ব্লগিং (Blogging) আপুনি কেনেকৈ আৰম্ভ কৰিব || How to start blogging in Assamese in Full information

ব্লগিং (Blogging) আপুনি কেনেকৈ আৰম্ভ কৰিব || How to start blogging in Assamese

start assamese blog

Blogging বিষয়ে আপুনি হয়টো বিভিন্ন মাধ্যমৰ জৰিয়তে পঢ়িচে বা শুনি আছে । কিন্তু বহু লোকৰ ইণ্টাৰনেট ব্যৱহাৰ কেৱল সামাজিক মাধ্যম (Social Media) Facebook, instagram, twitter, Tiktok, YouTube, Google search আদিতহে সীমাবদ্ধ থাকে। বহু লোকে লিখা মেলা কৰিব বিচাৰে কিন্তু সেয়া social media আদিত বেছি ব্যৱহাৰ কৰে। এই লিখনি টো সেইসকল লোকৰ বাবে লিখিছোঁ যিসকলে ৱেবচাইট(Website) বা ব্লগীংৰ(Blogging)  বিষয়ে জানিবলৈ আগ্ৰহী আৰু ইয়াৰ বিষয়ে বেছি জ্ঞান নাই আৰু কোনোধৰণৰ সহায় সহযোগ পোৱা নাই। আপুনি যদি সুন্দৰ লিখা মেলা কৰে তেন্তে আজিয়ে এই পোষ্ট টো পঢ়ি নিজৰ অতিকমেও এটা ব্লগ (Blog) বা ৱেবচাইট (website) আৰম্ভ(starting a blog) কৰক। আপুনি যদি এই বিষয়ত আগ্ৰহী আৰু নিজাকৈ এটা ব্লগ(Blog) বা ৱেবচাইট(Website) সম্পূৰ্ণ বিনামূল্যে( start a blog for free) বা অলপ কম খৰছত বনাব বিচাৰে মনোযোগেৰে পঢ়িব। ব্লগিং ৰ এটা ভাল দিশ হল আপুনি যিকোনো ঠাইত থাকি এই কাম কৰিব পাৰিব আৰু ভৱিষ্যতে এটা ভাল অৰ্থ উপাৰ্জন কৰিব পাৰিব। উপাৰ্জনৰ ক্ষেত্ৰত কোনো ধৰণৰ limit নায়।
এই ব্লগ টো একেবাৰে আৰম্ভণিৰ পৰা শেষলৈ সকলো খিনি সামৰি লোৱা হৈছে আৰু বিস্তৃত ভাৱে সহজ ভাষাত লিখিবলৈ চেষ্টা কৰিছোঁ। কৰবাত যদি বুজিবলৈ অসুবিধা হৈছে তলত comment কৰিব মই পুনৰ বুজাবলৈ চেষ্টা কৰিম। অধিক জানিবলৈ contact us গৈ email কৰিব পাৰিব।
ক) ৱেবচাইট বনাবলৈ বিষয় নিৰ্বাচন (starting a blog niche)
প্ৰথম আপুনি নিজে জানিব লাগিব আপুনি কি বিষয়ে ভালকৈ লিখিব পাৰিব বা কেনেকুৱা ধৰণৰ বিষয় ওপৰত আপুনি লিখি ভাল পাই বা আপোনাৰ দক্ষতা আছে। মনত ৰাখিব, সেই বিষয়ত মাত্ৰ এটা পোষ্ট লিখিলেই নহব ভৱিষ্যতে অধিক পোষ্ট লিখাৰ সামৰ্থ্য থাকিব লাগিব আৰু আপোনাৰ সেই বিষয়ত আগ্ৰহ থাকিব লাগিব তেতিয়াহে আপুনি আপোনাৰ ব্লগ টো আগুৱাই নিবলৈ সক্ষম হব। আপুনি বিভিন্ন বিষয় যেনে সাহিত্য, ব্যৱসায়, technology (tech blogs), চাকৰি, শিক্ষা, ৰাজনীতি, অৰ্থনীতি, ভ্ৰমণ, বাতৰি, photography blog,science blogs,makeup and beauty blog   আদি যিকোনো এটা বিষয় বাছি লব পাৰে।মই ভাবোঁ আপোনালোকে নিউজ কেটেগৰিৰ ওপৰত ব্লগ বা ৱেবচাইট নিলিখাই ভাল, কাৰণ এই বিষয়ত বহুত competition আছে আৰু এই ক্ষেত্ৰত বৰ্তমান বিভিন্ন প্ৰতিষ্ঠিত নিউজ প্ৰতিষ্ঠানে কাম কৰি আছে। তেওঁলোকে বহুত মোটা অংকৰ ধন বিনিয়োগ কৰে আৰু বাতৰি সংগ্ৰহ আদি কামত ডাঙৰ গোট আছে। যদি আপুনি এই কেটেগৰি ৱেবচাইট বনাই আৰু সফল হব পাৰে তেন্তে আপোনাৰ বাবে ই এক ডাঙৰ সফলতা।

এয়া হৈছে ব্লোগিং(Blogging) ৰ প্ৰথম খোজ। এতিয়া আহো দ্বিতীয় খোজলৈ।
খ) ব্লগিঙ প্লেটফৰ্ম নিৰ্বাচন
Blogging platform বুলি কলে সাধাৰণতে দুই ধৰণৰ আছে।
১) সম্পূৰ্ণ বিনামূলীয়া(start a blog for free)
২) মূল্য পৰিশোধ কৰা অৰ্থাৎ PAID SERVICE
১) সম্পূৰ্ণ বিনামূলীয়া(start a blog for free)
এই প্লেটফৰ্মত আপুনি সকলো খিনি যেনে Domain name আৰু web hosting সম্পূৰ্ণ বিনামূলীয়া (free hosting and domain) কৈ লাভ কৰিব। এই ক্ষেত্ৰত তেওঁলোকৰ কিছু নীতি নিয়ম মানি চলিব লাগিব। যদি আপুনি তেওঁলোকৰ নীতি নিয়ম মানি নচলে তেন্তে তেওঁলোকে আপোনাৰ ব্লগ যিকোনো সময়ত বন্ধ কৰি দিব পাৰে। এনে free Blog বনোৱাৰ সুবিধা দিয়া বহুত প্লেটফৰ্ম আছে যদিও Google company ৰ blogger.com আৰু WordPress company ৰ wordpress.com (wordpress blog)এই দুটা প্লেটফৰ্ম আটাইতকৈ বেছি popular আৰু মানুহে অধিক ব্যৱহাৰ কৰে। আপুনি যদি বিনামূলীয়া কৈ আৰম্ভ কৰিব বিচাৰে তেন্তে এই দুটা প্লেটফৰ্ম ব্যৱহাৰ কৰিবলৈ মই recommend কৰোঁ।
২) মূল্য পৰিশোধ কৰা Paid service
এই কেটেগৰিত আপুনি Domain name আৰু web hosting কাৰণে বছৰেকীয়া হাৰত মূল্য পৰিশোধ কৰিব লাগিব। লগতে আপুনি যদি বিভিন্ন ধৰণৰ ৱেবচাইট ডিজাইন সম্পৰ্কীয়, চিকিউৰিটি, anti virus আদিৰ মূল্য ভৰিব লগা হব পাৰে।
বৰ্তমান সময়ত blogging ক্ষেত্ৰত বিনামূলীয়া ভাৱে  blogger.com হৈছে অধিক উপযুক্ত। যদি আপুনি শিকিব বিচাৰে তেন্তে blogger.com ৰে আৰম্ভ কৰা উচিত। আনহাতে paid service ক্ষেত্ৰত wordpress.org (wordpress blog)হৈছে বেছি Popular platform অাৰু বেছিভাগ ব্লগাৰে এই প্লেটফৰ্ম ব্যৱহাৰ কৰে।
মন কৰিব যে wordpress.org(paid wordpress blog ) আৰু wordpress.com (Free) (wordpress blog)দুয়োটা পৃথক।
Domain name আৰু ৱেব হোষ্টিঙ এই বিষয়ে তলত আলোচনা কৰা হৈছে।
গ) দমেইন (Domain name) কি আৰু কেনেকৈ নিৰ্বাচন কৰিব (domain name registration)

domain information


Domain কি বুলি কলে একেবাৰে চমুকৈ কবলে হলে  আপোনাৰ যিদৰে নাম আছে সেইদৰে ৱেবচাইট টোৰ নাম নিৰ্বাচন কৰা। যেনে Google.com, যিদৰে আমাৰ ৱেবচাইট টোৰ নাম celebspublic.com আদি। আপুনি.com, .in, .org আদি বিভিন্ন TLD ব্যৱহাৰ কৰিব বা কিনিব পাৰিব। এতিয়া কথা হল আপুনি এইবোৰ কৰ পৰা পাব।

assamese domain name
blogger.com

যদি আপুনি blogger.com বা wordpress.com ( wordpress blog) আদি বিনামূলীয়া প্লেটফৰ্ম (start a blog for free) ব্যৱহাৰ কৰে তেন্তে আপুনি Domain name সম্পূৰ্ণ বিনামূলীয়া কৈ লাভ কৰিব কিন্তু আপোনাৰ নামৰ পাছ ফালে blogger.com ত  blogspot.com আৰু WordPress.com ত  wordpress.com (wordpress blog) থাকিব। যেনে celebspublic.blogspot.com বা celebspublic. wordpress.com আদি। অৱশ্যে আপুনি নিজে domain name registration  বেলেগকৈ ক্ৰয় কৰি ও ব্যৱহাৰ কৰিব পাৰে। আপুনি Domain name google.com, GoDaddy.com, bigrock.com আদিৰ পৰা ক্ৰয় (domain name registration) কৰিব পাৰে। ইয়াৰ দাম Domain name অনুসৰি বেলেগ বেলেগ হয় আৰু ইয়াৰ দাম প্ৰায় ₹৫০০ আৰম্ভ হয়। বিভিন্ন সময়ত offer দি থাকে তেনে সময়ত অতি কম মূল্যত আপুনি ক্ৰয় কৰিব পাৰে।

এতিয়া আহো domain name কেনেকৈ select কৰিব। মোৰ নিজস্ব অভিজ্ঞতাৰ পৰা কওঁ আপোনাৰ Domain name দুটা বা তিনিটা শব্দৰ ভিতৰত সীমাবদ্ধ হোৱা উচিত আৰু শব্দ কেইটা অৰ্থপূৰ্ণ হোৱা উচিত। নামটো সহজে মনত থকা হলে অধিক ভাল। অৱশ্যে Domain name Google ranking ক্ষেত্ৰত বিশেষ প্ৰভাৱ নেপেলাই। Google ranking ক্ষেত্ৰত আপোনাৰ লিখনি বোৰহে বেছি গুৰুত্ব পূৰ্ণ ভূমিকা পালন কৰে। এতিয়া আমাৰ ৱেবচাইট celebspublic.com domain name  বিশেষ অৰ্থ নাই যদিও ইয়াৰ কেইবাটাও লিখনি Google ranking পাবলৈ সক্ষম হৈছে। তথাপিও অৰ্থপূৰ্ণ হলে অধিক ভাল হয়।
ইয়াৰ পাছত আঁহো তৃতীয় পৰ্যায় লৈ
ঘ) ৱেব হস্তিং (web hosting) কি আৰু কেনেকৈ নিৰ্বাচন কৰিব
Web hosting বুলি কলে চমুকৈ কব গলে আপোনাৰ  পোষ্ট বোৰৰ data ৰখা ঠাই। আপুনি যিমান বোৰ পোষ্ট লিখিব সেইবোৰ এটা ঠাইত সকলো সময়ত উপলব্ধ হোৱাকৈ অনলাইন হৈ থাকিব লাগিব তেতিয়াহে আনে পঢ়িব পাৰিব। আপুনি সেই data বোৰ যত থব সেয়াই হৈছে ৱেব hosting provider। তেওঁলোকে আপোনাৰ লিখনি বোৰ আনে পঢ়িব পৰাকৈ সকলো সময়ত online publish কৰি থয় আৰু আপোনাক সহায় কৰে। এই ক্ষেত্ৰত তেওঁলোকে আপোনাৰ পৰা মাহেকীয়া হিচাপত তেওঁলোকৰ বিভিন্ন plan অনুসৰি এটা মূল্য আদায় কৰে। আগতে উল্লেখ কৰা দৰে blogger.com (google web hosting), wordpress.com আদি প্লেটফৰ্ম বোৰে বিনামূলীয়া(start a blog for free) কৈ এই সেৱা আগবঢ়াই। মূল্য পৰিশোধ কৰি web hosting provide কৰা কিছুমান ৱেবচাইট (web hosting companies)  নাম হল bluehost.com (bluehost india), hostinger.com, hostgator.com, siteground hosting আদি।
এতিয়া আপুনি ভাবিব পাৰে যে বিনামূলীয়া আৰু ক্ৰয় কৰা ৱেব হোষ্টিং মাজত কি পাৰ্থক্য? এটা কথা মনত ৰাখিব যে বিনামূলীয়া সেৱা আগবঢ়ায় আপোনাৰ পৰা তেওঁলোকে কিছু হলেও লাভ লব আৰু তেওঁলোকৰ নীতি নিয়ম সম্পূৰ্ণ ভাৱে মানি চলিব লাগিব। যিকোনো মূহুৰ্তত তেওঁলোকে আপোনাৰ ব্লগ suspend কৰিব পাৰে। আনহাতে আপুনি যেতিয়া ক্ৰয় কৰি ৱেব হস্টিং লয় তেন্তে তাৰ ওপৰত আপোনাৰ সম্পূৰ্ণ অধিকাৰ আছে আৰু কোনেও আপোনাৰ ৱেবচাইট বা ব্লগ delete বা suspend কৰিব নোৱাৰে। এই ক্ষেত্ৰত আপুনি চৰকাৰী নীতি নিয়ম অৱশ্যে মানি চলিব লাগিব।
বিনামূলীয়া সেৱা blogger.com ললে আপোনাৰ এটা কথা লাভ হয় যে আপোনাৰ ৱেবচাইট একেসময়তে যিমান মানুহে চাব পাৰিব সেয়া প্ৰায় unlimited যাক আমি ৱেবচাইট ট্ৰেফিক বুলি কওঁ। আনহাতে ক্ৰয় কৰা ৱেব হষ্টিং এটা সীমিত সংখ্যক লোকেহে একেসময়তে চাব পাৰে । সেয়া আপুনি ক্ৰয় কৰা প্লান টোৰ ওপৰত নিৰ্ভৰ কৰে।
ঙ)ৱেবচাইট ডিজাইন কেনেকৈ কৰিব (build your own website)
আমি ইণ্টাৰনেট ধুনীয়া ধুনীয়া ৱেবচাইট বোৰ দেখা পাওঁ। সকলোৰে ডিজাইন বেলেগ বেলেগ ধৰণৰ হয়। এই ডিজাইন বোৰ আপুনিও নিজে বনাই লব পাৰে। নিজে বনাব বাবে আপুনি কম্পিউটাৰ ভাষাৰ কডিং জানিব লাগিব। বিভিন্ন ধৰণৰ coding platform যেনে c++, python, java আদি জনা উচিত। যদি আপুনি এই বিষয়ে নাজানে তেতিয়াও আপোনাৰ কোনো চিন্তা নাই কাৰণ ইণ্টাৰনেট search কৰি আপুনি templete ডাউনলোড কৰি লব পাৰে। ইণ্টাৰনেটৰ পৰা নিজৰ পছন্দ অনুসৰি বেলেগ বেলেগ ডিজাইনৰ templete ডাউনলোড কৰিব পাৰে আৰু কিছুমান সম্পূৰ্ণ বিনামূলীয়া আৰু কিছুমান বাবে মূল্য পৰিশোধ কৰিব লগা হব পাৰে।
এই বিষয়ে blogger.com কেনেকৈ ডিজাইন (Website Design) কৰিব তলত ফটো সহ বুজোৱাৰ চেষ্টা কৰিছোঁ।
Google search কৰক free blogger templates 2020

blogger templete
Blogger templete search

Design select কৰক আৰু ডাউনলোড কৰক
কম্পিউটাৰত zip file extract কৰক তেতিয়া আপুনি এটা xml file পাব,
Blogger.com ত log in কৰি theme যাওক আৰু

theme tutorial

backup/upload গৈ xml file upload কৰি দিয়ক

blogger templete upload

তেতিয়া দেখিব আপোনাৰ ৱেবচাইট এটা নতুন ৰূপ পাইছে আৰু দেখিবলৈ সুন্দৰ হৈছে। তাৰ পাছত আপুনি layout ত নিজৰ প্ৰয়োজনীও খিনি ৰাখি বাকীবোৰ delete কৰি customise কৰিব পাৰে।

theme customise

এইখিনি কৰাৰ পাছত আপোনাৰ ৱেবচাইট প্ৰায় ready হৈ গৈছে আৰু এতিয়া আপুনি লিখিব আৰম্ভ কৰিব পাৰে।
চ) বিষয়বোৰ পোষ্টবোৰ কেনেকৈ লিখিব (on page seo steps)
এই বিষয়টো (on page seo steps) এটা অতি গুৰুত্বপূৰ্ণ বিষয় আপোনাৰ blogging career এই বিষয় ওপৰতে নিৰ্ভৰ কৰিব । আপুনি বিচাৰে আপোনাৰ লিখনি বোৰ অধিক মানুহে পঢ়ক আৰু তাৰ বিনিময়ত আপুনি কিছু অৰ্থ উপাৰ্জন কৰক নহয় জানো। যিমান বেছি মানুহে পঢ়িব সিমানেই আপোনাৰ উপাৰ্জন বাঢ়িব। লিখনি বোৰ মানুহক আকৰ্ষিত কৰিব পাৰিব লাগিব লগতে লিখনিবোৰ পঢ়ি যেন পুণৰ আপোনাৰ ৱেবচাইট আহি পঢ়িব আহে তেনে মনোগ্ৰাহীকৈ লিখিব লাগিব। যিমানেই দীঘল হব সিমানেই পাঠকে আপোনাৰ ৱেবচাইটত বেছি সময় অতিবাহিত কৰিব। লিখনি টোৰ লগত সামঞ্জস্য থকা এখন ফটো দিলে অধিক ভাল হয়। মনত ৰাখিব ফটোখন কপিৰাইট থকা যেন নহয়। লিখনি বোৰ দীঘল হলে সহজে Google ranking (on page optimization) লাভ কৰিব পৰা যায়। Google ranking blogging career এটা অতি গুৰুত্বপূৰ্ণ বিষয় যাৰ অবিহনে আমি কেতিয়াও সফল হব নোৱাৰো। Google ranking ক্ষেত্ৰত দুটা বিষয় জৰিত হৈ আছে এটা হল SEO আৰু Keyword research। তলত এই বিষয়ে আলোচনা কৰা হৈছে।
ছ) SEO কি আৰু কেনেকৈ কৰিব

seo analysis


SEO সম্পূৰ্ণ অৰ্থ হৈছে Search Engine Optimization। SEO এটা অতি জটিল বিষয়। এই বিষয়টো কোনো এজন লোকে আপোনাক কব নোৱাৰে যে এনেদৰে কৰিলে তুমি সম্পূৰ্ণ শিকিব পাৰিবা বা সফল হবা। চমু কৈ কব গলে seo হ’ল, মানুহে যেতিয়া কিবা এটা বস্তু বিচাৰি Google search কৰে তাত আপোনাৰ ৱেবচাইট প্ৰথম স্থানত বা প্ৰথম page rank কেনেকৈ লাভ কৰিব পৰা যায় তাৰ বিশ্লেষণ। SEO অতিকৈ প্ৰয়োজন কাৰণ মানুহে সাধাৰণতে প্ৰথম বা প্ৰথম পেজ ত থকা ৱেবচাইট বোৰ ক্লিক কৰে। খুব কম মানুহে দ্বিতীয় তৃতীয় পেজ গৈ ৱেবচাইট ক্লিক কৰে। সেয়েহে প্ৰথম পেজ ত আপোনাৰ ৱেবচাইট আনিব পাৰিলে আপুনি অধিক পঢ়ুৱৈ পাব আৰু সেই হিচাপত উপাৰ্জনো (earn money blogging) বাঢ়িব।
মোৰ হিচাপত SEO ক্ষেত্ৰত সফল হবলৈ আপুনি কেইটামান টিপছ অনুসৰণ কৰিলে নিশ্চয় সফল হব।
১) আপোনাৰ লিখনীবোৰ দীঘল হোৱা উচিত। অতিকমেওঁ ৫০০ শব্দ হোৱা উচিত।
২) আপোনাৰ লিখনিত আপুনি যি বিষয়ত লিখিছে তাক সুন্দৰ কৈ step by step কৰি পইন্ট হিচাপত লিখিব লাগে।
৩) আপুনি যি বিষয়ত লিখিব সেই বিষয় বস্তুৰ ওপৰত ভালক খৰচি মাৰি লিখিব আৰু সঘনাই আপুনি লিখা বিষয়টোৰ শব্দটো লিখনি টোত থাকিব লাগে।
৪)লিখনি টোত ফটো বা video ব্যৱহাৰ কৰিব পাৰে। মনত ৰাখিব যাতে ফটো বা video বোৰ কপিৰাইট ফ্ৰী হয়। Copyright থকা ফটো বা video ব্যৱহাৰ কৰিলে আপোনি আৰু আপোনাৰ ৱেবচাইট বিপদত পৰাৰ  সম্ভাৱনা থাকে।
৫) আপোনাৰ ৱেবচাইটটো Google search Console tool ত গৈ এবাৰ entry কৰিব লাগিব। গুগলে আপোনাৰ ৱেবচাইট টো চিনি পাবলৈ কমেও ১ মাহৰ সময় লয়।

assamese search console

৬) আপোনাৰ ৱেবচাইট টো user friendly হোৱাটো প্ৰয়োজনীয়,কাৰণ মানুহে যিমানেই ৱেবচাইট clean হয়, সিমানেই চলাই ভাল পায় আৰু Clean হ’লে website loading Speed বেছি হয়।
ইয়াৰ উপৰিও আৰু বহুতো কাৰণ আছে SEO লগত জৰিত বিষয়। যিবোৰ ভৱিষ্যতে শিকিব পাৰিব।
জ) Keyword research কি আৰু কেনেকৈ কৰিব

assamese keyword research


Keyword research এটা অতি গুৰুত্বপূৰ্ণ বিষয়। Keyword research অবিহনে আপুনি কেতিয়াও ব্লগিং ক্ষেত্ৰত সফল নহব পাৰে। আপুনি ৱেবচাইট আৰম্ভ কৰি নিজৰ ইচ্ছা মতে যিকোনো বিষয়ত লিখিব পাৰে কিন্তু সেই বিষয়ত পঢ়া মানুহ নাপাব পাৰে। আপুনি নিজে লিখি যাব পাৰে কিন্তু পঢ়া মানুহ নোলালে হয়তো আপোনাৰ লিখা উৎসাহ কম হব পাৰে। Keyword research এটা হল আপুনি কি বিষয়ত লিখিলে বেছি পঢ়া মানুহ লাভ কৰিব। চমু অৰ্থত মানুহে কি বিষয় আটাইতকৈ বেছি google search কৰে আৰু জানিব বিচাৰে। আপুনি মানুহৰ পছন্দ অনুসৰি লিখিলে blogging ক্ষেত্ৰত বেছি সফল হব।
এতিয়া আহো keyword research কেনেকৈ কৰিব, কত কৰিব। এই বিষয়ত আপুনি বিভিন্ন website সহায় লব পাৰে। অৱশ্যে সকলো ব্লগাৰ বেলেগ বেলেগ method ব্যৱহাৰ কৰে আৰু সকলোৰে নিজৰ method use কৰি সফল হৈছে। আপুনি কি বিষয় কিমান মানুহে search কৰে সেয়া বিভিন্ন ৱেবচাইট আছে আৰু সেইবোৰ ৱেবচাইটত বিভিন্ন ধৰণৰ data চাব পাৰে। এনে ধৰণৰ data provide কৰা ৱেবচাইট বোৰ কিছুমান paid আৰু কিছুমান ফ্ৰী। Paid ৱেবচাইট এটা হল ahrefs আৰু আংশিক ভাৱে ফ্ৰী ৱেবচাইট হল ubersuggest, SEMrush ( 7 day free trial) । ইয়াৰ উপৰিও আপুনি keyword research কৰিবলৈ chrome extension ব্যৱহাৰ কৰিব পাৰে। বহুতে কেৱল google Search কৰিয়েই keyword research কৰে। এই বিষয়ে জানিবলৈ আপুনি বিভিন্ন ধৰণৰ ইউটিউব video চাব পাৰে।
ঝ) Adsense approval কেনেকৈ পাব আৰু copyright issue পৰা কেনেকৈ বাচিব
সকলো ব্লগাৰ প্ৰধান তথা অতি গুৰুত্বপূৰ্ণ বিষয় হল adsense account opening কৰা আৰু approval লাভ কৰা। Adsense account কৰাটো প্ৰায় একেবাৰে সহজ কেৱল মাত্ৰ ৱেবচাইট টো adsense সংযোগ কৰাৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে। কিন্তু আপুনি যদি সকলো খিনি নিয়ম মানি চলে তেন্তে সহজে লাভ কৰিব পাৰে। কেৱল মাত্ৰ আপোনাৰ ৱেবচাইট অতি কমেও ২০ টা লিখনি থাকিব লাগিব আৰু উন্নত মানৰ হব লাগিব। আনহাতে এটা ৱেবচাইট ত কেইটামান page create কৰিব লাগিব।

page assamese

সেইকেইটা হল Privacy Policy, Disclaimer, About Us আৰু sitemap। এইখিনি আপুনি বনাবলৈ আপুনি আন ৱেবচাইট পৰা সহায় লব পাৰে।
আশা কৰিছোঁ আপুনি ওপৰৰ লিখনিৰ পৰা blogging বিষয়ে কিছু হলেও আভাস পাইছে। সঁচা কব গলে এই বিষয়বোৰ বহুত বহল আৰু নিজে অধ্যয়ন কৰি শিকিলে অধিক লভাম্বিত হব। মই মোৰ নিজৰ অভিজ্ঞতাৰ পৰাহে এই কথাখিনি জনালোঁ। সেইদৰে বেলেগ বেলেগ ব্লগাৰৰ(Blogger)  ভিন্ন মত হব পাৰে। অধিক জানিবলৈ আপুনি contact Us Page টো গৈ তাত থকা email address ত আপোনাৰ প্ৰশ্ন থাকিলে email কৰিব পাৰে। মই নিশ্চয় সহায় কৰিবলৈ চেষ্টা কৰিম।

ওপৰৰ কথাখিনি আপোনাৰ কোনো বন্ধু বা বান্ধৱীৰ বাবে সহায়ক হব বুলি ভাৱে তেওঁৰ লগত Share কৰিবলৈ নিশ্চয় নাপাহৰিব। ধন্যবাদ।

25 thoughts on “ব্লগিং (Blogging) আপুনি কেনেকৈ আৰম্ভ কৰিব || How to start blogging in Assamese in Full information”

Leave a Comment