সৰুৰে পৰাই আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাহিনী শুনি আহিছোঁ। কিছুমান কাহিনী সদায় কাৰণে মনত থাকি যায় আৰু কিছুমান সময় সোঁতত হেৰাই যায়। কাহিনী কোৱাত (story telller) পাকৈত মানুহক আমি বহুত ভাল পাওঁ। বিশুদ্ধভাৱে তেওঁলোকে কোৱা কাহিনীবোৰ কোৱাৰ ধৰণটোৱেই আমাক শুনিবলৈ আগ্ৰহী কৰি তোলে। ঠিক সেইদৰে এটা গল্প বা উপন্যাসৰ কাহিনীৰ উপস্থাপনে (how to present a story) আমাক এখন কিতাপৰ প্ৰতি বা নিৰ্দিষ্ট লেখকৰ (best writers) কিতাপৰ প্ৰতি আকৰ্ষিত হওঁ। এইয়া হৈছে ভাল লেখকৰ চিন (best writers method)।
কাহিনী এটা পঢ়াৰ পাছত বহুতো লোকৰ নিজৰো গল্প বা উপন্যাস লিখাৰ প্ৰতি আগ্ৰহ ( novel writing inspiration ) জন্মে। বহু লোকে নিজৰ জীৱনৰ অভিজ্ঞতাসমূহ ( novel from life experience ) সাহিত্যৰ জৰিয়তে লিপিবদ্ধ কৰিব বিচাৰে। কিন্তু এটা কাহিনী সৃষ্টি কৰা ইমান সহজ হয় জানো। নিশ্চয় নহয়, কাৰণ কেতিয়াবা আপোনাৰ ওচৰত কাহিনী থাকিলেও তাক সাহিত্যৰ ৰূপ দিয়াটো কঠিন হৈ পৰে। সঁচা কথা ক’বলৈ গ’লে গল্প কোৱাৰ বা লিখাৰ কলা ( novel writing techniques ) আয়ত্ত কৰিবলৈ বহুত অনুশীলনৰ ( novel writing exercise ) প্ৰয়োজন হয়। কিছুমানৰ বাবে আজীৱন প্ৰক্ৰিয়া, কিন্তু আন কিছুমানৰ বাবে সহজ প্ৰক্ৰিয়া। ইয়াৰ বাবে লাগে একাগ্ৰতা আৰু আপোনাৰ ভুলৰ ( novel writing mistakes ) পৰা শিকিবলৈ ইচ্ছুকতা। আমি আমাৰ ভুলৰ পৰাই ( novel writing mistakes ) শিকিব লাগিব যিহেতু সাহিত্য এটা creative ক্ষেত্ৰ। প্ৰথম গল্প বা উপন্যাস যদি ভাল নহয় বা পাঠকে আঁকোৱালি নলয় তেন্তে হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই কাৰণ এইয়া হৈছে আপোনাৰ এই ক্ষেত্ৰ খনত শিকাৰ সময়। কোনো লোকেই এবাৰ চেষ্টাতেই সফল হব ( novel writing exercises ) বুলি কোনো কথা নাই। এইয়া হৈছে continuous process।
আমি কেতিয়াও আমাৰ চিন্তা আৰু অনুভৱ আনৰ আগত প্ৰকাশ কৰাত সংকোচ কৰিব নালাগে ৷ আমি বেছিভাগ চিন্তাই আমাৰ নিজৰ মূৰত ৰাখি থওঁ কিন্তু সময়ত সেইয়া হেৰাই যায়। নিজৰ কবলগীয়া বহু চিন্তা সময়ৰ সোঁতত বিলুপ্ত হৈ পৰে। ইয়াৰ পৰা মুক্তি পাবলৈ আমি লিখিবলৈ চেষ্টা কৰা উচিত।
এতিয়া আহো কেনেদৰে আপুনি উপন্যাস বা গল্প লিখিব ( novel writing for beginners )? প্ৰথম কথা গল্প বা উপন্যাস লিখাৰ কোনো নিৰ্দিষ্ট নিয়ম বা ফৰ্মূলা ( novel writing format ) নাই। যিদৰে শিক্ষাৰ ক্ষেত্ৰত কোৱা যায় ” Teacher’s own method is best method” সেইদৰে লেখকৰ নিজৰ method হৈছে best method সাহিত্য সৃষ্টিৰ বাবে। লেখকে কোনো লোকৰ পৰা সাহিত্য সৃষ্টিৰ বাবে শিকিব নোৱাৰে বা কোনো লোকে আপোনাক শিকাব নোৱাৰে। কেৱল আপোনাক কিছুমান কৌশল ( novel writing tips for beginners) শিকাব পাৰে। কৌশল ( novel writing tips for beginners ) বোৰ প্ৰয়োগ কৰি আপুনি অধিক উৎকৃষ্ট সাহিত্য সৃষ্টি কৰিব পাৰে কিন্তু মূল বিষয় ( novel writing theme ) নিজে সৃষ্টি কৰিব লাগিব। আপুনি আপোনাৰ কাহিনীৰ সকলো খিনি নিজেই সৃষ্টি কৰিব লাগিব তাৰ বাবে আপোনাৰ নিজৰ কল্পনা শক্তি আৰু শব্দৰ জ্ঞান ভাণ্ডাৰ বৃদ্ধি কৰিব লাগিব।
অৱশ্যে আজিকালি আপুনি অনলাইন বা অফলাইন উপন্যাস লিখাৰ পাঠ্যক্ৰম (novel writing course) গ্ৰহণ কৰিব পাৰে। এই ক্ষেত্ৰত অনলাইন ( novel writing courses online ) বহুতো প্লেটফৰ্ম আছে যেনে Udemy, courseera আদি (novel writing udemy)। বহু ক্ষেত্ৰত উপন্যাস লিখিবলৈ novel writing Android app, novel writing software পোৱা যায়।
তলত আপোনাৰ সুবিধা হোৱাকৈ ( how to write a novel examples ) কেইটামান কৌশল বা tips ( novel writing tips ) উল্লেখ কৰিবলৈ চেষ্টা কৰিলোঁ। এই সকলো খিনি প্ৰয়োগ কৰি আপুনি আপোনাৰ সাহিত্যিক জীৱনত সফল হব বুলি আশা কৰিলোঁ।
১/ এটা কাহিনী আৰম্ভ কৰাৰ আগতে নিজৰ মনতে আৰম্ভণিৰ পৰা অন্তলৈ মুখ্য ঘটনা প্ৰবাহ থিৰাং কৰি লব পাৰে। সেই অনুসৰি কাহিনীটোৰ প্ৰতিটো স্তৰ ( novel writing steps) stepwise আগবঢ়াই নিয়া উচিত আৰু সেয়া কোনো ঠাইত লিপিবদ্ধ ( novel writing diary ) কৰি গলে সুবিধা হয়।
২/ কাহিনীৰ পটভূমি ( novel writing theme ) কেনেকুৱা হব বা কাহিনীৰ আৰম্ভণিৰ পৰা শেষলৈ এটা এটা মূহুৰ্ত ঠিক কৰিব লাগিব। যেতিয়া আপুনি এটা কাহিনী ক’ব প্ৰতি মুহূৰ্তত আৱেগিকভাৱে কেনেকুৱা অনুভৱ হৈছিল, কেনেদৰে প্ৰভাৱিত হৈছিল, কেনে প্ৰতিক্ৰিয়া কৰিছিল আৰু সেই মুহূৰ্তৰ চমু আভাস দিয়া উচিত।
৩/ মূহুৰ্তবোৰ বৰ্ণনা কৰিবলৈ আমি নিজৰ লগত ঘটা বা আপোনাৰ চকুৰ আগত ঘটা পুৰণি স্মৃতি বোৰ মনত পেলাই অতি সহজে আকৰ্ষণীয় ভাৱে বৰ্ণনা কৰিব পাৰোঁ। চৰিত্ৰৰ কথোপকথন ( novel writing character dialogue) যাতে অধিক realistic হয় তাত জোৰ দিয়া উচিত।
৪/ কাহিনীৰ বিষয়বস্তুৰ ( novel writing theme) ওপৰত গুৰুত্ব প্ৰদান কৰি বৰ্ণনাবোৰ আগবঢ়াই নিয়া অতি জৰুৰী। বিষয়বস্তুৰ পৰা কিছু ফালৰি কাটিলেও সেয়া যুক্তিপূৰ্ণ হোৱা উচিত।
৫/ আমি সাধাৰনতে কাহিনীত সদায় এক বা একাধিক নায়ক নায়িকা বিচাৰো। নায়ক বা নায়িকাৰ উপস্থিতিৰে এটা কাহিনী প্ৰাণৱন্ত আৰু গতি প্ৰদান কৰে। পাঠকে বহু নিজকে সেই নায়ক বা নায়িকাৰ লগত নিজকে মানসিক ভাৱে জৰিত কৰি লয়।
৬/ নায়ক বা নায়িকাৰ লগত সম্পৰ্ক থকা ঘটনাবোৰহে যেন কাহিনীত অধিক প্ৰাধান্য দিয়া যায় সেয়া মন কৰিব লাগে।
৭/ মনত ৰাখিব যে যিকোনো কাহিনীত আপুনি কেৱল ঘটনা পৰিঘটনাবোৰ বৰ্ণনা কৰা নাই, সেই পৰিঘটনাবোৰৰ সময়ত আপোনাৰ মন মগজুত চলি থকা চিন্তা আৰু অনুভৱবোৰো আপুনি পাঠকৰ লগত লগত share কৰিছে শব্দৰ জৰিয়তে।
৮/ কাহিনী এটা কালক্ৰমিকভাৱে কোৱাটোৱেই হৈছে আটাইতকৈ উত্তম উপায়। এনে কৰিলে পাঠকে কাহিনীৰ লগত গঢ় লৈ উঠা মনস্তাত্ত্বিক ধাৰণাত যতি নপৰে।
৯/ কাহিনীটো প্ৰদান কৰাৰ আগতে পুনৰ অনুশীলন কৰক, নিজৰ মনতে যুকিয়াই চাওঁক আৰু নিজকে সেই কাহিনীৰ পটভূমিত বিলীন কৰি দিয়ক।
১০/ এটা ভাল কৌশল হ’ল, আপোনাৰ কাহিনীৰ আৰম্ভণিৰ পৰা শেষলৈ ব্যৱহাৰ কৰিব বিচৰা শব্দবোৰ, বাক্যবোৰ এখন টোকাবহীত ( novel writing diary) লিখি ৰাখক । ভাল ভাল শব্দবোৰ, বাক্যবোৰ কাহিনীৰ মাজে মাজে পুৰাই যাব। তেনেকৈয়ে আপুনি স্বাভাৱিকতে পাঠকক আপোনাৰ কাহিনীৰ মূল বিষয়বস্তুৰ সৈতে সংযুক্ত কৰি ৰাখিব পাৰিব, কিন্তু আপোনাৰ কাহিনীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদানসমূহ ভালদৰে উপস্থাপন কৰিব যাতে কাহিনীত ফুটি উঠে।
১১/ এখন উপন্যাস লিখাৰ আগতে আপুনি এটা গল্প লিখা উচিত যদিহে আপুনি প্ৰথম বাৰৰ বাবে উপন্যাস লিখিবলৈ চেষ্টা কৰিছে। উপন্যাস এখন লিখাটো বৰ সহজ নহয় কাৰণ তাত বহুতো ঘটনা পৰিঘটনা থাকে। আনহাতে এটা গল্পত এটা বা দুটা ঘটনাহে লিপিবদ্ধ কৰা হয়। যদিহে গল্প লিখাটো অসুবিধা পাইছে তেন্তে আপোনাৰ জীৱনৰ যিকোনো এটা মূহুৰ্তৰ বৰ্ণনা দি এটা টোকা লিখিবলৈ চেষ্টা কৰক। ইয়াৰ উপৰিও story writing using hints বা story writing using pictures বা story writing using idioms and phrases বা story writing using an outline আদি লিখিব পাৰে। এনে কৰিলে গল্প লিখিবলৈ কিছু সহজ হয়।
১২/ প্ৰতিটো দৃশ্যপট উপস্থাপন কৰোঁতে সাৱধান হব যাতে আপোনাৰ বৰ্ণনাত পাঠকে নিজে কল্পনা কৰি লব পাৰে। দৃশ্যপট বোৰে যাতে পাঠকক confuse নকৰে, স্পষ্ট ছবি কম শব্দৰ জৰিয়তে তুলি ধৰিব পাৰে তাৰ প্ৰতি চকু দিয়া উচিত।
১৩/ কাহিনী সকলোৰে চকুৰ আগত ভাঁহি থাকে কিন্তু সকলোৱেই কাহিনী এটা লিখিব বা কব পাৰে জানো? নিশ্চয় নোৱাৰে, কাৰণ কাহিনী এটাক কোৱা বা সজাই পৰাই আনৰ বাবে আকৰ্ষণীয় কৈ লিখিবলৈ নিজৰ এটা প্ৰচণ্ড ইচ্ছা শক্তি আৰু কলাৰ ( novel writing techniques) প্ৰয়োজন হয়। গল্প, উপন্যাস বা কাহিনী এটা লিখিবলৈ লেখক নিজকে মানসিক ভাৱে সাজু হব লাগিব আৰু নিয়মীয়াকৈ নিজৰ এটা সময় লিখিবৰ বাবে উলিয়াব লাগিব।
১৪/কাহিনীৰে প্ৰতিটো চৰিত্ৰৰ ( novel writing character creation) এটা আভাস পাঠকৰ ওচৰত দাঙি ধৰিব লাগে যাতে পাঠকে নিজৰ মনৰ মাজত চৰিত্ৰৰ বিষয়ে এটা ধাৰণা গঢ়ি তুলিব পাৰে। ৰহস্য সাহিত্যত চৰিত্ৰ বোৰ সাধাৰনতে ৰহস্যময় হয়, তেনে ক্ষেত্ৰত আমি সাৱধানে চৰিত্ৰ বোৰ উপস্থাপন কৰিব লাগে যাতে ৰহস্যৰ ৰস ভেদ নহয়। সাধাৰনতে চৰিত্ৰ বোৰ লেখকে উপস্থাপন কৰাৰ আগতে সকলো চৰিত্ৰৰ এটা ধাৰণা এটা মনৰ মাজতে সৃষ্টি কৰিব লাগিব।
১৫/ নিজকে লেখক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ প্ৰতিদিনে যিকোনো বিষয়ত কিবা নহয় কিবা এটা চমু টোকা হলেও লিখিব লাগে যাতে এয়া অভ্যাসত পৰিণত হয় আৰু ভৱিষ্যত লিখনি বোৰ পাঠকৰ অধিক মনোগ্ৰাহী হয়। এনে কৰিলে নিজৰ বিভিন্ন পৰিস্থিতিৰ চিন্তাবোৰ, মনৰ কল্পনা বোৰ লিখিত আকাৰত থাকি যাব আৰু ভৱিষ্যতে সেইবোৰ নিজৰ লিখনিত প্ৰয়োগ কৰিব পাৰিব।
১৬/ আপোনাৰ কাহিনীৰদ্বাৰা এটা স্পষ্ট বাৰ্তা সমাজক দিবলৈ চেষ্টা কৰিব লাগে। এটা মহান কাহিনী সাধাৰণতে এটা সুস্পষ্ট নৈতিকতা বা বাৰ্তাৰ প্ৰেৰণৰ জৰিয়তে আগবাঢ়ি যায়। গল্প এটা তৈয়াৰ কৰাৰ সময়ত আপুনি কি দিশত গঢ়ি তুলিছে তাৰ এটা নিৰ্দিষ্ট ধাৰণা থাকে বা থাকিব লাগে। যদি আপোনাৰ কাহিনীটোৰ এটা শক্তিশালী নৈতিক বাৰ্তা আছে, তেন্তে আপুনি শ্ৰোতা বা পাঠকক সেই বাৰ্তাৰ প্ৰতি পথ প্ৰদৰ্শন কৰিব বিচাৰিব। যদি আপুনি এটা ধেমেলীয়া কাহিনী কৈছে, তেন্তে আপুনি হয়তো এনে এটা টুইষ্টৰ দিশত গঢ়ি তুলিব যিয়ে আপোনাৰ দৰ্শকক উৎসুকতা বঢ়াই দিব৷ যদি আপুনি এটা আকৰ্ষণীয় কাহিনী উপস্থাপন কৰিছে, তেন্তে আপোনাৰ আখ্যানৰ ক্লাইমেক্সলৈকে নাটকীয় উত্তেজনা আৰু ছাচপেন্স বৃদ্ধি কৰিবলৈ চেষ্টা কৰক৷ আপুনি যি ধৰণৰ কাহিনী নকওক কিয়, আপুনি আপোনাৰ কাহিনীটোক কেন্দ্ৰ কৰি গঢ়ি তোলা মূল বিষয়বস্তু বা কাহিনীভাগ অতি স্পষ্ট হোৱাটো গুৰুত্বপূৰ্ণ।
১৭/ এজন উপন্যাস বা গল্পৰ মূল চৰিত্ৰৰ সৈতে সংঘাত, স্বাভিমান, সংগ্ৰাম, মহানতা আদি উপাদান বোৰ বা গুণ বোৰ যোগ দিবলৈ নাপাহৰিব। কাৰণ সকলোৱে এনেধৰণৰ গুণ থকা চৰিত্ৰৰ প্রতি অতি আকৰ্ষিত হয়। এটা কথা মন কৰিব যে মহান উপন্যাসিক বা গল্পকাৰসকলে এনে আখ্যান তৈয়াৰ কৰে যিবোৰ নায়কৰ জীৱন পথত নানা ধৰণৰ বাধা আৰু কষ্ট আহে। দুখৰ অন্তত সুখ হলে দৰ্শক সন্তুষ্ট হয় আৰু এনে কৰিলে দৰ্শকে মূল চৰিত্ৰবোৰে নিজৰ লক্ষ্যত উপনীত হ’বলৈ সংগ্ৰাম কৰা কাহিনীৰ পৰা অনুপ্ৰাণিত হয়।
১৮/ এখন উপন্যাস বা গল্প লিখাৰ কোনো ধৰাবন্ধা ( novel writing rules) হিচাপ নাই যে ইমান খিনি শব্দ হলেই এটা গল্প বা এখন উপন্যাস হব। আচলতে গল্প বা উপন্যাস কাহিনীটোৰ চৰিত্ৰৰ ওপৰত নিৰ্ভৰ কৰে। সাধাৰনতে এখন উপন্যাসৰ গড় শব্দ (novel writing total words) ৫০০০০ বা ( novel writing total page) ২০০ পৃষ্ঠাৰ হলে ভাল হয়। অৱশ্যে সেয়া সম্পূৰ্ণ উপন্যাস খনৰ কাহিনী আৰু লেখকৰ ওপৰত নিৰ্ভৰ কৰে।
১৯/ ওপৰত আলোচনা কৰাৰ দৰে এটা কাহিনীৰ মূল backbone হল চৰিত্ৰ সমূহ। এজন লেখকে চৰিত্ৰ সমূহ ভালদৰে উপস্থাপন কৰিলে এটা সাধাৰণ কাহিনীও অসাধাৰণ হিচাপে সৃষ্টি কৰিব পাৰে। ঠিক সেইদৰে চৰিত্ৰ উপস্থাপনৰ অপৰিপক্কতাই এটা strong কাহিনীক বিফল কৰি তুলিব পাৰে। সেয়েহে চৰিত্ৰ সৃষ্টিত লেখকে অধিক গুৰুত্ব দিয়া উচিত।
২০/ এজন ভাল লেখকৰ গুণ হল তেওঁ কেনেদৰে প্ৰথমৰ পৰা শেষলৈ এজন পাঠকক আকৰ্ষিত কৰি ৰাখিছে। কোনোধৰণৰ অলাগতীয়াল তথ্য দিয়াৰ কোনো প্ৰয়োজন নাই, এনে কৰিলে পাঠক boring হৈ যাব পাৰে। এজন ভাল লেখকৰ গুণ হল তেনে boring অংশ চিনাক্ত কৰি সঠিক নিৰ্ণয় লোৱা।
২১/ শেষত ভাল লেখকৰ আৰু এটি গুণ উল্লেখ কৰিব বিচাৰো সেয়া হৈছে কাহিনীৰ বাক্যবোৰ (novel writing blog) চুটি ৰাখিবলৈ চেষ্টা কৰিব লাগে আৰু novel writing vocabulary উন্নত কৰিব লাগে। দাৰি, কমা, পাৰাগ্ৰাফ, চাপটাৰ ( novel writing with chapters ) আদি উপযুক্ত ভাৱে উপযুক্ত ঠাইত ( novel writing rules ) লিখিব লাগে। উক্তিবোৰ ( novel writing dialogue format ) সদায় (” উক্তি “) এনেদৰে কমাৰ ভিতৰত লিখিব লাগে।
আপুনি উপন্যাস লিখিবলৈ কেনেকৈ প্ৰস্তুত হব (how to prepare yourself to write a book)
১/ লিখিবলৈ সঠিক, নিয়মীয়া সময় বাছনি কৰক আপুনি উপন্যাস এখন লিখিম বুলি মন স্থিৰ কৰিছে যেতিয়া লিখিবলৈ এটা সঠিক আৰু নিয়মীয়া সময় নিৰ্ধাৰণ কৰক যাতে সেই সময়খিনি কোনো আন কামত ব্যস্ত হবলগা নহয়। সময়টো এনেধৰনে নিৰ্ধাৰণ কৰিব যাতে সেই সময়খিনিত আপোনাক কোনেও disturb নিদিয়ে, নহলে আপোনাৰ মনোযোগ বিষয়বস্তুৰ সৈতে বিচ্ছিন্ন হব পাৰে। নিয়মীয়া মানে এনে নহয় যে আপুনি সদায় লিখিব লাগিব, আপুনি সপ্তাহত এদিনও লিখিব পাৰে বা দুদিন, তিনিদিনো লিখিব পাৰে। কিন্তু বেচি দিনৰ ব্যৱধান নৰখাই উত্তম।
২/ আপুনি কাহিনী এটা কাল্পনিক ভাৱে লিখিব বহিলেই সকলোঁ মনৰ মাজত automatic ভাৱে আহি থাকিব আৰু আপুনি লিখি থাকিব এনে নহয়। আচলতে সকলো আপুনি মনৰ মাজত লিখাৰ আগতেই কল্পনা কৰি লব লাগিব আৰু সম্পূৰ্ণ প্ৰস্তুতি অবিহনে কেতিয়াও আগবাঢ়ি যাব নোৱাৰিব। সেয়েহে লিখিবলৈ বহাৰ আগতেই আপুনি মনৰ মাজতে প্ৰস্তুত হৈ লওক।
৩/ কেতিয়াবা এনে হয় কাহিনীটো আগবঢ়ায় গৈ আছে হঠাৎ শব্দ এটা বিচাৰি হাবাথুৰি খাব লগাত পৰে তেনে ক্ষেত্ৰত আপুনি কি কৰিব নিশ্চয় সঠিক শব্দ বিচাৰি মনৰ মাজত চলাথ কৰিব। আচলতে তেনে সময়ত আপুনি সঠিক শব্দ বিচাৰি নাপালে সেই ঠাইকন খালি ৰাখক আৰু কাহিনভাগ আগবঢ়াই নিয়ক কাৰণ শব্দক বেছি গুৰুত্ব দি সময় নষ্ট কৰিলে আপোনাৰ কাহিনীৰ ধাৰাবাহিকতাত প্ৰভাৱ ( continuity break) পৰিব পাৰে। বহু ক্ষেত্ৰত এয়াও দেখা যায় যে কাহিনীভাগ আগবঢ়াই লৈ গৈ আছে হঠাৎ কাহিনীৰ ধাৰাবাহিকতা বিচাৰি পোৱা নাই বা কাহিনীভাগকেই আগবঢ়াই নিব পৰা নাই। তেনে ক্ষেত্ৰত আপুনি এদিন বা দুদিনৰ বাবে এক নতুন ঠাইত গৈ ভ্ৰমণ কৰি আহক নিশ্চয় আপোনাৰ সমস্যা সমাধান হব।
৪/ আপুনি আপোনাৰ উপন্যাসখনত কি কি অন্তৰ্ভূক্ত কৰিব বিচাৰে সেই বিষয়ে আপুনি জনা সকলোখিনি লিখি থওক। সৰু সৰু অৰ্ধগঠিত চিন্তা আৰু ধাৰণাবোৰ লিখি থওক আৰু সেইবোৰে আপোনাক ভবিষ্যতে বহুত সহায় কৰিব। যদি আপুনি অন্বেষণ কৰিব বিচৰা এটা জ্বলন্ত প্ৰশ্ন আছে, তেন্তে সেইটো লিখি থওক। যদি আপুনি কোনো পৰিৱেশ বা কোনো সময়সীমা বা কোনো বিষয়ৰ প্ৰতি আকৃষ্ট হয়, কোনো ডায়লগ, ভাল চিন্তা মনত হঠাৎ মনত আহে তেন্তে ইয়াৰ বিষয়ে টোকা লিখি ৰাখক।
৫/ সকলো সময়তে এজন লেখক হিচাপে সমাজৰ বা চৌপাশৰ সৰু সৰু কথাবোৰ, humour, মানুহৰ বা জন্তুৰ আচৰণ বোৰ লক্ষ্য কৰিব লাগে আৰু সেইবোৰ নিজৰ সৃষ্টিত অন্তৰ্ভূক্ত কৰিব পাৰে।
আশা কৰোঁ আপুনি আমাৰ এই লিখনি পঢ়ি নিশ্চয় উপকৃত হৈছে আৰু আপোনাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো। তলত comment box ত আপোনাৰ মতামত জনাবলৈ নাপাহৰিব।
ধন্যবাদ।
অতি সুন্দৰ পৰামৰ্শ।অতিকৈ সন্তোষ লভিলোঁ।আন্তৰিক ধন্যবাদ জনালোঁ।