ড° ননীগোপাল মহন্ত || Dr. NaniGopal Mahanta

Dr. Nanigopal Mahanta

ড° ননীগোপাল মহন্ত শিৱসাগৰ খাটপাৰ সত্ৰৰ প্ৰয়াত লীলা মহন্ত আৰু ড° নিৰুপমা মহন্তৰ পাঁ‌চজন গুণী সন্তানৰ চতুৰ্থ পুত্ৰ।

তেখেতে বৰ্তমান আদৰ্শ বিদ্যালয় সংগঠনৰ অধ্যক্ষ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ চাউথ-ইষ্ট এছিয়া ষ্টাডীজৰ সঞ্চালক ৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল। শিৱসাগৰৰ কোঁৱৰপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছতেই ডিগবৈৰ বিবেকানন্দত হায়াৰ চেকেণ্ডেৰী স্কুলত পঢ়িছিল। ড° ননীগোপাল মহন্তই কটন কলেজৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। তেখেতে তাৰ পাছত দেশৰ বিখ্যাত জৱহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

চাকৰি জীৱন তেওঁ কটন কলেজত অধ্যাপনাৰে আৰম্ভ কৰাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে নিযুক্ত হয়।তাৰ মাজতে তেখেতে বিশ্বৰ ভিতৰতে বিখ্যাত ইউনিভাৰ্ছিটি অৱ বাৰ্কলে, কেলিফৰ্নিয়াত ২০০২ চনৰ পৰা ২০০৪ চনলৈ আন্তৰাষ্ট্ৰীয় শান্তি বিষয়ত স্কলাৰ হিচাপে অধ্যয়ন কৰিবলৈ যায়। পাছত তেখেতে আন্তঃৰাষ্ট্ৰীয় বিবাদ আৰু শান্তি অধ্যয়ন বিষয়ত সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে। চিকাগো, ইংলেণ্ডৰ বাৰ্মিংহাম, বেংকক ইত্যাদিৰ বিশ্ববিদ্যালয়লৈ গৈ তেখেতে বক্তৃতা প্ৰদান কৰিছে। নৰৱেৰ অচলোত আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানত আৰু দিল্লী বিশ্ববিদ্যালয়তো তেখেতে অতিথি অধ্যাপকৰ ৰূপত কাম কৰিছে। চেজ প্ৰকাশনে প্ৰকাশ কৰা তেখেতৰ বিখ্যাত গ্ৰন্থ Confronting the State অতি জনপ্ৰিয় হৈছিল। মহন্তৰ দ্বিতীয়খন গ্ৰন্থ আধুনিক অসমৰ ৰাজনৈতিক ইতিহাসত মুছলিম লীগৰ পৰা নাগৰিকত্ব আইনলৈ বৰ্ণিত হৈছে। গ্ৰন্থখনক অসমৰ ৰাজনৈতিক ইতিহাসৰ এক দলিল বুলি জনা যায়। শিক্ষাৰ্থী সমাজৰ বাবে তেখেতৰ গ্ৰন্থ বা প্ৰৱন্ধসমূহ শিক্ষাৰ একো একোটা গুৰুত্বপূৰ্ণ আহিলা। বহু শিক্ষাৰ্থীয়ে তেখেত অধীনত গৱেষণা কৰি ডক্টৰেট পাবলৈ সক্ষম হৈছে। স্কুলত পঢ়ি থকা দিনৰেই পৰা শ্ৰেষ্ঠ তাৰ্কিক হিচাপে তেখেতৰ সুনাম আছিল। কটন কলেজত পঢ়ি থকা সময়ত ৰাজ্যৰ বিভিন্ন প্ৰতিযোগিতাত অদ্বিতীয় বুলি পৰিচিত আছিল। আবৃতিকাৰ হিচাপেও তেখেত বিখ্যাত।সত্ৰীয়া সংস্কৃতি আৰু আধ্যাত্মিক চিন্তাধাৰত বিশেষ দখল তথা গৱেষণা কৰা ড° ননীগোপাল মহন্ত এজন সুদক্ষ সত্ৰীয়া নৃত্যশিল্পীও বুলি পৰিচিত। শিক্ষক হিচাপে তেখেত অতি ছাত্ৰ ছাত্ৰীৰ মাজত জনপ্ৰিয়। দেশৰ নতুন শিক্ষানীতি সম্পৰ্কে তেখেতৰ যথেষ্ট অধ্যয়ন আছে। তেখেতৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে আৰু বহুখিনি অভিনৱ চিন্তা চৰ্চাৰে অসমৰ শিক্ষা ব্যৱস্থাৰ উন্নতিৰ কাৰণে কাম কৰিছিল। তেখেতে অসম তথা উত্তৰ-পূবৰ বিভিন্ন সন্ত্ৰাসবাদী সংগঠনৰ ইতিহাস-কাম-কাজ সম্বন্ধে বিস্তৃত গৱেষণা কৰি ডক্তৰেট ডিগ্ৰী লাভ কৰে। তাৰ মাজতে তেখেতে ৰটাৰী পিচ স্কলাৰ হিচাপে আমেৰিকাৰ কেলিফৰ্ণিয়াৰ বিখ্যাত বাৰ্কলে বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ যায়। তাৰ পাছতেই তেওঁ ইংলেণ্ড, নৰৱে ইত্যাদি দেশত বিভিন্ন শৈক্ষিক আৰু গৱেষণামূলক কাম-কাজৰ অভিজ্ঞতা আহৰণ কৰে। ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় বহু বিখ্যাত জাৰ্নেলত তেখেতৰ নিয়মিতভাৱে প্ৰৱন্ধ প্ৰকাশ পাইছে। তেখেতৰ কেইবাখনো কিতাপ ইতিমধ্যে প্ৰকাশ পাইছে। চীন, শ্ৰীলংকা, থাইলেন্ড ইত্যাদি বিভিন্ন দেশত তেখেতে অধ্যয়নমূলক কামত ভ্ৰমণ কৰিছে। শিক্ষা আৰু ৰাজনৈতিক বহু বিষয়ত তেখেতৰ বিভিন্ন ঠাইত বক্তৃতা আৰু পেপাৰ প্ৰদান কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ দক্ষিণ পূব এছিয়ান স্টাডি চেণ্টাৰৰ ডাইৰেক্টৰ হিচাপে তেখেতে থাইলেন্ড, ম্যানমাৰ, ভিয়েটনাম ইত্যাদি দেশৰ ছাত্ৰ তথা নাগৰিক সমাজৰ সৈতে বহু কাম কৰি আছে।এজন সুদক্ষ আবৃত্তিকাৰ হিচাপে তেখেত জনাজাত। তাৰ্কিক হিচাপে বিদ্যালয়ত পঢ়া সময়ৰ পৰা তেখেত সন্মানীয় পদ্মধৰ চলিহা তৰ্ক প্ৰতিযোগিতাৰ দৰে বহু প্ৰতিযোগিতাত কেইবাবাৰো প্ৰথম স্থান লাভ কৰিছিল। কটন কলেজত থাকোতেও বিখ্যাত মাণিকচন্দ্ৰ বৰুৱা তৰ্ক প্ৰতিযোগিতাত তেখেত প্ৰথম হোৱাৰ ওপৰিও অসমৰ চুকে-কোণে বহু প্ৰতিযোগিতাত শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰিছিল।

ড° ননীগোপাল মহন্ত ২০২১ চনৰ ২২ জুলাই তাৰিখে অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট মন্ত্ৰী মৰ্যাদাৰে শিক্ষা বিভাগৰ উপদেষ্টা হিচাপে নিয়োগ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৱল নেতৃত্বত আৰু ৰণোজ পেগু ডাঙৰীয়াৰ তত্ত্বাৱধানত তেখেতে শিক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি কাম কৰিবলৈ সক্ষম হৈছিল।

ড° ননীগোপাল মহন্তই ২০২৪ চনৰ ২৮ জুলাইত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি লাভ কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *