10 আধুনিক কৃষিৰ যন্ত্ৰপাতিৰ নাম || Modern Technology Agriculture Machine in Assamese

আধুনিক কৃষিৰ যন্ত্ৰপাতিৰ নাম

কৃষিৰ যন্ত্ৰপাতিৰ

  আমাৰ অসম এখন কৃষি প্ৰধান ৰাজ্য। কৃষকে খেতিৰ যোগেদি অসমৰ অৰ্থনৈতিক দিশত তথা খাদ্যৰ শস্যৰ উৎপাদনত অৰিহণা যোগাইছে। বৰ্তমান জনসংখ্যা বৃদ্ধিৰ লগেলগে খাদ্যৰ প্ৰয়োজনীয়তা বৃদ্ধি পাইছে। সেই অনুসৰি খেতিয়কে শস্য অধিক উৎপাদন কৰিব লগা হৈছে আৰু শাক পাচলি বা ধান আদি কৃষি জাত সামগ্ৰীৰ চাহিদাও বৃদ্ধি পাইছে। এনেবোৰ কাৰণতে খেতিয়কে কম সময়ত, কম পৰিশ্ৰমত অধিক উৎপাদন কৰিবলৈ বৰ্তমান আধুনিক কৃষি পদ্ধতি (agri technology) অৱলম্বন কৰিছে। আধুনিক খেতি কৰাৰ বাবে আধুনিক যন্ত্ৰৰ (advanced farm technologies) প্ৰয়োজন হয়। বৰ্তমান বজাৰত বিভিন্ন ধৰণৰ খেতিৰ লগত জড়িত যন্ত্ৰ (farming technology) উপলব্ধ আৰু এইবোৰ খেতিয়কৰ বাবে অতি ব্যৱহাৰ উপযোগী। এনেধৰণৰ আধুনিক খেতি যন্ত্ৰৰ (advanced farm technologies)ব্যৱহাৰ কৰিলে খেতিয়কৰ কেইবাটাও দিশত সুবিধা হয়। যেনে

১) সময় ৰাহি হয় কাৰণ কম সময়ত অধিক কাম কৰিব পৰা যায়।
২) কম শ্ৰমিকৰ প্ৰয়োজন হয়। ইয়াৰ ফলত খেতিয়কৰ আনৰ ওপৰত নিৰ্ভৰতা কৰিব নালাগে।
৩) সহজতে খেতিৰ বাবে মাটি উপযোগী কৰি তুলিব পাৰি।
৪) খেতিয়কৰ শাৰীৰিক শ্ৰম কম হয়।
৫) এনেধৰণৰ যন্ত্ৰ প্ৰয়োগে খেতিয়কৰ উৎপাদন বৃদ্ধি পায়।

    এতিয়া আমি খেতিয়কৰ সুবিধা হোৱাকৈ কেইটামান আধুনিক খেতিৰ যন্ত্ৰ বা সঁজুলিৰ (modern agriculture technology) বিষয়ে আলোচনা কৰিব বিচাৰো, যিবোৰ যন্ত্ৰ (agri technology) খেতিয়কে প্ৰয়োগ কৰি নিশ্চয় উপকৃত হব বুলি আশা কৰিছোঁ। আপোনালোকেও তেনে যন্ত্ৰৰ (agri technology) বিষয়ে অৱগত যিবোৰ অসমৰ খেতিয়কৰ বাবে উপযোগী তেন্তে তলৰ কমেন্ত (comment box) ত জনাব বুলি আশা কৰিলোঁ।

ট্ৰেক্টৰ The Tractor

বৰ্তমান আধুনিক যুগৰ কৃষি কাৰ্যত প্ৰয়োজন হোৱা অতিকৈ প্ৰয়োজনীয় যন্ত্ৰ হল ট্ৰেক্টৰ। ট্ৰেক্টৰ Tractor সকলো ঠাইতে সকলো বতৰত বিনা বাধাই কামত ব্যৱহাৰ কৰিব পৰা যায়। ট্ৰেক্টৰ প্ৰধান কাম মাটি চহোৱা, যিটো কাম গৰু বা মহ ব্যৱহাৰ কৰি কৰা হয়। ইয়াৰ সহায়ত আপুনি অতি সহজতে কম সময়ত অধিক মাটি চহাব পাৰিব। অৱশ্যে মাটি চহুৱাৰ ক্ষেত্ৰত তাৰ ট্ৰেক্টৰ প্ৰকাৰ ওপৰত নিৰ্ভৰ কৰে। কাৰণ বজাৰত tractor সৰু ডাঙৰ পোৱা যায়। Tractor সহায়ত আপুনি খেতিৰ লগত জড়িত বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰিব যেনে বস্তু অনা নিয়া, মৰণা মৰা আদি। অধিক খেতিৰ বাবে tractor অতিকৈ প্ৰয়োজনীয় সামগ্ৰী প্ৰতিজন খেতিয়কৰ বাবে।
Tractor মূল্য প্ৰায় ৪,৫ লাখৰ পৰা আৰম্ভ হয়।

   আমি ট্ৰেক্টৰ লগত সংলগ্ন কৰি কেইবাটাও প্ৰয়োজনীয় যন্ত্ৰ ব্যৱহাৰ কৰিব পাৰোঁ। এইবোৰ যন্ত্ৰ আপুনি সহজতে ট্ৰেক্টৰ লগত সংযোগ কৰি বহুত খিনি কৃষিৰ লগত জড়িত কাম কৰিব পাৰিব। তাৰে কেইটামান যন্ত্ৰ বিষয়ে তলত আলোচনা কৰা হৈছে।

মাটি চহোৱা Plow Tractor
আমি খেতিৰ বাবে মাটি চহোৱাৰ বাবে যি যন্ত্ৰ ব্যৱহাৰ কৰোঁ Plow Tractor। মাটি খেতিৰ উপযোগী কৰিবৰ  বাবে এনেধৰণৰ আধুনিক সঁজুলি ব্যৱহাৰ কৰিব পাৰিব। ইয়াক টেক্টৰ লগত সংলগ্ন কৰি ব্যৱহাৰ কৰা হয়। ইয়াৰ মূল্য প্ৰায় ২০ হাজাৰ পৰা আৰম্ভ হয়।

ট্ৰাক truck
সকলো খেতিয়কৰ অতি কমেও এখন সৰু বা ডাঙৰ মালবাহী ট্ৰাক থকাটো অতি জৰুৰী। প্ৰায় প্ৰতিটো সময়তে খেতিৰ বিভিন্ন সামগ্ৰী বা শস্য পৰিবহণ কৰিব লগা হয়। বহুত সময়ত দেখা যায় যে প্ৰয়োজন সময়ত মাল বাহী ট্ৰাক পোৱা নাযায় অাৰু লোকচানৰ সন্মুখীন হব লগা হয়। যদি আপুনি এজন মধ্যমীয়া বা ডাঙৰ খেতিয়ক অৱশ্যে এখন মাল বাহি ট্ৰাকৰ অভাৱ অনুভৱ কৰিব। যদি আপোনাৰ tractor   আছে তেন্তে ট্ৰেলাৰ এখন সহজে সংযোগ কৰি সামগ্ৰী অনা নিয়া কৰিব পাৰিব। এনেধৰণৰ ট্ৰেলাৰ মূল্য প্ৰায় ৪০ হাজাৰ পৰা আৰম্ভ হয়।

পুলি ৰোপন কৰা যন্ত্ৰ Transplanter
এই যন্ত্ৰ সহায়ত আপুনি বীজ ৰোপন কৰাৰ দৰে গছ পুলি ৰোপন কৰিব পাৰিব। ইয়াৰ সহায়ত সহজতে নিদিৰ্ষ্ট দূৰত্বত সম্পূৰ্ণ স্বয়ংক্রীয় ভাৱে পুলি ৰোপন কৰিব পাৰিব। ইয়াক আমি ট্ৰেক্টৰ tractor লগত সংলগ্ন কৰি ব্যৱহাৰ কৰিব পাৰোঁ। Transplanter মূল্য প্ৰায় ২ লাখৰ পৰা আৰম্ভ হয়।

কাল্টি পেকাৰ Cultipacker
এইবিধ যন্ত্ৰ ট্ৰেক্টৰ লগত সংলগ্ন কৰি ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ সহায়ত আপুনি খেতিৰ মাটি বীজ ৰোপন কৰাৰ উপযোগী কৰি তুলিব পাৰে। অৰ্থাৎ বীজ ৰোপন কৰাৰ বাবে মাটিৰ ওপৰ অংশ নৰম আৰু সমান কৰিব পাৰিব। এইবিধ যন্ত্ৰ বিভিন্ন ধৰণৰ খেতিৰ বাবে উপযোগী।

চিদ ড্ৰিলছ Seed Drills
বৰ্তমান আধুনিক খেতি যুগত সকলোবোৰ খেতি বিজ্ঞান সন্মত ভাৱে কৰা হৈছে। সেই অনুসৰি গছ পুলি বা বীজ ৰোপন কৰিবলৈ ও বিজ্ঞান সন্মত পদ্ধতি ব্যৱহাৰ কৰা উচিত। এই ক্ষেত্ৰত Seed Drills Machine আপোনাক সহায় কৰিব। এই যন্ত্ৰ সহায়ত আপুনি বীজবোৰ মাটিত নিৰ্দিষ্ট গভীৰতাত আৰু নিদিষ্ট দূৰত্বত ৰোপন কৰিব পাৰিব। এই যন্ত্ৰ আপুনি ট্ৰেক্টৰ লগত সংলগ্ন কৰি ব্যৱহাৰ কৰিব পাৰে।
ইয়াৰ মূল্য প্ৰায় ২০ হাজাৰ পৰা আৰম্ভ হয়। আনহাতে সৰু হাতেৰে ব্যৱহাৰ কৰিব পৰা যন্ত্ৰ আছে যাৰ মূল্য প্ৰায় ৩ হাজাৰ পৰা আৰম্ভ হয়।

মেনিউৰ স্প্ৰেদাৰ Manure Spreader
খেতিৰ মাটিত সাৰ দিবলৈ ব্যৱহাৰ কৰা এখন বাহন যাক ট্ৰেক্টৰ লগত সংলগ্ন কৰিব পাৰি। এই বাহন খেতিৰ বাবে অতিকৈ প্ৰয়োজনীয় কাৰণ বৰ্তমান সময়ত খেতিত সাৰ প্ৰয়োগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ মূল্য প্ৰায় ৫০ হাজাৰ পৰা আৰম্ভ হয়।

পাৱাৰ টিলাৰ Power Tiller

power tiller assamese

   পাৱাৰ টিলাৰ সহায়ত আপুনি ট্ৰেক্টৰ দৰে বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰি যেনে মাটি চহুৱা, মৰণা মৰাৰ, লোৰী লগাই সামগ্ৰী অনা নিয়া কৰিব পাৰে। ইয়াৰ শক্তি মধ্যমীয়া কাৰণে কাৰ্য ক্ষমতাও মধ্যমীয়া। কম মাটিত খেতিৰ বাবে ই অতিকৈ উপযোগী। ইয়াত মাটি চহাব ব্লেড এখন থাকে। আনহাতে এনে পাৱাৰ টিলাৰ কম খৰচত কিনিব পাৰে আৰু চৰকাৰৰ আঁচনিৰ জৰিয়তে সময়ে সময়ে subsidy প্ৰদান কৰে। ইয়াক যিকোনো ধৰনৰ খেতিৰ বাবে উপযোগী।
পাৱাৰ টিলাৰ মূল্য প্ৰায় ডেৰ লাখৰ পৰা আৰম্ভ হয়।

দা
খেতিৰ বাবে একেবাৰে প্ৰয়োজনীয় সামগ্ৰী বিধ হৈছে দা। অসমত বিভিন্ন ধৰণৰ দা খেতিৰ উপযোগী হোৱাকৈ ব্যৱহাৰ কৰোঁ। খেতিৰ চাফ চিকুন, কটা আদি কামত ব্যৱহাৰ কৰা হয়। চাহ বাগানত চাহ গছৰ কলম কৰা, গছৰ ডাল, বাঁহ কটা আদি কামত আমি  দা ব্যৱহাৰ কৰোঁ। দাৰ বিষয়ে বিশেষ আলোচনা কৰাৰ প্ৰয়োজন নাই, কাৰণ আমাৰ প্ৰতিঘৰ লোকৰ ঘৰতে ইয়াক ব্যৱহাৰ কৰি আহিছোঁ।

কোৰ
অসমৰ প্ৰায় সকলো ঘৰতে এখন হলেও কোৰ থাকে। খেতিৰ বাবে ই এবিধ এৰাব নোৱাৰা সামগ্ৰী। খেতি কৰাৰ আগতে কোৰে মাটি খান্দি সমান কৰা হয়, চাফ চিকুণ কৰা হয় আৰু বহুতো খেতিৰ লগত জড়িত আনুসংগিক কামত ব্যৱহাৰ কৰোঁ। মই ভাবোঁ ইয়াৰ বিষয়ে বেছি লিখাৰ প্ৰয়োজন নাই কাৰণ আমি প্ৰায় সকলোৱে কম বেছি পৰিমাণে ইয়াৰ লগত পৰিচিত।

বেলচা Shovel

   ইয়াৰ কাম আমি কোৰৰ দৰে ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ সহায়ত আমি মাটি, বালি, সাৰ আদি এঠাইৰ পৰা আন ঠাইত পেলাবলৈ সহজ হয়। ইয়াৰ সহায়ত মাটিও খান্দিব পাৰে। কোৰতকৈ ইয়াৰ সহায়ত সহজতে মাটি বালি সাৰ আদি কঢ়িয়াব পাৰে বাবে খেতিয়কে পচন্দ কৰে।

Earth auger বা অসমীয়াত কব গলে মাটিত গাঁত খন্দা যন্ত্ৰ

   এই যন্ত্ৰৰ সহায়ত আপুনি সহজতে খেতিৰ উপযোগী হোৱাকৈ মাটিত গাঁত খান্দিবলৈ পাৰিব। গছৰ পুলি ৰোপন কৰিবলৈ গাঁত খন্দাৰ অতিকৈ প্ৰয়োজন। এই কাম Earth Auger যন্ত্ৰৰ সহায়ত কম সময়ত কম পৰিশ্ৰমত অধিক কাম কৰিব পাৰিব। এই যন্ত্ৰ বিভিন্ন ধৰণৰ পোৱা যায়। বজাৰত আপুনি সৰুৰ পৰা ডাঙৰ লৈকে কেইবা ধৰণৰ মেচিন আছে। আপোনাৰ প্ৰয়োজন অনুসৰি আপুনি ক্ৰয় কৰিব পাৰে।
ইয়াৰ মূল্য প্ৰায় ১০ হাজাৰ পৰা আৰম্ভ হয়।

ঠেলা গাড়ী Wheelcart
আমি খেতিৰ উপযোগী হোৱাকৈ বিভিন্ন সামগ্ৰী যেনে পুলি, সাৰ, মাটি আদি অনা নিয়া কৰিবলৈ ঠেলা গাড়ী প্ৰয়োজন হয়। ঠেলা গাড়ী কম সামগ্ৰী পৰিবহণৰ বাবে এটা চকা আৰু অধিক সামগ্ৰী বাবে দুটা চকাৰ ব্যৱহাৰ কৰিব পাৰোঁ।

The Harvester হাৰ্ভেষ্টাৰ 

harvester assamese

   হাৰ্ভেষ্টাৰ এটা বৃহৎ শক্তিশালী বাহন (modern technology agriculture huge machines) যত কেইবাটাও যন্ত্ৰ সংলগ্ন কৰিব পৰা যায়। ইয়াৰ সহায়ত খেতিৰ পাছত শস্য চপোৱা হয়। Harvester সহায়ত সহজতে কম সময়ত অধিক শস্য চপাবো পৰা যায়। ইয়াক ধান, ঘেঁহু আদি খেতিত ব্যৱহাৰ কৰিব পাৰি।
ইয়াৰ মূল্য প্ৰায় ২০ লাখৰ পৰা আৰম্ভ হয়। আনহাতে চাহ পাত চিঙিবৰ বাবে যি যন্ত্ৰ ব্যৱহাৰ কৰা হয় তাৰ মূল্য প্ৰায় ৩০ হাজাৰ পৰা আৰম্ভ হয়।
ব্ৰুচ কাটাৰ Brush Cutter

   এক সাধাৰণ যন্ত্ৰ কিন্তু অতিকৈ উপযোগী যন্ত্ৰ। ব্ৰুচ কাটাৰ সহায়ত আপুনি ধান খেতি বা সৰু গছ বা অন্য তৃণ জাতীয় গছ কাটিব পাৰিব। ই অসমৰ ধান খেতিয়কৰ বাবে আধুনিক খেতিৰ সঁজুলি হিচাপে অতিকৈ প্ৰয়োজনীয় আৰু লাভ দায়ক হব। ইয়াৰ মূল্য প্ৰায় ৬ হাজাৰ পৰা আৰম্ভ হয়।

স্পিৰিকলাৰ Sprinkler

sprinkler assamese

   এইটো এটা খেতিৰ বাবে অতিকৈ প্ৰয়োজনীয় সামগ্ৰী। ইয়াৰ সহায়ত খেতিত পানী দিয়াত সহজ হয়। ইয়াৰ সহায়ত আপুনি খেতিত বৰষুণৰ দৰে সকলো ঠাইতে ভালদৰে পানী পৰিবলৈ দিয়া হয়। আধুনিক খেতি পদ্ধতিত (modern technology for agriculture) ই এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ মূল্য প্ৰায় ১০০ টকা পৰা আৰম্ভ হয়।

ছীদাৰ আৰু ফাৰ্টিলাইজাৰ Seeder and fertilizer
ই এনে এবিধ যন্ত্ৰ যাৰ সহায়ত আপুনি বীজ ৰোপন কৰাৰ লগতে একে সময়তে সাৰ দি যাব পাৰিব। এনে কৰাৰ ফলত আপোনাৰ অধিক সময় ৰাহি হব আৰু শাৰীৰিক কষ্ট কম হয়। এনে যন্ত্ৰ বজাৰত বিভিন্ন ধৰণৰ সৰু ডাঙৰ আৰু স্বয়ং চালিত পোৱা যায়। কিছুসংখ্যক ডাঙৰ এনেধৰণৰ যন্ত্ৰ আপুনি অতি কম সময়তে এক বৃহৎ কৃষি ভূমিত বীজ ৰোপন কৰিব পাৰে।ইয়াৰ মূল্য যন্ত্ৰৰ কাৰ্য ক্ষমতাৰ ওপৰত ভিত্তি কৰি নিৰূপণ কৰা হয়।

বলেৰ Baler
ইয়াৰ সহায়ত আপুনি খেতি চপোৱাৰ পাছত যি অৱশিষ্ট বাকী থাকে যেনে ধান খেতিৰ পাছত নৰা বাকী থাকে আৰু ঘাঁহ বন আদি কাটি ভালদৰে জমা কৰিব পাৰে। এক প্ৰকাৰ আপুনি খেতি কৰাৰ পাছত পথাৰ চফা কৰাৰ কামত ব্যৱহাৰ হয়। সেই অৱশিষ্ট অংশ বোৰ জমা কৰি পশু ধনৰ খাদ্য হিচাপে বা অন্য কামত ব্যৱহাৰ কৰিব পাৰিব। এই যন্ত্ৰ আপুনি বিভিন্ন কাৰ্য ক্ষমতাৰ পাব। সেই অনুসৰি মূল্য নিৰ্ধাৰণ কৰা হয় আৰু প্ৰায় ২লাখৰ পৰা আৰম্ভ হয়।

মোৱেৰচ বা ঘাঁহ কটা যন্ত্ৰ Mowers
এইটো এটা খেতিয়কৰ বাবে এটা উপযোগী যন্ত্ৰ। সাধাৰণতে দেখা যায় যে খেতি পথাৰত বা আশে পাশে বহুতো অপ্ৰয়োজনীয় ঘাঁহ বন গজে যাৰ ফলত শস্যৰ বৃদ্ধিত বাধা হয়। এনেধৰণৰ ঘাঁহ সহজতে কাটি আমি পশু ধনক যোগান ধৰিব পাৰো বা সাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ। খেতি কৰাৰ আগত ঘাঁহ বন কাটিবলৈও ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ কেইবাধৰণৰ মেচিন আছে। আপোনাৰ প্ৰয়োজন অনুসৰি আপুনি কিনিব পাৰিব। কিনাৰ আগতে জনা ব্যক্তিৰ পৰা অলপ তথ্য সংগ্ৰহ কৰিলে ভাল হয়।

প্লাষ্টিক মূলচা লেয়াৰ plastic mulcha layer
বৰ্তমান আধুনিক বিভিন্ন পদ্ধতিত খেতি কৰা হয়। যদি আপুনি প্লাষ্টিক কলচাৰ গ্ৰোৱিং মেথড ব্যৱহাৰ কৰি খেতি কৰিব বিচাৰে তেন্তে এই যন্ত্ৰ ক্রয় কৰিব পাৰিব। এই যন্ত্ৰ ৰ সহায়ত সহজতে খেতিৰ মাটিত প্লাষ্টিক লগাব পাৰিব।
ইয়াৰ মূল্য প্ৰায় ৩০ হাজাৰ পৰা আৰম্ভ হয়।

স্প্ৰেয়াৰ sprayer machine
কৃষি কাৰ্যৰ বাবে স্প্ৰেয়াৰ যন্ত্ৰ অতিকৈ জৰুৰী। এই যন্ত্ৰ সহায়ত খেতিত কীটনাশক দৰৱ দিয়া হয়। এনে যন্ত্ৰ সাধাৰণ পিঠিত লৈ স্প্ৰে মেচিন ৰ পৰা ড্ৰণ স্প্রে মেচিন লৈকে পোৱা যায়। সেইদৰে ইয়াৰ মূল্য ভিন্ন  হয়।

পানী যোগান ব্যৱস্থা irrigation system
খেতিৰ লগত জড়িত এটা অতি গুৰুত্বপূৰ্ণ বিষয় হৈছে পানী যোগান ব্যৱস্থা। যিকোনো ধৰণৰ খেতিৰ বাবে কম বেছি পৰিমানে পানী যোগান ধৰিব লগা হয়। এনে ক্ষেত্ৰত আপুনি কেনে ধৰণে কি কি যন্ত্ৰ ব্যৱহাৰ কৰি পানী যোগান ধৰাৰ ব্যৱস্থা কৰিব সেয়া ঠিক কৰাতো অতি জৰুৰী। আপুনি পানী যোগানৰ বাবে ব্যয় বহুল ব্যৱস্থা ( advanced farm technologies) কৰিব পাৰে যাৰ দ্বাৰা automatic যেতিয়াই গছৰ পানীৰ প্ৰয়োজন হয় যোগান ধৰিব। ইয়াৰ বাবে equipment আপুনি অনলাইন বা অফলাইন কিনিব পাৰে। আনহাতে কম খৰছত কেৱল মটৰ, পাইপ, ভালভ আদি ব্যৱহাৰ কৰিও পানী যোগান ব্যৱস্থা কৰিব পাৰে।

চায়েদ Scythe
ঘাঁহ কাতিবলৈ ব্যৱহাৰ কৰা এটা সঁজুলি। হাতেৰে ইয়াক ব্যৱহাৰ কৰি ঘাঁহ বন কাটিব পৰা যায়। কম খৰচত ঘাঁহ বন চাফা কৰিবলৈ খেতিয়ক সকলে ইয়াক ব্যৱহাৰ কৰিব পাৰে।

কাঁচি বা Sickle
আমাৰ দাৱনী সকলে ধান কাটিবলৈ ব্যৱহাৰ কৰা এবিধ পৰিচিত সঁজুলি। ইয়াক পুনৰাই চিনাকী কৰাৰ প্ৰয়োজন নাই। তথাপিও খেতিৰ সঁজুলিৰ নাম হিচাপে ইয়াক উল্লেখ কৰিছোঁ।

ৰেক Rakes
ৰেক সহায়ত আপুনি জাবৰ, পাত, সৰু সৰু গছৰ ডাল, কটা ঘাঁহ আদি জমা কৰিব পাৰিব। ইয়াৰো বিভিন্ন প্ৰকাৰৰ পোৱা যায়। নিজৰ সুবিধা অনুসৰি আপুনি কিনিব পাৰে।

For purchasing or any information about latest farming technology you can visit following Websites

1 thought on “10 আধুনিক কৃষিৰ যন্ত্ৰপাতিৰ নাম || Modern Technology Agriculture Machine in Assamese”

Leave a Comment

Your email address will not be published. Required fields are marked *