰদান (small business ideas) কৰিব পাৰে। যেনে ৰেচন যোগান, বিভিন্ন কাৰিকৰী জ্ঞান থকা লোকৰ যোগান ধৰা, ফাষ্ট ফুড ডেলিভাৰী আদি। ইয়াৰ উপৰিও আপুনি উৎপাদন কৰা যিকোনো সামগ্ৰী বিক্ৰী কৰিব পাৰে আৰু ইয়াৰ ডেলিভেৰী বাবে ওচৰৰ delivery service প্ৰদান কৰা প্ৰতিস্থানৰ লগত যোগাযোগ কৰিব পাৰে। ইয়াৰ বাবে প্ৰয়োজন হোৱা ৱেবছাইট আৰু online business app যিকোনো app developer লগত আলোচনা কৰি কম মূল্যত  ক্ৰয় কৰিব পাৰিব। ইয়াৰ বাবে দুই হাজাৰ পৰা দহ হাজাৰ ভিতৰত (small business) সুন্দৰ কৈ আৰম্ভ কৰিব পাৰে। এই বিষয়ে অধিক জানিবলৈ তলত comment কৰিলে অধিক তথ্য জনাবলৈ চেষ্টা কৰা হব।

2) ব্লগাৰ ( Blogger)
Blogger বিষয়টো বহু লোকৰ বাবে এক চিনাকি নাম যদিও বহু লোক ইয়াৰ বিষয়ে অৱগত নহয়। ব্লগাৰ ( blogger) হৈছে অনলাইনত লিখা লেখক। অৰ্থাৎ আপোনাৰ এটা ৱেবছাইট থাকিব লাগিব যত আপোনাৰ লিখনি সমূহ প্ৰকাশ কৰিব পাৰে। ব্লগিং (blogging) বিষয়টো আপুনি নিজে ঠিক কৰি এটা বা ততোধিক ৱেবছাইট আৰম্ভ কৰক। লিখনি সমূহ অসমীয়া বা ইংৰাজী বা যিকোনো অন্য ভাষাত প্ৰকাশিত কৰিব পাৰে। ঠিক তেনেদৰে অনলাইন আলোচনী (online megazine) প্ৰকাশ কৰিও উপাৰ্জন কৰিব পাৰে। অনলাইন আলোচনীত (Online megazine) প্ৰকাশ কৰিবৰ বাবে বিভিন্ন লেখকৰ পৰা লিখনি সংগ্ৰহ কৰিব পাৰে। ভৱিষ্যতে আপুনি আপোনাৰ ৱেবছাইটত প্ৰকাশ পোৱা বিজ্ঞাপন আৰু sponsored লিখনি জৰিয়তে ধন উপাৰ্জন (online earning) কৰিব পাৰিব। ইয়াৰ উপৰিও subscription based earning model গ্ৰহণ কৰিব পাৰে। যত গ্ৰাহকে পঢ়িব বাবে মাহেকীয়া বা বছৰেকীয়া হিচাপত নিৰ্ধাৰিত মূল্য ভৰিব। পৰাপক্ষত Blog, website বা megazine খনৰ এটা app develop কৰিলে অধিক পঢ়ুৱৈ পোৱা যাব।
ব্লগাৰ (blogger) বিষয়ে অধিক জানিবলৈ তলত দিয়া লিংকৰ জৰিয়তে বিস্তৃত ভাৱে জানিব পাৰিব।

Blogging in Assamese
ইয়াৰ বিষয়ে অধিক জানিবলৈ তলত comment কৰিব পাৰে।

3) ৱেবছাইট বেচা কিনা (website sell and buy)
ৱেবছাইট বা ব্লগ বিক্ৰী কৰিও আপুনি ভাল অৰ্থ উপাৰ্জন (online earning) কৰিব পাৰে। ইয়াৰ বাবে আপোনাৰ ৱেবছাইট আৰম্ভ কৰা, ব্লগ লিখা আদিৰ অলপ জ্ঞান থকাটো সুবিধাজনক হয়। আপোনাৰ যদি ৱেবছাইট আছে বা ৱেবছাইট চলায় আছে তেন্তে সেই ৱেবছাইট আপুনি ৱেবছাইট বেচা কিনা (website sell and buy) কৰা ৱেবচাইটৰ জৰিয়তে ভাল অৰ্থৰ বিনিময়ত বিক্ৰী কৰিব পাৰে। বহু লোকে একেলগে দুই তিনিটা website ত ব্লগ লিখিবলৈ আৰম্ভ কৰে আৰু ১৫ ৰ পৰা ২০ টা ব্লগ লিখাৰ পাছত অন্য লোকক বিক্ৰী কৰি দিয়ে। এনেদৰে বহু লোকে দুই তিনি মাহ কাম কৰাৰ পাছত website ক্ৰয় বিক্ৰয় কৰা ৱেবছাইট (website sell and buy) জৰিয়তে বিক্ৰী কৰি কম সময়ত ভাল উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। কিছুমান ৱেবছাইট লাখ টকাৰ বিনিময়ত বিক্ৰী হয়, যাৰ traffic বহুত হয়। ঠিক সেইদৰে আপুনি তেনেধৰণৰ website পৰা ৱেবছাইট ক্ৰয় কৰিব পাৰে আৰু নিজৰ Adsense account সংযোগ কৰি ভাল উপাৰ্জন কৰিব পাৰে।
Website buy and sell ৰ বিষয়ে অধিক জানিবলৈ তলত comment কৰিলে অধিক তথ্য জনাবলৈ চেষ্টা কৰা হব।

4) সামাজিক মাধ্যমৰ সৰু প্ৰভাৱক Social media Micro influencer 


Influencer মানে হল প্ৰভাৱক। আমি ইউটিউব, ইনষ্টাগ্ৰাম বা ফেচবুক আদিত বহুতো celebrity বা জনপ্ৰিয় লোকক অনুসৰণ কৰো। তেওঁলোকে বিভিন্ন ধৰণৰ পোষ্ট তেওঁলোকৰ social media একাউণ্ট ত প্ৰকাশ কৰে। আমি সেইবোৰ পোষ্ট ত like, comment, share কৰোঁ আৰু তাৰ পৰা প্ৰভাৱিত হয় সেই পোষ্ট টোত উল্লেখিত সামগ্ৰী বা সেৱা প্রতি আকৰ্ষিত হওঁ। এনেদৰেই এক বৃহৎ সংখ্যাৰ লোকক কেৱল এটা পোষ্টৰ জৰিয়তে ঘৰত বহিয়েই প্ৰভাৱিত কৰিব পৰা যায়। তাৰ প্ৰায়ভাগ পোষ্টই sponsored, অৰ্থাৎ ইয়াৰ বিনিময়ত এক পোষ্টৰ বিনিময়ত বৃহৎ ধনৰ লেনদেন হয়। এই কথাখিনি বহু লোকেই অৱগত। আমি এতিয়া আহো আমাৰ বিষয় সৰু প্ৰভাৱকৰ বিষয়ে। আমি জনপ্ৰিয় ব্যক্তি নহলে তেনেধৰণৰ বৃহৎ followers থকা একাউণ্টৰ গৰাকী হব নোৱাৰোঁ। কিন্তু আমি আমাৰ পৰিসৰত 500 পৰা 5000 followers গোটাবলৈ নিশ্চয় বেচি কষ্টকৰ নহব। আমি নিজৰ ফেচবুক পেজ, ফেচবুক গ্ৰুপ, telegram channel, instagram account, twitter account আৰু ইউটিউব চেনেল আৰম্ভ কৰিব পাৰোঁ।
আপুনি ভাবিব পাৰে ইয়াৰ পৰা কেনেদৰে উপাৰ্জন কৰিব পাৰিম? প্ৰথম কথা আপুনি এটা নিদিষ্ট বিষয় বাচি লব লাগিব, যি বিষয়ত আপোনাৰ আগ্ৰহ আৰু জ্ঞান থকা অত্যন্ত জৰুৰী। কেৱল সেই নিদিষ্ট বিষয়তহে আপুনি পোষ্ট বা আলোচনা কৰা উচিত আৰু আপোনাৰ followers ক বিশ্বাস দিব পাৰিব লাগিব যে সেই নিৰ্দিষ্ট বিষয়ত যথেষ্ঠ জ্ঞান আৰু অভিজ্ঞতা আছে। আপোনাৰ পোষ্টৰ লগত মানুহক সংযোগ ( engage ) কৰিবলৈ প্ৰতিজন ব্যক্তিৰ ইতিবাচক ভাৱে সহায় কৰা উচিত আৰু পৰাপক্ষত ব্যক্তিগত ( man to man) পৰ্যায়ত contact ৰাখিব পাৰে। আপুনি আপোনাৰ পোষ্ট সমূহত আপোনাৰ নিৰ্দিষ্ট বিষয় সম্বোধিত সামগ্ৰী বিক্ৰী কৰিব পাৰে বা লিংক share কৰিব পাৰে। আপুনি প্ৰথম পৰ্যায়ত ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ পৰা ad বিচাৰিব পাৰে আৰু কোম্পানী সমূহৰ পৰা sponsorship বিচাৰি email কৰিব পাৰে। বৰ্তমান কোম্পানী সমূহে জনপ্ৰিয় ব্যক্তিৰ জৰিয়তে বিজ্ঞাপন প্ৰকাশ কৰাতকৈ এনে ধৰণৰ সৰু সৰু influencer ক অধিক গুৰুত্ব প্ৰদান কৰিছে। কোম্পানী সমূহে এনে কৰাৰ কাৰণ হল জনপ্ৰিয় ব্যক্তিৰ জৰিয়তে পোষ্ট কৰালে বৃহৎ পৰিমাণৰ ধন পৰিশোধ কৰিব লাগে আৰু সেই হিচাপত জনসাধাৰণক সংযোগ কৰিব নোৱাৰে। আনহাতে এনে ধৰণৰ সৰু সৰু micro influencer জৰিয়তে অতি কম ধনৰ বিনিময়ত বেছি লোকৰ সঁহাৰি পায়। অনাগত দিনত micro influencer জৰিয়তে অধিক ধন ঘটিবলৈ সক্ষম হব। এই ধৰণৰ small influencer কামৰ বাবে গৃহিণী মহিলা সকল (business ideas for women at home) বেচি সফল হব পাৰে আৰু সুন্দৰকৈ ঘৰৰ পৰাই (business from home) চলাই যাব পাৰে।
ইয়াৰ বিষয়ে অধিক জানিব বিচাৰিলে তলত comment কৰক যাতে আমি বিতং ভাৱে আপোনাৰ লগত আলোচনা কৰিব পাৰোঁ।

5) অধিভুক্ত বিপণন Affiliate marketing
Affiliate marketing বৰ্তমান সকলো social media influencer সকলে ব্যৱহাৰ কৰা এক সফল আৰু সহজ উপাৰ্জনৰ মাধ্যম। Affiliate marketing জৰিয়তে উপাৰ্জন কৰিবলৈ অৱশ্যে প্ৰথম অৱস্থাত অলপ কষ্টকৰ হব পাৰে কিন্তু ভৱিষ্যতলৈ ইয়াৰ জৰিয়তে উপাৰ্জন হৈ থাকিব। Marketing বা অসমীয়াত বিপণনৰ অৰ্থ হৈছে যিকোনো সামগ্ৰী গ্ৰাহকৰ লগত পৰিচয় কৰি দিয়া। গ্ৰাহকক আকৰ্ষণ কৰি কেনেদৰে সামগ্ৰী বিক্ৰী কৰিব পাৰি তাৰ বাবে কোম্পানীক সহযোগ কৰা।
এতিয়া আহিছোঁ কেনেদৰে আপুনি affiliate marketing কৰিব? প্ৰথম আপোনাক গ্ৰাহকৰ কাষ চাপিবলৈ এটা প্লেটফৰ্মৰ প্ৰয়োজন হব। তেনেধৰণৰ প্লেটফৰ্ম যেনে ইউটিউব চেনেল, ৱেবছাইট, ফেচবুক পেজ, ফেচবুক গ্ৰুপ, ইনষ্টাগ্রাম একাউণ্ট আদি থকাটো অতিকৈ প্ৰয়োজন। তাৰ পাছত আপোনাৰ যিকোনো e commerce website ৰ affiliate marketing account খুলি লওক। Affiliate marketing ৰ বাবে এমাজন, ফ্লিপকাৰ্ট আদি e commerce website ত account খুলিব পাৰে। এনেধৰণৰ ৱেবছাইট affiliate marketing ৰ বাবে বহুল ভাৱে জনপ্ৰিয় হয় আনহাতে আপুনি ইচ্ছা কৰিলে বেলেগ বেলেগ website ৰ affiliate marketing program ত join কৰিব পাৰে। আপুনি আপোনাৰ প্লেটফৰ্মত affiliate marketing account থকা website ৰ সামগ্ৰী সমূহ review কৰিব অৰ্থাৎ সামগ্ৰী সমূহ ব্যৱহাৰ উপযোগী হয় নে নহয় তাৰ বিস্তৃত বিৱৰণ দাঙি ধৰিব আৰু পোষ্ট টোত সামগ্ৰী বিধৰ affiliate marketing লিংক অন্তৰ্ভুক্ত কৰিব। এনে কৰিলে যি ব্যক্তিয়ে আপোনাৰ উল্লেখ কৰা লিংকৰ জৰিয়তে সামগ্ৰী ক্ৰয় কৰে তেন্তে আপোনক কোম্পানী ফালৰ কিছু commission প্ৰদান কৰিব। এনেদৰে আপুনি হাজাৰ, লাখ টকা উপাৰ্জন কৰিব পাৰে। এই বিষয়ে অধিক জানিবলৈ তলত comment কৰক।

6) স্বাধীন বা স্বনিৰ্ভৰ লেখক  (Freelance writing)
স্বাধীন বা স্বনিৰ্ভৰ লেখক যিসকল কোনো এক নিৰ্দিষ্ট প্ৰতিষ্ঠানৰ লগত জড়িত নহয়, বেলেগ বেলেগ প্ৰতিষ্ঠানৰ প্ৰয়োজন অনুসৰি নিজৰ লেখা যোগান ধৰে। এক কথাত কোনো ধৰণৰ চাকৰি নকৰি কেৱল চুক্তি অনুসৰি নিৰ্দিষ্ট প্ৰতিষ্ঠানক বা ব্যক্তিক লিখনি যোগান ধৰা। বৰ্তমান এই ধৰণৰ Freelance writing কামত বহুতো ৱেবছাইট আছে। যাৰ জৰিয়তে আপুনিও সহজে গ্ৰাহকে (client) বিচাৰি পাব বা আপোনাক যোগাযোগ কৰিব পাৰে। ইয়াৰ বাবে কেৱল সেই নিৰ্দিষ্ট ৱেবছাইট বোৰত বিনামূলীয়াকৈ নিজৰ একাউণ্ট বনাই লব লাগিব। সেই একাউণ্টটোত আপুনি কি বিষয়ত আৰু কি কি ভাষাত লিখিব পাৰে তাৰ উল্লেখ কৰিব লাগিব। বহু লোকে তেওঁলোকৰ ৱেবছাইট বা ব্লগবোৰত লিখনি প্ৰকাশ কৰিব বাবে Freelance writers ৰ কাষ চাপে আৰু উচিত মূল্যৰ বিনিময়ত এনে ধৰনৰ লিখনি ক্রয় কৰে। গ্ৰাহক বিচাৰিব বাবে দুটা বেছ জনপ্ৰিয় ৱেবছাইট Fiverr.com আৰু upwork.com ৰ একাউণ্ট খুলি লব পাৰে। এই সেৱা একেবাৰে বিনামূলীয়া। ইয়াৰ বিষয়ে অধিক জানিবলৈ তলত comment কৰক।

7) ই বুক লেখক (Ebook Writer)
ই বুক (ebook) বৰ্তমান এক জনপ্ৰিয় মাধ্যম কিতাপ প্ৰকাশ কৰাৰ বাবে। বহু লেখকে সাধাৰণতে কাগজত কিতাপ প্ৰকাশ কৰাৰ সলনি ebook মাধ্যমত প্ৰকাশ কৰাত অধিক গুৰুত্ব কৰিছে। এনে কৰিলে কিতাপ প্ৰকাশ কৰাৰ খৰচ একেবাৰে নিম্নতম হয় আৰু সমগ্ৰ বিশ্বতে মূহুৰ্তত উপলব্ধ হয়। কিতাপ প্রকাশনত (book publishing) কম ধনৰ বিনিয়োগ (ideas for a small business) হয় বাবে গ্ৰাহকক কম মূল্যত যোগান ধৰিব পৰা যায়। ডিজিটেল পদ্ধতিৰ জৰিয়তে সমগ্ৰ বিশ্বৰ গ্ৰাহকক আকৰ্ষিত কৰিব পাৰি আৰু ebook যোগান ধৰিব পৰা যায়। আপুনিও ebook মাধ্যমত কিতাপ প্ৰকাশ কৰি নিজৰ website বা তৃতীয় পক্ষ e-commerce website, eBook store ৰ জৰিয়তে বিক্ৰী কৰিব পাৰে। তৃতীয় পক্ষ e-commerce website, eBook store জৰিয়তে বিক্ৰী কৰিবলৈ অতি সহজ হয় আৰু গ্ৰাহক অধিক পোৱা যায়। Ebook writer বিষয়ে অধিক জানিবলৈ তলত comment কৰক যাতে আপোনাক অধিক তথ্য যোগান ধৰি সহায় কৰিব পাৰোঁ।

8) পদকাষ্ট (Podcast)
পদকাষ্ট (Podcast) বিষয়ে নিশ্চয় অলপ হলেও আপুনি জ্ঞাত বা এই বিষয়ে নজনাটো কোনো আচৰিত কথা নহয়। Podcast বুলি কলে চমু অৰ্থত অনলাইন ৰেডিঅ। অনলাইন ৰেডিঅ বিষয় টো বিদেশত বেছ জনপ্ৰিয়। বৰ্তমান ভাৰততো Podcast বিষয়টো লাহে লাহে গতি লাভ কৰিছে আৰু বহু লোকে এই ক্ষেত্ৰত সুন্দৰ কাম কৰি আছে। আপোনাৰ যদি এটা সুন্দৰ কন্ঠ আছে, কথা পাতি ভাল পায়, আনক আপোনাৰ কথাৰ দ্বাৰা আকৰ্ষিত কৰিব পাৰে তেন্তে Podcast আপোনাৰ বাবে অনলাইন উপাৰ্জন (online Earning) কৰাৰ সুন্দৰ সুযোগ। Podcast জৰিয়তে আপুনি কেৱল audio সহায়ত বিভিন্ন ব্যক্তিৰ সৈতে কথাবাৰ্তা, ইণ্টাৰভিউ, শ্ৰোতাৰ সৈতে আলাপ, কোনো বিষয়ত আলোচনা আদি কৰিব পাৰে। সাধাৰনতে Podcast অনুষ্ঠান সমূহ দীঘলীয়া হয় যেনে এক ঘণ্টা, দুই ঘণ্টা মানৰ হয়। আমি ইউটিউব video সমূহ দীঘলীয়া হলে বেচি চাব নিবিচাৰোঁ কিন্তু Podcast ৰ শ্ৰোতা সকলে ঘণ্টা পাচত ঘণ্টা আন কাম কৰি থাকিও Podcast অনুষ্ঠান সমূহ উপভোগ কৰিব পাৰে। বহু লোকে গাড়ীত ভ্ৰমণ কৰোতে গানৰ সলনি Podcast অনুষ্ঠান উপভোগ কৰিবলৈ পচন্দ কৰে। Podcast channel আৰম্ভ কৰিবলৈ বিভিন্ন প্লেটফৰ্ম আছে। প্ৰায়ভাগ প্লেটফৰ্ম ৱেবছাইট বিনামূলীয়া হয়, আনহাতে আন কিছু paid প্লেটফৰ্ম আছে। Podcast channel আপুনি ইউটিউবত আৰম্ভ কৰিব পাৰে। বহু লোকে ইউটিউবত এনে ধৰণৰ চেনেল চলাই আছে। আপুনি ইউটিউবত search কৰি চাব পাৰে। ভাৰতত এনে ধৰণৰ চেনেল বা বিষয়টো প্ৰাৰম্ভিক পৰ্যায়ত আছে বাবে এতিয়াই আৰম্ভ কৰিলে এক সুন্দৰ ভৱিষ্যত আশা কৰিব পাৰি। এই বিষয়ে অধিক জানিবলৈ তলত comment কৰক।

9) ইউটিউবাৰ YouTuber
বৰ্তমান সময়ত এই বিষয়ে নজনা ব্যক্তি হয়টো নোলাব। তথাপিও জনাই থওঁ যে আপুনি ইউটিউবত আপোনাৰ Video আপলোড কৰি ধন উপাৰ্জন কৰিব পাৰে। বহু লোকে বৰ্তমান ইউটিউবক নিজৰ পেছা হিচাপে গ্ৰহণ কৰিছে আৰু লাখ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ইউটিউবত বিভিন্ন ধৰণৰ Video যেনে lifestyle, খেতি, নিউজ, সামগ্ৰী review, ভ্ৰমণ, music video, short Film, ৰন্ধন প্ৰকৰণ আদিৰ video record কৰি আপলোড কৰিব পাৰি। ইয়াৰ বাবে YouTube ৰ নীতি নিয়ম সমূহ মানি চলিব লাগিব। বৰ্তমান সময়ত ইউটিউবত competition বহুত বাঢ়ি গল যদিও ভাল video content দিব পাৰিলে সহজে সফল হব পাৰিব। কেৱল নিজৰ একাগ্ৰতা আৰু ধৈৰ্য অতিকৈ প্ৰয়োজন ইউটিউবত সফল হবলৈ। এই বিষয়ে অধিক জানিবলৈ তলৰ লিংকত ক্লিক কৰক।
Youtube Earnig Tips in Assamese

10) অনলাইন টিউচন বা কোচিং Online tution or Coaching
বৰ্তমান সময়ত আটাইটকৈ জনপ্ৰিয় আৰু চৰ্চিত অনলাইন উপাৰ্জনৰ মাধ্যম হৈছে অনলাইন টিউছন বা কোচিং (online coaching or tution)। আপুনি যদি শিশুক পঢ়াই ভাল পায় বা শিক্ষকতাৰ লগত জড়িত তেন্তে অনলাইন টিউশন বা কোচিঙৰ লগত জড়িত হব পাৰে। অনলাইন টিউছন বাবে আপুনি নিজকে বিভিন্ন শিক্ষাৰ লগত জড়িত ৱেবছাইটত অন্তৰ্ভুক্ত কৰিব পাৰে। আনহাতে নিজৰ expertise থকা বিষয়ত ছাত্ৰ ছাত্ৰীক ইউটিউব বা অন্য লাইভ streaming কৰিব পৰা মাধ্যমৰ জৰিয়তে কোচিং দিব পাৰে। তাৰ বাবে আপুনি এক নিৰ্দিষ্ট মাচুল নিৰ্ধাৰণ কৰিব পাৰে আৰু ছাত্ৰ ছাত্ৰীক নিৰ্দিষ্ট সময়ত লিংক share কৰি শিক্ষাদান কৰিব পাৰে। লাইভ streaming ৰ জৰিয়তে শ্ৰেণীত পাঠদান কৰা দৰে ছাত্ৰ ছাত্ৰীৰ লগত প্ৰত্যক্ষভাৱে interaction কৰিব পাৰে। অানহাতে আপুনি এক নিৰ্দিষ্ট বিষয়ত বিভিন্ন কোচিঙ প্ৰতিস্থানৰ হৈ পাঠদান কৰিব পাৰে। ইয়াৰ উপৰিও আপুনি কোনো এটা নিৰ্দিষ্ট বিষয়ত course হিচাপত video প্ৰস্তুত কৰি অনলাইন video course হিচাপত বিক্ৰী কৰিব পাৰে। গুণগত video course বিক্ৰী কৰিব বাবে বৰ্তমান বহুতো ৱেবছাইট আছে আৰু ৱেবছাইট বোৰৰ app ৰ জৰিয়তে বহু গ্ৰাহক উপলব্ধ।
Online tution বা online Coaching ৰ বিষয়ে অধিক জানিবলৈ তলত comment কৰিলে নিশ্চয় অধিক তথ্য জনাবলৈ চেষ্টা কৰা হব।

11) ফটো আৰু video বিক্ৰেতা
আপোনাৰ যদি এটা ভাল কেমেৰা আছে বা ভাল কেমেৰা থকা ফোন আছে তেন্তে ফটো আৰু video বিক্ৰেতা হব পাৰে। আপুনি যিকোনো ধৰণৰ ফটো বা video record কৰি অনলাইন বিক্ৰি কৰিব পাৰে। ফটো আৰু video মানদণ্ড (quality) ভাল হোৱা উচিত। Video বোৰ ১০ ছেকেণ্ডৰ পৰা ৩০ ছেকেণ্ডৰ ভিতৰত হলে বেচি ভাল। Video বা ফটোবোৰ raw হলে বেচি ভাল। কোনোধৰণৰ editing ৰ প্ৰয়োজন নাই। সেই ফটো, video সমূহ নিজৰ ৱেবছাইটৰ জৰিয়তে বিক্ৰী কৰিব পাৰে বা ফটো, video বিক্ৰী কৰা ৱেবছাইটত একাউণ্ট বনাই তাৰ জৰিয়তেও বিক্ৰী কৰিব পাৰে। ঠিক এইদৰে বিভিন্ন শব্দ যেনে চৰাই মাতৰ শব্দ, জীৱ জন্তুৰ মাতৰ শব্দ বা যিকোনো আন শব্দও online website ৰ জৰিয়তে বিক্ৰী কৰিব পৰা যায়। এনেধৰণৰ কামৰ বাবে বহুতো ৱেবছাইট আছে। তেনে কেইটা মান জনপ্ৰিয় website হল istock, Shutterstock আদি। Photo, Video অাৰু sound বিক্ৰীৰ বিষয়ে অধিক জানিবলৈ তলত comment কৰিব পাৰে।

12) Video বা audiobook ৰ বাবে কন্ঠ দিয়া Online voice over service
প্ৰতিটো video বা audiobook ত এটা কণ্ঠই background ত কোনো বিষয়ত কন্ঠ নিগৰাই থাকে। ভাল কন্ঠ হলে আমি শুনি ভাল পাওঁ। আপুনিও যদি এক ভাল কণ্ঠৰ গৰাকী তেন্তে online voice over সেৱা প্ৰদান কৰিব পাৰে। বহু লোকে বা কোম্পানী সমূহে তেওঁলোকৰ video বাবে voice over দিব পৰা সুন্দৰ কণ্ঠৰ লোকক নিৰ্বাচন কৰে। তেনে দৰে বহু লোকে ইউটিউবত video দিবৰ বাবেও সুন্দৰ কণ্ঠৰ লোকক নিয়োগ কৰে। প্ৰতিটো voice over সেৱাৰ বিনিময়ত উচিত মূল্য প্ৰদান কৰে। ইয়াৰ বাবে আপোনাক এটা ভাল কোৱালিটিৰ mic আৰু record কৰিবলৈ এটা professional software প্ৰয়োজন হব। ইয়াৰ ওপৰিও আপুনি নিজেও নিজৰ voice over জৰিয়তে কবিতা আবৃত্তি, শায়েৰী সৰু সৰু কাহিনী বৰ্ণনা কৰি video আকাৰে Facebook বা Youtube জৰিয়তে আপলোড কৰি উপাৰ্জন কৰিব পাৰে। Voice over service ৰ বিষয়ে অধিক জানিবলৈ তলত comment কৰিব পাৰে।

13) Cryptocurrency ত বিনিয়োগ (invest in cryptocurrency)
cryptocurrency ৰ বিষয়ে নজনা ব্যক্তি নিশ্চয় বৰ্তমান কম সংখ্যক লোকহে আছে। আমি ইয়াত cryptocurrency  কি হয় তাৰ বিষয়ে আলোচনা নকৰোঁ। বহু লোকে cryptocurrency ৰ শুনিছে বা বহুতে আলোচনা কৰা দেখিছে কিন্তু বিনিয়োগ কৰা নাই। বহু লোকে cryptocurrency ত বিনিয়োগ কৰি লাভৱান হোৱা দেখিছে। cryptocurrency ত বিনিয়োগ বৰ্তমান সময়ত এক লাভজনক মাধ্যম হৈ পৰিছে। ২০১৭ চনৰ পৰা ইয়াৰ market value বহু পৰিমাণে বৃদ্ধি হোৱাৰ লগে লগে cryptocurrency ত বিনিয়োগৰ পৰিমাণো বৃদ্ধি হয়। অনলাইনত আপুনি বহুতো cryptocurrency পাব কিন্তু সকলো cryptocurrency ৰ value একে সমান নহয়। সকলো cryptocurrency ত বিনিয়োগ কৰিলে আপুনি লাভৱান নহবও পাৰে। সেয়েহে কত কেনেদৰে কোনটো cryptocurrency ত বিনিয়োগ কৰিব তাৰ এটা analysis কৰাটো অত্যন্ত জৰুৰী। পৰাপক্ষত এই বিষয়ত জ্ঞান থকা ব্যক্তিৰ পৰা পৰামৰ্শ লৈহে বিনিয়োগ কৰক। বিনিয়োগ পৰাপক্ষত জনপ্ৰিয় cryptocurrency যেনে Bitcoin, dogecoin, Litecoin, Ethereum আদিতহে বিনিয়োগ কৰিব। Cryptocurrency ত বিনিয়োগৰ বিষয়ে অধিক জানিবলৈ তলত comment কৰিব পাৰে।

14) Facebook ৰ পৰা উপাৰ্জন

a) ফেচবুক বিজ্ঞাপন Facebook advertising campaigns
ফেচবুক এক আটাইটকৈ জনপ্ৰিয় সামাজিক মাধ্যম। প্ৰতিদিনে নতুন নতুন লোকে ফেচবুকত একাউণ্ট খুলি আছে অাৰু প্ৰতিদিনে প্ৰতিজন লোকে এবাৰ হলেও নিজৰ ফেচবুক একাউণ্ট চেক কৰে। বহু লোকে প্ৰায় প্ৰতিদিনে নিজৰ লেখা, ফটো, video আপলোড কৰে। অৰ্থাৎ ফেচবুকত বহু লোকে active হৈ থাকে। যত মানু্হ থাকিব তাত ব্যৱসায়ো থাকিব। কোম্পানী বা ব্যৱসায়িক প্ৰতিষ্ঠান সমূহে এই কথা ভালদৰে বুজি পোৱা বাবে তেঁওলোকে ফেচবুকৰ জৰিয়তে নিজৰ উৎপাদিত সামগ্ৰী প্ৰচাৰ কৰিবলৈ কৌটি কৌটি টকা খৰচ কৰি ad campaign চলাই। ফেচবুকত আপুনি এটা সীমিত অঞ্চলত, সীমিত লোকৰ মাজত, সীমিত ধন ব্যয় কৰি ad campaign চলাব পাৰে। আপুনি যদি Facebook advertising campaigns ৰ বিষয়ে জ্ঞাত বা কিছু অভিজ্ঞতা আছে তেন্তে যিকোনো স্থানীয় ব্যৱসায়িক প্ৰতিষ্ঠানৰ হৈ প্ৰচাৰ কৰিব পাৰে। ইয়াৰ বাবে আপুনি নিজৰ ফেচবুক একাউণ্ট ব্যৱহাৰ কৰি ব্যৱসায়িক প্ৰতিষ্ঠানৰ কাষ চাপিব পাৰে আৰু তেওঁলোকৰ লগত আলোচনা কৰি advertising ৰ বাবে চুক্তি কৰিব পাৰে। বহু লোকে এই ক্ষেত্ৰত কাম কৰি আছে। আপুনি ফেচবুকত এনেধৰণৰ বহুতো post দেখিব যিবোৰ sponsored লিখা থাকে যিবোৰ Facebook advertising campaigns জৰিয়তে হয়। ব্যৱসায়িক প্ৰতিষ্ঠান সমূহে Facebook advertising campaigns ৰ জ্ঞান থকা লোকক এই ক্ষেত্ৰত বেচি গুৰুত্ব প্ৰদান কৰে।
এই বিষয়ে অধিক তথ্য জানিবলৈ তলত comment কৰিব পাৰে।

b) ফেচবুক মাৰ্কেটপ্লেচ Facebook marketplace
Facebook ৰ নতুনকৈ আৰম্ভ হোৱা এক সেৱা হল Facebook marketplace । Facebook marketplace ত আপুনি আপোনাৰ যিকোনো সামগ্ৰী নতুন বা পুৰণা বিক্ৰী কৰিব পাৰে। ইয়াৰ বাবে Facebook ক কোনোধৰণৰ ad campaign চলোৱাৰ প্ৰয়োজন নহয়। কেৱল marketplace ত গৈ বিক্ৰী কৰিব লগা সামগ্ৰী বিধ listing কৰি মূল্য উল্লেখ কৰিলেই হল। বহু লোকে Facebook marketplace ত গৈ second hand সামগ্ৰী বা নতুন সামগ্ৰী বিছাৰি থাকে। তেনে ক্ষেত্ৰত গ্ৰাহকে পোনপটীয়াকৈ বিক্ৰেতা জনৰ লগত Facebook বা ফোন নং উল্লেখ কৰিলে ফোন যোগেও যোগাযোগ কৰিব পাৰে। আপুনি নিজৰ লগতে বন্ধু বান্ধৱী বা অান চিনাকি লোকৰ সামগ্ৰী Facebook marketplace ৰ জৰিয়তে বিক্ৰী কৰিব পাৰে। Facebook marketplace ত স্থানীয় অঞ্চলত ব্যৱসায় কৰিবলৈ বেচি সুবিধাজনক কাৰণ ইয়াত specific target area অাৰু demographic select কৰিব পাৰি।
এই বিষয়ে অধিক জানিবলৈ তলত comment কৰিব পাৰে।
Facebook Earning tips
15) শ্বেয়াৰ ষ্টকৰ অনলাইন বিনিয়োগ share stock Online trading investment    শ্বেয়াৰ ষ্টক ব্যৱসায় এক পুৰণা ব্যৱসায়। কিন্তু বৰ্তমান সময়ত technology ৰ ন ন উন্নতিৰ ফলত আমি ঘৰত বহিয়েই (online business from home) শ্বেয়াৰ ষ্টকৰ ব্যৱসায় কৰিব পাৰোঁ। কোনোধৰণৰ দালাল বা এজেন্টৰ সহায় অবিহনে এই ক্ষেত্ৰত আগবাঢ়িব পাৰোঁ। শ্বেয়াৰ ষ্টক ব্যৱসায়ৰ মূল লক্ষ্য হৈছে কম মূল্যত শ্বেয়াৰ কিনি কিছু দিন নিজৰ লগত ৰাখি শ্বেয়াৰৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে বিক্ৰী কৰি লাভ অৰ্জন (online earning) কৰা। আচলতে শ্বেয়াৰ ষ্টক বিষয়টো বুজিবলৈ অলপ কঠিন আৰু High risk ব্যৱসায়। শ্বেয়াৰ ষ্টকৰ বিষয়ে অধ্যয়ন কৰি লৈহে বিনিয়োগ কৰা উচিত আৰু প্ৰতি মূহুৰ্তত শ্বেয়াৰ ষ্টকৰ value উঠা নমা কৰি থাকে। অৱশ্যে শ্বেয়াৰ ষ্টকত দীৰ্ঘ সময় বা কম সময়ৰ বাবেও বিনিয়োগ কৰিব পাৰে। দীৰ্ঘ সময় বিনিয়োগত শ্বেয়াৰ ষ্টকৰ ব্যৱসায়ত লোকচানৰ সম্ভাৱনা কম থাকে। বৰ্তমান সময়ত নিজৰ smartphone ৰ জৰিয়তে বিভিন্ন share stock trading app ৰ সহায়ত ঘৰত বহিয়েই বিনিয়োগ কৰি লাভৱান হব পাৰি। পুনৰ বাৰ জনাই থওঁ যে share stock trading investment যথেষ্ঠ risk থকা ব্যৱসায়, সেয়েহে এই ক্ষেত্ৰত জনা বুজা ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰা অতি জৰুৰী। এই বিষয়ে অধিক তথ্য জানিবলৈ তলত comment কৰিব পাৰে।
ধন্যবাদ।

Leave a Comment

Your email address will not be published. Required fields are marked *