Birubala Rabha

পদ্মশ্ৰী বিৰুবালা ৰাভা ডাইনী হত্যাৰ বিৰুদ্ধে যুঁজ দিয়া অক্লান্ত সমাজকৰ্মী

1. বিৰুবালা ৰাভা অসমৰ তথা ভাৰতৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী। তেওঁ যোৱা দুটা দশক ধৰি অসমৰ এক জ্বলন্ত সামাজিক ব্যাধি ডাইনী হত্যাৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতা আনিবৰ বাবে চেষ্টা কৰিছিল। অসমত ডাইনী সন্দেহত নিৰ্যাতনৰ মুখামুখি হোৱা বহু লোকক তেওঁ সহায় কৰিছে আৰু সমাজৰ অপসংস্কৃতি, অন্ধবিশ্বাস ৰোধ কৰিবলৈ সাহসেৰে যুঁজ দি আহিছিল।

2. বিৰুবালা ৰাভাই ১৯৫৪ চনত গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন ভিতৰুৱা গাঁৱৰ এটি সাধাৰণ পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল।

3. শৈশৱতে পিতৃৰ মৃত্যুৰ পাছত ঘৰখনত বহু কষ্টেৰে ডাঙৰ-দীঘল হোৱা বিৰুবালা ৰাভাই মাত্ৰ পঞ্চম শ্ৰেণীলৈকে পঢ়া-শুনা কৰাৰ পাছতেই বিদ্যালয় এৰিবলগীয়া হৈছিল। মাতৃয়ে অশেষ কষ্টৰে ডাঙৰ দীঘল কৰিছিল।

4. ১৯৬৬ চনত ১৫ বছৰ বয়সতে বিৰুবালা ৰাভাৰ বিবাহ গোৱালপাৰা জিলাৰ ঠাকুৰভিলা গাঁৱৰ চান্দিচৰণ ৰাভা নামৰ এগৰাকী কৃষক সৈতে হৈছিল।

5. সৰুৰে পৰা বিভিন্ন সামাজিক কাম-কাজত জড়িত থাকি তেওঁ ভাল পোৱা বিৰুবালা ৰাভাই দেউৰেক উত্তম ৰাভাৰ সহযোগত ১৯৮৫ চনত ঠাকুৰভিলা মহিলা সমিতি গঠনকৰে আৰু সম্পাদিকা হিচাপে দায়িত্ব গ্ৰহণ কৰে। তাৰপিছত তেওঁ বিভিন্ন গাঁৱে ভূঁঞে গৈ ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসসমূহৰ বিষয়ে মানুহক সচেতন কৰিবলৈ চেষ্টা কৰি আহিছে ।

6. ২০০০ চনৰ পৰাই তেওঁ সমাজত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাস বিশেষকৈ ডাইনী প্ৰথাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছিল। প্ৰথমতে গোৱালপাৰা জিলাতে ডাইনী হত্যাৰ বিৰুদ্ধে জনসচেতনতা আনিবলৈ চেষ্টা কৰি যোৱা দুটা দশক ধৰি তেওঁ এই অন্ধবিশ্বাস আঁতৰ কৰিবলৈ সংগ্ৰাম কৰি আহিছে।

7. ২০১১ চনত তেওঁ মিছন বিৰুবালা প্ৰতিষ্ঠা কৰে। সামাজিক কৰ্মী, ডাইনী সন্দেহত নিৰ্যাতনৰ সন্মুখীন হোৱা ব্যক্তি আৰু অধিবক্তাৰ সমাহাৰে গঠিত এটা অলাভজনক সংস্থা গঠন কৰে। মিছন বিৰুবালাৰ লক্ষ্য হৈছে সমগ্ৰ অসমত ডাইনী চিকাৰৰ বিৰুদ্ধে শিক্ষিত আৰু সজাগতা বিয়পোৱাৰ লগতে ডাইনী চিকাৰৰ পৰা ৰক্ষা পোৱা আৰু সম্ভাৱ্য বলি হোৱা লোকসকলক সহায় আৰু সুৰক্ষা প্ৰদান কৰা। ২০১২ চনৰ ৩০ অক্টোবৰত এই মিছনক ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিয়া হয়। বিৰুবালা ৰাভাই ডাইনী সন্দেহত নিৰ্যাতনৰ বলি হোৱা ৫০ ৰ অধিক মহিলাৰ জীৱন ৰক্ষা কৰিছে।

8. ২০১৫ চনত বিৰুবালাৰাভাৰ প্ৰচাৰৰ ফলত অসম চৰকাৰে The Assam Witch Hunting (Prohibition Prevention and Protection) Act গৃহীত কৰে, যাক বহুতে ভাৰতৰ আটাইতকৈ কঠোৰ ডাইনী চিকাৰ বিৰোধী আইন বুলি গণ্য কৰে। ২০১৮ চনৰ পৰা কাৰ্যকৰী হোৱা এই আইনখনত কোনো ব্যক্তিক ডাইনী বুলি চিনাক্ত কৰি প্ৰচাৰ কৰাৰ বাবে যথেষ্ট জৰিমনা বিহাৰ লগতে ৭ বছৰ পৰ্যন্ত কাৰাদণ্ডৰ অনুমতি দিয়া হৈছে। আনহাতে ডাইনীৰ অভিযোগ উত্থাপন কৰি আত্মহত্যা কৰিবলৈ প্ৰৰোচিত কৰা ব্যক্তিক দিয়া শাস্তি যাৱজ্জীৱন কাৰাদণ্ডলৈকে বৃদ্ধি কৰা হৈছে।

9. বিৰুবালা ৰাভাৰ এই কামৰ বাবে নৰ্থ ইষ্ট নেটৱৰ্ক নামৰ গুৱাহাটীৰ এটা সংগঠনে তেওঁৰ নাম ২০০৫ চনত শান্তিৰ ন’বেল বঁটাৰ বাবে প্ৰেৰণ কৰিছিল।

10. ২০০৮ চনত বিৰুবালা ৰাভাক ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ দ্বাৰা মুম্বাইত সম্বৰ্ধনা জনোৱা হয়।

11. ২০১১ চনত বিৰুবালা ৰাভাক SI Foundation for Media & Social Welfare, Assam দ্বাৰা ‘সৰ্বেশ্বৰ দত্ত সোঁৱৰণী বঁটা’ প্ৰদান কৰা হয়।

12. ২০১৫ চনত বিৰুবালা ৰাভাক ১২ সংখ্যক ‘Upendra Nath Brahma Soldier of Humanity Award’ প্ৰদান কৰিছিল।

13. ২০১৯ চনত বিৰুবালা ৰাভাক নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে “আনন্দৰাম ঢেকিয়াল ফুকন বঁটা” প্ৰদান কৰে।

14. ২০২১ চনত বিৰুবালা ৰাভাক ভাৰত চৰকাৰে চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।

15. বিৰুবালা ৰাভাৰ তৃতীয় পৰ্যায়ৰ খাদ্যনলীৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ ২০২৪ চনৰ ১৩ মে’ তাৰিখে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান,গুৱাহাটীত মৃত্যুবৰণ কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *