5G কি || What is 5G in Assamese?


What is 5G in Assamese


বহু অপেক্ষাৰ অন্তত অৱশেষত ভাৰতত ২০২২ চনৰ ছেপ্তেম্বৰ মাহত 5G সেৱা ( 5G service ) আৰম্ভ হোৱাৰ সম্ভাবনা আছে। এই ক্ষেত্ৰত ভাৰতৰ দুটা বৃহৎ telecom company Bharti Airtel আৰু Reliance Jio  আগবাঢ়ি আছে। আহক আমি 5G network কি তাৰ বিষয়ে অলপ আলোচনা কৰোঁ।

5G in Assamese

5G কি? (What is 5G in Assamese)


5G হৈছে শেহতীয়াকৈ ব্যৱহাৰ উপযোগী পঞ্চম প্ৰজন্মৰ চেলুলাৰ প্ৰযুক্তি।  ইয়াক তথ্যৰ আদান প্ৰদানৰ গতি বৃদ্ধি কৰিবলৈ আৰু ইন্টাৰনেট সম্পৰ্কীয় সেৱাসমূহ উন্নত কৰিবলৈ ডিজাইন কৰা হৈছে। 5 G network সহায়ত তথ্য আৰু যোগাযোগ ক্ষেত্ৰত নতুন মাত্ৰা লাভ কৰিব লগতে ডিজিটেল পৃথিৱীত বৃহৎ পৰিৱৰ্ত্তন হোৱাৰ আশা কৰা হৈছে।

5G প্ৰযুক্তি কি? (What is 5G Technology in Assamese)


5G প্ৰযুক্তিৰ (5G Technology) Data transfer কৰাৰ গতিবেগ 20 Gbps ত কৈ অধিক, আনহাতে 4G technology ৰ data transfer কৰাৰ সৰ্বাধিক গতিবেগ মাত্ৰ 1 Gbps।  5G উচ্চ গতিবেগৰ বাবে উচ্চ গতিৰ প্ৰয়োজন হোৱা ব্যৱসায়িক এপ্লিকেচনৰ লগতে অন্যান্য ডিজিটেল অভিজ্ঞতা লাভ কৰিবলৈ প্ৰযুক্তিগত ভাৱে উন্নত নতুনকৈ সেৱা আগবঢ়োৱা অনলাইন গেমিং, ভিডিঅ’ কনফাৰেন্সিং, আৰু স্বয়ংচালিত ড্ৰাইভাৰ বিহীন গাড়ীৰ সেৱা উন্নত কৰিব পাৰে। এনে প্ৰযুক্তিৰ ফলত মানুহৰ 3D ফিল্মৰ দৰে নতুন প্ৰযুক্তিৰ ফিল্ম চাবলৈ অধিক বাস্তৱিক ধৰণে উপভোগ কৰিব পাৰিব। Live streaming প্লেটফৰ্ম অধিক প্ৰসাৰ লাভ কৰিব।

5G নেটৱৰ্কৰ গতিবেগ কিমান? ( Speed of 5G network in Assamese)


আমি আমাৰ স্মাৰ্ট ফোনত 2G ইন্টাৰনেট সেৱা পৰা আৰম্ভ কৰি 3G, 4G লৈকে ইন্টাৰনেট সেৱা লাভ কৰি আহিছোঁ। এই গোটেই কেইটা 2G, 3G আৰু 4G ৰ ইন্টাৰনেট সেৱাৰ মাজত মূল পাৰ্থক্য ( difference between 4G and 5G ) হল ইণ্টাৰনেটৰ গতিবেগ। বৰ্তমান নতুনকৈ আহি আছে 5G। যি সময়ত 4G network ৰ সৰ্বাধিক গতিবেগ 1gbps ৰ পৰা 4 gbps  আছিলে 5G ৰ আগমণে সেই গতিবেগ 20 gbps পৰা 300 gbps ৰ ভিতৰত হোৱাৰ সম্ভাৱনা আছে।

5G নেটৱৰ্ক কি কামত ব্যৱহাৰ হব? (Uses of 5G Technology)


5G ৰ প্ৰয়োগৰ ফলত চমু অৰ্থত কবলৈ গলে আগত কৈ  20 গুন অধিক গতিত অনলাইন ফাইল, ফিল্ম, ফটো, games আদি download কৰিব পাৰিব। এটা device পৰাই কেইবাটাও device সংযোগ কৰি অধিক গতিত ইন্টাৰনেট সেৱা উপভোগ কৰিব পাৰিব। ইয়াৰ ওপৰিও 5G প্ৰযুক্তিয়ে কেৱল উন্নত নেটৱৰ্ক পৰিৱেশন আৰু গতিৰ নতুন যুগৰ সূচনা কৰাই নহয়, ব্যৱহাৰকাৰী সকলৰ বাবে নেটৱৰ্ক সংযোগ সম্পৰ্কীয় নতুন অভিজ্ঞতাও প্ৰদান কৰিব।  আনহাতে স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত 5G প্ৰযুক্তি আৰু Wi-Fi সংযোগে ৰোগীক সংযুক্ত ডিভাইচৰ জৰিয়তে নিৰীক্ষণ কৰিবলৈ সহজ হব। এই প্ৰযুক্তিৰ জৰিয়তে ৰোগীৰ হৃদস্পন্দন আৰু ৰক্তচাপৰ দৰে মূল স্বাস্থ্য সূচকৰ তথ্য অহৰহ লাভ কৰিব পৰা যাব।  অটোমবাইল উদ্যোগত, পথৰ যান-যত নিয়ন্ত্ৰণ, দুৰ্ঘটনা প্ৰতিৰোধ, বাহনৰ গতিবেগ নিয়ন্ত্ৰণ আদি ক্ষেত্ৰতো অধিক তথ্য দ্ৰুতগতিত আদান প্ৰদান কৰিব পৰা যাব।  বাহনসমূহে পথৰ ওপৰত অন্য বাহন বা ইলেকট্ৰনিক device সমূহৰ সৈতে traffic light, পথৰ সামগ্ৰিক অৱস্থা আদিৰ তথ্য আদান প্ৰদান কৰিব পাৰিব।  এইবোৰ মাত্ৰ 5G প্ৰযুক্তিৰ ব্যৱহাৰ কৰাৰ কিছু সুফলৰ উদাহৰণ হিচাবে আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰিছোঁ। ইয়াৰ উপৰিও আন বহুতো ক্ষেত্ৰত এই প্ৰযুক্তি প্ৰয়োগ যি ইয়াৰ আগমনৰ পাছতহে জানিব পৰা যাব আৰু 5G প্ৰয়োগৰ ফলত ব্যৱহাৰকাৰীসকলৰ বাবে ইন্টাৰনেট আৰু আধুনিক প্ৰযুক্তিৰ উন্নত, দ্ৰুত আৰু সুৰক্ষিত অভিজ্ঞতা প্ৰদান কৰিবলৈ সক্ষম হব।

5G ৰ আগমনৰ ফলত 4G নাথাকিব নেকি?


বহুতে শংকা কৰিছে যে 5G প্ৰযুক্তিৰ প্ৰয়োগৰ ফলত 4G ইন্টাৰনেট বন্ধ হৈ যাব নেকি বা 4G ফোন ব্যৱহাৰ কৰিব নোৱাৰিব নেকি? এনে শংকা কৰাৰ কোনো প্ৰয়োজন নাই কাৰণ যিদৰে 4G ৰ আগমনৰ ফলত 3G, 2G বন্ধ হোৱা নাছিল ঠিক সেইদৰে 5G আগমনৰ ফলত 4G ইন্টাৰনেট সেৱাত তৎক্ষণিক ভাৱে কোনোধৰণৰ প্ৰভাৱ নপৰে।

5G network ৰ বাবে নতুন ফোন লাগিব নেকি?


5G network ৰ ব্যৱহাৰ ক্ষেত্ৰত এটা অসুবিধা  (disadvantage of 5G network) হল ই কেৱল 5G ফোনত হে ব্যৱহাৰ উপযোগী। 5G network ব্যৱহাৰ কৰিবলৈ আপোনাক কেৱল এটা নতুন 5G প্ৰযুক্তিক support কৰা স্মাৰ্ট ফোনৰ প্ৰয়োজন হব। বৰ্তমান এনেধৰণৰ 5G enabled smartphone affordable prices ত স্মাৰ্টফোন কোম্পানী সমূহে বজাৰত মুকলি কৰি বিক্ৰী কৰি আছে। 5G network ৰ ব্যৱহাৰ কৰিবলৈ বা 5G network আপোনাক যদি প্ৰয়োজন হৈছে তেন্তে 5G network support কৰা ফোন আপুনি ব্যৱহাৰ কৰিব লাগিব।

5G প্ৰযুক্তি কেনেদৰে কাম কৰে? (How does 5G technology work?)


পূৰ্বৰ প্ৰজন্মৰ চেলুলাৰ প্ৰযুক্তিয়ে 4G বা 3G আদিয়ে ইন্টাৰনেট সংযোগ হৈ থকা নিশ্চিত কৰাত মনোনিৱেশ কৰিছিল। কিন্তু 5G network এ ক্লাউডৰ পৰা গ্ৰাহকৰ smartphone ৰ লগত জৰিত বা সংযুক্ত  অভিজ্ঞতাসমূহ প্ৰদান কৰি সেই অভিজ্ঞতা সমূহৰ ভিত্তিত নেটৱৰ্ক সংযোগক পৰৱৰ্তী স্তৰলৈ লৈ যায়।
5G ৰ প্ৰযুক্তিসমূহ হ’ব ছফ্টৱেৰ ভিত্তিক প্লেটফৰ্ম, য’ত নেটৱৰ্কিং কাৰ্য্যকৰীতা হাৰ্ডৱেৰৰ পৰিৱৰ্তে ছফ্টৱেৰ জৰিয়তে পৰিচালনা কৰা হয়। 5G এন্টেনাসমূহত MIMO (মাল্টিপল ইনপুট, মাল্টিপল আউটপুট) নামেৰে জনাজাত প্ৰযুক্তি অন্তৰ্ভুক্ত কৰা হ’ব, যিয়ে একাধিক ট্ৰেন্সমিটাৰ আৰু ৰিচিভাৰক একে সময়তে অধিক তথ্য স্থানান্তৰ কৰিবলৈ সক্ষম হব।

Leave a Comment

Your email address will not be published. Required fields are marked *