প্ৰাচীন অসমৰ নাম

প্ৰাচীন অসমৰ নাম কি (Ancient Assam Name)?

Ancient Assam name

অসমৰ প্ৰাচীন নাম কি কি?
অসমৰ প্ৰাচীন নাম প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ
অসমৰ প্ৰাচীন আৰু মধ্যযুগৰ ঐতিহাসিক সমল তেনেই সামান্য আৰু সেইবোৰৰ পৰা প্ৰাচীন অসমৰ নাম কি আছিল নিৰ্ধাৰণ কৰিব পৰা নাযায়। কিন্তু বিভিন্ন উৎসৰ পৰা অনুমান কৰিব পৰা যায় যে অসমৰ প্ৰাচীন নাম প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ আছিল।

কিংবদন্তিমূলক কিছুমান পৌৰাণিক কাহিনী আছে, যিবোৰত অসমত ৰাজনৈতিক ইতিহাসৰ কথা পোৱা যায়, সেইবোৰৰ মত ভিন্ন আৰু পৰস্পৰ বিৰোধী আৰু ঐতিহাসিক প্রামাণিক সম্বল নহয়। প্রাচীন অসমৰ ইতিহাস প্রকৃততে চতুর্থ শতিকাত বৰ্মনসকলৰ উত্থানৰ পৰাহে কিছু আভাস পোৱা যায়। তাৰ পূৰ্বৰ ইতিহাস বর্তমানো অস্পষ্ট। বর্মন বংশৰ ৰজাসকলৰ ৰাজত্বৰ পূৰ্বৰ ইতিহাস ৰচনাৰ ক্ষেত্ৰত পৌৰাণিক কাহিনী বা কিংবদন্তিসমূহহে প্রচলিত হৈ আছে।

ইতিহাসবিদসকলে সাধাৰণতে ইতিহাস ৰচনাৰ বাবে তলত দিয়া সমলসমূহ প্ৰয়োগ কৰে

(১) সাহিত্যগত,
(২) বিদেশী পৰিব্ৰাজকৰ টোকা আৰু
(৩) প্রত্নতাত্ত্বিক সমল।

সাহিত্যগত সমল: শতপথ ব্রাহ্মণত আর্যসকলে কৰতোয়া নদীৰ পূবলৈ বিস্তাৰ লাভ কৰাৰ কথা উল্লেখ পোৱা যায়। কৰতোয়া নদী আছিল প্রাচীন প্রাগজ্যোতিষৰ পশ্চিম সীমা । ঐৰিতীয় ব্রাহ্মণত আৰ্য সংস্কৃতি কামৰূপলৈ সম্প্ৰসাৰণ হোৱাৰ ইংগিত দিয়ে। গোপথব্রাহ্মণত কামৰূপ নামৰ উৎপত্তি আৰ্য আৰু অনাৰ্যসকলৰ উপাদান আগৰ যোগসূত্র থকা সম্বন্ধে আভাস পোৱা যায়। ইয়াৰ উপৰি বৈদিক সাহিত্যত পূব ভাৰতত আৰ্য সম্প্ৰসাৰণ পূর্ববর্তী কালতে হোৱাৰ প্ৰমাণ আছে। শাংখ্যায়নৰ গৃহ্য-সংগ্ৰহত প্রাগজ্যোতিষ সূর্য উদয়ৰ এখন ৰাজ্য হিচাপে উল্লেখ আছে। কৌটিলাৰ অৰ্থশাস্ত্ৰত সুৱৰ্ণকুচ্য পাৰলোহিত্য আদি কামৰূপৰ ভালেমান ঠাইত উৎপন্ন হোৱা সম্পদে আর্থিক অবস্থা সম্পর্কে গুৰুত্বপূর্ণ তথ্য যোগায়। ৰামায়ণ আৰু মহাভাৰত প্ৰাচীন ভাৰতৰ দুখন মহান মহাকাব্য। ৰামায়ণত অমূৰ্তৰাজে প্রাগজ্যোতিষ নগৰ প্ৰতিষ্ঠা কৰিছিল বুলি উল্লেখ আছে। মহাভাৰতত নৰকৰ নগৰ প্ৰাগজ্যোতিষ বৰাহ পৰ্বতত অৱস্থিত বুলি উল্লেখ আছে। ইয়াত আকৌ প্রাগজ্যোতিষ নগৰ আৰু ৰাজ্য হিচাপে কোৱা হৈছে। নৰক আৰু ভগদত্তৰ বংশধৰসকল আৰু অধিবাসীসকল কিৰাট আৰু চীনৰ সৈতে আন অধিবাসীসকলৰ বিষয়ে উল্লেখ আছে। বৰাহ মিহিৰৰ বৃহৎ সংহিতাত প্রাগজ্যোতিষ আৰু লৌহিত্যক মগধ, চীন আৰু কম্ভোজৰ সৈতেও উল্লেখ কৰিছে।

বিদেশী পৰিব্ৰাজকৰ বিৱৰণী: হিউৱেন চাঙৰ ৭ম শতিকাত কামৰূপ ভ্রমণ কৰা সম্বন্ধে মূলতে উল্লেখ কৰা হৈছে। হিউৱেন চাঙৰ ভাস্কৰ বৰ্মনৰ সৈতে সম্বন্ধ আৰু হিউৱেন চাঙৰ কামৰূপ দর্শন আৰু তেওঁ লিখি থোৱা টোকা সেই সময়ৰ অসমৰ অধিবাসীসকল, ৰাজনৈতিক আৰু সাংস্কৃতিক বিৱৰণী ইতিহাসৰ এক অতি মূল্যৱান আৰু গুৰুত্বপূর্ণ সমল। হিউৱেন চাঙৰ ৬৪৩ খ্ৰীঃত কামৰূপ ভ্রমণ যিটো অসমৰ ইতিহাসৰ কাল নিৰূপণৰ বাবে এটা খুঁটি। হিউৱেন চাঙৰ মৃত্যুৰ পিছত চীনৰ পৰা প্ৰেৰণ কৰা দুজন পৰিব্ৰাজক শুভেচ্ছামূলক ভ্ৰমণৰ বাবে ভাৰতত উপস্থিত হৈছিল। মূলতঃ চীনৰ এই তথ্যই সেই সময়ৰ অসমৰ ইতিহাস ৰচনাৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু মূল্যৱান সমল হিচাপে পৰিগণিত হৈছে।
মুছলমান পৰিব্ৰাজক আলবেৰণীৰ ভাৰতত ভ্ৰমণৰ টোকাত কামৰূপৰ নাম উল্লেখ কৰিছে। তেওঁৰ টোকাত কামৰূপ কনৌজৰ পৰা বহু দূৰত পূবফালে অৱস্থিত, যিখনৰ পর্বতমালাই সাগৰলৈ ব্যাপি আছে বুলি উল্লেখ কৰিছে। মিনহাজুদ্দিন চিৰাজে তবকাত-ই-নামূৰীত (ত্রয়োদশ শতিকা) কামদ, কামৰূড বা কামৰূপ উল্লেখ কৰিছে।

প্রত্নতাত্ত্বিক সমল: মুদ্রা প্রাচীন ইতিহাস অধ্যয়নৰ অতি নিৰ্ভৰযোগ্য আৰু গুৰুত্বপূৰ্ণ তথ্য হিচাপে ধৰা হয়। মুদ্রাৰ পৰা ৰাজ্যৰ কাল নিৰ্ণয় কৰিব পাৰি। অসমত প্রাচীন যুগৰ মুদ্রা উদ্ধাৰ নোহোৱা বুলিয়ে ক’ব পাৰি। সপ্তম শতিকাৰ পাছৰ কিছু সোণৰ আৰু তামৰ মুদ্ৰা সময়ে সময়ে পোৱা গৈছে। প্ৰায় ভাগ মুদ্ৰাই সেই সময়ৰ কামৰূপৰ ৰজাৰ বুলি অনুমান কৰা হৈছে। পাছৰ সময়চোৱাৰ আহোম আৰু মোগলৰ সময়ৰ কিছু মুদ্ৰা বিষয়ে উদ্ধাৰ কৰা হৈছিল। ঠিক সেইদৰে প্রত্নতাত্ত্বিক সমল হিচাপে শিলৰ খোদিত লিপি, মৃৎ শিল্প আদি গণ্য কৰা হয় যদিও প্ৰাচীন অসম সম্পৰ্কে বিশেষ অৱদান পোৱা নাযায়।

Leave a Comment

Your email address will not be published. Required fields are marked *