আবেদন পত্ৰ বা চিঠি পত্ৰ আমাৰ জীৱনৰ বৰ্তমানো এক অতি জৰুৰী অংগ হয়। বৰ্তমানৰ technology ৰ দিন হলেও চিঠি পত্ৰৰ এক নিজস্ব বৈশিষ্ট আছে আৰু ইয়াৰ সহায়ত আমাৰ দৈনন্দিন জীৱনৰ বহু অফিচিয়েল কাম কাজ কৰিবলৈ সহজ হয়। বিদ্যালয়ৰ আবেদন পত্ৰ, পুলিচ থানাৰ এজাহাৰ, verification, বেংকৰ ঋণৰ আবেদন, পঞ্চায়তৰ বা বিধায়ক, সাংসদ আদিক ৰাস্তাৰ মেৰামতিৰ বাবে আবেদন আদি বহুতো আবেদন আমি নিতৌ লিখিব লাগে। সেয়েহে আমি আবেদন পত্ৰ বা চিঠি পত্ৰ লিখিবলৈ জনাটো আৰু সুন্দৰকৈ বিষয়বস্তু উপস্থাপন কৰাটো অতি জৰুৰী।
বহু যুগৰ পৰা চিঠি বা আবেদন পত্ৰ লিখি অহাৰ এটা পৰম্পৰা চলি আহিছে আৰু ইয়াক বৰ্তমান এটা বহু গুৰুত্বপূৰ্ণ বিষয় হিচাপে ধৰা হয়। বৰ্তমান সকলো চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানৰ কামকাজত চিঠি পত্ৰৰ ব্যাপক ব্যবহাৰ দেখা যায়। যেনে চাকৰি সংক্ৰান্তত আবেদন, ছুটিৰ বাবে আবেদন, মন্ত্ৰী, বিধায়ক বা কোনো চৰকাৰী বিভাগলৈ আবেদন আদি বহু ক্ষেত্ৰত চিঠিপত্ৰ সহায় লব লাগে। এনেধৰণৰ পত্ৰ লিখোঁতে বহু ক্ষেত্ৰত আমি কি লিখিম, কি নিলিখিম আদি ভাব আহে। সকলো চিঠিপত্ৰ লিখাৰ কিছুমান নিৰ্দিষ্ট নিয়ম আৰু বিষয় (Assamese Application Letter writing format) থাকে। সেয়েহে প্ৰতিটো বিষয়ত চিঠি লিখোতে কিছুমান সাধাৰণ নীতি নিয়ম (Assamese Application Letter writing format) মানি চলা উচিত।তেনে কিছুমান সাধাৰণ নিয়ম তলত উল্লেখ কৰা হল।
✓পৰিষ্কাৰ আৰু শুদ্ধ বানানত লিখিব লাগে
✓চিঠি বা আবেদন লিখাৰ আগতে মূল বিষয়বোৰ মনতে বা আন এখন কাগজত টুকি লব লাগে যাতে মূল বিষয়বোৰ থাকি নাযায়।
✓চিঠিপত্ৰৰ অংগসজ্জা নিয়মবোৰ মানি চলি উপযুক্ত স্থানত চিঠিৰ অংগ বোৰ সন্নিবিষ্ট কৰিব লাগে
✓চিঠিপত্ৰ বোৰ সাধাৰণতে বিষয় অনুসৰি ভদ্ৰ, বিনয়ী ভাষাত আৰু উপযুক্ত সন্মান প্ৰদৰ্শন কৰি উপযুক্ত শব্দ ব্যৱহাৰ কৰি লিখিব লাগে।
✓চিঠিত স্পষ্ট কৈ দুয়োপক্ষৰে নাম, ঠিকনা আৰু যোগাযোগৰ নম্বৰ যথাস্থানত উল্লেখ কৰিব লাগে।
✓চিঠিপত্ৰ যদি উৰ্ধতম কৰ্তৃপক্ষ লৈ লিখা হয় তেন্তে সদায় উপযুক্ত সন্মান প্ৰদৰ্শন কৰি লিখিব লাগে।
✓চিঠি পত্রত সদায় তাৰিখ আৰু স্থান উল্লেখ কৰা উচিত।
ইয়াৰ উপৰিও আন বহুতো সৰু সৰু নিয়ম আছে। তলত কেইখনমান আবেদন পত্ৰৰ আৰ্হি আপোনালোকৰ সুবিধা হোৱাকৈ উল্লেখ কৰিছোঁ।
Assamese Application Letter writing format
প্ৰতি,
পৰিচালক মহোদয়
নিয়োগ বিভাগ(বিভাগৰ নাম উল্লেখ কৰিব)
__________ প্ৰতিষ্ঠান (প্ৰতিষ্ঠানৰ নাম উল্লেখ কৰিব)
বিষয়ঃচাকৰিৰ বাবে আবেদন
মহাশয়/মহাশয়া
যোৱা ইংৰাজী_______ তাৰিখৰ______ কাকতৰ বিজ্ঞাপনৰ পৰা আপােনাৰ/আপোনালোকৰ প্ৰতিষ্ঠানৰ _______ পদৰ বাবে এজন অভিজ্ঞ প্ৰাৰ্থীৰ আৱশ্যক বুলি জানিব পাৰি এই আবেদন পত্র প্রেৰণ কৰিলাে। মই উক্ত পদৰ বাবে উপযুক্ত বুলি ভাবি মোৰ প্ৰাৰ্থীত্ব আগবঢ়ালোঁ। যদি আপোনালোকে মোক উক্ত পদত নিযুক্তি প্ৰদান কৰে তেন্তে মই আপোনালোকৰ প্ৰতিষ্ঠানত অতি নিষ্ঠা সহকাৰে কাম কৰি আগুৱাই লৈ যাব পাৰিম বুলি মোৰ বিশ্বাস। মোৰ এই ক্ষেত্ৰত কাম কৰাৰ প্ৰায় তিনি বছৰৰ অভিজ্ঞতাৰ প্ৰমাণ পত্ৰ আৰু মোৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ ইয়াৰ লগত সংলগ্ন কৰি দিয়া হৈছে।
মোৰ শিক্ষাগত অৰ্হতা ____ বিভাগৰ স্নাতক আৰু কম্পিউটাৰত ১বছৰৰ পোষ্ট গ্ৰেজুৱেট পাঠ্যক্ৰম সমাপ্ত কৰিলোঁ। বৰ্তমান এটা ব্যক্তিগত কোম্পানীত _____ বিভাগত কাম কৰাৰ তিনিবছৰ অভিজ্ঞতা আছে। সেই প্ৰতিষ্ঠানত মই অতি নিষ্ঠা সহকাৰে কাম কৰাৰ পাছত যথেষ্ট অভিজ্ঞতা অৰ্জন কৰিলোঁ আৰু সেই অভিজ্ঞতাৰ জৰিয়তে আপোনালোকৰ প্ৰতিষ্ঠানত মোৰ ফালৰ পৰা উৎকৃষ্ঠ সেৱা আগবঢ়াবলৈ সক্ষম হম বুলি বিশ্বাস আছে।
অনুগ্ৰহ কৰি আপোনালোকৰ মতামত জনাই তলত উল্লেখ কৰা ফোন নম্বৰত যোগাযোগ কৰি সাক্ষাৎকাৰৰ তাৰিখ আৰু সময় জনাই যেন। আপােনালােকৰ মতামত অতি সােনকালে জনাব বুলি আশা ৰাখিছোঁ।
ধন্যবাদ।
আপােনাৰ/আপোনালােকৰ বিশ্বাসী
নাম
ফোন নম্বৰ
তাৰিখ
Assamese Application Letter writing format
2. স্কুলৰ অনুষ্ঠানত মুখ্য অতিথিৰ বাবে মন্ত্ৰী/বিধায়ক অনুৰোধ জনাই লিখা পত্র। (Assamese Application Letter writing format for invitation to Minister/MLA/MP)
প্রতি
মাননীয় মন্ত্রী/ বিধায়ক মহোদয়
_________ সমষ্টি
অসম চৰকাৰ
দিছপুৰ
বিষয়ঃস্কুলৰ অনুষ্ঠানত মুখ্য অতিথিৰ অনুৰোধ
মাননীয় মহাশয়,
সন্মান সহকাৰে আপোনাক জনাব পায় সুখী হৈছো যে অহা ইং_________তাৰিখৰ পৰা ______তাৰিখলৈ আমাৰ বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ প্ৰতিষ্ঠা দিৱস, তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰাৰ কাৰ্যসূচী হাতত লোৱা হৈছে। এই তিনিদিনীয়া কাৰ্যসূচীত বিভিন্ন প্ৰতিযোগিতা মূলক অনুষ্ঠান অনুষ্ঠিত কৰাৰ উপৰিও সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হব। তৃতীয় দিনাৰ কাৰ্যসূচী অনুসৰি মুকলি সভা অনুষ্ঠিত কৰা হৈছে । মুকলি সভা কাৰ্যসূচীত আপোনাক মুখ্য অতিথি হিচাপে ৰূপালী জয়ন্তী উদযাপন সমিতিৰ জৰিয়তে আমন্ত্ৰণ জনোৱা হল। আশা কৰোঁ আপোনাৰ বহুমূলীয়া সময়ৰ পৰা কিছু সময় উলিয়াই আমাৰ মুকলি সভা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে আমাক কৃতাৰ্থ কৰে যেন।
শেষত আমাৰ অনুৰোধ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হব বুলি আশা কৰিলোঁ।
ধন্যবাদ।
আপোনাৰ বিশ্বাসী
ৰূপালী জয়ন্তী উদযাপন সমিতিৰ হৈ
সভাপতি সম্পাদক
মহাশয়,

মহাশয়/মহাশয়া
নাম
মহোদয়/ মহোদয়া
নাম
ঠিকনা
মহোদয়/ মহোদয়া
প্রতি
মাননীয় বিধায়ক/ সাংসদ মহোদয়
__________ বিধান সভা/ লোকসভা সমষ্টি
বিষয়ঃ পকী ৰাস্তা নিৰ্মাণৰ আবেদন
মহাশয়,
প্ৰথমতে _______ অঞ্চল বাসী ৰাইজৰ হৈ অলপতে হৈ যোৱা বিধান সভা/ লোকসভা নিৰ্বাচনত আপুনি বিজয়ী হোৱাত আন্তৰিক অভিনন্দন জনালোঁ। এই পত্ৰৰ দ্বাৰা আপোনক আমাৰ অঞ্চলৰ এটা বহুদিনীয়া সমস্যা দৃষ্টি আকর্ষণ কৰিব বিচাৰিছাে। আমাৰ অঞ্চলটো বহুদিনৰ পৰাই চৰকাৰৰ উন্নয়নমূলক আঁচনি পৰা বঞ্চিত হৈ আহিছে । আমি প্ৰতিটো নিৰ্বাচনত ভোট দান কৰি আহিছোঁ যদিও ৰাইজৰ দ্বাৰা নিৰ্বাচিত জনপ্রতিনিধি সকলে আমাৰ অঞ্চলৰ অতি গুৰুত্বপূৰ্ণ আৰু একমাত্ৰ পথটো বৰ্তমানেও পকী কৰাৰ ব্যৱস্থা নকৰিলে। ইয়াৰ ফলত স্থানীয় ৰাইজে বাৰিষা কালত চহৰলৈ যাবলৈ, স্কুল, কলেজ, বজাৰত যাবলৈ অশেষ কষ্ট সমস্যাৰ সন্মুখীন হৈছে। ৰাস্তাত বৃহৎ বৃহৎ গাঁত সৃষ্টি হোৱাৰ ফলত বহু সময়ত দুৰ্ঘটনা সংঘটিত হৈ আহিছে। গতিকে আপোনাক মূল ঘাইপথৰ পৰা আমাৰ গাঁৱলৈ সোমাই যোৱা পথটো পকীকৰণৰ ব্যৱস্থা কৰিবলৈ টানি অনুৰোধ জনালোঁ।
গতিকে আমাৰ অঞ্চলটোৰ ৰাইজৰ এটা দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিব বুলি আশা ৰাখিলোঁ।
ধন্যবাদ
______ বাসী ৰাইজৰ হৈ
তাৰিখ
সভাপতি/ সম্পাদক ডাঙৰীয়া,
ধন্যবাদ।
মহাশয়,
আপােনাৰ বিশ্বাসী
মাননীয়/মাননীয়া (বিভাগৰ মুখ্য বিষয়াৰ পদৰ নাম আৰু ঠিকনা যালৈ পঠিয়াব লাগে)
মাননীয় (যোগদান কৰা কাৰ্যালয়ৰ মুখ্য বিষয়াৰ পদৰ নাম) যোগেদি
বিষয়: চাকৰিত/পদত যোগদান সন্দৰ্ভত
মহোদয়/মহোদয়া
সন্মান সহকাৰে আপোনাৰ জ্ঞাতাৰ্থে জনাব বিচাৰো যে memo no ___________ আদেশ অনুসৰি________(বিভাগৰ নাম) বিভাগৰ দ্বাৰা মোক ______ (কাৰ্যালয়ৰ নাম) _______(পদৰ মন) পদত নিযুক্তি দিছে। উক্ত আদেশ অনুসৰি আজি ইং______(তাৰিখ) তাৰিখে পুৱা __(সময়) বজাত কামত যোগদান কৰা হয়।
ইতি
মহোদয়ৰ/মহোদয়াৰ বিশ্বাসী
১২) সাংস্কৃতিক সন্ধিয়াৰ আয়োজনৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি ( application for police permission)
প্রতি,
মাননীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া
_________থানা (থানাৰ নাম)
__________জিলা
মহাশয়,
আপোনাক অৱগত কৰিব বিচাৰো যে অহা ইং ২০ জুন ২০২২ তাৰিখে ______ গাওঁত _______ ক্লাবৰ উদ্যোগত দিনজোৰা কাৰ্য্য সূচীৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতিত “ৰাভা দিৱস” উদযাপনৰ যোজা কৰা হৈছে। সেয়েহে উক্ত কাৰ্য সূচী অনুসৰি দিনত বিভিন্ন প্ৰতিযোগিতা আৰু সন্ধিয়ালৈ সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠান পুৱা ৯ বজাত আৰম্ভ হৈ ৰাতি বাৰ বজাৰ ভিতৰত শেষ হব। সেয়েহে আমাৰ এই অনুষ্ঠান সুকলমে অনুষ্ঠিত কৰিবলৈ _____ ক্লাবৰ হৈ নিম্ন লিখিত ব্যক্তিসকলে আপোনাৰ সু দিহা পৰামৰ্শ আৰু অনুমতি বিছাৰি আৱেদন জনালোঁ।
আশাকৰোঁ আমাক “ৰাভা দিৱস” আৰু সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান আয়োজন কৰিবলৈ অনুমতি প্ৰদান কৰি কৃতাৰ্থ কৰে যেন।
ধন্যবাদ।
বিনীত
( নামসমূহ)
তাৰিখ –
ঠিকনা
১৩) হেৰোৱা Mobile Phone উদ্ধাৰৰ বাবে পুলিচ কৰ্তৃপক্ষলৈ এজাহাৰ পত্ৰ (application for police FIR)
এজাহাৰ
প্রতি,
মাননীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া
_______ আৰক্ষী থানা, ______ জিলা
তাৰিখ : ________
বিষয় : এজাহাৰ
মহাশয়,
ইয়াৰ দ্বাৰা আপোনাক জনাওঁ যে আজি ইং _______ তাৰিখে ________ চহৰৰ _______ পথত মোৰ ব্যক্তিগত মবাইল ফোনত কথা পাতি ৰাস্তাত খোজ কাঢ়ি গৈ থাকোতে পাছফালৰ পৰা এখন কলা ৰঙৰ বাইকত অহা দুজন অচিনাক্ত ব্যক্তিয়ে মোৰ ______ কোম্পানীৰ, _____ মডেলৰ, ______ ৰঙৰ মবাইল ফোন আৰু ফোনত থকা __________ (মবাইল নং) চিমৰ সৈতে লুট কৰি লৈ যায়। সেয়েহে মহোদয়ে উক্ত কাৰ্যত জৰিত ব্যক্তি সকলক চিনাক্ত কৰি মোৰ হেৰোৱা Mobile Phone টো উদ্ধাৰ কৰি দিবলৈ অনুৰোধ জনালোঁ।
গতিকে মহোদয়ে সমগ্র বিষয়টোৰ উচিত তদন্ত কৰি মোক ন্যায় প্ৰদান কৰে যেন।
ধন্যবাদ সহকাৰে
বিনীত
(নিজৰ নাম)
ঠিকনা
যোগাযোগ নং
ওপৰৰ লিখনি কেনে লাগিল তলত comment কৰিব।
Thanks
Thanks
উপস্থাপন সুন্দৰ হৈছে ।
Joining report r karone dibo sun…plzzz
ok Keep visiting
thank you
Mritro biyotir proman potror babe PHc loi likha niyomor babe aapunar pora akha korisu ..
Please
https://gdd.assam.gov.in/documents-detail/application-form-for-death-certificate
ওপৰৰ লিংকত গৈ তুমি official application download কৰিব পাৰিবা।
Bohut bhal lagile read kori. Thanks
Apunar letter bor porih bohut bhaal lagil thanks a lot .
Priyo teacher loi akhon later
ৰাজহ চক্ৰ বিষয়া লৈ মাটিৰ ম্যাদি কৰণৰ বাবে কিদৰে লিখিব লাগিব দিব বেয়া নাপায় যদি
AB UB physical test tot back date r babe kenekoi application likhib lage . reply fast sir
সুন্দৰ হৈছে… আৰু পাম বুলি আশা থাকিল ধন্য়বাদ
বহুত সুন্দৰ নিদৰ্শন
মই BA Certificate বিছাৰি কেনেকৈ আৱেদন কৰিম । কলেজলৈ
এনেদৰে লিখিলে হব
প্ৰতি,
মাননীয় অধ্যক্ষ মহোদয়
(কলেজৰ নাম)
বিষয় – স্নাতক উত্তীৰ্ণ certificate বিচাৰি কৰা আবেদন
মহোদয়,
সন্মান সহকাৰে আপোনাক জনাব বিচাৰোঁ যে যোৱা _______ বৰ্ষত মই _______ কলেজৰ পৰা স্নাতক চূড়ান্ত কলা শাখাৰ পৰীক্ষাত অৱতীৰ্ণ হৈ _____ বিভাগত উত্তীৰ্ণ হলোঁ। মোৰ উচ্চ শিক্ষা গ্ৰহণৰ উদ্দেশ্যে নামভৰ্তিৰ বাবে আৰু বিভিন্ন চাকৰিত আৱেদন কৰিবলৈ এখন Provisional Pass Certificate ৰ প্ৰয়োজন হৈছে। সেয়েহে মোক এখন Provisional Pass Certificate দিয়াৰ ব্যৱস্থা কৰিলে নথৈ আনন্দিত হম। মোৰ admit card আৰু Markshit ৰ copy এটাকৈ ইয়াৰ লগতে গাঁঠি দিছোঁ।
এয়ে আপোনাক জনাব লগীয়া মোৰ সৰল প্ৰাৰ্থনা।
ইতি
আপোনাৰ একান্ত বাধ্য ছাত্ৰ/ ছাত্ৰী
ধন্যবাদ।
ধন্যবাদ।
ধন্যবাদ
ধন্যবাদ। চেষ্টা কৰিম।
ভৱিষ্যতে চেষ্টা কৰিম।
পুনৰবাৰ লিখিলে এনেধৰণৰ আৱেদন লিখিবলৈ চেষ্টা কৰিম।
পুনৰবাৰ লিখিলে এনেধৰণৰ আৱেদন লিখিবলৈ চেষ্টা কৰিম।
ধন্যবাদ জ্ঞাপন কৰিলো জানি ভাল লাগিল।
Thanks
চিঠি সমূহ পঢ়ি ভাল লাগিল। বহুত সুন্দৰ ভাৱে বিষয় সমূহ উপস্থাপন কৰিছে। বেংকৰ বিভিন্ন। কাম- কাজ কৰাৰ বাবেও চিঠি লিখিব বুলি আশা কৰিলো।
Thank you so much
Police verification ৰ কাৰনে এটা দিব ।।
বিষয় সলনি বাবে আবেদন লিখিব 🙏
Who to write an application to our village agent for buying a football for us
Bank Or Manager Loi Kenekoi Application Likhe Tare Format 2 Dibo Buli Aakha Rakhilu
DC offiloi kenekoi complain application likhe tar babe format 2 dibo buli akhare….
School transfer application ahon lagisil, student or
ল'ৰাৰ স্কুল স্থানন্তৰ দৰখাস্ত এখন লাগিছিল
বেংক মেনেজাৰলৈ একাউণ্ট বন্ধ কৰি জমা থকা টকা উলিয়াবলৈ কেনেকৈ আবেদন লিখে দিয়ক চোন
অসম আৰক্ষীলৈ কেনেকৈ আবেদন কৰিম।
Police verification kanakoy abedon korim
Police verification
Police verification
Bohut val lagil. Sposto vakhare likhise.
জিলা উপায়ুক্ত মহোদয়লৈ আবেদন
সুন্দৰ
নতুন কৈ ৰাস্তা বনাই দিবলৈ হ'লে কেনেকৈ লিখিব লাগে।
বিদ্যুৎ সংযোগ আছে কিন্তু ২৪ ঘন্টাত ৪ ঘন্টা বিদ্যুৎ নাথাকে ইয়াৰ বাবে আবেদন কেনেকৈ লিখিম????
গাওঁ বুঢ়া পদৰ বাবে আবেদন কেনেকৈ লিখিম
গাওঁ বুঢ়া পদৰ বাবে আবেদন কেনেকৈ লিখিম
চৰকাৰী ঘৰ বিচাৰি আবেদন কেনেকৈ লিখিম
Reen bisari darkhasto kenekoi likhim
শিপিনী ৰ বাবে কেনেকৈ লিখিব লাগিব
S.P. লৈ police report বিছাৰি আবেদন
চাহ বাগিছা লৈ accountant post ৰ বাবে আবেদন কেনেকৈ লিখিব লাগে
চাহ বাগিছা লৈ accountant post ৰ বাবে আবেদন কেনেকৈ লিখিব লাগে
ধন্যবাদ💐🌺🎄🌼🌸🤭🤭
Thanks
Thanks
লিখি দিব
ট'কিঅ অলিম্পিকত ব্ৰঞ্জৰ পদক প্ৰাপ্তিৰে অসমৰ গৌৰৱ লাভলীনা বাক অভিনন্দন জনাই কেনেদৰে চিঠি লিখিম আৰ্হি এটি লিখি জনাবচোন।
ভাল লাগিল
স্কুলত নাম ভৰ্তিৰ বাবে আবেদন কেনেকৈ লিখিম
অঞ্চলৰ খোৱা পানী সমস্যা সমাধানৰ বাবে বিধায়কৰ লৈ আবেদন কেনেকৈ লিখিম
গাঁওৰশী বাহিনী আবেদন কেনেকৈ লিখিম (VDP)
সুন্দৰ হৈছে।
Bikhekh competitive exam r Babe college khoti korar babe abedon kenekoi likhibo lge
বেংক লৈ আবেদন কেনেকৈ লিখিম
Very good
Yes
মোৰ শাৰীৰিক মানসিক অসুস্থতাৰ বাবে B.A 6th Sem exam নিদিয়াৰ বাবে প্ৰধান অধ্যক্ষ লৈ আবেদন
SBI Bank loi ATM card heruar babe application kenekoi likhim
লিখনি শব্দটো হেমকোষ, চন্দ্ৰকান্ত অভিধান, চলন্ত অভিধান, আধুনিক অসমীয়া অভিধান আদি মান্যতাপ্ৰাপ্ত অভিধান সমূহত নাই ্। ইয়াত যি অৰ্থত ব্যৱহাৰ কৰা হৈছে ,তাৰ সলনি 'লেখা',হ'ব লাগে ।